দ্বিতীয় দিন (১৯.০১.২০১৩), অংশ-৩
কেইবাদিনো পাৰ হ’ল৷ অৰুণদাৰ উম-ঘাম নাই৷ মোৰ জনোৱা কাম, জনালোঁ৷ যায়-নাযায় নিজৰ কথা৷ দিন চমু চাপি আহিছে৷ তথাপি জুইকুৰা পুনৰবাৰ জ্বলাওঁ বুলি এদিন গধূলিবেলা এছ.এম.এছ. যোগে ঠিকনা এটা পঠিয়াই দি ক’লোঁ… ‘www.amazingarunachal.com, এইটো চাওকচোন৷’
দাদাই ইণ্টাৰনেটত ততালিকে লগ-ইন কৰিলে৷ চোৱাৰ লগে লগে এনেকুৱা হ’ল যে যোৱাটোও মনে মনে ঠিৰাং কৰিয়ে পেলালে৷ ভ্ৰমণ-যোগ আছিল নিশ্চয়, কথাটো বৌক জনোৱাত ল’ৰা থ’বলৈ তেৱেঁই ৰাজী হৈ গ’ল৷ তাৰ পাছত আৰু পায় কোনে? সময় পালেই নেটত চোৱাত লাগিল লে’ক্ অফ্ ন’ ৰিটাৰ্ণ, পাংচু পাছ, হে’ল গে’ট, নামপং, পি.পি.ডব্লিউ.এফ., ষ্টীলৱেল ৰ’ড ইত্যাদি ইত্যাদি৷ উত্তেজনাৰ মাত্ৰাটো ক্রমান্বয়ে চৰি আহিল তেওঁৰ৷ মনৰ ইচ্ছাৰ কথা ফোনতে দুদিন পাছত মোক অৱগত কৰিলে… ‘ময়ো যাম৷’

যাব ঠিকেই৷ কিন্তু কেনেকৈ? তেওঁক লৈ সমস্যাতে পৰিলোঁ৷ ইতিমধ্যে আমাৰ ৪জনীয়া দলটোৰ বাবে প্ৰয়োজনীয় সকলোখিনি চূড়ান্ত হৈয়ে গৈছে৷ ডিফুৰ পৰা ৰে’লেৰে তিনিচুকীয়ালৈ, তিনিচুকীয়াৰ পৰা গাড়ীৰে নামপঙলৈ৷ এতেকে আমাৰ লগত ঠাই নহ’ব৷ ঠেলা-হেঁচাকৈ যাবলৈও অসুবিধা৷ মজা নালাগিব৷
খোলাখুলিকৈ নোকোৱাকৈয়ে বুজি পালে চাগৈ তেওঁ৷ নেদেখাক দেখাৰ সোণালী সুযোগটোৱে উদ্ৰেক কৰা প্ৰচণ্ড তাগিদাতে অৰুণদাই গোপনে ৫জনীয়া দল এটা তৈয়াৰ কৰাত লাগি গ’ল৷ কথাটো কিছু পলমকৈ, আৰু কেৱল মইহে জানিবলৈ পালোঁ৷ নিৰুদ্দেশ যাত্ৰাটোৰ সম্পৰ্কে কাকো নজনাবলৈ দঢ়াই দঢ়াই ক'লে৷

যাত্ৰাকালত পথিকৰ এটাই বন্ধু৷ অধ্যয়ন৷ আনুষংগিক কিতাপ-পত্ৰ বিচাৰি নিজৰ গৃহ-পুথিভঁৰাল চলাথ কৰিব ধৰিলোঁ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানৰ আক্রমণ প্ৰতিহত কৰিবলৈ আমেৰিকা আৰু মিত্ৰশক্তিয়ে অসমৰ দুৰ্গম পাটকাই পাহাৰ ভেদ কৰি লিডুৰ পৰা ব্ৰহ্মদেশ হৈ চীনৰ কুনমিঙলৈকে ১৯৪২ চনত নিৰ্মাণ কৰিছিল ষ্টীলৱেল পথ৷ সৌভাগ্যৰ কথা যে বুৰঞ্জীবিখ্যাত সেই পথৰ এছোৱা আমি এই যাত্ৰাত গৰকিবলৈ পাম৷ ভাৰত আৰু ম্যানমাৰ উভয় ৰাষ্ট্ৰতে৷ জীৱনৰ বাবে এটা সোণালী সুযোগ৷
চিংফৌ ভাষাত ‘লাম’ মানে পথ৷ লিডু পথৰ বিৱৰণীসমৃদ্ধ কিতাপখন পায়ে দিনে-ৰাতিয়ে উৰাই-ঘূৰাই পঢ়াত লাগি গ’লোঁ৷ বাহিৰলৈ হাত উলিয়াব নোৱাৰা প্ৰাতঃকালীন ঠাণ্ডাত চৌকাৰ কাষত জুইৰ গুৰিত দেহা সেকি সেকি পঢ়িলোঁ, দিনত ৰ’দলৈ পিঠি দি মুকলিত বহি কাহিনীৰ সোৱাদ ল'লোঁ, নিশা এপৰলৈকে লেপৰ তলত সোমায়ো একান্তমনে পাত লুটিয়াই গ’লোঁ৷ অন্ততঃ আমি যিমানখিনিলৈকে যাত্ৰা কৰিম সেই সীমাৰেখা পৰ্যন্ত অধ্যয়ন শেষ কৰিবই লাগিব, কথাবোৰ জানি ল’বই লাগিব৷ টাগাপ পাহাৰ, মাচুম বস্তি, নামপং, ২৯২ পৃষ্ঠাত পাংচু পাছ, ৩০০ পৃষ্ঠাত নংয়াং হ্ৰদ, লে’ক অফ্ ন’ ৰিটাৰ্ণ পোৱাৰ পাছতহে ক্ষান্ত হ’লোঁ আৰু বাকীখিনি ঘূৰি আহি পঢ়িম বুলি বুকমাৰ্ক ভৰাই পুথি জপালোঁ, অগস্তি-যাত্ৰালৈ ভৰি আগুৱাই দিয়াৰ ঘণ্টাদিয়েক আগে আগে৷
No comments:
Post a Comment