দ্বিতীয় দিন, অংশ- ৪
পূব সীমান্তৰ অতন্দ্ৰ প্ৰহৰী
সুউচ্চ দৈকাউৰং বা পাটকাই পৰ্বতমালা৷ দৈকাউৰং অৰ্থাৎ ৯টা পৰ্বত বা শৃংগৰ মিলন৷ সৰ্বোচ্চ
টিংটোৰ নাম চাৰামতী৷ উচ্চতা ১২,৫৫২ ফুট৷ অৱস্থান ভাৰত-ম্যানমাৰ সীমান্তত, নাগালেণ্ডৰ
ভিতৰত৷ এই পৰ্বতমালাৰ উত্তৰ ঢালেদি ডিয়ুন বা দিহিং, নামফুক, নামচিক্, টিৰাপ আৰু দিচাং, আৰু দক্ষিণ ঢালেদি চিন্দুইন, লগলায়, নংয়াং, নামফুক নামৰ সৰু-বৰ মিলাই ৯খন নৈ বৈ গৈছে৷ ইতিহাসে
কয়, বৰ্তমানৰ দক্ষিণ চীনৰ য়ুন্নান প্ৰদেশত তাহানি অৱস্থিত নিজ ৰাজ্য মং মাওঁৰ ৰাজধানী কিয়েংচেন মাওঁ লুং এৰি মহামতি চ্যুকাফাই ১২১৫ চনত হুকং উপত্যকাৰ
পৰা মং কোৱাং, মং ৱান, মং না, মং টি, ৱেং ম আদি হৈ পাটকাই পৰ্বতমালা অতিক্ৰম কৰি পাংচু গিৰিপথেদি নামি নংয়াং হ্ৰদৰ পাৰত কোঠ পাতি নামপং বা নামবং নদীৰ পাৰে পাৰে নামৰূক নদীৰ ফালে আগুৱাই গৈছিল৷ দুই নদীৰ সংগমস্থলত নমাৰ পাছত বুঢ়ীদিহিঙলৈ
আহে৷ ১২২৮ খ্ৰীষ্টাব্দৰ কোনো এটা দিনত চ্যুকাফাই নাৱেৰে বুঢ়ীদিহিং নৈ পাৰ হৈছিল৷
বর্তমানৰ টিৰাপ অঞ্চলৰ ভিতৰেদি মংতিপামলৈ আগুৱাই আহিছিল৷ এইদৰে ভ্ৰমি সুদীৰ্ঘ ১৩ বছৰৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামৰূপ ওলাইছিলহি৷
আমাৰ এই যাত্ৰাত অৰুণাচলৰ নামপঙত
শীতকালীন উৎসৱ প্ৰত্যক্ষ কৰাৰ উপৰি ‘পূবৰ গিৰিকন্যা’ পাটকাইৰ বুকুৰ পাংচু পাছেৰে আমি নংয়াং হ্ৰদলৈকে যাম বুলি আহিছোঁ৷ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা, দুঃসাহসী যোদ্ধা তথা ভ্ৰমণকাৰী স্বৰ্গদেউ চ্যুকাফা অহা বাটটো চাবলৈ বহুদিনৰে পৰাই উদ্বাউল হৈ আছোঁ৷ নামপং পাৰ হৈ পাটকাই পৰ্বতত উঠিলেই কিছু দূৰত্ব আগ বঢ়াৰ পাছত পাংচু পাছৰ অৱস্থান৷
গিৰিপথৰ পৰা অদূৰত নংয়াং সৰোবৰটি দৃশ্যমান হয় বুলি পঢ়িবলৈ পাইছোঁ৷ উক্ত জলভাগৰ প্ৰকৃত নাম নঙ্ঞাঙ্৷ নঙ্ মানে বিল বা হ্ৰদ, ঞাঙ্ মানে থকা৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত মাৰ্কিন সৈন্যসকলে আৱিষ্কাৰ কৰা নাম Lake of no return৷ হ্ৰদটোৰ স্বৰ্গীয়
শোভা হেনো অতুলনীয়৷ পাংচু পাছৰ পৰা বতাহত তালৈ দূৰত্ব বৰ বেছি নহয়৷ নীল আকাশ, নীল
পাহাৰৰ আৱেষ্টনীত দূৰৈৰ পৰা জাজ্বল্যমান জলাশয়টিয়ে পৰ্বতৰ মাজত আকাশৰ উচ্চতাত চক্চকীয়া
ৰূপত দেখা দি থাকে হেনো৷ তাকে নিজ চকুৰে চাবলৈ উদগ্ৰীৱ হৈ আছোঁ৷ পাটকাইৰ ইপাৰৰ স্বদেশৰ
পৰা পাটকাইৰ সিপাৰৰ বিদেশলৈ কৰিবলগীয়া পদযাত্ৰাটোক লৈ উত্তেজনাত উখল-মাখল লাগি আছে
আমাৰ মনবোৰত৷
আহোম বুৰঞ্জীত উল্লেখ থকা সেই জলভাগ জনাজাত হয় স্বৰ্গদেউ চুডাংফা
বা বামুণী কোঁৱৰৰ ৰাজত্বকালৰ পৰা৷ আহোম আৰু নৰা ৰজা চুৰুমফাৰ সৈন্যৰ মাজত সংঘটিত
যুদ্ধত আহোমে নৰাক হৰুৱাই খেদি নি পাটকাই পৰ্বত পাৰ কৰি পঠাইছিল৷ মিত্ৰতাৰ চুক্তি হিচাপে পাছত নৰা ৰজাৰ পৰা সন্ধিৰ প্ৰস্তাৱ অহাত সেই হ্ৰদৰ পানীতেই হাত পখালি 'পাটকাই ছেঙ্কান্' কৰা হ'ল৷ পাট মানে কটা, কাই মানে কুকুৰা, ছেঙ্ মানে শপত, কান মানে গ্ৰহণ কৰা৷ সেয়া ১৪০১ চনৰ কথা৷
পাটকাই ছেঙ্কানকে দুয়ো ৰাজ্যৰ সীমা হিচাপে মানি লৈ দুই বৰগোহাঁই ক্ৰমে আহোমৰ ত্যাতনৱিঙ আৰু নৰাৰ তাচেনপৌৰ মূৰ্তি শিলত কাটি ৰখা হ'ল৷ হ্ৰদৰ পাৰত কুকুৰা কাটি দুয়ো পক্ষই ভৱিষ্যতে কোনেও কাকো আক্ৰমণ নকৰাৰ শপত ল'লে৷ কালক্ৰমত ছেঙ্কান্ অংশ বিলুপ্ত হৈ মানুহৰ মুখে মুখে প্ৰচলিত হৈ পৰিল পাটকাই শব্দটো৷ পাটকাইৰ সিপাৰেই আছিল নৰা ৰাজ্য, মুংকং৷ ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্য৷ আজিৰ তাৰিখতো সেই নঙ্ঞাঙ্, নংয়াং হ্ৰদ, Lake of no return ভাৰতবৰ্ষ আৰু ম্যানমাৰৰ মাজত আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত সীমাৰেখা৷
ব্ৰিটিছৰ দিনত অসম আৰু ব্ৰহ্মদেশৰ মাজত যোগাযোগত কোনো বাধা নাছিল৷ ভাৰত স্বাধীন হোৱাৰ লগে লগে আহ-যাহ দুৰূহ হৈ পৰিল৷ ইণ্ডো-ম্যানমাৰ আন্তৰ্জাতিক সীমাৰেখাই কটকটীয়া ৰূপ পালে৷ স্বৰাজপ্ৰাপ্তিৰ অনেক আগতেই অন্য এক বিশিষ্ট ভ্ৰমণকাৰী পূৰ্ণকান্ত বুঢ়াগোহাঞিয়ে ১৯৩৩ চনৰ ১১ মাৰ্চৰ পৰা ১৯৪২ চনৰ ৭ জুনলৈকে ৯ বছৰ কাল ধৰি ম্যানমাৰ, থাইলেণ্ড আৰু চীনদেশৰ যুন্নান প্ৰদেশ ভ্ৰমিছিল৷ ভ্ৰমণকালত প্ৰাপ্ত লোমহৰ্ষক অভিজ্ঞতাৰ বৰ্ণনা নিজ হাতে লিপিবদ্ধ কৰি থৈও গৈছিল৷ তাৎপৰ্যপূৰ্ণ আৰু বৈচিত্ৰময় সেই লিখনি লিখকে ‘পূবদেশ ভ্ৰমণ কাহিনী’ নামে পাণ্ডুলিপি আকাৰে থৈ যোৱাৰ প্ৰায় ৫০ বছৰৰ পাছত, ১৯৯৩ চনত প্ৰকাশ পাইছিল পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ তৎপৰতাত৷ ‘‘পাত্কাইৰ সিপাৰে ন বছৰ’ নামে প্ৰকাশিত আপুৰুগীয়া গ্ৰন্থখন এবাৰ পঢ়ি চাবলৈ পোৱাহেঁতেন’ বুলি মোৰ ওচৰলৈ আহ-যাহ থকা ডক্টৰ লক্ষ্যহীৰা থাওম্যুং বাইদেউৰ আগত এদিন কথা প্ৰসংগত উলিওৱা মাত্ৰকে ক’পী এটা মোৰ হাত পোৱাই দিলে৷ দুঃসাহসিক আৰু অনুসন্ধিৎসু লোকজনৰ ভ্ৰমণ-পথ আমাৰে একে নহয় যদিও জ্ঞান-তৃষ্ণাই বিয়াকুল কৰি ৰখা মোৰ মনটো শাঁত পৰিল কিতাপখনৰ পৃষ্ঠাকেইটা খতম কৰাৰ পাছতহে৷

২০০৯ চনৰ অক্টোবৰত প্ৰকাশ পাইছিল লেখিকা চন্দনা গোস্বামীৰ প্ৰথমখন গ্ৰন্থ ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ ৷ ২০১২ বৰ্ষৰ সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত ইতিহাসভিত্তিক উপন্যাসখনৰ
ডিচেম্বৰত ওলোৱা পৰিমাৰ্জিত আৰু সংশোধিত নতুন প্ৰকাশৰ কেঁচা বন্ধা ক’পী এটাও অগস্তি-যাত্ৰাৰ পূৰ্বে,
২০১৩ৰ ৮ জানুৱাৰীৰ দিনাই মোৰ হাতলৈ আহিছিল৷ কিতাপখনৰ সমাপ্তিত সন্নিৱিষ্ট ‘পূৰ্বৰ গিৰিকন্যা পাটকাই আৰু নংয়াং
হ্ৰদৰ বিষয়ে দু-আষাৰ’ শীৰ্ষক
সুদীৰ্ঘ আৰু তথ্যভিত্তিক সংযোজনটোৱে লেখিকা জুৰী বৰা বৰগোহাঞিৰ ‘লিড’লাম’ৰ সমানেই আলোড়িত কৰি তুলিছিল আসন্ন
ভ্ৰমণটোক লৈ প্ৰতি মুহূৰ্ততে অনুসন্ধিৎসু হৈ থকা মনটোক৷
কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ
সন্মুখীন নোহোৱাকৈ ইণ্টাৰচিটিখন চলি আছে লিডুক ধিয়াই৷ প্ৰাক্-যাত্ৰাকালীন প্ৰস্তুতিসমূহ শ্ৰদ্ধাসহকাৰে স্মৰণ কৰি থাকোঁতেই সাংগীতিক জোকাৰণিৰ মায়াজালে কোন মুহূৰ্ততনো টোপনি আনিলে ক’ব নোৱাৰোঁ৷ ৩০২ কিল’মিটাৰ ট্ৰেক সুকলমে অতিক্ৰম কৰাৰ
পাছত ৰে’লখন যেতিয়া
তিনিচুকীয়াত থামিল তেতিয়া
সময় হ'লগৈ পুৱা ৮.০০৷ আচৰিতেই হ’লোঁ৷ ডিফু ষ্টেচন কিছু পলমকৈ এৰিলেও নিৰ্দিষ্ট সময়তকৈ ১০ মিনিট আগতেহেচোন গন্তব্যস্থল পাই গ’লোঁ! এয়াও সম্ভৱ তাৰ মানে!
বহুত ধুনীয়া লাগিল পঢ়ি । আপোনাৰ যোগাযোগৰ ঠিকনাটো পাম নেকি ।
ReplyDelete