দ্বিতীয় দিন, অংশ-৫
প্লে’টফৰ্মত নমাৰ পাছত বীৰেন্দৰ মাহাতোলৈ
ফোন কৰিলোঁ৷ মাহাতো আমাৰ বাবে আহিবলগীয়া গাড়ীখনৰ চালক৷ ষ্টেচনৰ পাৰ্কিং জ'নত
আগৰে পৰাই অপেক্ষা কৰি আছিল খীণ কায়াৰ অচিনাকি মানুহজনে৷ দলৰ সদস্যসকলৰ হাতত বয়-বস্তু
বৰ বেছি নাই৷ গতিকে তেওঁৰ নিৰ্দেশত সোনকালেই বাহিৰ হৈ আহি মহিন্দ্ৰ বলেৰ’খনত বহিলোঁ৷ মাহাতোক সাঙুৰি এতিয়া আমাৰ টীম-এ’ৰ সদস্যৰ সংখ্যা ৫ হ’ল৷
পৰিচয় প্ৰসংগত জানিলোঁ,
চালকজনৰ ঠিকনা শুকান পুখুৰী, শৰ্মা লাইন ধাবা, তিনিচুকীয়া, অসম৷ ইঞ্জিন ষ্টাৰ্ট দিয়াৰ
পাছত তেওঁ আমাক পোনে পোনে এ. টি. ৰ’ডৰ প্ৰকাশ
বজাৰৰ সমীপত থকা Hotel Ballerinaলৈ নিলে৷ সেইমতেই আগতীয়া নিৰ্দেশনা দিয়া আছিল
তেওঁক৷ হোটেলখনতো এটা কোঠা আমাৰ বাবে সংৰক্ষণ কৰি থোৱা হৈছিল৷ কম সময়ৰ ভিতৰতে আমি
প্ৰাতঃকৰ্ম, গা-পা ধোৱা-পখালা আদি কৰি অঁটালোঁ৷ তাৰ মাজতে মই এবাৰ তললৈ নামি আহি
আৰিফ ছিদ্দিকীলৈ ফোন লগালোঁ৷ আমাৰ যাত্ৰাটোৰ অগ্ৰগতিৰ শেহতীয়া খতিয়ান আৰু পৰৱৰ্তী
কাৰ্যসূচী কেনে ধৰণৰ হ’ব জনাই থ’লোঁ৷
১০ বাজিবলৈ কেইটামান মিনিট
বাকী৷ হোটেল এৰি এতিয়া আমি ওলাইছোঁ সঞ্জু আৰু মোৰ পুৰণা বন্ধু মণ্টু, মণ্টু দাসৰ
বাসস্থানলৈ৷ মণ্টু তিনিচুকীয়াত Motor Vehicle Inspector হিচাপে
কৰ্মৰত৷ আমাৰ শৈশৱ কালৰে চিনাকি মণ্টুৱেই আমাৰ বাবে গাড়ী এখনৰ বন্দৱস্ত কৰি দিয়াৰ
উপৰি হোটেলৰ ৰূম বুক কৰি ৰাখিছিল, সঞ্জুৱে ফোনযোগে এবাৰ অনুৰোধ কৰা মাত্ৰকে৷ মণ্টুক
প্ৰায় ৩৬ বছৰৰ মূৰত লগ পাম৷ চালকজনে ভাৰাঘৰটো চিনি পায়৷ তাত প্ৰৱেশ কৰাৰ আগে আগে ভাল
চাই মিঠাইৰ দোকান এখনত সোমাই সঞ্জু আৰু মই ভালেকেইবিধ মিঠাই কিনি ল’লোঁ৷ কাৰবি পৰম্পৰাগত চোলা এটা
সঞ্জুৱে মণ্টুলৈ ডিফুৰ পৰাই লৈ আহিছে৷
এই এড্ভেন্চাৰ যাত্ৰাটোৱে আৰম্ভণিতেই আমাৰ মাজত
সুদীৰ্ঘ দিন ধৰি দেখাদেখি নোহোৱাকৈ থকা শৈশৱৰ সংগী এজনৰ সৈতে মুখামুখি কৰোৱালে,
পৰিয়ালৰ সদস্যসকলৰ সৈতেও পৰিচয় হোৱাৰ সুযোগ দিলে৷ একেলগে বহি আটায়ে মত বিনিময় কৰিলোঁ৷
মণ্টুৰ পৰিবাৰ শেৱালি, ছোৱালী নীহাৰিকা, ল’ৰা আকাশৰ সৈতে হাঁহি-মাতি বাৰ্তালাপৰ
সমানে সমানেই আমি তেওঁলোকৰ আতিথ্যত পুৱাৰ আহাৰ খালোঁ৷ কম সময়ৰ সাহচৰ্য যদিও সোণালী
অতীতৰ মধুৰ সোঁৱৰণিয়ে বিশেষকৈ তিনিওজনকে বেলেগ এখন জগতলৈ লৈ গ’ল৷ ভৱিষ্যতে যোগাযোগ ৰক্ষা কৰি চলাৰ প্ৰতিশ্ৰুতিৰে তিনিচুকীয়া
এৰিবৰে বেলি হ’লহি৷ ১১ বজাৰ অলপ পাছতে আমি বিচ্ছিন্ন হ'লোঁ৷
এ.এছ.২৩-এইচ-১৪৫৫ নম্বৰৰ বগা
বলেৰ’খনেৰে এতিয়া আমাৰ লক্ষ্য প্ৰায় ৫৫ কিল'মিটাৰ আঁতৰৰ মাৰ্ঘেৰিটা৷ মণ্টুৰ ঘৰৰ পৰা অকাই-পকাই উলিয়াই আনি বীৰেন্দৰে মূল পথটোত উঠালে৷ তিনিচুকীয়াৰ অলি-গ’লি সকলো তেওঁৰ চিনাকি৷ মাকুম মটৰছ পেট্ৰল পাম্পত ২,৫১০ টকাৰে
ফুল টেংকি তেল ভৰাই লোৱা হ’ল যাতে যাত্ৰাকালত ইন্ধনৰ
বিষয়ত অকণো মূৰ ঘমাবলগীয়া নহয়৷ হিচাপ-ৰক্ষক হোৱাৰ সুবাদতে বাটত হোৱা খৰচ-পাতিৰ হিচাপ,
কেচ মেম’ ইত্যাদি কাগজবোৰ মোৰ পকেটত এখন-দুখনকৈ জমা হ’ব ধৰিলে৷
ভাৰতীয় তেল উদ্যোগৰ জন্মস্থান ডিগবৈলৈ তিনিচুকীয়াৰ পৰা ৩৯ কিল'মিটাৰ৷ ৮ কিল'মিটাৰ গৈ মাকুমত আমি ৰে'লগে'ট পাৰ হ'লোঁ৷ মাৰ্ঘেৰিটা আৰু লিডুৰ নামকৰণৰ পূৰ্বে সমগ্ৰ অঞ্চলটো মাকুম ক্ষেত্ৰ বুলিয়ে ব্ৰিটিছসকলে নামকৰণ কৰিছিল৷ মাকুমৰ ইতিহাস সমন্বয়ৰ ইতিহাস৷ আন কথাত এই ভূখণ্ড জনগোষ্ঠীয় সমন্বয় ক্ষেত্ৰ৷
মাকুমৰ দ্বিতীয় অসম পুলিচ বেটেলিয়ন কেম্পৰ পৰা টিংৰাইৰ বগাপানী পৰ্যন্ত প্ৰায় ১০ কিল'মিটাৰ দৈৰ্ঘ্যৰ পথছোৱা এছিয়াৰ ভিতৰতে পোন ৰাস্তা৷ আমি উৎসাহেৰে এই সৰলৰৈখিক পথখণ্ড অতিক্ৰম কৰিলোঁ৷ ডিগবৈ পাওঁ পাওঁ হ’লোঁ৷ তিনিচুকীয়া জিলাৰ ই এখন প্ৰধান নগৰ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ১৬৫ মিটাৰ৷ ওখ-চাপৰ পাহাৰীয়া হেতুকে ডিগবৈক উজনি অসমৰ শ্বিলং বুলি কোৱা হয়৷ 'Dig-boy-dig' শব্দৰ পৰাই ডিগবৈ নামটোৰ উৎপত্তি৷ আন এক তথ্য অনুসৰি বড়োমূলীয় 'দিবৈ' শব্দৰ পৰা কালক্ৰমে ডিগবৈ হৈছে৷ বড়ো ভাষাত 'দি' মানে পানী, 'বৈ' মানে জান৷ ১৯ শতিকাৰ শেষত ইয়াতে খাৰুৱা তেল আৱিষ্কাৰ হৈছিল৷ ডিগবৈৰ পৰা প্ৰায় ৩০ কিল'মিটাৰ পূব দিশে থকা নামচিক্ নৈৰ পানীত খাৰুৱা তেলৰ চামনি দেখা গৈছিল৷ এছিয়াৰ ভিতৰতে প্ৰথমটো তেল পুং খন্দা হৈছিল ডিগবৈত৷ মহাদেশখনৰ ভিতৰত প্ৰাচীন তেল শোধনাগাৰটো ইয়াতে আছে৷ ১৯০১ চনত Assam Oil Company Limitedএ প্ৰতিষ্ঠা কৰিছিল সেই ৰিফাইনেৰী৷ মই আগতেও এবাৰ আহিছিলোঁ 'তৈল-নগৰী' বুলি জনাজাত ডিগবৈ চহৰলৈ৷ সেই যাত্ৰা এতিয়াৰ পৰা কমেও ১২ বছৰৰ আগৰ৷ মুহূৰ্তবোৰ পাহৰা নাই, মনত আছে৷
ডিগবৈ-মাৰ্ঘেৰিটা-লিডু 'তিনিজনী সোণৰ কণী পৰা হাঁহ' বুলি অভিহিত কৰা হয়৷ কয়লা, তেল, কাঠ, চাহ৷ এই অঞ্চলটোৰ অৰ্থনৈতিক গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি৷ অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক সকলো দিশৰ পৰাই এই অঞ্চলটো বৈশিষ্ট্যপূৰ্ণ৷ নাতিদূৰৰ পাটকাই পাহাৰতে ভাৰতৰ আন্তৰ্জাতিক সীমাৰেখা৷ আন্তৰ্জাতিক ৰাজনৈতিক-অৰ্থনৈতিক দিশৰ পৰা বৃহত্তৰ অঞ্চলটো আজিও এটা ষ্ট্ৰেটেজিক পইণ্ট বুলি কোৱা হয়৷
ডিগবৈ, মাৰ্ঘেৰিটা, লিডু অসমৰ এনে কেইটামান অনন্য-সাধাৰণ নাম যি সোঁৱৰাই দিয়ে উত্তৰ-পূব ভাৰতৰ প্ৰথম উদ্যোগীকৰণৰ কাহিনী৷ অৰ্থৱহ আৰু সাংগীতিক ভাবযুক্ত এই নামকেইটা, ঐতিহ্যপূৰ্ণ এই ঠাইবোৰ মোৰ ভাল লাগে৷ আন্তৰ্জাতিক সীমান্তৰ মৃত্যু উপত্যকা, ম্যানমাৰৰ কোনো উভতি নহা হ্ৰদ, অৰুণাচলৰ পাংচু পাছ শীতকালীন মহোৎসৱ দৰ্শন কৰিবলৈ অহা ভ্ৰমণকাৰীৰ বাবে অসমৰ এই ঠাইবোৰ নিঃসন্দেহে একো একোটা গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰ হৈ উঠিব পাৰে৷

সূৰুযে ইতিমধ্যে ৰ’দৰ দলিচা পাৰি দিছে৷ ফুৰফুৰীয়া শীতৰ আমেজে উত্তেজনা বঢ়াই আনিছে৷ গাড়ী আগ বাঢ়িছে
মাৰ্ঘেৰিটালৈ৷ ফোনত গম পাই আছোঁ, অৰুণদাহঁত আহি আছে৷ তিনিচুকীয়া পাইছে৷ ১৬ কিল'মিটাৰ আঁতৰৰ মাৰ্ঘেৰিটাতে
আমি লগ হ’ম৷ সমুদ্ৰ পৃষ্ঠৰ পৰা মাৰ্ঘেৰিটাৰ উচ্চতা ১৪০ মিটাৰ৷
ডিগবৈ-মাৰ্ঘেৰিটা-লিডুৰ উত্থান কাহিনী অনুসৰি মাৰ্ঘেৰিটাৰ পুৰণা নাম আছিল মাকুম৷ কোনো কোনোৰ মতে 'মাকুম' টাই শব্দ৷ কোনোৰ মতে 'মা' খামতি, 'কুম'হে টাই শব্দ৷ 'মাকুম'ৰ অৰ্থ হৈছে অহা আৰু গোট খোৱা বা লগ লগা৷ 'মা' শব্দৰ অৰ্থ অহা, 'কুম' শব্দৰ অৰ্থ গোট খোৱা বা লগ লগা৷ অৰ্থাৎ সংগমস্থল বা মিলনৰ ঠাই৷ আন এক সূত্ৰই মাকুম শব্দটো চিংফৌ ভাষাৰ পৰা উদ্ভৱ হোৱা বুলি ক'ব বিচাৰে৷ তেওঁলোকৰ মতে 'মাহকুম' শব্দৰ পৰাই মুখ বাগৰি মাকুম হ'ল৷ সময়ৰ চকৰিত মাকুম গুচি এদিন মাৰ্ঘেৰিটা হ’ল৷
ব্ৰিটিছ চিকিৎসক জন বেৰী হোৱাইট অসমৰ চিকিৎসাবিদ্যাৰ বাটকটীয়াই নহয় এই ৰাজ্যৰ খনিজ সম্পদসমূহৰ আৱিষ্কাৰৰো বাটকটীয়া আছিল৷ অসমৰ তৈলক্ষেত্ৰসমূহৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেওঁৰ নাম জড়িত হৈ আছে৷ ডাক্তৰ হোৱাইটৰ কন্যা মাৰ্গাৰেটৰ নামৰ পৰাই মাৰ্ঘেৰিটা নামটো উদ্ভৱ হোৱা বুলি কোৱা হয়৷ ঊনবিংশ শতিকাৰ সপ্তম দশকত ব্ৰিটিছৰ সম্প্ৰসাৰণবাদী কাৰ্যসূচীৰ অন্যতম নায়কজনৰ কন্যা মাৰ্গাৰেটৰ এই অঞ্চলৰ অৰণ্যৰ ভিতৰত কৰুণভাৱে মৃত্যু ঘটিছিল৷ সেই কাৰণে অঞ্চলটোৰ নাম মাকুমৰ ঠাইত মাৰ্গেৰিটা দিয়া হয় বুলি এচামে কয়৷ অন্য এক সূত্ৰ অনুসৰি ক’লা হীৰা আৰু পনীয়া সোণৰ অন্বেষণকাৰী The Assam Railways and Trading Company Limitedএ ইটালীৰ ৰাণী মাৰ্গাৰেটৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত তেওঁলোকৰ এই উপনিৱেশৰ নাম ৰাখিছিল মাৰ্গেৰিটা৷ ৰাণীৰ সন্মানাৰ্থে ১৮৮৪ চনত এই নামকৰণ কৰা হৈছিল৷ চেভালিয়াৰ ৰবাৰ্টো পেগানিনি নামৰ ইটালিয়ান মূলৰ এজন অভিযন্তাই এই নামটো ৰাখিছিল৷ মাৰ্গেৰিটাৰ পৰাই মাৰ্ঘেৰিটা৷ তেতিয়াৰ পৰা বিশ্বদৰবাৰত মাৰ্ঘেৰিটা হিচাপে পৰিচিত হৈ আহিছে৷ লিডুৰ নামকৰণ তাৰো পূৰ্বে হৈছিল৷
চাৰিওফালৰ মনোৰম প্ৰাকৃতিক দৃশ্য আৰু ঐতিহাসিক ৰে'ল দলং হ'ল মাৰ্ঘেৰিটাৰ আকৰ্ষণ৷ তদুপৰি এসময়ত মাৰ্ঘেৰিটাতেই প্ৰথমে স্থাপন হৈছিল North-East Frontier Agency, NEFAৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ছোৱাত মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ আছিল অতীব স্পৰ্শকাতৰ আৰু ব্যস্ততাপূৰ্ণ অঞ্চল৷ বুঢ়ীদিহিঙৰ দুয়োপাৰে অৱস্থিত ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটাক ২০০২ চনত আনুষ্ঠানিকভাৱে নগৰ ঘোষণা কৰা হৈছে৷ ৰাষ্ট্ৰীয় জনগণনাৰ ওপৰত ভিত্তি কৰি মাৰ্ঘেৰিটা, ডিগবৈ এতিয়া পৌৰনগৰ৷ 'ক'লা হীৰাৰ দেশ' লিডু জনগণনা নগৰ৷
১৯৫০ চনত মাৰ্ঘেৰিটাত বহা অসম সাহিত্য সভাৰ সন্মিলনে পোন প্ৰথমবাৰৰ বাবে অসমত অসমীয়া ভাষাক অসমৰ ৰাজ্য ভাষা তথা শাসকীয় ভাষাৰ মৰ্যাদা দিবৰ বাবে প্ৰস্তাৱ লৈছিল৷ এই মাৰ্ঘেৰিটাতে সঞ্জুৰ এজন পুৰণা বন্ধুৰ সৈতে সাক্ষাৎ হ’ল৷ তেওঁৰ দেউতাক এসময়ত Cement Corporation of India Limitedৰ বোকাজানত থকা চিমেণ্ট কাৰখানাত কৰ্মৰত আছিল৷ চাকৰিৰ অৱসৰৰ পাছত এতিয়া ইয়াত বসতি৷ দীৰ্ঘদিনৰ মূৰকত আচম্বিতে যোগাযোগ সম্ভৱ হৈ উঠাত তেওঁলোকৰ ঘৰতো পদধূলা দিবলৈ টানি ধৰিলে৷ মাক-দেউতাক, পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আমাক চিনাকি কৰালে৷ ভোগালী বিহুৰ বতৰ৷ চাহ-পিঠা নোখোৱাকৈও নেৰিলে৷
No comments:
Post a Comment