Monday, 29 January 2018

দ্বিতীয় দিন, অংশ-৯

আমি 'কয়লা-নগৰী' লিডু চহৰ পাৰ হ'ব ধৰিছোঁ৷ কয়লাৰ বৰণ, কয়লাৰ গোন্ধ, চৌপাশে কয়লা আৰু কয়লা৷ কয়লাৰ মাদকতাই অলপ সময় ভালকৈয়ে মোহাচ্ছন্ন কৰি ৰাখিলে৷ তাৰ পাছতে পুনৰ সেউজীয়াৰ আৱেশত সোমাই পৰিলোঁ৷ কয়লা উদ্যোগক ৰাষ্ট্ৰীয়কৰণ কৰি ১৯৭৩ চনত ক'ল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল৷

লিডু ষ্টেচনৰ পৰা উজনিমুৱাকৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৫০০ মিটাৰ উজাই আহি ঘাইপথৰ সোঁকাষে ঐতিহ্যমণ্ডিত লিডু ক্লাব৷ ক্লাবটোৰ পাছফালে থকা ঘৰতে জেনেৰেল যোচেফ ৱাৰেণ ষ্টীলৱেলৰ কাৰ্যালয় আছিল৷ এইখিনিৰ পৰা ১.৫ কিল'মিটাৰ আগ বাঢ়ি আহিলে ইটাখোলাত ঘাইপথৰ সোঁকাষতে অসমৰ প্ৰথম আৰু এছিয়াৰ দ্বিতীয়টো ইটা উদ্যোগ৷ ১৮৯০ চনত ইংৰাজে স্থাপন কৰিছিল এই উদ্যোগ৷ বৰ্তমান মৃতপ্ৰায়৷

চহৰৰ পৰা ৪ কিলমিটাৰ দূৰত্বত যাত্ৰাপথতে সোঁহাতে থিয় কৰি ৰখা আছে এখন প্ৰকাণ্ড ফলক৷ পিছৰ চিটৰ পৰা বীৰেন্দৰক মৰা এটা খোঁচতে গাড়ী ৰৈ গ'ল৷ আঁতৰৰ পৰাই আখৰকেইটা জিলিকিছে... STILWELL ROAD : Rejuvenate our life line, Revitalise our relationship, Reach out beyond the boarders৷ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ ১৯৯৮-৯৯ চনৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা এইখন পুনৰ্স্থাপন কৰা হৈছিল৷

ষ্টীলৱেল ৰ'ডৰ আৰম্ভণি স্থল এয়া৷ জিৰ' পইণ্ট বুলি কোৱা হয়৷ কাষতে ষ্টীলৱেল পাৰ্ক৷ ৰ'ড মেপৰ সন্মুখত থিয় দি তবধনেত্ৰে প্ৰত্যেকে লক্ষ্য কৰিব ধৰিলোঁ একেটাই কথা... প্ৰসিদ্ধ আলিটো ক'ৰ পৰা কেনি কেনি ক'লৈ সজা হৈছিল৷ ষ্টাৰ্টিং পইণ্টত এই মুহূৰ্তত সোঁশৰীৰে উপস্থিত আছোঁ আমি ৪ কৌতূহলী৷ শিকাই দিয়ামতেই বীৰেন্দৰে আমাৰ গ্ৰুপ ফটো এখন তুলি দিলে৷ উদ্যানৰ ফলকত এই পথ নিৰ্মাণৰ কাহিনীৰ লগতে কি ধৰণৰ পৰিৱেশ-পৰিস্থিতিত কাৰ দ্বাৰা কেনেকৈ ষ্টীলৱেল পথটো সজা হৈছিল তাৰ উল্লেখ পঢ়িবলৈ পালোঁ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তালিকাত বর্তমান ১৫৩ নং ৰাজমাৰ্গ হিচাপে চিহ্নিত ষ্টীলৱেল ৰড মানেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মৃত্যুৰ কিৰিলীয়ে গ্ৰাস কৰা এটা সুদীৰ্ঘ অঞ্চল, যাক কোৱা হয় মৃত্যু উপত্যকা৷ দ্বিতীয় বিশ্বযুদ্ধ মানেই মৃত্যুক আঁকোৱালি লৈ জয়ৰামপুৰৰ ৱাৰ চিমেষ্টীত থকা কত শত অচিন-অজ্ঞাতজনৰ সমাধি৷ সেই মৃত্যু উপত্যকা, ডেথ ভেলীলৈকে যাত্ৰা কৰি আছোঁ৷ সমাধি-ক্ষেত্ৰৰ সন্মুখেৰেই যাম৷ আমাৰ লক্ষ্যস্থান নামপঙক নৰকৰ দ্বাৰ, হেল গেট বুলি কোৱা হয়৷ তালৈ আৰু ৪৭ কিল'মিটাৰ যাব লাগিব৷

ঠিক বিপৰীতে, বাঁওকাষে দণ্ডায়মান সেউজীয়া ফলক এখন৷ বগা আখৰেৰে দূৰত্ববোৰ স্পষ্ট কৰি থৈছে মিয়াওঁ ৫১, জয়ৰামপুৰ ২৪, জাগুন ১২৷ ইচ্ছাকৃতভাৱেই কিছু সময় ৰোৱা হ'ল ইয়াত৷ কিছু ৰোমন্থনো হ'ল৷ তাৰ পাছতে অকোৱা-পকোৱাকৈ গৈ থকা ঐতিহাসিক পথটোৰে নান্দনিক শোভাৰ মাজেৰে বাহনখন পুনৰাই দৌৰিব ধৰিলে৷ ইতিহাস বিষয়ক আলোচনাৰে বলেৰ'ৰ ভিতৰভাগ মুখৰ হৈ থাকিল৷ এই বাটেৰে গৈ থাকিলে ভাৰতৰ পৰা ম্যানমাৰ সোমাই চীনৰ কুনমিং পামগৈ৷ সদ্যহতে লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণৰ সমীপৰ পানছালিঙেই পি.পি.ডব্লিউ.এফ. ভ্ৰমণকাৰীৰ কাৰণে লক্ষ্মণ-ৰেখা হ'ব বুলি জানি আহিছোঁ৷ আমি ম্যানমাৰৰ কাচিন প্ৰভিনছত সোমাম৷ সেই ৰাজ্যৰ ৰাজধানী ম্যিটকিইনা৷ আমি যিহেতু ম্যানমাৰলৈ গৈ আছোঁ চুবুৰীয়া ৰাষ্ট্ৰখনৰ সম্পূৰ্ণ নহ'লেও বিশেষ অঞ্চলটোৰ বিষয়ে অন্ততঃ কিছু কথা জানি লোৱাটো উচিত৷ এইটো বিষয়ত গুগুল-গুৰুৰ অবিহনে আন সহায় ঘপহকৈ ঢুকি পোৱাত আৰু নাই৷ সেয়ে, বাকীকেইজনৰ কথা নাজানো, মই হ'লে গুগুল খুঁচৰি এলেকাটোৰ ভূগোল, বুৰঞ্জী, সংস্কৃতি, অৰ্থনীতিৰ আভাস কিছু লৈও থৈছোঁ প্ৰস্তুতি কালতেই৷ উৎসাহতে কাচিন ভাষাৰ অল্পসংখ্যক শব্দ, দৰকাৰ হব পৰা চুটি বাক্যও মুখস্থ কৰি আহিছোঁ৷ পকেট নোটবুকখনত লিখি অনা সেইবোৰ গাড়ীৰ হেন্দোলনিৰ লগে লগে মাজে মাজে পাত লুটিয়াই চাই গৈছোঁ৷ কথাটো কোনেও গম পোৱা নাই অৱশ্যে৷

আৰু কিছু দূৰ অতিক্ৰমি লেখাপানী পালোঁ৷ টাংচা ভাষাৰ 'লাইকা' শব্দৰ পৰাই কালক্ৰমত লেখাপানী নামটোৰ উৎপত্তি হোৱা বুলি জনা যায়৷ আনহাতে ইটালীয়ান শব্দ 'লিউকোপান'ৰ পৰা বৰ্তমানৰ লেখাপানী নামটোৰ প্ৰচলন হোৱা বুলিও বিশ্বাস কৰা হয়৷ পূৰ্বতে উত্তৰ-পূব সীমান্ত ৰেলৱে'ৰ অন্তিম আস্থানটো আছিল লেখাপানীত৷ তিনিচুকীয়া, মাকুম, টিংৰাই, ডিগবৈ, মাৰ্ঘেৰিটা, বৰগোলাই, লিডু, লেখাপানী৷ এতিয়া কিন্তু লেখাপানীৰ পৰিৱৰ্তে লিডুৱেহে সেই মৰ্যাদা দখল কৰিছে৷ হলেও লেখাপানীৰ অস্তিত্ব অৱশ্যে মাৰ যোৱা নাই৷ লেখাপানীৰ এটা প্ৰতীকপট তিনিচুকীয়াৰ ৰেল সংগ্ৰহালয় হেৰিটেজ পাৰ্কত সংৰক্ষিত কৰা হৈছে৷ লেখাপানী ৰেল ষ্টেচনৰ পৰিত্যক্ত ৰূপটো গাড়ীৰ পৰাই দেখিবলৈ পোৱা গল৷ পথৰ সোঁহাতে স্মাৰক এটা৷ বীৰেন্দৰে এইবাৰ স্বজ্ঞানেই গাড়ী ৰখালে৷ আমি ঘপাঘপ নামি গলোঁ৷ লেখাপানীৰ বতাহত আজি আৰু ৰেলগাড়ীৰ উকিৰ কম্পন বিন্দুমাত্ৰও নাই৷ ৰেল লাইনটো আহি যত শেষ হৈছে, ওচৰতে থকা পুৰণা চাইনবৰ্ডখনৰ কাষলৈ গলোঁ৷ চিমেণ্টৰ এই ফলকখন, কাম নাইকিয়া হৈ পৰা লাইনকেইডাল অতীতৰ নিৰৱ সাক্ষী৷ ৰে'লডালৰ শেষ প্ৰান্তত বহি সঞ্জুক ক'লোঁ মোৰ ফটো এখন তুলিবলৈ৷ এই ৰেল আলিটোৱে ইমানদিনে অন্ততঃ ৰাজ্যিক সীমান্তৰ জয়ৰামপুৰক সংযোগ কৰি পেলাব লাগিছিল৷ কাৰ্যতঃ সেয়া নহ'ল৷ সংকুচিতহে হল লিডুলৈ! অনাগত দিনত কি হয় নাজানো৷

ঐতিহ্যমণ্ডিত লিডু ষ্টেচনত যাত্ৰীসহ প্ৰথমখন ৰে'লগাড়ী ৰৈছিলহি ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে৷ সেই তাৰিখতে লিডুত ৰে'ল ষ্টেচন স্থাপন হয়৷ ডিব্ৰুগড়ৰ পৰা অহা ৰে'লখনে দিনৰ ১২.৫৫ মিনিটত লিডু পাইছিলহি৷ মাকুম কয়লা ক্ষেত্ৰৰ পৰা কয়লা বোজাই কৰি পুনৰ উভতি গৈছিল ডিব্ৰুগড়লৈ৷ পৰৱৰ্তী সময়ত ৰে'লপথ সম্প্ৰসাৰিত হৈছিল লিডুৰ পৰা লেখাপানীলৈ৷ লেখাপানীয়ে আছিল ভাৰতীয় ৰে'ল বিভাগৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত মালবাহী ৰে'লৰ অন্তিম ৰে'ল ষ্টেচন৷ বিশেষকৈ কয়লা কঢ়িওৱা মালবাহী ৰে'লৰ চলাচল আছিল৷ পিছত সেয়া বন্ধ হৈ পৰে৷ এতিয়া লিডুৰ পৰা ৩ কিল'মিটাৰ নিলগৰ টিৰাপ চাইডিঙেই ব্ৰডগজ লাইনেৰে অাহিব পৰা মালবাহী ৰে'লৰ অন্তিম সীমা৷ নিউ তিনিচুকীয়াৰ ষ্টেচনৰ পৰা ৫৭ কিল'মিটাৰ দূৰত্বত অৱস্থিত লিডু ৰে'ল ষ্টেচন দেশৰ পূব প্ৰান্তৰ যাত্ৰীবাহী ৰে'লৰ অন্তিমটো ষ্টেচন৷ এই বিশেষত্বই দেশৰ ৰে'ল পৰিৱহণ ইতিহাসত লিডুক বিশেষ মৰ্যাদা আৰু গুৰুত্ব প্ৰদান কৰিছে৷ ভাৰতীয় অৰ্থনীতিত লিডু ষ্টেচনৰ গুৰুত্ব অপৰিসীম৷ অসমৰ সকলোবোৰ ৰে'ল ষ্টেচনৰ তুলনাত লিডু ৰে'ল ষ্টেচনৰ বাৰ্ষিক আয় সৰ্বাধিক৷ ভাৰতৰ সৰ্বাধিক আয় কৰা ৰে'ল ষ্টেচনসমূহৰ ভিতৰতো লিডু অন্যতম৷

লেখাপানীৰ পাছত জাগুন৷ সমগ্ৰ ভাৰতবৰ্ষৰে চাহ আৰু পেট্ৰ'লিয়াম উদ্যোগৰ জন্মস্থান জাগুন সমীপৱৰ্তী ইষ্টাৰ্ণ পাটকাই হিলৰ সুবিস্তৃত পাদদেশ৷ বাটত আমি দিহিং-পাটকাই উৎসৱথলী, চ্যাওলুং চ্যুকাফা ক্ষেত্ৰতো এখন্তেক ৰলোঁ৷ ২০০২ বৰ্ষৰ ১৬-১৯ জানুৱাৰীলৈ লেখাপানী আৰু জাগুনৰ মাজৰ এই স্থলত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা স্থানীয় ৰাইজৰ সহযোগত চলা দিহিং-পাটকাই উৎসৱ স্বৰূপতে পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত এক পৰ্যটন সমাৰোহ যি অসম আৰু অৰুণাচলৰ মানুহৰ মাজত ভাবৰ আদান-প্ৰদান আৰু সম্প্ৰীতি-সমন্বয় বৃদ্ধি কৰাৰ উপৰি জাগুন অঞ্চলৰ গুৰুত্ব বঢ়াই তুলিছে৷ সমগ্ৰ দিহিং-পাটকাই অঞ্চলটোক প্ৰাকৃতিকভাৱে, ঐতিহাসিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে তথা বাৰেবৰণীয়া জনগোষ্ঠীৰ আবাসভূমি হিচাপে দেশৰ ভিতৰতে চহকী অঞ্চল বুলি কোৱা হয়৷ মূল সুঁতিৰ বহু লোকৰ বাবে কম পৰিচিত চিংফৌ, টাইফাকে, টাংচা, চেমা, খামতি, খাময়াং আদি জনজাতিসকলৰ সংস্কৃতি আৰু জীৱনশৈলীক ওচৰৰ পৰা চাবলৈ আৰু জানিবলৈ দিহিং পাটকাই উৎসৱে সুযোগ আনি দিয়ে৷ ক্ষন্তেক ৰৈ নিমাওমাও সমন্বয় মঞ্চ চালোঁ৷ পৰ্যটনৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধি এই স্থানটিক দিহিং পাটকাই কলাক্ষেত্ৰ হিচাপে এক স্থায়ী ক্ষেত্ৰৰ ৰূপত গঢ়ি তুলিব পাৰি৷

জাগুন তিনিআলিলৈ ইয়াৰ পৰা দূৰত্ব বেছি নহয়৷ চিংফৌ ভাষাৰ 'চা-কুন' শব্দৰ পৰাই কালক্ৰমত জাগুন নামটো হল বুলি পঢ়িবলৈ পাইছিলোঁ৷ কিছুমানৰ মতে চিংফৌসকলৰ জাগুন নামৰ খেলটোৰ পৰাই এই নামটো হ'ল৷ জাগুনৰ পাৰ্বতীপুৰ সাপ্তাহিক বজাৰ তিনিচুকীয়া জিলাৰ ভিতৰতে এখন লেখত লবলগীয়া বজাৰ৷ জাগুন তিনিআলিত ষ্টীলৱেল পথৰ পৰা বাওঁহাতে যোৱা ঠেক বাটটো ৯ কিলমিটাৰ আগত নামচিক্‌ গেট পাৰ হৈ অৰুণাচল প্ৰদেশত সোমাইছে৷ জাগুনৰ পৰা নামচিকলৈকে অসমৰ অঞ্চল৷ তাৰ পাছত অৰুণাচল৷ প্ৰকৃতিপ্ৰদত্ত ঘন বৰ্ষাৰণ্যৰ মাজেৰে মুন্না আৰু মই চেক গেট পৰ্যন্ত গৈছিলোঁ৷ সেয়ে এতিয়া গাড়ীত বহি থকা অৱস্থানৰ পৰাই স্মৃতিবিজড়িত ৰাস্তাটোৰ ফালে এপলক নোচোৱাকৈ থাকিব নোৱাৰিলোঁ৷ ইষ্টাৰ্ণ হিমালয়া বায়'ডাইভাৰ্চিটি হটস্পট নামদফা নেশ্যনেল পাৰ্ক, টাইগাৰ ৰিজাৰ্ভলৈ যাবলৈ হলে নামচিক্‌ গেটেৰে খাৰছাং, নামফাই পাৰ হৈ মিয়াওঁ পাবগৈ লাগিব৷ তাৰ পৰা প্ৰৱেশৰ অনুমতি-পত্ৰ লৈ নামদফা৷ আদিম অৰণ্য পথেৰে ১৭ কিলমিটাৰ গলে দেৱান৷ মিয়াওঁৰ পৰা ১৫০ কিল'মিটাৰ আঁতৰত বিজয়নগৰ, য'লৈ যাবলৈ আজিৰ তাৰিখতো কোনো স্থলপথো নাই, জলপথো নাই৷ ১০ দিনীয়া এটা পদযাত্ৰাৰে অৰুণাচল তথা ভাৰতৰ এই অন্যতম অন্তিম বিন্দুত উপস্থিত হ'বলৈ, জনজীৱন পৰ্যবেক্ষণ কৰিবলৈ অতিশয় ব্যগ্ৰ হৈ থাকে মােৰ মন, য'ত ১ কিল'গ্ৰাম নিমখৰ দাম ১৫০ টকা, ১ কিল'গ্ৰাম চেনীৰ দাম ২০০ টকা, ১ লিটাৰ মিঠাতেলৰ দাম ৩০০ টকা বুলি শুনিছোঁ৷

১২ কিলমিটাৰ নিলগত জয়ৰামপুৰ গেট৷ ৰাষ্ট্ৰীয় পথেৰে আৰামত আহি থাকি আমি জয়ৰামপুৰ পালোঁহি৷ অৰুণাচল প্ৰদেশ পুলিচ চেক গেটৰ সন্মুখত গাড়ীৰ পৰা নমাৰ লগে লগে চৌপাশৰ প্ৰাকৃতিক সৌন্দৰ্যই সন্মোহিত কৰি পেলালে৷ অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা এয়া৷ উৎসৱৰ কেইদিন প্ৰৱেশকাৰীক ইয়াতে ইনষ্টেণ্ট ইনাৰ লাইন পাৰ্মিট দিয়া হব বুলি কৈছিল৷ লালপুলৰ ওপৰত দুকাষে দুটা অস্থায়ী কাউণ্টাৰ গাড়ী ৰোৱাৰ লগে লগে সন্মুখৰ আইনাৰ মাজেদিয়ে প্ৰত্যক্ষ কৰিছোঁ৷ আমাৰ প্ৰ-পত্ৰসমূহ ডাউনলড কৰি ঘৰতে সাজু কৰি অনা হৈছে৷ যথাস্থানত জমা দিবৰ বাবে আই.এল.পি. এপ্লিকেচনবোৰ বেগৰ পৰা উলিয়াই হাতত ললোঁ৷ দলঙৰ ওপৰত বাহন কিম্বা প্ৰৱেশ-প্ৰাৰ্থীৰ ভিৰ নাই৷ মাটিত ভৰি দি দৰজাখন মাৰোঁতে সময়লৈ মন কৰিলোঁ৷ বিয়লি ৪ বাজি ২৫ মিনিট গৈছে৷ ইস্‌, পলমেই হ'লচোন!

তেনেকুৱাতে দেখা পালোঁ, বিপৰীত দিশৰ পৰা কোনোবা এজন আহি আছে৷ আমাৰ পৰা কিছু আগত দলঙতে বাইকখন ৰাখিলে৷ অসমৰ ডিফুৰ পৰা ফেষ্টিভেললৈ কোনোবা ভিজিটৰ আহিছে নেকি? তেওঁ তাৰ অনুসন্ধান চলাইছে৷ গে'টত সুধিছে৷ হিন্দীতে আক-তাক প্ৰশ্ন কৰিছে৷ দেখিয়ে মোৰ গাটো চেবালে৷ 'ষ্টপ' শব্দটো সোঁমাজত লৈ বেঁকা হৈ থকা ক'লা-বগা হেঙাৰডালৰ ফালে আগ বাঢ়ি গলোঁ৷ চামৰাৰ জেকেট পৰিহিত জনজাতীয় ডেকাজনলৈ আঙুলি টোঁৱাই কলোঁ মানৱাং ৱাংছা? মূৰ দুপিয়াই শলাগিলে তেওঁ৷ আচম্বিত প্ৰাপ্তিৰ আনন্দত হাঁহিলেও অকণমান৷ আমি হাত মিলালোঁ৷ ঐতিহাসিক ষ্টীলৱেল পথৰ ওপৰতে দলৰ বাকীসকলৰ সৈতে পৰিচয় পৰ্ব চলিল৷ কেইমিনিটমানৰ বিৰতি৷ অৰুণদাহঁতৰ Hyundai Tucsonখনো আহি ওলাল৷ তেওঁলোককো চিনাকি কৰোৱালোঁ কেয়াৰ-টেকাৰজনৰ সৈতে৷



No comments:

Post a Comment