দ্বিতীয় দিন, অংশ-১০
লালপুলত বহা অস্থায়ী কাউণ্টাৰত মোৰ হাতত থকা কাগজকেইখন মহা উচ্ছ্বাসেৰে দেখুৱালোঁ৷ চিভিল ড্ৰেচত থকা কৰ্তব্যৰত লোকজনে মনোযোগেৰে চালে৷ তাকে চাই চাই তেওঁলোকৰ হাতত থকা নিৰ্দিষ্ট ফৰ্মত নাম, বয়স, লিংগ আৰু ঠিকনা যথাস্থানত লিখিলে৷ ফৰ্মখনৰ কথাবোৰ একেই, কাগজ আৰু ৰংহে বেলেগ৷ ৫জন মানুহৰ প্ৰৱেশৰ বাবদ ৩০০ আৰু গাড়ীখনৰ বাবদ ৫০, মুঠতে
৩৫০ টকা জমা দিবলগীয়া হ’ল৷ মোৰ চহী ল'লে৷ তাৰ পাছত জয়ৰামপুৰৰ অতিৰিক্ত উপায়ুক্তৰ চিল-স্বাক্ষৰ সম্বলিত আই.এল.পি. হাতে হাতে দিলে৷ উৎসৱৰ সৈতে ৰজিতা
খুৱাই প্ৰিণ্ট কৰি উলিওৱা এটা ধুনীয়া ষ্টিকাৰো মই পিন্ধি থকা পাতল হালধীয়া ৱিণ্ড-চিটাৰ জেকেটৰ ওপৰত লগাই দিলে৷ তাকে দেখি সংগীসকলে উৎসুকতাৰে জুমুৰি দি ধৰিলেহি৷ সঞ্জুক ক'লোঁ, 'ফটো তোলক, ফটো তোলক৷' হাতত থকা ডিজিটেল কেমেৰাটোৰে তেওঁ ৰৈ ৰৈ ক্লিক্ কৰি গ'ল৷ দলটোৰ কাৰণে মোৰ হাততে ৪টা ষ্টিকাৰ চমজাই দিলে আৰু নিজে নিজে লগাই ল’বলৈ ক’লে৷ হাঁহি মাৰি ধন্যবাদ জনাই আঁতৰি আহিলোঁ৷ ৰক্ষা, সহজতে আৰু ঠেলা-ঠেলি নকৰাকৈ কামফেৰা হৈ গ'ল৷
হালধীয়া ইনাৰ লাইন পাৰ্মিটখনত অলপ পাছত সূক্ষ্মভাৱে দৃষ্টিপাত কৰোঁতেহে দেখিলোঁ যে পাংচু পাছলৈকে অনুমতি দিয়া নাই, নামপঙলৈকেহে দিছে! হাতৰ আখৰেৰে স্পষ্টকৈ লিখিও দিছে এষাৰ, permitted to Nampong বুলি৷ শাৰীটো পঢ়িয়ে বুকুখন বিষাই উঠিল৷ এইবাৰো বাধা আহিল নেকি? শোকে খুন্দা মাৰি ধৰিলে৷ কি কৰা যায়? কি হ'ব এতিয়া? ইমান দূৰ বাটকুৰি বাই আহিলোঁ, আচল উদ্দেশ্য পূৰণ নহ'ব নেকি? কাক কওঁ? চিন্তাক্লিষ্ট সুৰেৰে অভিযোগটো কাষতে পোৱা মানৱাঙকে জনালোঁ৷ তেওঁ নিশ্চিতি দিলে... 'পাংচু পাছ, লে’ক্ অফ্ ন’ ৰিটাৰ্ণলৈ
যোৱাটো সম্ভৱ হ’বই হ’ব৷ মই আছোঁ নহয়৷ চিন্তাৰ প্ৰয়োজন নাই৷' নিৰ্ভৰযোগ্য আশ্বাসটোৱে বেলেগ
ধৰণৰ অনুভূতি এটাৰে মন-প্ৰাণ ততালিকে উদ্বেলিত কৰি তুলিলে৷
সঁচাকৈয়ে যেন আমি এক বিৰল
ধৰণৰ কিবা এটালৈহে গৈ আছোঁ! তাকো দূৰণিবটীয়া অতিথিৰ ৰূপত৷ আমাক নিবলৈ সৌ নামপঙৰ পৰা পালচাৰ বাইক লৈ আগ বাঢ়ি আহিছে
মানৱাং ৱাংছা৷ কম ধাতুৰ ল’ৰানে এইটো? মানৱাঙে আমাক এতিয়া একেবাৰে হ’মষ্টে’ পৰ্যন্ত
বাট দেখুৱাই লৈ যাব বুলি নিশ্চিতি দিলে৷ আমি তেওঁলোকৰ অতিথি, অৰুণাচলৰ অতিথি৷ উৎসৱৰ ৰঙীন ষ্টিকাৰেই আমাৰ চিনাকি৷ হাতত ইনাৰ লাইন পাৰ্মিট আছে৷ ভাবনাত কমোৱা তুলা হৈ উৰিছে মন৷
কাষৰটো কাউণ্টাৰত অৰুণদা থিয় হৈ আছে৷ তেওঁলোকৰ কামো থাউকতে হৈ গ'ল৷ পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল
২০১৩ৰ উপলক্ষ্যত দুয়োটা দলৰ কাৰণে তিনিদিনৰ দুখন আই.এল.পি. জয়ৰামপুৰ চে’ক গে’টত বহা অস্থায়ী কাউণ্টাৰত এনেকৈ তৎকালীনভাৱে তৈয়াৰ হৈ যোৱাত স্ফূৰ্তি
লাগিল সিটো দলৰ সদস্যবৰ্গৰো৷ কেতিয়া যাওঁ কেতিয়া পাওঁ লাগিছে৷ কাগজ-পত্ৰৰ প্ৰক্ৰিয়াটো সমাপ্ত হোৱাৰ কিছু বেলিৰ পাছতে মানৱাঙে আমাক অলপ সময় ধৈৰ্য ধৰিবলৈ ক’লে৷ ডিব্ৰুগড়ৰ পৰা সাংবাদিকৰ দল এটা অহাৰ কথা আছে হেনো৷ বাট চোৱাৰ সময়কণতে ৰাস্তাৰ দাঁতিত
সোঁহাতে গৰাৰ তললৈ অৱস্থিত এখন চাহ দোকানত সদলবলে সোমালোঁগৈ৷ হাঁহি-তামাচাৰে আটায়ে সুখৰ চাহ এপিয়লাকৈ পি ল'লোঁ, ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ মৰ্যাদা পোৱা ষ্টীলৱেল পথটোক সন্মুখত লৈ ৷
কাষতে সিপাৰে পথ নিৰ্দেশনা দি ৰখা এখন ফলক৷ চাহকাপত অন্তিম সোহাটো মাৰিয়ে চাপি গ'লোঁ সেইফালে৷ অধ্যয়ন কৰাত ধৰিলোঁ৷ এজন এজনকৈ সকলোটি থূপ খালেহি৷ আমি যাবলগীয়া ঠাইৰ অৱস্থান আৰু দূৰত্বসমূহ পৰিষ্কাৰকৈ উল্লেখ কৰা আছে৷ আৰম্ভণিতে ৰঙাৰ মাজত হালধীয়া তৰা এটা৷ মেপখনে কৈছে, You are here৷ এয়া জয়ৰামপুৰ৷ আমি ইয়াত ৰৈ আছোঁ৷ ইয়াৰ পৰা ৭ কিল'মিটাৰত ৱৰ্ল্ড ৱাৰ চিমেট্ৰী, নামচিক্ নদী পাৰ হৈ গৈ ১৫ কিল'মিটাৰত হেমিল্টন ব্ৰীজ, ২০ কিল'মিটাৰত নামপং৷ ৩৩ কিল’মিটাৰত ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাংচু পাছ৷ তাৰ সিপাৰে নীলা ৰঙেৰে সেয়া লে'ক্ অফ্ ন' ৰিটাৰ্ণ, ৰহস্যময় হ্ৰদটো, য'ৰ পৰা কোনো ঘূৰি নাহে৷ তালৈকে লক্ষ্য কৰি আমাৰ এই অগস্তি-যাত্ৰা৷ দৰকাৰ হ’ব পাৰে বুলি ভাবি প্ৰতিজনেই ব’ৰ্ডখনৰ স্নেপ ল’লে৷ ময়ো ল'লোঁ৷
সূৰ্যটো ইতিমধ্যে পাটকাইৰ
সিপাৰে লুকাইছে৷ ঠাণ্ডা লাগিব ধৰিছে৷ এনেতে কেয়াৰ-টেকাৰজনৰ পৰা সেউজ সংকেত আহিল৷ ততালিকে ইঞ্জিন ষ্টাৰ্ট দিলে দুয়োজন ড্ৰাইভাৰে৷
কাউবয় টুপীৰে সিখনৰ চালকৰ আসনত চিটবে’ল্ট কচি হাৰ্বাৰ্ট৷ দেখাত কোনোবা বিদেশী আগমনকাৰী যেনেই লাগিছে৷ তেওঁৰ সমানে সমানে আগ চিটত অৰুণদা৷ অনিলদা, ছিং ক্ৰ' আৰু হৰছিং পিছৰ আসনত৷ হাৰ্বাৰ্টে আমাৰ ফালে চাই সোঁহাতৰ বুঢ়া আঙুলিটো দাঙি দেখুৱালে৷ কাৰ ৰে'লীতহে ভাগ লৈছে যেন!
নতুন উল্লাস, নতুন কৌতূহলৰ আৰম্ভণি৷ ধম্-ধম্কৈ আমাৰ গাড়ীৰ দৰজাবোৰ বন্ধ হ'ল৷ নিৰ্বিবাদে গে'টৰ হেঙাৰ ওপৰলৈ উঠি গ'ল৷ কাউণ্টাৰ দুটাৰ মাজেদি আমি ধীৰে ধীৰে পাৰ হ'লোঁ লালপুল৷ ঐতিহাসিক ষ্টীলৱেল পথেৰে সোমাই পৰিলোঁ মায়াৰ ৰাজ্য, দেশৰ প্ৰথম সূৰ্য উঠা ৰাজ্য অৰুণাচলত৷
নতুন উল্লাস, নতুন কৌতূহলৰ আৰম্ভণি৷ ধম্-ধম্কৈ আমাৰ গাড়ীৰ দৰজাবোৰ বন্ধ হ'ল৷ নিৰ্বিবাদে গে'টৰ হেঙাৰ ওপৰলৈ উঠি গ'ল৷ কাউণ্টাৰ দুটাৰ মাজেদি আমি ধীৰে ধীৰে পাৰ হ'লোঁ লালপুল৷ ঐতিহাসিক ষ্টীলৱেল পথেৰে সোমাই পৰিলোঁ মায়াৰ ৰাজ্য, দেশৰ প্ৰথম সূৰ্য উঠা ৰাজ্য অৰুণাচলত৷
No comments:
Post a Comment