Friday, 16 February 2018

তৃতীয় দিন, অংশ-

দুপৰীয়া ১২ বাজিছে৷ আৰম্ভ কৰা হ'ল সাংস্কৃতিক দলসমূহৰ প্ৰদৰ্শন কাৰ্যসূচী৷ মুকলি মঞ্চলৈ আহিবৰ বাবে ফিল্ডত দলবোৰ নিজা নিজা ভাগে ইতিমধ্যে সাজু হৈয়ে আছে৷ ঘোষিকাই নাম মাতি থকাৰ অনুক্ৰমে এতিয়া এটাৰ পাছত আন এটা আহিব, পৰম্পৰাগত নাচ-গান আলহী আৰু সমৱেত ৰাইজক দেখুৱাব৷ আয়োজক, দৰ্শক, অংশ গ্ৰহণকাৰী সকলোৰে মাজতেই উত্তেজনা-উৎকণ্ঠা৷ স্থানীয় সাজ পৰিধান কৰি ১০জনী টাংচা যুৱতী মঞ্চৰ কাষত আগৰে পৰাই ৰৈ থকাটো মন কৰিছিলোঁ৷ সিহঁতকে প্ৰথমে মাতিলে৷ হিন্দী-ইংৰাজীত কেইষাৰমান ক'লে৷ ইয়াত ভাগ লোৱা প্ৰতিটো জনগোষ্ঠীৰে চমু পৰিচয় একোটা দাঙি ধৰিলে আনৰ লগতে আমিও উপকৃত হ'ম৷ তাৰে আশাত কাণ থিয় ৰাখিছোঁ৷ চৌপাশৰ দৃশ্যাৱলীয়ে চকু থৰ লগাই দিছেই৷ শিল্পীসকল উঠি আহিল৷ কমৰত দুহাতেৰে ধৰি ঘূৰণীয়া মঞ্চটোত ঘূৰি ঘূৰি গান গাই গাই নাচিব ধৰিলে৷ জনগোষ্ঠীটোৰ শুৱনি যুৱতীসকলৰ ধীৰ, লাৱণ্যময়, নান্দনিক নৃত্য মন্ত্ৰমুগ্ধ ভাবত চালোঁ৷ হাত-চাপৰিৰে দৰ্শকে তেওঁলোকক বিদায় দিলে৷


তেজৰঙী কাৰ্পেট পৰা চাৰ্কুলাৰ ষ্টেজটোৰ সোঁমাজত ১২ ফুটমান দৈৰ্ঘ্য আৰু ১.৫ ফুটমান ব্যাসৰ কাঠৰ ঘূৰণীয়া ভিতৰ-ফোঁপোলা বস্তু এটা সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হোৱাৰ আগৰে পৰাই থৈ দিয়া সকলোৱে দেখি আছে৷ তলফালে চকা সংযুক্ত দীঘলীয়া আকৃতিৰ বস্তুটো দেখাৰ পাছৰে পৰা বাৰে বাৰে মোৰ মনত প্ৰশ্নৰ উদয় হৈ আছে, সেইটো কি? কিবা যন্ত্ৰ নেকি? কেমেৰা ঝুম কৰিলত দেখা গ'ল, গাত লিখা আছে CHAA-KHU-TUK KONGNONG/LOG DRUM৷ তাৰোপৰি বাঘ আৰু মেঠোনৰ ছবিও অঁকা আছে৷ উত্তৰ পাবলৈ ধৈৰ্য ধৰি ৰৈ আছোঁ সময় অহালৈ৷

ঘোষিকাৰ আমন্ত্ৰণক্ৰমে এইবাৰ নামপঙৰ টিখাক নৃত্যদল মঞ্চত উঠিল৷ টিখাক হৈছে টাংচাৰে এটা উপশাখা৷ খাপযুক্ত দা, মেঠোনৰ মূৰ অঁকা ঢাল, মোনা, পাগুৰি, চৰাইৰ পাখি, জন্তুৰ দাঁত, বেতৰ টুপী, স্বজাতীয় সাজেৰে সুসজ্জিত ২০জনীয়া এটা পুৰুষৰ দল৷ জুমটোৰ মাজত ৪জন বন্দুকধাৰীও আহিছে৷ এই চাৰিজনক দেখা পাইহে অতি আচৰিত লাগিল৷ ৰাজহুৱা অনুষ্ঠানত বন্দুকৰ কি কাম? বন্দুক লৈ নাচিবলৈ আহিছে কিয়? কৌতূহলৰ মাত্ৰাটো স্বাভাৱিকতে এখোপ চৰিল৷ ইফালে মঞ্চত উঠিয়ে প্ৰতিজনেই LOG DRUMটোৰ ভিতৰত আগৰে পৰাই ভৰাই থোৱা এহাতমান জোখৰ দীঘলীয়া কাঠৰ টুকুৰাবোৰ ভগাই একোডালকৈ হাতে হাতে ল'লে৷ গা-গছৰ খোলাহেন পৰম্পৰাগত কাষ্ঠযন্ত্ৰটো শাৰী পাতি ঘেৰি পেলালে৷ এজন বন্দুকধাৰীয়ে জুমটোৰ পৰা অকণমান আঁতৰি আহি শূন্যলৈ লক্ষ্য কৰি গুলী এটা ফুটাই দিলে৷ ধুম্‌...৷ লগে লগে একেটা তাল ৰাখি খোলাটোৰ গাত কাঠৰ টুকুৰাবোৰেৰে সাংগীতিক সুৰত খুন্দিয়াই খুন্দিয়াই ধ্বনিৰ সৃষ্টি কৰিব ধৰিলে৷ ঢেৰেকনিৰ শব্দৰ দৰে ড্ৰামৰ গুমগুমনি উঠিছে৷ তাৰ লগে লগে চক্ৰাকাৰে নাচোনো আৰম্ভ কৰিলে৷ মাজে মাজে এক ধৰণৰ উকি৷ কান্ধত বন্দুক ওলমি থকা নৰ্তকে মাজতে আকৌ গুলী ফুটালে৷ হঠাতে ধুমকৈ উঠা আৱাজে বুকু কঁপাই তুলিলে কাৰ্যসূচী উপভোগ কৰি থকা শিশুৰ পৰা বুঢ়া পৰ্যন্ত সকলোৰে৷ চক্‌ খাই উঠিল মঞ্চত উপৱিষ্ট অতিথিসকলো৷ চৌপাশ হৈ পৰিল ধোঁৱাময়৷ নৃত্যৰ লয়ত অহৰহ কোব আৰু শৰীৰ সঞ্চালনা পূৰ্ণোদ্যমে চলি থাকিল৷ ধুম ৰৈ ৰৈ পুনৰবাৰ গুলী ফুটিল৷ দৰ্শকৰো আকৌ বুকু কঁপিল৷

নৃত্যত আগ্নেয়াস্ত্ৰৰ প্ৰয়োগ! শিল্পীৰ দ্বাৰা মঞ্চত ফায়াৰিং! বিশেষ বৈশিষ্ট্য আৰু তাৎপৰ্যপূৰ্ণ এনে নৃত্য জীৱনত এই প্ৰথমবাৰ দেখিলোঁ৷ ২৬ জানুৱাৰী, ১৫ আগষ্টকে আদি কৰি অনেক চৰকাৰী-বেচৰকাৰী দিৱস, উৎসৱ, মহোৎসৱ, মেলা, অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী চোৱাৰ সৌভাগ্য আমি লভিছোঁ৷ ধনু-কাঁড়, যাঠী-জোং, দা-কোৰ, ঢাল-তৰোৱাল লৈ কৰা জনগোষ্ঠীয় নৃত্য আগতেও দেখিছোঁ৷ গণৰাজ্য দিৱসৰ পেৰেডত আৰক্ষীয়ে শাৰী পাতি বন্দুক ফুটুৱাও প্ৰত্যক্ষ কৰিছোঁ৷ সৰু কালছোৱাত সেই মুহূৰ্তটোত সদায়ে ভয় ভয় লাগি থাকে৷ সি যি কি নহওক, এনেকুৱা হঠাৎ প্ৰয়োগ কিন্তু ইয়ালৈ আহিহে দেখাৰ সৌভাগ্য হল৷ নামপঙৰ টিখাক জনজাতিৰ পুৰুষ নৃত্যদলৰ প্ৰদৰ্শনে সকলোকে জোকাৰি গল৷ এনেকৈ আগ্নেয়াস্ত্ৰ লৈ টাংচাসকলেও নাচে হেনো৷ সীমান্তৱৰ্তী ম্যানমাৰত অনুষ্ঠিত এক উৎসৱত এই ধৰণৰ প্ৰদৰ্শন অধিক পৰিমাণে দেখিবলৈ পোৱা যায়৷ হ'মষ্টে'ৰ গৰাকী জাংখং মংৰেই ক'লে৷

টিখাকৰ প্ৰদর্শন সমাপ্ত হোৱাৰ পাছত পৰৱৰ্তী দলটো অহাৰ পূৰ্বে LOG DRUMটো স্বেচ্ছাসেৱক কেইজনমানে মঞ্চৰ পৰা ঠেলি ঠেলি নমালে৷ চকাকেইটাৰ সহায়ত সেইটো নি একেবাৰে উৎসৱথলীৰ দাঁতিত সজা টিখাক জনগোষ্ঠীৰ পৰম্পৰাগত চাংঘৰ টিখাক হাটৰ সন্মুখত ৰাখিলেগৈ৷ স্বেচ্ছাসেৱককেইজনে পৰিধান কৰা টুপী আৰু জেকেটে মোক বৰকৈ আকৰ্ষণ কৰিলে৷ বগা জেকেটৰ পিঠিত লিখা আছে Pangsau Pass Winter Festival 2013 Transcending Boundaries৷ Arunachal Tourism, Amazing Arunachal প্ৰমুখ্যে স্পনছৰসকলৰ এমব্লেম অঁকা আছে৷ অৰুণাচল চৰকাৰৰ পৰ্যটন বিভাগ, সাংস্কৃতিক বিভাগ আদিৰ সৌজন্যতে এই উৎসৱ সম্পন্ন হৈ আহিছে৷

ইয়াৰ পাছত মচাংসকলৰ ১৫জনীয়া মহিলাৰ দল এটা আহিল৷ ৩গৰাকীৰ হাতত ঘণ্টা, গং৷ ঘণ্টাত কোব দি থাকি লয়লাসেৰে আগ বাঢ়ি আহিছে শিল্পীসকল৷ তেওঁলোক মঞ্চত উঠা নাই৷ ঘাঁহনিতে প্ৰদৰ্শন কৰিছে নিজৰ গোষ্ঠীটোৰ সাংস্কৃতিক বৈভৱ৷ একোবাৰ গোলাকাৰ, একোবাৰ দীঘলীয়া ৰূপ লৈ গান গাইছে, হাতত ধৰা-ধৰিকৈ নাচিছে৷ পৰম্পৰাগত সাজপাৰ আৰু অলংকাৰে মোহনীয় আৰু আকৰ্ষণীয় কৰি তুলিছে নৃত্যৰত মহিলাসকলক৷

তেনেকুৱাতে সঞ্জু আহি আমাৰ কাষত হাজিৰ হ'ল৷ ইমান পৰে তেওঁ ভিন ভিন দলৰ সদস্য দুই-একৰ লগত কথা পাতি আছিল হেনো৷ বাঁহ নৃত্য প্ৰদৰ্শন কৰিবলৈ মিজোৰামৰ পৰা অহা মিজো সাংস্কৃতিক দলটোৰ বাদে বাকী সকলোৱেই তেওঁৰ সৈতে অসমীয়াতে কথা পাতিলে বুলি ক'লে৷ এগৰাকী আপাতানি নৃত্যশিল্পীয়ে বিহু ভাল পোৱাৰ কথাও ক'লে৷ পাংচু পাছ শীতকালীন উৎসৱলৈ বিহুদল পঠিয়াবলৈ তেওঁক অনুৰোধাে জনালে হেনো৷ ৰাতিপুৱা নংকি বস্তিৰ টাংচা ছোৱালীকেইজনীয়েও তেওঁক ম'বাইল ফোনত 'মৰমজান বিহু' শুনাবলৈ কুটুৰি থকা শুনা পাইছিলোঁ৷


No comments:

Post a Comment