Tuesday, 27 February 2018

চতুৰ্থ দিনঅংশ-


১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী৷ সাম্প্ৰতিক কালৰ ম্যানমাৰৰ নাম তেতিয়া ব্ৰহ্মদেশ, বাৰ্মা৷ ব্ৰহ্মদেশীয় ৰাজধানীৰ নাম সেই সময়ত ৰেংগুন৷ ৰেংগুনেই পাছলৈ য়াংগন হল৷ ৰেংগুনৰ পৰা ৪৫ মাইল নিলগত ইয়াণ্ডাবু৷ ইয়াতেই স্বাক্ষৰিত হৈছিল ইণ্ডো-ব্ৰিটিছ চুক্তি৷ সেয়াই ইয়াণ্ডাবু সন্ধি৷ ইতিহাসৰ ছাত্ৰ মাত্ৰেই এয়া জানে৷ আমিও অষ্টম শ্ৰেণীৰ বুৰঞ্জী বিষয়ৰ পাঠ্যপুথিত পঢ়িছিলোঁ যেনেই অনুমান হৈছে৷ উক্ত বুজাবুজিৰ পাছৰে পৰা ব্ৰিটিছে ব্ৰহ্মদেশত নিজৰ উপনিৱেশ প্ৰতিষ্ঠাৰ কাম আৰম্ভ কৰি দিলে৷ ইংৰাজৰ এনে প্ৰচেষ্টাত পলকতে ক্ষুব্ধ হৈ উঠিল পূবৰ শক্তিশালী ৰাষ্ট্ৰ জাপান৷ কাৰণ দক্ষিণ ব্ৰহ্মদেশ ইতিমধ্যে তেওঁলোকৰ দখলত৷ চেগুন, ৰবৰেৰে সমৃদ্ধ তদানীন্তন বাৰ্মাৰ বনজ সম্পদত জাপানীৰ লুটপাট চলি আছে৷ প্ৰথম মহাযুদ্ধৰ সময়ত তচ্‌নচ্‌ হৈ পৰা দেশখনৰ অৰ্থনীতি পুনৰ্নিৰ্মাণ কৰাৰ মানসেৰে জাপান নামি পৰিছে৷ প্ৰসংগক্ৰমে, এসময়ত ব্ৰিটিছ-ইণ্ডিয়াৰ অংশ হৈ থকা বাৰ্মা ১৯৩৭ চনত ইংৰাজ চৰকাৰৰ প্ৰত্যক্ষ সহযোগত ভাৰতৰ পৰা বিভাজিত হৈ সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনলৈ যায়৷ নতুন দেশখনৰ সামৰিক শক্তি আছিল তেনেই সোপা-ঢিলা৷ ব্ৰিটিছৰ ওপৰতে নিৰ্ভৰশীল আছিল৷

১৯৩৭ চনত জাপানে চীনৰ সৈতে গেৰিলা যুদ্ধত অৱতীৰ্ণ হৈছিল৷ ঔপনিৱেশিক কাৰণতে৷ চীন দেশৰ সমগ্ৰ উপকূলীয় বন্দৰ ছীল কৰি পেলোৱা হৈছিল জাপানীৰ দ্বাৰা৷ সমুদ্ৰপথ, স্থলপথ অৱৰোধ কৰি আন ৰাষ্ট্ৰৰ সৈতে দেশখনৰ যোগাযোগ বিচ্ছিন্ন কৰি পেলাইছিল৷ দেশলৈ সকলো প্ৰকাৰৰ অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলাত ১৯৪০ চনত চীন গভীৰ সংকটত পৰিল৷ চীনৰ প্ৰতি জাপানে চলোৱা আগ্ৰাসন প্ৰতিহত কৰিব নোৱাৰাত দুৰ্বল চীনৰ সামৰিক নেতা মাৰ্শ্বাল চিয়াং কাই-শ্বেকে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্সৰ দ্বাৰা গঠিত সন্মিলিত পক্ষৰ শৰণাপন্ন হল৷ বিপৰীতে উত্তৰ আফ্ৰিকীয় ঔপনিৱেশিক প্ৰসংগত ইউৰোপীয় দেশ ইটালী আৰু জাৰ্মানীয়ে হাত মিলালে জাপানৰ সৈতে৷ এই তিনিটা বৃহৎ শক্তিয়ে মিত্ৰৰূপত একেলগ হৈ বিশ্ব জয় কৰাৰ সপোন ৰচাত লাগিল৷

আনদিশে জাপান আৰু ৰাছিয়াৰ মাজত অপক্ষপাতিতা৷ যুদ্ধৰত কোনো পক্ষকে জোঁটবন্ধনেৰে সহায় নকৰি কেৱল আত্মৰক্ষাৰ্থে সাজু থকাৰ নীতি গ্ৰহণ কৰা হৈছে৷ ফলস্বৰূপে ৰাছিয়াৰ ভূভাগেদি চীনলৈ বহিঃৰাষ্ট্ৰৰ পৰা বস্তু-বাহানিৰ সৰবৰাহ বন্ধ হৈ পৰিল৷

বিশ্বৰ মুখ্য দেশকেইখনৰ মাজত এনেবোৰ অৰিয়া-অৰি তুংগত থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বেচ্ছাসেৱকৰূপী সামৰিক গোট কিছুমান চীনৰ ভিতৰ সোমালহি৷ চীনৰ অৰ্থনৈতিক অৱৰোধ নাশ কৰাত তেওঁলোকে জাপানৰ বিৰুদ্ধে হাত উজান দিলে৷ ব্ৰহ্মদেশৰ ওপৰত জাপানী আগ্ৰাসন ৰোধ কৰাৰ উদ্দেশ্যৰেও খোপনি পুতিলেহি বাৰ্মাৰ ভিতৰত৷ প্ৰত্যুত্তৰত অভূতপূৰ্ব ৰণকৌশলেৰে জাপানী নৌ বাহিনীয়ে মাৰ্কিন সেনাক সমুচিত প্ৰত্যাহ্বান জনাই দিলে৷ বোমা পেলাই আতংক আৰু ধ্বংসলীলাৰ সৃষ্টি কৰি গল৷ চমকি উঠিল সমগ্ৰ বিশ্ব৷ চিন্দুইন নদী জাপানী আৰু সন্মিলিত পক্ষৰ অঘোষিত সীমাৰেখাত পৰিণত হল৷ আকৌ, হাৱাইৰ পাৰ্ল হাৰ্বাৰত ১৯৪১ চনৰ ৭ ডিচেম্বৰত অতৰ্কিতে আঘাত হানিলে জাপানী নৌ সেনাই৷ পিছদিনাই আমেৰিকান ৰাষ্ট্ৰপ্ৰধানে জাপানৰ বিপক্ষে প্ৰকাশ্যে যুদ্ধ ঘোষণা কৰি দিলে৷

১৯৪১ৰ ৮ ডিচেম্বৰত জাপানৰ বিৰুদ্ধে সন্মিলিত শক্তিৰ যুদ্ধ ঘোষিত হোৱাত চীন আৰু ব্ৰহ্মদেশ দখল কৰাৰ মানসেৰে জাপানীয়ে তে-ততে নিৰ্বিচাৰে উপৰ্যুপৰি বোমা বৰ্ষণ কৰি ভয়াৱহ আক্ৰমণেৰে আগ বাঢ়ি আহিল৷ কলা ধোঁৱাই ছানি ধৰিলে চীনৰ আকাশ-বতাহ৷ হাজাৰ হাজাৰ নিৰপৰাধীৰ মৃত্যু ঘটিল৷ গৃহহাৰা হল অগণন মানুহ৷ নিশ্চিহ্ন হৈ গল ভালেমান অঞ্চল৷ বধ্যভূমিত পৰিণত হল চীন৷ লগতে বাৰ্মাও৷ অসহায় সৈনিক, যুদ্ধবিধ্বস্ত ভগনীয়াৰ সোঁত বব ধৰিলে ভাৰতীয় ভূখণ্ডলৈ পাংচু পাছ, মাচুম অৰ্থাৎ আজিৰ নামপং আৰু আন আন কিছুমান অঞ্চলেদি৷৷ সেইখন নামপঙৰ পৰাই ম্যানমাৰ অভিমুখে গৈ আছোঁ আমি৷ অাগত পাংচু পাছ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্ত৷ মহাযুদ্ধৰ ইতিহাসে গৰকা এইবোৰ জেগা৷ তাকে লৈ আমাৰো পদে পদে উত্তেজনা৷ অসংখ্য যান-বাহন থূপ খাই থকা দেখিছোঁ৷ মানুহবোৰে দল বান্ধি আগলৈ খোজ লৈছে৷

কোৱা হয়, 'ৰেংগুন' শব্দৰ অৰ্থ হৈছে যুঁজৰ শেষ৷ ১৯৪২ চনৰ ৮ মাৰ্চত জাপানীয়ে হঠাতে ব্ৰিটিছৰ পৰা এই ৰেংগুন দখল কৰিলে৷ ক্ষিপ্ৰ গতিৰে অৱৰোধ কৰিলে ব্ৰিটিছ-বাৰ্মা, হুকং ভেলী, সন্মিলিত পক্ষৰ মিচ্ছিনা এয়াৰফিল্ড আদি৷ মুগং, মিচ্ছিনা, ভামু আদিত বাহৰ পাতিলে৷ চীনৰ সৈতে সন্মিলিত বাহিনীৰ স্থল আৰু আকাশী পথৰ যোগাযোগ বন্ধ কৰি পেলোৱা হ'ল৷ অস্ত্ৰ-শস্ত্ৰ হস্তগত কৰিলে৷ সমগ্ৰ ব্ৰহ্মদেশ অধিকাৰ কৰিবলৈও তৎপৰতা অৱলম্বন কৰিলে৷ জাপানীসকল পাকৈত যোদ্ধা৷ যুঁজাৰু বিমান চালনা আৰু উৰণৰ ক্ষেত্ৰত পতংগৰ সৈতে তুলনা কৰা হৈছিল জাপানীৰ দক্ষতাক৷ জাপানী মহিলা পাইলটৰ এনে কুশলতা আৰু সাহসিকতাৰ এটা লোমহৰ্ষক কাহিনী আমি সপ্তম মানত পঢ়ি থকা অৱস্থাতে শ্ৰেণীকোঠাত এদিন শুনাইছিল বিনোদলাল গগৈ ছাৰে৷ সেয়া মোৰ আজিও মনত পৰে৷

চীনৰ মূল সামৰিক ঘাটি, সন্মিলিত বাহিনীৰো মুখ্য সামৰিক ঘাটি ৰেংগুনৰ পতনৰ ফলত অৱস্থাই গুৰুতৰ ৰূপ লোৱা দেখি তাৎক্ষণিক আৰু সাময়িক যুদ্ধকালীন তৎপৰতাৰে জেনেৰেল যোচেফ ৱাৰেন ষ্টীলৱেলৰ উদ্যোগত গঢ়ি তোলা হল ভাৰত, চীন আৰু ব্ৰহ্মদেশৰ সংযুক্ত সেনা বাহিনী৷ China-Burma-Indian Allied Force, সংক্ষেপে CBIৰ গুৰিয়াল জেনেৰেল ষ্টীলৱেল ১৯৩৭ চনত ইউ.এছ. প্ৰেচিডেণ্ট ফ্ৰেংকলিন ডি. ৰুছভেল্টৰ প্ৰতিনিধি হৈ চীনলৈ গৈছিল৷ চীনা সেনা বাহিনীক প্ৰশিক্ষণ দিছিল৷ গতিকে ষ্টীলৱেলৰ সামৰিক দক্ষতাৰ কথা জানিছিল চীনৰ শীৰ্ষ সামৰিক বিষয়া মাৰ্শ্বেল চিয়াং কাই-শ্বেকে৷ তেৱেঁই চীন-বাৰ্মা-ইণ্ডিয়া সৈন্য বাহিনীটোৰ কামাণ্ডাৰ পাতিছিল ষ্টীলৱেলক৷ দায়িত্ব গ্ৰহণ কৰি যুদ্ধখনত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে জেনেৰেল ষ্টীলৱেল৷ চীনত থাকোঁতেই জাপানীৰ আক্ৰমণত পৰি স্থিতি সলনি কৰি ভাৰতবৰ্ষৰ সামৰিক গুৰুত্বপূৰ্ণ অৱস্থানত থকা লিডু পায়হি তেওঁ৷ ষ্টীলৱেলে ভালকৈ জানিছিল যে জাপানীসকল যথেষ্ট শক্তিশালী৷ যুদ্ধ কৰি খুব সোনকালে হৰুৱাটো ইমান সহজ নহয়৷

পূৰ্বৰে পৰা থকা ৰাস্তা আৰু ট্ৰেক কিছুমানৰ জৰুৰী উন্নয়ন সাধনেৰে চীন-জাপানৰ দ্বিতীয় যুদ্ধৰ সময়ছোৱাৰ ভিতৰতে ১৯৩৭-৩৮ চনত খৰখেদাকৈ গঢ়ি তোলা হৈছিল বাৰ্মা ৰড৷ ব্ৰহ্মদেশৰ লাশ্বিয়ৰ পৰা চীনৰ কুনমিং পৰ্যন্ত ১,১৫৪ কিলমিটাৰ দূৰত্ব সংযোগ হৈ আছিল সেই পথেৰে৷ পিছে জাপানীয়ে ৰেংগুন লৈ লোৱাৰ পাছত ৰাস্তাটো বন্ধ কৰি দিলে৷ মণিপুৰৰ মৰে হৈ বাৰ্মাৰ অভ্যন্তৰ সংযোগী পেলেল পথটোৰে যদিওবা ব্ৰহ্মদেশৰ লগত যোগাযোগ চলি থাকিল, সেই পথ অতিশয় পাহাৰীয়া, দুৰ্গম আৰু অসুচল৷ সেয়ে বিকল্প স্থলপথ এটাৰ সন্ধান চলিব লাগিল৷ ভাৰতৰ মাটিৰে চীনলৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ একমাত্ৰ পথ ৰলগৈ পূব মূৰৰ ইণ্ডো-বাৰ্মীয় পথ৷ এই স্থলপথটোৰে চীনলৈ ৰচদ-পাতি যোগানৰ উপৰি জাপানীৰ লগত যুদ্ধ দিব পৰা যাব বুলি নিশ্চিত হল ষ্টীলৱেল বাহিনী৷ মাৰ্কিন সেনা আৰু ব্ৰিটিছ বিষয়াৰ কুচ্‌কাৱাজ চলিব ধৰিলে ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত৷ পূবৰ গিৰিকন্যা পাটকাই পৰ্বতৰ অন্দৰে-কন্দৰে সামৰিক বিষয়াসকলে বাৰ্মালৈ যাব পৰা পথৰ সম্ভাৱনা-সূত্ৰ বিচাৰি অনুসন্ধান আৰম্ভ কৰিলে৷ অন্তৰ্নিহিত উদ্দেশ্য, যুদ্ধংদেহী জাপানীক সমুলঞ্চে উৎখাত কৰা৷


No comments:

Post a Comment