Wednesday, 28 February 2018

চতুৰ্থ দিনঅংশ-


আমাৰ বিহুনামত আছে, পাটকাই পৰেবতত...৷ 'পাটকাই পৰেবত'ৰ মাজত তুলনামূলকভাৱে গছ-গছনি কম থকা এঠাইত টীম-এ আৰু টীম-বি দুয়ো দলৰে সদস্যবৃন্দ ৰৈ গ'ল৷ একেটা কাৰণতে আন পৰ্যটক কিছুমানো থমকিবলৈ বাধ্য হৈছে৷ কাৰণটো হ'ল, ফাঁকেদি অদূৰত জাজ্বল্যমান ৰূপত দৃষ্টিগোচৰ হোৱা কৰ্দৈসিৰীয়া পৰ্বতৰ লানি৷ এক অপৰূপ দৃশ্য৷ যিমানবোৰ মানুহৰ হাতত কেমেৰা, ম'বাইল ফোন আদি আছিল সকলোৱেই ব্যস্ত হৈ পৰিল ছবি সংৰক্ষণত৷ খোজ কঢ়াৰ ভাগৰ যেন পলুৱাই দিলে পাটকায়ে!

সন্মুখৰ পৰা আহি থকা, নামপং অভিমুখী বাৰ্মিজ দম্পতী এটাৰ সৈতে এইখিনিতে সাক্ষাৎ হ'ল৷ তেওঁলোকৰ সৈতেও ফটো চেচন চলিব ধৰিলে৷ টীম-বিৰ অনিলদা আৰু অৰুণদাই উৎসাহেৰে দৌৰি আহি প'জ দিলে৷ ম্যানমাৰীয়ে আমাৰ কথা বুজি নাপায়৷ আমিও তেওঁলোকৰ ভাষা সমূলি নুবুজোঁ৷ কেমেৰা পোনোৱাৰ লগে লগে ফটোৰ বাবেযে ৰে'ডী হ'ব লাগে, সেইটোত হ'লে ঠিকেই বুজাবুজি দেখা গৈছে! পুৰুষজনে আকাৰে-ইংগিতে জনালে যে তেওঁলোক দুয়ো নামপঙত উৎসৱ চাবলৈ গৈ আছে৷ আজি আৰু ঘূৰি নাহে৷ সিপাৰে, মানে ইণ্ডিয়াতে থাকি দিব৷ যি বুজিলোঁ, এই মানুহবোৰে এনেদৰেই খোজ কাঢ়ি ইপাৰ-সিপাৰ কৰি থাকে৷ নিত্যপ্ৰয়োজনীয়খিনি সংগ্ৰহ কৰে৷ নিয়ম ভংগ নকৰিলে অৱশ্যে আহ-যাহত বাধা একো নাই৷

বিপৰীত দিশৰ পৰা আৰু কিছুমান লোক আহি থকা দেখা পাইছোঁ৷ সকলোৰে উদ্দেশ্য নামপং, পি.পি.ডব্লিউ.এফ.২০১৩৷ আমাৰ সৈতে দৃষ্টি বিনিময় ঘটিছে৷ চিনাকি নাই যদিও মানুহে মানুহলৈ চাই নিৰ্ভয়ে আনন্দৰ হাঁহি একোটাও মাৰিব পৰা হৈ উঠিছোঁ৷ উৎসৱটোৱে ভাৰতীয় আৰু ম্যানমাৰীৰ মনত সঁচাকৈয়ে বুজাব নোৱাৰা ধৰণৰ কিবা এক হিল্লোল তুলিছে৷ নৃগোষ্ঠীয় সমন্বয়ৰ উৎসৱ পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল৷ অতীতৰ বিশেষণ পদানত কৰি 'হে'ল গে'ট', 'হে'ল পাছ' যেন আজি পৰ্যবসিত হৈছে সমন্বয়ৰ এক যাউতিযুগীয়া কৰিড'ৰত!

সমন্বয়েই শক্তি৷ জাৰ্মান, ইটালীয়ান, জাপানীৰ তাহানিৰ সমন্বয়ৰ সঞ্জীৱনীৰেই মিত্ৰজোঁটেও এদিন ব্ৰহ্মদেশত খোপনি পুতি থকা ব্ৰিটিছ বাহিনীক বৃদ্ধাংগুষ্ঠ দেখুৱাই উত্তৰ দিশে আগ বাঢ়ি আহিছিল৷ উজাই আহিছিল মাণ্ডালয়লৈ৷ তাৰ পাছতে লাশ্বিয় অধিগ্ৰহণ কৰিলে৷ মাৰ্কিন সেনাই ছাউনী পাতিলে বাৰ্মাৰ চিন্দউইন, জাম্বোবাম, মিচ্ছিনা, ভামুত৷ উপ-সৰ্বাধিনায়ক ষ্টীলৱেলৰ পৰিকল্পনা মতেই সেই সময়তে এইফালে অসমৰ লিডুত অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ এমিউনেছন ডিপো, সামৰিক হাস্পতাল, চিকিৎসা গোট, সেনা ছাউনী, বে'ছ কেম্প আদিৰে যুদ্ধৰ বাতাবৰণ গঢ়ি তুলিলে সন্মিলিত বাহিনীয়ে৷ জাপানীৰ সম্পূৰ্ণৰূপে অধীনলৈ যোৱা উত্তৰ বাৰ্মাৰ লগতে দেশখনক মুকলি কৰিবলৈ ব্ৰিটিছ প্ৰশাসনৰ বাবে অতিশয় দৰকাৰী হৈ পৰিল এই ‘লিড’লাম’, যি পথেৰে আমি এতিয়া এখোজ-দুখোজকৈ আগুৱাই গৈ আছোঁ প্ৰকৃতিৰ ৰূপ-বৈভৱ চাই চাই৷ চাৰিওফালে কেৱল সেউজীয়া৷ ৰাস্তাটোহে মটীয়া৷ আলকাতৰাৰ সঁচ নাই৷ এসময়ত ব্যস্ত, এতিয়া পৰিত্যক্ত পথ৷

জাপানীক ঘটুৱাবলৈ চীন আৰু উত্তৰ-পূব ভাৰতৰ মাজত স্থল যোগাযোগ ব্যৱস্থা উন্নত কৰাটো তেতিয়া খুব জৰুৰী হৈ পৰিছিল৷ তেহে ব্ৰহ্মদেশৰ পৰা জাপানী সেনাৰ সকলো শিৱিৰ উৎখাত কৰিব পৰা যাব৷ সন্মিলিত পক্ষৰ হাতত স্থলপথ এটা নিৰ্মাণৰ আঁচনি দাখিল কৰিবলৈ কোৱা হল৷ ১৯৪২ৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি ১৯৪৩ৰ অক্টোবৰলৈ অভিযান বিষয়া লেফটেনেণ্ট কৰ্নেল ফ্ৰেংক ডি. মেৰিলীৰ নেতৃত্বত ব্ৰিটিছ অভিযন্তাৰ দল এটাই ভাৰতৰ পূৰ্বোত্তৰৰ পৰা ব্ৰহ্মদেশলৈ বাট উলিওৱাৰ অভিপ্ৰায়েৰে চাৰ্ভে আৰম্ভ কৰিলে৷ জৰীপৰ ৰিপৰ্টবোৰ আহিল৷ প্ৰথমে সম্ভাব্য তিনিটা পথৰ খচৰা প্ৰস্তুত কৰা হল৷ প্ৰথমটো, লিডুৰ পৰা নামচিক আলি মথাউৰি হৈ মিয়াও আৰু তাৰ পৰা দিয়ুন নদীৰ উত্তৰ বা দক্ষিণ পাৰেদি চৌকান গিৰিপথলৈ৷ দ্বিতীয়টো, লিডুৰ পৰা মাচুম বস্তি আৰু মাচুম হৈ পাটকাইৰ উত্তৰ ফালে দিয়ুন নদীৰ ওচৰা-উচৰিকৈ ইয়াৰ দক্ষিণ পাৰে থকা চৌকান গিৰিপথলৈ৷ তৃতীয়টো, লিডুৰ পৰা মাচুম, বাংখেপ হৈ মূল পাটকাই পৰ্বতমালাইদি চৌকান গিৰিপথলৈ৷ চৌকান গিৰিপথেৰেই মহামতি চ্যুকাফাৰ অসম আগমন ঘটিছিল দূৰ অতীতত৷ প্ৰথম দুটা পথৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়াত তিনি নম্বৰটোৰ কথাকে চিন্তা কৰা হৈছিল

সেই কালত উত্তৰ-পূবৰ কেতবোৰ জনজাতিৰ একাংশ লোকে ঘোঁৰাৰে ব্ৰহ্মদেশ, আনকি চীনলৈকো অহা-যোৱা কৰিছিল৷ হাবিতলীয়া দুৰ্গম ট্ৰেক, যিবোৰেদি আহ-যাহ চলিছিল, সিবোৰক বোলা হৈছিল বিচা পথ৷ সেইবিলাক আগৰে পৰাই আছিল৷ অবৈধ কানি বেপাৰী, কস্তুৰী মৃগৰ বেপাৰীবোৰে অচিন অৰণ্যৰ মাজেৰে তেনেকৈয়ে বাট বুলিছিল৷ বাৰিষা কালত লুংলুঙীয়া লিকবিলাক হৈ পৰিছিল সাংঘাতিক বিপদজনক৷ তাৰো বহু আগতে আহোম ৰজাৰ দিনতো পাটকাইৰ বুকুৰে বাট কিছুমান আছিল৷ গতিকে একেবাৰে নতুন পথ এটা সজাৰ কথা নাভাবি চীনলৈ যোগাযোগ স্থাপনৰ বাবে বিচা পথসমূহৰ গ্ৰহণীয়তাৰ সপক্ষে চিন্তা-চৰ্চা আৰম্ভ কৰিলে জেনেৰেল ষ্টীলৱেলে৷ নানা উৎসৰ পৰা তথ্য সংগ্ৰহৰ ক্ষেত্ৰত তেওঁ আপোচহীন হৈ পৰিল৷ কাম আৰু দায়িত্বৰ খাতিৰত কঠোৰ, সিদ্ধান্তত কাৰো লগত মিল নথকা হেতুকে ষ্টীলৱেলক সেই সময়ত এটা অভিধা দিয়া হৈছিল৷ ভিনেগাৰ জ৷ ৫,০০০ ফুট উচ্চতাৰ পাহাৰে-কন্দৰে সিঁচৰতি হৈ থকা তেনেকুৱা দুৰ্গম, লুংলুঙীয়া পথসমূহকে ভিনেগাৰ জ'ই সাকাৰ ৰূপ দিবলৈ বাছি ললে৷ প্ৰস্তাৱিত পথটোত আছিল ১০খন ডাঙৰ নৈ৷ তদুপৰি ১৫৫টা পাহাৰীয়া জান-জুৰি, সৰু নৈ-নিজৰা৷ জাপানে বাৰে বাৰে ভাৰত-চীনৰ মাজৰ যোগাযোগ বিচ্ছিন্ন কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত সন্মিলিত বাহিনীৰ বাবে তুলনামূলকভাৱে এই পথছোৱাই নিৰাপদ হব বুলি অৱশেষত বিবেচিত হৈছিল৷


বাৰ্মাৰ পুৰণা পথটো, যিটোক 'বাৰ্মা ৰড' বুলি কোৱা হৈছিল, অসমৰ লিডুৰ পৰা তালৈ যোগাযোগ বেছি পোনপটীয়া, যিটো মণিপুৰৰ পেলেল পথেৰে সম্ভৱ নহয়৷ গতিকে লিডুৰ পৰা অৰুণাচল প্ৰদেশৰ নামপং হৈ পাংচু পাছেৰে ব্ৰহ্মদেশত থকা আৰ্মী বেছলৈ, উত্তৰ বাৰ্মাৰ হুকং আৰু মোগং উপত্যকাৰ মাজেৰে ভামু হৈ একেবাৰে চীনৰ য়ুন্নান প্ৰভিন্সৰ কুনমিঙলৈ গিৰিকন্যা পাটকাইৰ আঁৰে আঁৰে বাটৰ সন্ধান উলিওৱাত লাগিল ষ্টীলৱেল বাহিনী৷ বাৰ্মা ৰডটো সিফালে চীনৰ কুনমিং পৰ্যন্ত সংযুক্ত আছিলেই৷ গতিকে লিডুৰ পৰা বাৰ্মা ৰডলৈ সংযোগী পথ সাজি লব পাৰিলেই চীনলৈ সংযোগ স্থাপন হৈ যাব৷ এয়াই আছিল জেনেৰেল ষ্টীলৱেলৰ চূড়ান্ত সিদ্ধান্ত৷


No comments:

Post a Comment