তৃতীয় দিন, অংশ-৪
৯.০০ বাজিবৰ হ’লহি৷ চোতাল নাপাওঁতেই দেখা পালোঁ, ৱাননেম্ আৰু তাইৰ ছজনী লগৰী৷ সাজি-কাচি ওলাইছে৷ প্ৰত্যেকৰে পিন্ধনত বগা ৰঙৰ চোলা৷ প্ৰতিজনীয়েই মূৰত গুজি লৈছে পাঁচডালকৈ শলা৷ কঁকালৰ পৰা ভৰিৰ পানী গাঁঠিলৈকে দীঘে আঁচ থকা দৃষ্টিনন্দন মেখেলা৷ অসমীয়াত 'ৰিহা গছ' বোলা, গাত শুং থকা, বগা পাতযুক্ত
এবিধ সৰু উদ্ভিদৰ পৰা আঁহ উলিয়াই পূৰ্বতে টাংচাসকলে বৰ কষ্ট কৰি কাপোৰ বৈছিল বুলি জনা যায়৷ গছৰ
শিপাৰ পৰা উলিওৱা ৰসেৰে সূতাত ৰঙো দি লৈছিল৷ ক’লা, ৰঙা,
বগা, নীলা, সেউজীয়া আদি বিভিন্নৰঙী সূতা মিলাই তেওঁলোকে আজিও কাপোৰ বয়৷ বহুধাবিভক্ত
জনগোষ্ঠীটোৰ ভিন্ন ভিন্ন শাখাৰ লোকসকলে পৰিধান কৰা সাজপাৰৰ মাজত পাৰ্থক্য থকাৰ লগতে তাঁতশালৰ পৰা আদি
কৰি কাপোৰবোৰৰ নামৰ ক্ষেত্ৰত বিভিন্নতা মন কৰিবলগীয়া৷
বোৱা-কটাৰ উৎপত্তি সম্পৰ্কে
টাংচাসকলৰ মাজত এটি জনপ্ৰিয় সাধুকথা এবাৰ এঠাইত পঢ়িবলৈ পাইছিলোঁ৷ বনৰীয়া জীৱ-জন্তু চিকাৰ
আৰু দলবদ্ধভাৱে মাছ ধৰা ৰীতি জনগোষ্ঠীটোৰ মাজত অতীজৰ পৰা চলি আহিছে৷ তেনেকৈয়ে এবাৰ এখন গাঁৱৰ
গঞাসকলে মিলি মাছ মাৰিবলৈ গৈছিল৷ কেও কিছু নোহোৱা ডেকা এটাও আছিল দলটোত৷ মাছ ধৰাৰ
উদ্দেশ্যে বাকী মানুহবোৰে নিজৰ নিজৰ বাবে ঠাই দখল কৰি ল’লে৷ যুৱকজনে জেগা নাপালে৷ মনৰ দুখতে হাতত থকা চেপাটো দলিয়াই
দি তেওঁ মনে মনে বহি থাকিল৷ এসময়ত গঞা ৰাইজৰ মাছ ধৰা কাৰ্য শেষ হ’ল৷ সকলোটি ঘৰাঘৰি যাবলৈ ওলাল৷ ডেকাজনেও চেপাটো তুলি ল’লে৷ তেনেকুৱাতে তেওঁ মন কৰিলে যে তাত বেং এজনী সোমাই আছে৷ পেলাই নিদি তাকে ভগৱানৰ দান বুলি নি ঘৰ পোৱালেগৈ আৰু বাঁহৰ চুঙা এটাত সুমুৱাই থ’লে৷ অকলশৰীয়া ডেকাজন পুৱাতে খেতি পথাৰলৈ
যায়৷ বিয়লিহে উভতে৷ নিজেই ভাত ৰান্ধি খায়৷ হঠাতে তেওঁ মন কৰিলে যে কোনোবাই তেওঁলৈ গৰম ভাত ৰান্ধি থয়, ঘৰ-দুৱাৰ সাৰি-মচি নিকা কৰিও থয়৷ কেইবাদিনো এনে কাণ্ডৰ পুনৰাবৃত্তি ঘটাত যুৱকজন আচৰিত হ’ল৷ ঘৰত কোনো নথকা অৱস্থাত কোনে
কৰে এইটো কাম? তাকে চাবলৈ বুদ্ধি এটা পাঙি এদিন খেতি পথাৰলৈ যোৱাৰ ভাও দি ঘৰতে ডুলি
এটাৰ ভিতৰত মনে মনে সোমাই থাকিল তেওঁ৷ কিছু সময়ৰ পাছত দেখিলে যে বাঁহৰ চুঙাটো লৰচৰ কৰিছে৷
দীপ-লিপ কন্যা এটি তাৰ পৰা ওলাই আহিছে৷ তাই ঘৰটো সাৰিলে৷ তাৰ পাছত ভাত ৰান্ধিলে৷ কামখিনি সুন্দৰকৈ অঁটাই এসময়ত পুনৰ
চুঙাটোত সোমাবলৈ উদ্যত হ’ল৷ ঠিক তেনেতে ডেকাজন ডুলিৰ পৰা ওলাই আহিল আৰু চুঙাটো নি জুইত ভৰাই দিলে৷
চুঙাটোৰ লগতে তাৰ ভিতৰত সোমাই থকা ভেকুলীৰ আৱৰণখনো লগে লগে জুইত জাহ গ’ল৷ সুন্দৰীলৈ চাই ডেকাই ক’লে, ‘মোৰ কোনো নাই৷ তুমি মোৰ ঘৈণী হৈ মোৰ লগতে থাকা৷’ যুৱতীজনী মান্তি হ’ল৷ কিন্তু ক’লে, ‘আৱৰণ নোহোৱাকৈ মই থাকিব
নোৱাৰিম৷’ তেতিয়া তাইৰ মতেই হাবিৰ পৰা কাঠ-বাঁহ আদি আনি তাঁতশাল এখন প্ৰস্তুত কৰা হ’ল৷ হাবিত পোৱা কপাহেৰে সূতা কাটি, কাপোৰ বৈ তাই নিজেও পিন্ধিলে, ডেকাকো
পিন্ধালে৷ তাৰ পাছত গাঁৱৰ মানুহকো তাঁত ববলৈ, কাপোৰ পিন্ধিবলৈ শিকালে৷ এইদৰে বেঙৰ
পৰা হোৱা ধুনীয়া ছোৱালী এজনীয়ে টাংচাসকলক কাপোৰ বব-পিন্ধাব শিকালে বুলি বিশ্বাস প্ৰচলিত আছে৷
তাৰ আগলৈকে টাংচাসকলে বস্ত্ৰ পৰিধান কৰা নাছিল হেনো৷
এইফালে দেখা পালোঁ, টাংচা ছোৱালীকেইজনীৰ প্ৰত্যেকৰে
ডিঙিত মুদ্ৰা ওলমি থকা কেইবাধাৰিও পৰম্পৰাগত নেকলেচ আৰু গলপতাই শোভা কৰিছে৷ ৰ’দ পৰি জিলিকিছেও৷ পইচাৰ পৰা তৈয়াৰ কৰা তেওঁলোকৰ অন্যতম তথা
নাৰীৰ প্ৰিয় অলংকাৰবিধৰ নামৰ ক্ষেত্ৰত বিভিন্নতা পোৱা যায়৷ ‘লেক্-সিকি’ বোলা এনেকুৱা কণ্ঠহাৰ আমাৰ কাৰবিসকলৰো আছে৷ টাংচা পুৰুষ আৰু
মহিলা উভয়ে ভিন ভিন ধৰণৰ, শাখাবিশেষে ভিন ভিন নামৰ আ-অলংকাৰ পৰিধান কৰে৷ এইবোৰ মূলতঃ প্ৰকৃতিৰ পৰাই আহৰণ কৰা হয়৷
লো, ৰূপ, মুদ্ৰা, হাতীদাঁত, কড়ি, পাথৰ, বাঁহ-বেত আদিৰে তেওঁলোকে হাত, কাণ, ডিঙিত পৰিধান কৰা
অলংকাৰ তৈয়াৰ কৰি লয়৷
ফটোগ্ৰাফিক দৃষ্টিভংগীৰে
পংকজ দাস আৰু ৰাজু গগৈ টাংচা যুৱতীকেইজনীক কেমেৰাত বন্দী কৰাত ব্যস্ত৷ ঘৰত দেখুৱাবলৈ
সিহঁতৰ মাজত ৰৈ নিজেও দুই-এবাৰ উঠিছে৷ আমি গৈ ওলোৱাত ছোৱালীহঁতে ইতস্ততঃ কৰি পিছ
হোঁহকা দেখি সঞ্জুৱে ডাঙৰ ডাঙৰকৈ কৈ দিলে… ‘আমি আটাইবোৰ তহঁতৰ ককায়েৰহে৷ লাজ কৰিবলৈ কিটো আছে? উঠ, ফটো উঠ,
একো নহয়৷’ কেমেৰা আৰু মানুহ, সদায়েই পৰম সুহৃদ৷ সঞ্জুৱে এনেকৈ কোৱাত
সিহঁতকেইজনীৰ লাজকুৰীয়া হাঁহিবোৰ তৎমুহূৰ্ততে প্ৰাণোচ্ছল হৈ পৰিল৷ আটাইকেইজনী ওলাইছে
পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল ২০১৩ৰ উদ্বোধনী অনুষ্ঠানলৈ বুলি৷ দৈনন্দিন গৈয়ে থাকে যদিও এতিয়া ককায়েকহঁত উপস্থিত থাকোঁতে ইমানখিনি বাট খোজ কাঢ়ি যাবলৈ দিব পাৰিনে? বীৰেন্দৰক কোৱা হ’ল গাড়ীখনেৰে
সাতোজনীকে নি ফেষ্টিভেল গ্ৰাউণ্ডৰ আগত নমাই আহিবলৈ৷ আৰু কোনোবা থাকিলেও যাওঁতে যাতে তুলি
নিয়ে৷ ঘূৰি অহাৰ পাছত আমি যাম৷
ৱাননেমহঁতৰ খিলখিলনিৰে প্ৰাণৱন্ত হৈ বলেৰ’খন গুচি গ’ল৷ এনেকৈ হুহি মাৰি যোৱাৰ মজাই বেলেগ৷ ইফালে আমাৰ বাবে এতিয়া অপেক্ষাৰ
সময়৷ কি কৰোঁ? কেমেৰাটো লৈ ইফাল-সিফাল কৰি ফুৰিছোঁ৷ চাঙৰ তলত উৰাল এটা আছে৷ আকৃতি
আমাৰ ঘৰত থকা উৰালটোৰ দৰে নহয়৷ এইটোৰ তলছোৱা দীঘলীয়া আৰু জোঙা ধৰণৰ৷ মাটিত পুতি ৰখা হৈছে৷
আমাৰটোৰ দৰে মেলাহিও নহয়৷ উৰাল-মাৰিডাল কাষতে পৰি আছে৷ জনজাতীয় জীৱন-চৰ্যাত উৰালৰ সৈতে
জড়িত থাকে অনেক কিংবদন্তি, লোক-কথা, জন-বিশ্বাস, জন-গীত, জন-সংস্কৃতি ইত্যাদি৷ চাবলগীয়া
পুৰণা বস্তু ঘৰখনত আৰু কি কি আছে, তাৰ সন্ধানত আগফাল-পাছফাল মহতিয়াই ফুৰিলোঁ৷ নাজং-জাংখংহঁতৰ
আন্তৰিক মৰম-চেনেহৰ বলতে কোনোদিনে নহা, কাকো চিনি নোপোৱা গাঁওখনলৈ আহি সিহঁতৰ
চাঙত এনেকৈ টিঘিলঘিলাই ফুৰিব পাৰিছোঁ৷ বিশ্বাস আৰু আস্থাই মূল কথা৷
পাটকাইৰ বুকুত সংস্কৃতিৰ মাণিক-মুকুতা বুটলি ফুৰিছোঁ, ভৱিষ্যতে কেতিয়াবা কাৰোবাৰ কিবা প্ৰকাৰে কামত আহিব পাৰে বুলি৷ গাড়ীখন অহাটোকে চাওঁগৈ৷ এই ভাবি এঢলীয়া অংশলৈ আগুৱাই গ'লোঁ৷ এইখিনিৰ পৰা নংকি বস্তি সংযোগী ৰাস্তাটো অকাই-পকাই বহু দূৰলৈকে মনিব পাৰি৷ ইয়াত ৰৈ ইফালে-সিফালে দেখা গাহৰি গঁৰাল, ভঁৰাল, সঁচলৈ ৰখা বগা কোমোৰা, ধান কুটা যন্ত্ৰ, দ'মাই ৰখা জেঙুপাতৰ লগতে অন্য চাংকেইখনমানেও দৃষ্টি কাঢ়ি নিলে৷ ইচ্ছাক দমাব নোৱাৰি অকলেই নামি গুচি গ'লোঁ সেইফালে৷ কেমেৰাই তাৰ কাম আপোনমনে কৰি থাকিল৷ (আগলৈ)
No comments:
Post a Comment