Wednesday, 28 February 2018

চতুৰ্থ দিনঅংশ-


বাৰিষা-খৰালি সকলো সময়তে চলাচল কৰিব পৰা all weather, double track লিডু পথ সজাৰ পৰিকল্পনা হৈ গৈছে৷ সুদীৰ্ঘ পথটোৰ কাম চলাই নিয়াৰ সমানে সমানে চতুৰ জাপানীৰ সম্ভাব্য আক্ৰমণৰ বিৰুদ্ধেও সৰ্বসময় সতৰ্ক থাকিব লাগিব৷ প্ৰতিৰক্ষাৰ প্ৰয়োজনত জাগ্ৰত সেনানীস্বৰূপ সামৰিক গোট কিছুমান সাজু ৰখা হব৷ দুখনকৈ মহাসাগৰ, তিনিখনকৈ মহাদেশ পাৰ হৈ ১২,০০০ মাইল আঁতৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পথ নিৰ্মাণৰ বাবে অপৰিহাৰ্য বস্তু-বাহানি অনাৰ দিহা কৰা হৈছে৷ পোনে পোনে কৰাচী, কৰাচীৰ পৰা কলিকতা, কলিকতাৰ পৰা হুগ্‌লী হৈ ব্ৰহ্মপুত্ৰ নদেৰে আৰু আছাম-বেংগল ৰেলেৰে উজনি অসমৰ লিডুলৈ আহি পোৱাৰ কথাখাদ্য সামগ্ৰী, চিকিৎসা গোট, গোলা-বাৰুদৰো বন্দৱস্ত যথাযথভাৱেই কৰি পেলোৱা হৈছে৷ চাবুৱা, ডুমডুমা, দিনজান, ডিব্ৰুগড়ত বিমানঘাটি পাতিলে৷ লিডুত গুদামঘৰ খোলা হল৷ শাৰী শাৰী বেৰেক সাজিলে৷ আধুনিক গাড়ী আৰু যন্ত্ৰ-পাতিৰে ভৰি পৰিল লেখাপানী৷ সমগ্ৰ অঞ্চলটোৱেই অভূতপূৰ্ব ৰূপ ধাৰণ কৰিলে ১৯৪২ বৰ্ষৰ অন্তিম মাহটোত৷

ষ্টীলৱেল বাহিনীয়ে ইতিমধ্যে হিচাপ কৰি উলিয়াইছিল যে প্ৰস্তাৱিত পথটো নিৰ্মিত হ'লে লিডুৰ পৰা কুনমিঙত মাহে ধৰিব পৰা যোগানৰ পৰিমাণ হ'ব ৬৫,০০০ টন, যিটো উৰাজাহাজৰ বহন ক্ষমতাতকৈও কেইবাগুণে অধিক৷ সমসাময়িকভাৱে, পথ নিৰ্মাণৰ সময়তে ৪ ইঞ্চি ব্যাসৰ দুডালকৈ ইন্ধন পৰিবাহী পাইপ লাইন অসমৰ তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি ৰাস্তাৰ কাষে কাষে চীনলৈকে বহুৱাই যোৱাৰ বিষয়েও চিন্তা কৰা হ'ল যাতে ইন্ধনৰ বাবে ক'তো কোনো সমস্যা নহয়৷ পাইপ লাইনৰ আৰম্ভণিতে পাতি লোৱা অৱস্থানৰ পৰা পাম্প কৰি গেচ'লিন যোগান ধৰাৰ ব্যৱস্থা ৰখা হ'ব৷

১ ডিচেম্বৰত ব্ৰিটিছ চৰকাৰৰ পূব থিয়েটাৰৰ সৰ্বাধিনায়ক, জেনেৰেল চাৰ আৰ্চীবাল্ড ৱাভেল আৰু আমেৰিকান জেনেৰেল ষ্টীলৱেল ইচ্ছুক হৈ পৰাত দিন-ৰাতি একাকাৰ কৰি অটব্য হাবি-জংঘল ভাঙি, দুৰ্লংঘ্য পাহাৰ-পৰ্বত আৰু পথহীন বৰ্ষাৰণ্য ভেদি নিৰ্মাণ কৰাৰ সংকল্প লোৱা হ'ল ভাৰত ভূমিৰ পৰা ব্ৰহ্মদেশ হৈ চীনলৈ সম্প্ৰসাৰিত এক সৰ্পিলময় যাত্ৰাপথ৷ অভিজ্ঞ ব্ৰিটিছ ইঞ্জিনিয়াৰ তথা জাংগল ট্ৰুপৰ কামাণ্ডিং অফিচাৰ ফ্ৰেংক মেৰিলীৰ অনুমোদনক্ৰমে লিডুত বাহৰ পতা চাইনা-বাৰ্মা-ইণ্ডিয়া বাহিনী, চি.বি.আই.ৰ চীফ অফ্‌ দ্যা ষ্টাফ জেনেৰেল ষ্টীলৱেলৰ নেতৃত্বত ১৯৪২ৰ ১৬ ডিচেম্বৰৰ পৰা জোৰদাৰ ৰূপত চলিব ধৰিলে পাটকাইৰ বক্ষ বিদীৰ্ণ কৰি ৰাস্তা উলিওৱাৰ কাম৷

অক্টোবৰ মাহতে সমুদায় কামৰ দায়িত্ব লৈ লৈছিল আমেৰিকান ইঞ্জিনিয়াৰে৷ পথটোৰ প্ৰথম খণ্ড বাৰ্মা আৰু চীনৰ মাজত৷ দুয়ো দেশৰ পৰা গোটোৱা ১০,০০০ চীনা, নুং আৰু কাচিন শ্ৰমিকে এই পথছোৱাৰ কাম কৰিব৷ দ্বিতীয় খণ্ড মাকুম ৰেল ষ্টেচন আৰু মাৰ্ঘেৰিটাৰ দিহিং নদীৰ ওপৰত থকা ৰেল দলঙলৈকে৷ এই অংশটোৰ দায়িত্ব অসমৰ গড়কাপ্টানি বিভাগৰ৷ তৃতীয় খণ্ড মাৰ্ঘেৰিটাৰ ৰেল দলঙৰ পৰা লেখাপানী পৰ্যন্ত৷ চতুৰ্থ খণ্ড লেখাপানীৰ পৰা নামচিকলৈকে৷ পঞ্চম খণ্ড নামচিক নৈৰ পৰা নামগয়, মাচুম, পাংচু পাছ হৈ শ্বিংবুইয়্যাং৷ তৃতীয়, চতুৰ্থ, পঞ্চম খণ্ডৰ দায়িত্বত সেনা-শ্ৰমিক৷ জাপানীৰ সৈতে ছেগাচোৰোকাকৈ যুদ্ধ লাগি থকাৰ মাজে মাজে মাৰ্চত লিডুত বে'ছ ৰড সজাৰ কামত ধৰা হৈছিল৷ মাচুম আৰু শ্বিংবুইয়্যাঙত কাম চলিছিল এপ্ৰিলৰ পৰা৷

জেনেৰেল ষ্টীলৱেলে লিডু পথৰ চোৱা-চিতাৰ দায়িত্ব দিলে ইউ.এছ. আৰ্মীৰ অভিযন্তা মেজৰ জেনেৰেল ৰেমণ্ড এ. হুইলাৰক৷ কৰ্নেল জন এ. এৰ'স্মিথ আছিল কাৰ্যবাহী, বে'ছ কামাণ্ডাৰ৷ বতৰৰ বিধি-পথালিৰ বাবে ১৯৪৩ চনত ৰাস্তা ভঙাৰ কাম লেহেমীয়া হোৱাত ষ্টীলৱেল চিন্তিত হ'ল৷ এৰ'স্মিথৰ ঠাইত ইউ.এছ. আৰ্মীৰ পৰম কুশলী অভিযন্তা কৰ্নেল লুই এ. পিকলৈ তুৰন্তে দায়িত্ব হস্তান্তৰ কৰিলে৷ আমেৰিকা, ব্ৰিটেইন, চীন, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বছা বছা কৰ্মপটু সৈনিক, শ্ৰমিক-বনুৱাক লগত লৈ ভাৰত-ম্যানমাৰ সীমাৰ পাটকাই পৰ্বতমালাত কৰ্নেল পিক্‌ সোমাই পৰিল আৰু সকলো ধৰণৰ বাধা-বিঘিনি প্ৰতিহত কৰি নিৰ্মাণ কাৰ্য আগুৱাই নিব ধৰিলে৷

পাংচু পাছলৈকে কাম সমাধা কৰোটো সিমান কষ্টকৰ নাছিল৷ কিন্তু পাংচু পাছ পাৰ হোৱাৰ পাছৰে পৰা প্ৰাকৃতিক পৰিস্থিতি হৈ উঠিছিল অতিশয় দুৰ্বিষহ৷ সেইডোখৰৰ পৰাই আৰম্ভ হৈছিল গভীৰ গিৰিখাদ, সমতলভূমি, ওখ টিঙৰ পাহাৰ, ঘন জংঘল, জলাশয়, পাহাৰৰ থিয় গৰা ইত্যাদি ইত্যাদি৷ ঠাইতে ওখ ঠাইতে চাপৰ, লগতে চুটি চুটি কেঁকুৰি৷ বুলড'জাৰ, ক্ৰেন, পাৱাৰ শ্ব'ভেল, ষ্টীম ৰ'লাৰ চলোৱাত ভীষণ সমস্যা৷ নেৰানেপেৰা বৰষুণেও লগ নেৰিছিল৷ বেমাৰত আক্ৰান্ত হৈ বহুজন মৃত্যুমুখত পৰিছিল৷ পাংচু গিৰিপথৰ পৰাই যেন আৰম্ভ হ'ল নৰক যাত্ৰা! সেয়ে নাম দিয়া হৈছিল 'হেল পাছ'৷ আমি অলপ পাছতে 'হে'ল পাছ' পাম৷ নিৰ্জন অঞ্চলটোত এতিয়া দল বান্ধি অগ্ৰসৰ হোৱা অনুসন্ধিৎসু পৰ্যটকমখাৰ মুখনিসৃত শব্দ-বাক্য কিছুমানৰ বাদে অন্য কোলাহল নাই৷ মাজে-মধ্যে বনৰীয়া চৰাইৰ দুই-এটা কাকলি৷ ঢুকি নাপাওঁ বুলি জানিও কল্পনা কৰিছোঁ, কেনে পৰিস্থিতি আছিল এইফালে, সেইবোৰ দিনত৷

খৰতকীয়াভাৱে কাম চলিছিল৷ পাংচু পাছ অতিক্ৰমি নিৰ্ধাৰিত সময়তকৈ তিনি দিনৰ পূৰ্বেই ১৯৪৩ৰ ২৭ ডিচেম্বৰত প্ৰথম বুলড'জাৰখন বাৰ্মাৰ শ্বিংবুইয়্যাং পালেগৈ৷ পৰৱৰ্তী বছৰৰ ১ জানুৱাৰীত লিডুৰ পৰা শ্বিংবুইয়্যাং পৰ্যন্ত ১৬৫ কিল'মিটাৰ পথ গাড়ী অহা-যোৱা কৰিব পৰা হৈ গ'ল৷ এই লৈ আনন্দোৎসৱো কৰা হ'ল৷ আগলৈ জাম্বোবাম, ৱাৰাজুপ৷ সেয়া পাৰ হৈ পাবলগীয়া মিচ্ছিনা আছিল ষ্টীলৱেলৰ একান্ত লক্ষ্য৷ মিচ্ছিনা এয়াৰ ষ্ট্ৰীপ যেনে-তেনে অধিকাৰ কৰিবই লাগে৷

সিফালে লেফটেনেণ্ট কৰ্নেল ফ্ৰেংক মেৰিলীৰ Merrill's Maraudersএ অসমৰ মাৰ্ঘেৰিটাৰ পৰা পদযাত্ৰা আৰম্ভ কৰি দিছে৷ ৭ ফেব্ৰুৱাৰীত পাংচু পাছ পাৰ হ'ল৷ জাপানী পক্ষৰ প্ৰবল প্ৰত্যাহ্বান ওফৰাই ১৭ মে'ত মিচ্ছিনা এয়াৰ ষ্ট্ৰীপ হস্তগত কৰিলেগৈ৷ সন্মিলিত বাহিনীয়ে তাৰ কেইদিনমানৰ পাছতে অৱৰোধ কৰে মিচ্ছিনা টাউন৷ উত্তৰ বাৰ্মাত শক্তিশালী ঘাটি পাতি লোৱা জাপানীক ৩ আগষ্টৰ ভিতৰত উৎখাত কৰিবলৈ সক্ষম হ'ল৷

অৰ্ধনিৰ্মিত পথেৰেই মাৰ্কিন-ইণ্ডো-ব্ৰিটিছ সেনাই যুটীয়া উদ্যোগমৰ্মে পাটকাই পাৰ হৈ ব্ৰহ্মদেশৰ মিচ্ছিনা, ভামু ইত্যাদিত এয়াৰক্ৰেফ্ট বেছ পাতি লৈছিল৷ পৰ্বতমালাৰ ওপৰেৰেও, যাক 'হাম্প' বোলা হৈছিল, ভাৰতৰ পৰা যুদ্ধ বিমান উৰিছিল ব্ৰহ্মদেশৰ ঘাটিলৈ৷ ৰুছভেল্ট চৰকাৰৰ ফালৰ পৰা চীনলৈ সামৰিক যোগানৰ সমস্ত দায়িত্ব দি থোৱা হৈছিল উপ-সৰ্বাধিনায়ক জেনেৰেল ষ্টীলৱেলক৷ দুৰ্দান্ত সাহস আৰু কৰ্মতৎপৰতাৰে তেওঁ লাগি গৈছিল নিজ লক্ষ্য ভেদ কৰাত৷ তেওঁ জানিছিল যে প্ৰথমে ৰাস্তাটো লাগিব, তাৰ পাছত জাপানীৰ হাতোৰাৰ পৰা নিশ্চিত মুক্তি৷ কাৰ্যতঃ ষ্টীলৱেলে ভবাৰ ধৰণেই হৈছিল৷


No comments:

Post a Comment