Monday, 12 February 2018

তৃতীয় দিন, অংশ-

আজি দেওবাৰ৷ মৰ্নিং চাৰ্ভিচ আছে৷ শুৱনিকৈ পৰিধান কৰা জনজাতীয় সাজেৰে নাজং গীৰ্জালৈ বুলি ওলাইছে৷ ৰাজু গগৈ আৰু পংকজ দাসে গা-পা ধুই টপতৈয়াৰ হয় মানে সঞ্জু আৰু ময়ো তাইৰ সৈতে ওলালোঁ৷ নাজং আমাৰ আগে আগে, গাইডৰ ৰূপত৷ ৱমেন ফেলশ্বিপৰ ছেক্ৰেটাৰী তাই৷


গীর্জাটো ওচৰতে৷ আমি থকাৰ পৰা অকণমান তলত৷ নতুনকৈ সাজি থকা পকী গীৰ্জাটো আছে অৰুণদাহঁত থকাৰ ফাললৈ৷ পুৱা ৮.৪৫ বাজিছে৷ এঢলীয়াৰে নামি গীৰ্জাৰ গে'টৰ মুখ পালোঁহি৷ আঁতৰৰ পৰাই দেখি আছিলোঁ, ওপৰত ফলক এখন লগোৱা আছে৷ এতিয়া স্পষ্ট হ'ল৷ নীলা ফলকখনত বগা আখৰেৰে ইংৰাজীত নামটো লিখা আছে, Nongki Baptist Church৷ সোঁমাজতে ক্ৰুছ এডালো অঁকা আছে৷ দুচলীয়া ঘৰটোৰ ওপৰতো আছে বৃহদাকাৰ ক্ৰুছ এডাল৷ এনে গঢ়ত সজা কাঠত ওলমাই প্ৰভু যিশুক বধ কৰা হৈছিল৷

অচিনাকি যদিও হাতত কেমেৰা দেখি এপালমান শিশু আমাৰ ওচৰ চাপি আহিল৷ চকুলৈ চায়ে বুজিলোঁ কিমান ভয়-সংকোচহীন ইহঁতবোৰ! হিচাপ কৰিলোঁ, ১১টা৷ গীৰ্জাৰ আগত আটাইকেইটাকে সজাই লৈ কেইবাটাও স্নেপ ললোঁ৷ মনিটৰত আপোন মুখ চাবলৈ সিহঁতমখাৰ মাজত হেতা-ওপৰা লাগিল৷ অন্য এফালে আন কেইটামান শিশু৷ পেন্দুকণা দুটামানো আহিছে৷ কোনোটোৰ শুদা ভৰি৷ দুটা লৰাৰ হাতে হাতে দুটাকৈ কৰ্দৈ৷ শিশুবোৰৰ মাজৰে ৰঙা চোলা পৰিহিত ল'ৰা এটা মোৰ টাৰ্গেট হৈ পৰিল৷ নাকেৰে শেঙুন বৈ আহি মুখত সোমোৱাৰ উপক্ৰম হৈছে, অথচ খবৰেই নাই তাৰ! কেমেৰাৰ পাল্লাত পৰি উজাই টান এটা মাৰিবলৈও পাহৰিলে! তাক তেনেকৈয়ে ৰবলৈ ক'লোঁ৷ সিও চিধা হৈ থাকিল৷ সুযোগ বুজি স্নেপ এটা লৈ পেলালোঁ৷ এল.চি.ডি. ডিচপ্লেত এইবাৰ নিজে চালোঁ, কেনেনো হৈছে শ্বটটো৷ আঃ মজ্জা৷ বগা, ডাঠ শেঙুনৰ ধাৰটো নাকৰ সোঁফালৰ ফুটা আৰু ওপৰ ওঁঠৰ মাজত জিলিকি উঠিছে৷ মুখত এই সোমাওঁ, এই সোমাওঁ৷ ইফালে ক্লিক্‌ কৰাৰ পাছ মুহূৰ্ততে অভ্যাসৰ বশৱৰ্তী হৈ চিপ টানি দিলে ল'ৰাটোৱে৷ শেঙুনৰ সোঁতটো উজাই গৈ নাকৰ বিন্ধাত লুকাই পৰিল৷ তালৈ এবাৰ, ফটোখনলৈ এবাৰ চাই আত্মসন্তুষ্টিৰ হাঁহি এটা আপোনা-আপুনি মোৰ মুখৰ পৰা ওলাই আহিল৷ শিশুকালত এইবোৰ ঘটেই৷ আমাৰো ঘটিছিল৷

বাঁহৰ তোৰণ আৰু নঙলা লগোৱা, জেওৰাৰে ঘেৰা, ওপৰত টিনপাত দিয়া হাফৱালৰ ঘৰটো৷ মজিয়াখন কেঁচা৷ দৰজা-খিৰিকীবোৰ কাঠৰ৷ প্ৰৱেশ-দ্বাৰৰ সোঁহাতে বাৰাণ্ডাৰ দেৱালত নেট লগোৱা ন'টিচ-বৰ্ড এখন আছে৷ বাঁওহাতে মস্ত কাঠৰ বাকচ এটা৷ ভিতৰত কি আছে নাজানো৷ বাঁওহাতে চোতালত সৰু টিনৰ চালি এখনৰ তলত I-Sectionৰ টুকুৰা এটা ওলমি আছে৷ সেইটো গীৰ্জাৰ ঘণ্টা৷

শিশুবোৰে আপোনমনে ঘাঁহনিত দৌৰিছে, ৰদত ওমলিছে৷ কৰ্দৈ খোৱাই কৰ্দৈত কামোৰ বহুৱাইছে৷ কণমানি দুটিয়ে আকৌ মাটিত কিবা আঁকিছেও অকণি অকণি আঙুলিৰে৷ সকলোটি ব্যস্ত আৰু আনন্দিত৷ আপোন ভাবত বিভোৰ৷ বৰ সুখৰ সময় এইবোৰ৷ নিজৰো ঘূৰাই পোৱাৰ ইচ্ছা জাগে৷ অথচ নাপাওঁ বুলি জানোও৷ সি যি কি নহওক, শিশুহঁতৰ সংশ্ৰৱত পুৱাবেলাৰ মুহূৰ্তকেইটা সুন্দৰ আৰু অতিমাত্ৰাই উপভোগ্য হৈ উঠিল৷ ভগা ভগা অসমীয়াত কিবাকিবি কথাও পাতিলোঁ সিহঁতৰ লগত৷ মজা লাগিল মুঠতে৷

সিফালে 
সাংবাদিকৰ স্বভাৱসুলভ বুদ্ধিমত্তাৰে সঞ্জুৱে কেইবাজনকো কিবাকিবি প্ৰশ্ন সুধিব ধৰিছে৷ উত্তৰত তেওঁলোকে কৈছে যে আগতে ইয়াৰ মানুহবোৰে নিচাযুক্ত বস্তু খাই য'তে-ত'তে মাতলামি কৰিছিল৷ ঘৰতো অন্তহীন কাজিয়া-পেছাল৷ বহুত অশান্তি আছিল৷ এতিয়া তেনেকুৱা কাণ্ড-কাৰখানাবিলাক গুচিছে৷ সামাজিক শান্তি প্ৰতিষ্ঠা হৈছে৷ প্ৰতি ৰবিবাৰে চাৰ্চত মণ্ডলীৰ মাজত ঈশ্বৰৰ পাঠ আগ বঢ়োৱা হয়৷ মানুহবোৰ আগতকৈ শৃংখলাবদ্ধ হৈছে৷ তাৰ মাজতো অৱশ্যে তেওঁলোকে এই উপলব্ধি আৰু অভিমত মুকলিমনে ব্যক্ত নকৰাকৈ নাথাকিল যে পৰম্পৰাগত কাৰ্যকলাপবোৰ ক্ৰমাৎ নাইকিয়া হৈ অহাৰ ফলত বৃহৎ জনগোষ্ঠীটোৰ স্বকীয় যি লোক-সংস্কৃতি আছিল সিবোৰ বিলুপ্ত হ'বলৈ গৈ আছে৷ তেনে হোৱাটো তেওঁলোকে সমূলি নিবিচাৰে৷ পাটকাইৰ দুৰ্গম তথা বিস্তীৰ্ণ অঞ্চলত থাকিও নিজৰ চিনাকি দি ভাল পোৱা, নিজৰ সাজপাৰ, খাদ্যাভ্যাস আদিক লৈ গৌৰৱ কৰা, নিজৰ ৰীতি-নীতি, পৰম্পৰা আদিক সন্মান কৰা টাংচাসকলে নৃগোষ্ঠীয় স্বকীয়তা হেৰুৱাব নোখোজে৷ পাংচু পাছ উৎসৱৰ গুৰুত্ব আৰু প্ৰাসংগিকতাও সেইখিনিতে৷ সেয়েহে শীতকালীন এই উৎসৱটো আহিলে মানুহখিনিয়ে উঠি-পৰি লাগি যায়, আত্মপৰিচয় আৰু শক্তিশালী ঐতিহ্য জীয়াই ৰখাৰ সংকল্পেৰে৷ এতিয়াও গীৰ্জাৰ পৰা পোনে পোনে ফেষ্টিভেল গ্ৰাউণ্ড পাবগৈ আটাইবোৰ মানুহ৷

নাজং অথনিয়ে গীৰ্জাঘৰৰ অন্তঃপুৰত সোমাল৷ সঞ্জু আৰু মই এইমাত্ৰ বহিলোঁ৷ নাজঙে আমি ক'ৰ মানুহ, কি সকামতনো ইয়ালৈ আহিছোঁ সেয়া কৌতূহলী দুই-একক জনাই থকা লক্ষ্য কৰিছোঁ৷ অচিনাকি যদিও চকুৱে চকুৱে পৰাসকলে সম্ভাষণ জনাইছে আমাক৷ কিছুমানে হাত মিলাইছে৷ দুই-এটা কথা সুধিছে৷ শান্ত পৰিৱেশটো দেখি আৰু উপস্থিত হৈ আমাৰো ভাল লাগিছে৷

টাংচাসকলৰ মচাং, ৰংৰাং, মৰাং, য়ুগলি, চাংকে, লংফি, হাইচা, খিমচিং উপ-শাখাৰ লোকসকল খ্ৰীষ্টানধৰ্মী৷ পাষ্টৰ এগৰাকীয়ে সমজুৱাক উদ্দেশ্য কৰি কথা কৈ আছে৷ টাংচাৰ লিখিত ভাষা নাই৷ তেওঁ ভগা ভগা অসমীয়াতে কৈছে৷ 
নাগামিজ বুলি ক'ব পাৰি যদিও এইফালে সুৰটো অকণমান কোমল৷ জাংখংহঁতৰ ঘৰতো টাংচা আৰু এনে সুৰৰ অপভ্ৰংশ অসমীয়া চলে৷ হিন্দী নচলে৷ অৰুণাচলৰ অন্যান্য ঠাইবোৰৰ দৰে হাট-বজাৰত হিন্দী চলে অৱশ্যে৷ মানুহবোৰে শৃংখলাবদ্ধভাৱে বেঞ্চত বহি একান্তমনে শুনি গৈছে৷ আলোচ্য বিষয় হ'ল আত্মা-পৰমাত্মা, পাপ-পুণ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা৷ পাষ্টৰৰ মুখনিসৃত ঈশ্বৰৰ বাক্যই এই ক্ষুদ্ৰ জনসমষ্টিক পৰিশীলিত জীৱন-চৰ্যাৰ প্ৰতি মনোযোগী কৰিব পাৰিছে বুলি মোৰ ধাৰণা হৈছে৷

টাংচাসকলৰ মাজত পূৰ্বতে মুণ্ড চিকাৰ কৰা প্ৰথা আছিল৷ যুদ্ধৰ আগতে কুকুৰা, গাহৰি কাটি মঙল চাই ভোজ-ভাত খোৱাৰ পাছত শত্ৰুক আক্ৰমণ কৰি মূৰ আৰু হাত কাটি অানি সপ্তম দিনটোত উৎসৱ পালন কৰা হৈছিল৷ 'টাং' অৰ্থে কটা আৰু 'চা' অৰ্থে মানুহ৷ তাৰ পৰাই 'টাংচা' বুলি গৱেষকে কৈ গৈছে৷ টাংচাৰ মাজত এনেকুৱা বিশ্বাসো আছিল যে শত্ৰুৰ মূৰ কটা প্ৰথাই শস্যৰ শ্ৰীবৃদ্ধি সাধন কৰে৷ এতিয়া সেইবোৰ বিলুপ্ত হৈছে৷ জীৱন-যাত্ৰা সলনি হৈছে৷ কানীয়া বুলি আগতে যি বদনাম আছিল সেইটোও আঁতৰিছে৷ ইয়ালৈ আহি আমি কানি খোৱা মানুহ এতিয়ালৈ দেখা পোৱা নাই৷ বিপৰীতে, এনেহেন ভিতৰুৱা স্থান এডোখৰত শুনিবলৈ পোৱা সাৰুৱা উদ্ধৃতি আৰু উপস্থাপনশৈলীটো ভাল লাগিছে৷ আমাৰ ঘৰৰ সমীপৰ ৱে'ষ্ট ডিফু টাউন বেপ্টিষ্ট চাৰ্চৰ সৰৱৰহী তথা প্ৰীতিভাজন পাষ্টৰ ফিলিপ কুমাৰ নন্দলৈ চাঁতকৈ মনত পৰি গ'ল৷

শাস্ত্ৰৰ বাক্য একান্তমনে শুনি আছোঁ৷ পকেট নোটবুকত ভাল কথাবোৰ টুকি লৈছোঁ৷ 
ঘড়ীলৈও খেয়াল ৰাখিছোঁ৷ এইবাৰ আহিল কেক্‌ কটা আৰু খোৱাৰ পাল৷ মস্ত থাল এখনত কে'ক্‌ এটা উলিওৱা হৈছে৷ পাষ্টৰে কৈছে, 'অন্য ধৰ্মৰ লোক আৰু পাপী লোকে কেক নাখাব৷ তাৰ বাদে বাকীসকলে খাব পাৰে৷' তাকে শুনি সঞ্জু আৰু মই পৰস্পৰে পৰস্পৰৰ চকুলৈ চালোঁ৷ ৰসিকতা নে সঁচাসঁচি? নুবুজিলোঁ৷ সঞ্জুৱে মোৰ কাণৰ কাষত ফুচফুচালে, 'আমি বাহিৰলৈ যোৱাই ভাল হ'ব৷' কালক্ষয় নকৰি দুয়ো গীৰ্জাৰ পৰা ওলাই আহিলোঁ৷ পাপী আৰু বিধৰ্মী মানুহ! সুনীল আকাশৰ তলত সেউজ ঘাঁহনিৰ ভৰি দিয়েই সঞ্জুক ক'লোঁ, 'মোৰ খাদ্যাভ্যাস নিৰামিষ বুইছে৷ নহ'লে প্ৰথমেই আগ বাঢ়ি গৈ ডাঙৰ চাই টুকুৰা এটা মুখত ভৰালোঁহেঁতেন৷ কিনো হয় চালোঁহেঁতেন!' পৰীক্ষাটো কৰা নহ'ল৷ সঞ্জুৱে হাঁহিলে আৰু হয়ভৰ দিলে, 'এই মুহূৰ্তত হাতত সময় কম৷ পৰৱৰ্তী কাৰ্যসূচী চূড়ান্ত হৈ আছে৷ নহ'লে...'

কথাটো সিমানতে পাতলাই দুয়ো খোজ ল'লোঁ, ওপৰলৈ অৱস্থিত আমাৰ হ'মষ্টে'লৈ৷ (আগলৈ)



No comments:

Post a Comment