তৃতীয় দিন (২০.০১.২০১৩), অংশ-১
আজি দেওবাৰ৷ পুৱা ৫ বজাৰ অলপ পাছতেই আমি গোটেইকেইটা
উঠিলোঁ৷ সূৰুযে প্ৰথমে কিৰণ বিলোৱা অৰুণাচলৰ একোণত আছোঁ আমি৷ বাহিৰখন চকাছন্দা৷
শীতলতাই ছানি ধৰিছে৷ ঠাণ্ডাৰ মাজতে ওলাই আহি নামপঙৰ ফালে দৃষ্টিপাত কৰিলোঁ৷ কুঁৱলীৰ
মাজত পোহৰৰ কুণ্ড এটা উজলি থকা যেন লাগিছে৷ সেয়া ফেষ্টিভেল গ্ৰাউণ্ডৰ আলোকসম্পাত৷ একদম নিশ্চিত৷
প্ৰাতঃকৰ্ম সম্পাদনৰ পাছতে
ভালকৈ কাপোৰ-কানি পিন্ধি, কাণ দুখন ভালদৰে মেৰিয়াই ওলাই গ’লোঁ৷ পকেটত কেমেৰা৷ ইয়ে বৰ্তমানত সাক্ষীগোপাল আৰু ৰোমন্থনৰ
বিশ্বস্ত সহযোগী, ভৱিষ্যৎ কালত৷ ছাঁ-পোহৰৰ মাজতে হিচাপ কৰি পালোঁ, চোতালখনত মুঠতে
৫খন গাড়ীয়ে অৱস্থান কৰি আছে৷ ক’ৰ ক’ৰ পৰা মানুহ আহিছে, আছে, নাজানো৷ আমাৰ মহিন্দ্ৰ বলেৰ’খনৰ বাদেও এখন স্কৰপিঅ’, তিনিখন
এল্ট’ শাৰী পাতি ৰৈ আছে৷ কালিৰে পৰাই এইটো মন কৰিছোঁ যে এইফালে
মাৰুতি এল্ট’ৰ পয়োভৰ বেছি৷ পাহাৰৰ ওপৰলৈকে অনায়াসে বগায়৷
বাঁওহাতে উঠি যোৱা লিক্
এটাৰে আমি আগ বাঢ়িলোঁ৷ আমি মানে ৰাজু গগৈ, পংকজ দাস, সঞ্জু বৰা আৰু মই৷ লগত স্থানীয়
কাকো লোৱা হোৱা নাই৷ অঞ্চলটোৰ আও-ভাও কালিয়ে পাই থৈছোঁ৷ চিন্তা কৰিবলগীয়া একো
নাই বুলি কৈছিল জাংখং-নাজংহঁতে৷ আমাৰো মনবোৰত সেই বিশ্বজনীন ভাব... 'আপোন ভালেই জগত
ভাল'৷
নঙলা আঁতৰাই সোমাই গৈ যিটো
চাংঘৰ পালোঁ, আমাক দেখি আগৰে পৰাই ৰৈ থকা মানুহ এজন আগুৱাই আহিল৷ চেহেৰাত থলুৱা গঠন-শৈলী
অনুপস্থিত৷ কথা পাতি গম পালোঁ, তেৱেঁই দেৱেন গগৈ৷ টাংচা গাভৰু বিয়া পাতি ইয়াতে নিগাজি হৈ
পৰিল৷ খেতি-বাতি কৰি সাধাৰণভাৱেই জীৱন কটাই আছে৷ গাহৰি, কুকুৰা পোহে৷ আকালো নাই,
ভঁৰালো নাই৷
চাংঘৰটোৰ মূধচেৰে ঘন ঘনকৈ
ধোঁৱা ওলাইছে৷ শুকান বাঁহ এডাল লৈ জনজাতীয় মহিলা এগৰাকী অন্য এফালৰ পৰা আহি চাঙৰ পাছফালে
অদৃশ্য হ’ল৷ সেয়া গগৈৰ পৰিবাৰ৷ একে গগৈ-গগৈ ওলাই পৰাত আমাৰ ৰাজু গগৈ বোলাজন
আগে-ভাগে জখলাৰ ওচৰ পালোঁগৈ৷ সিজন গগৈয়ে আমাক ওপৰলৈ মাতিলে যদিও আগলৈ যোৱাৰ, আৰু
আশ-পাশ চোৱাৰ তাড়নাত তেওঁৰ আহ্বান সসন্মানে প্ৰত্যাখ্যান কৰা হ’ল৷ চিনা-পৰিচয় আৰু উদ্দেশ্য বেকত কৰাৰ পাছত তেওঁকহে আমাৰ লগত
ওলাবলৈ অনুৰোধ জনালোঁ৷ একে আষাৰতে সৈমান হ’ল মানুহজন৷
পাহাৰৰ বক্ষত অ’ত এটা ত’ত এটা ঘৰ৷ প্ৰতিটোৱে চাংঘৰ৷
বসতি সেৰেঙা৷ গাইডৰ ভূমিকাৰে দেৱেন গগৈ আগে আগে৷ শাৰী পাতি আমিকেইটাই তেওঁৰ পদাংক অনুসৰণ
কৰিছোঁ৷ কথাও পাতি গৈছোঁ৷ ৰাজ্যৰ ৰাজধানী ইয়াৰ পৰা বহুত দূৰৈত৷ নামপঙেই নহয়, চাংলাং,
টিৰাপৰ সৰহসংখ্যক আবাসীয়েই আজিও দেখাগৈ নাই কেপিটেল টাউন ইটানগৰ৷ বৰ বেছি ১১২ কিল’মিটাৰ আঁতৰৰ তিনিচুকীয়া চহৰ দেখিছে৷ চিকিৎসাজনিত কাৰণত কিছুমানে
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় দেখিছে৷ বেছিভাগৰে পৰিক্ৰমা ২০-২৫ কিল’মিটাৰৰ৷ তাতোকৈ বেছি নহয়৷ অৰ্থাৎ আন্তঃৰাজ্যিক সীমান্তৰ জয়ৰামপুৰ
বা অসমৰ জাগুনেই সীমাৰেখা৷ ৰে’লৱে’ৰ ভাষাত ‘লাষ্ট ফ্ৰণ্টিয়াৰ’৷
পাহাৰীয়া জুৰি এটা পালোঁ৷
য’তেই নাথাকক কিয়, এই জান-জুৰিবোৰ সদায়ে গতিশীলতাৰ প্ৰতীক৷ ইয়াতো
বনাঞ্চলক প্ৰাণৱন্ত কৰি খলখলাই আছে৷ শব্দটোৱে নিৰ্জনতা ভংগ কৰিছে৷ তাৰ বাদে অান শব্দ
নাই৷ নৈৰ বুকুৰ ৰঙচুৱা সৰু-বৰ পাথৰবোৰৰ সহায়ত হেলাৰঙে জলস্ৰোতটো পাৰ হ’ব পাৰিলোঁ যেনিবা৷ পৰ্বতৰ মাজত সমতল কিছুমানো আছে৷ এনে অংশত
ধান খেতি কৰা হয়৷ এঠাইত এগালমান বিলাহী দেখা পালোঁ৷ তাৰ পাছতে অদূৰত চাংঘৰ এটা ওলাল৷
গগৈয়ে সেইটো ভঁৰাল বুলি ক’লে৷ চাঙৰ তলত খৰি এদ’মমান গোটাই
থৈছে৷ অন্য এটা চাংঘৰৰ সন্মুখত আকৌ আহল-বহল চোতাল এখন৷ ইয়াত মৰণা মৰা হয়৷ গুটি ধান
ভঁৰালত থয়৷ প্ৰকাণ্ড চোতালখনত ঘাঁহ-বন এডালৰো অস্তিত্ব নাই৷ নৰা কিছুমান সিঁচৰতি
হৈ আছে৷ নিজান আৰু সেউজ প্ৰাকৃতিক পৰিৱেশ৷
গগৈ ৰৈ গ’ল৷ আমিও ৰ’লোঁ কিছু সময়৷ অনেক কথা
ওলাইছে৷ ইফালে সিফালে আঙুলিয়াই দেখুৱাইছে আৰু বুজাইছে৷ কেনেকৈ তেওঁ এই ঘোঁকটত সোমালহি,
তাকে কেন্দ্ৰ কৰি ৰাজু গগৈৰ পৰা এইবাৰ জাউৰিয়ে জাউৰিয়ে প্ৰশ্নৰ সন্মুখীন হ’ল দেৱেন গগৈ৷ খোৱাঙৰ খৰ্গেশ্বৰ সোণোৱালো একে পথৰে পথিক৷
ক’ৰ পৰা আহিযে এই মানুহ দুটাই ক’ত কেনেকৈ
জীৱন প্ৰৱৰ্তাই আছে, দেখি আচৰিত হ’লোঁ৷ ধৰ্মান্তৰিতও
হৈছে দুয়ো৷ নাম সলনি কৰি টাংচা নাম লৈছে যদিও নাজানিলোঁ অৱশ্যে৷ সন্তানে টাংচা উপাধি
লিখে বুলি ক’লে৷ মানে জাতে-পাতে তেওঁলোক এতিয়া টাংচা৷ মা-মাটি-মানুহৰ এয়াই
বৈচিত্ৰ্য উত্তৰ-পূৰ্বাঞ্চলৰ৷ আমাৰ ওচৰতে বসতি কৰা, কাৰবিলৈ সলনি হোৱা জনৈক দাস (এতিয়া
হাঞ্চে)ৰ মুখখনলৈ মোৰ মনত পৰিল৷ হেনজানি এইবোৰ একো অসম্ভৱ কথা নহয়৷ শস্যশ্যামলা উৰ্বৰা
ক্ষেত্ৰ, ভাত-কাপোৰ-বাসস্থানৰ সন্ধানত অতীজৰে পৰাই মানুহৰ নানান ধৰণৰ ইফাল-সিফাল, নাম-ঠিকনা সাল-সলনি কাৰ্যতঃ
হৈ আহিছে৷
No comments:
Post a Comment