Wednesday, 21 February 2018

তৃতীয় দিন, অংশ-১১

পি.পি.ডব্লিউ.এফ.ৰ মজিয়াত সোঁশৰীৰে উপস্থিত থাকি, নিজ চকুৰে চাই থকা, জনগোষ্ঠীয় সুবাসেৰে মন-প্ৰাণ আপ্লুত হোৱা দৰ্শকসকলৰো এটা কথাত আউল নিশ্চয় নলগাকৈ নাই৷ মঞ্চৰ ফালে লক্ষ্য ৰাখিয়ে বহু সময়ত প্ৰশ্নৰ অৱতাৰণা হব যে প্ৰদৰ্শনৰত এইটো দল কোন জনগোষ্ঠীৰ? কোন জনজাতিৰ কোনটো শাখা-প্ৰশাখা? শিল্পীসকলে কৰি থকা নৃত্যবিধৰ নাম কি? তেওঁলোক অৰুণাচলৰ কোনটো প্ৰান্তৰ পৰা আহিছে? ঘোষিকাই এই বিষয়ে বহলকৈ একো কোৱা নাই৷ কেৱল দলৰ নামটোহে এবাৰ উল্লেখ কৰি গৈছে৷ সংস্কৃতিপ্ৰেমীৰ ভুনভুননি, যন্ত্ৰপাতিৰ গুমগুমনিত ভালকৈ কাণ নাপাতিলে ধৰাই মস্কিল৷ তেওঁ কোৱাৰ লগে লগে মই নোটবুকত টুকি গৈছোঁ৷ কেতিয়াবা আকৌ পৰিৱেশৰ পাল্লাত পৰি লিখিবলৈ পাহৰিও গৈছোঁ৷

পৰিসংখ্যাই ঢুকি নোপোৱা ভাষা-গোষ্ঠীৰে মেটমৰা আধুনিক অৰুণাচল প্ৰদেশখন জনগোষ্ঠীগত বিবিধতা আৰু দোৱানৰ বিভিন্নতাৰ ফালৰ পৰা এছিয়াৰ ভিতৰতে চহকী বুলি ধৰা হয়৷ এটা হিচাপ অনুসৰি এই ভূখণ্ডত আছে ২৬টা মূল গোষ্ঠী, ১০০টা স্বীকৃতিপ্ৰাপ্ত শাখা-প্ৰশাখা, ৯০টাকৈ দোৱান৷ এতেকে সাংস্কৃতিক দিশত কিমান শক্তিশালী হব সেয়া সহজে অনুমেয়৷ ইয়াত অসংখ্য মানুহৰ মাজত থিয় দি আমিও তাৰে সাক্ষী হৈ আছোঁ৷ ঘড়ীত ১.৩০ বাজি গল ইতিমধ্যে৷ পেটৰ আহাৰ নাই৷ মনৰ আহাৰেৰেই শক্তিমন্ত হৈ ৰৈছোঁ৷

২০০১ চনৰ পিয়ল অনুসৰি নিছি ভাষা কোৱা লোকেই এই ৰাজ্যখনত সংখ্যাগুৰু৷ দ্বিতীয় স্থানত আছে আদি৷ তাৰ পাছত মনপা৷ ধৰ্মৰ ফালৰ পৰাও অৰুণাচলীসকল বহুধাবিভক্ত৷ নিছি, গাল, টাগিন, মিনয়ং, আদি, আপাটানিকে ধৰি ৩৭টা জনজাতিৰ অধিকসংখ্যক লোক দেওপূজক৷ অৰুণাচলৰ নিজা ধৰ্ম-দৰ্শন দঞি-পলত তেওঁলোকৰ আস্থা৷ ৱাঞ্চু, মচাং, বৰি, লিচু আদি কৰি ২৩টা জনজাতিৰ সৰহসংখ্যক মানুহ খ্ৰীষ্টান হৈছে৷ মিচিমি, হিল মিৰি, দেউৰী, লংচাং আদি ১৫টা জনজাতিৰ সৰহভাগে হিন্দু দৰ্শন মানি চলে৷ মনপা, খামতি, মেম্বা, চিংফৌ, শ্বেৰডুকপেন আদি ১৭টা জনজাতিৰ লোক আকৌ বুদ্ধ দৰ্শনৰ অনুগামী৷ নক্টে, তাংচা আদি ৮টা জনজাতিৰ মানুহ বিভিন্ন বিশ্বাসত বিশ্বাসী৷ প্ৰথম সূৰ্যোদয়ৰ দেশখনত মুঠতে যিফালেই চোৱা যায় সেইফালেই কেৱল বিবিধতা আৰু বিভিন্নতা৷

এই বিবিধতা-বিভিন্নতাক স্পৰ্শ কৰি থকা ম্যানমাৰৰ পৰা আমন্ত্ৰিত দল এটাক এইবাৰ মঞ্চলৈ আৱাহন জনোৱা হল৷ পুৰুষসকলে দহি বটা বগা জেকেট আৰু পথালিয়ে আঁচ থকা আন্ধাৰৰঙী লুঙী পিন্ধিছে৷ মূৰত ৰঙাত হালধীয়া আঁচ টনা কাপোৰৰ পাগ৷ মহিলাৰ কলা কুৰ্তা৷ মেখেলাকেইখন কঁকালৰ পৰা এহাতমান তললৈকে ফুলাম, বাকীখিনি পুৰুষৰ নিচিনা ডাঠ ৰঙৰ যদিও পথালি নহয়, দীঘলীয়াকৈ আঁচ টনা৷ মূৰত মাফলাৰৰ দৰে কাপোৰৰ বান্ধোন৷ এজন পুৰুষ, এগৰাকী মহিলা৷ এনেকুৱা এটা সাজোনত আটায়ে হাতত ধৰাধৰিকৈ নাচিছে৷ একোবাৰ আকৌ মহিলাকেইগৰাকী পৃথক হৈ মঞ্চটোৰ সোঁমাজলৈ গৈ থূপ খায়ো নাচিছে৷ ঘাঁহনিত মাইক্ৰফোনৰ আগত থিয় দি দলটোৰ এগৰাকী মহিলাই অনৰ্গল গীত জুৰিছে৷ দুজন পুৰুষৰ ভিতৰৰে এজনে গীটাৰ আৰু আনজনে অন্য এক থলুৱা যন্ত্ৰৰে গায়িকাক সংগত কৰিছে৷ ভাৰত আৰু ম্যানমাৰৰ মাজত সমন্বয় সাধনৰ সজ প্ৰচেষ্টা এয়া, সাংস্কৃতিক আদান-প্ৰদানৰ মাধ্যমেৰে৷

হাত-চাপৰিৰে বিদেশী দলটোক বিদায় দিয়াৰ পাছতে নামপঙৰ ফিউজন ডেন্স ট্ৰুপৰ যুৱতীহঁত পৰিৱেশনৰ বাবে সাজু হল৷ এওঁলোকে আধুনিক নৃত্য প্ৰদৰ্শন কৰিব৷ কেইবাটাও টাংচা গীতৰ সংযোজনেৰে নাচটোৰ নাম দিছে ফিউজন ডেন্স৷ গীত অনুসৰি ইটোৰ পাছত সিটোকৈ ৭টা দল পাল পাতি ওলাই আহিল৷ প্ৰথমে গোলাকাৰ মঞ্চত নাচিলে৷ তাৰ পাছত ঘাঁহনিলৈ নামিল৷ নাচনীৰে ভৰি পৰিল মঞ্চটোৰ কেউকাষ৷ আমাৰ হমষ্টেৰ নাজং-জাংখঙৰ একমাত্ৰ জীয়ৰী ৱাননেম, অথনি আমাৰ গাড়ীৰে উৎসৱথলীলৈ পঠিওৱা তাইৰ লগৰীকেইজনীৰো মঞ্চলৈ আগমন ঘটিল৷ দেখি আচৰিত নহৈ নোৱাৰিলোঁ৷ অথনি ঘৰৰ পৰা ওলাওঁতে কিন্তু এজনীয়েও ঘূণাক্ষৰেও কোৱা নাছিল যে সিহঁতেও এটা নাচ দেখুৱাব আজি৷ ভাল লাগিল সিহঁতৰ প্ৰচেষ্টা দেখি৷ সময় কিন্তু বহুত ললে৷ আধা ঘণ্টামানেই ললে ইহঁতে৷ নাচৰ অন্তিম পৰ্যায়ত ঘোষকে কলে, কেইবাদিনজোৰা নেৰানেপেৰা ৰিহাৰ্চেলৰ অন্তত থংমেন মচাং, জোনমণি মচাং আৰু চৌমিনৰ কৰিয়গ্ৰাফীৰ সহায়ত স্থানীয় শিল্পীসকলৰ দ্বাৰা এই প্ৰদৰ্শন সম্ভৱ হৈছে৷ দৰ্শকে বিপুল হাত-চাপৰি দিলে৷

দলটোৱে নৃত্য কৰা নাশ্বি তাশ্বেই শীৰ্ষক সমৱেত কণ্ঠৰ তাংচা গানটো মোৰ খুব ভাল লাগিল৷ ভাবি থলোঁ, চাঙলৈ গৈ পায়ে ৱাননেমক খুজিম এইটো৷ ইমান জাকৰ মাজত কেমেৰাৰে আমাৰ ছোৱালীকেইজনীক ধৰাৰ বিশেষ চেষ্টা চলাই গলোঁ যাতে চাঙলৈ উভতি গৈ মনিটৰত আটাইকে দেখুৱাব পাৰোঁ, চা তহঁতক ধৰি থৈছোঁ, তহঁতেহে কথাটো গোপনে ৰাখিছিলি বুলি৷ ইফালে ৱাননেমহঁতৰ নাচ তুংগত থাকোঁতেই দুৰ্ভাগ্যক্ৰমে অৰুণদাৰ পৰা ৰাতিপুৱা মোৰ হাতলৈ অহা কেমেৰাটোৰ বেটাৰীয়ে ৰঙা চকু দেখুৱাই দিলে! পকেটত থকা সৰু ডিজিটেল কেমেৰাটো লৰালৰিকৈ উলিয়াই ললোঁ৷ ইহঁতক মুঠতে এৰিব নোৱাৰি৷ ধৰি থ'লোঁ৷

ৱাননেমহঁত নামিল৷ শ্বেৰদুকপেন নৃত্যদল উঠিল৷ ৱেষ্ট কামেং জিলাৰ পৰা আহি অংশ গ্ৰহণ কৰা ১০জনীয়া দলটোৱে তিব্বতীয় নৃত্য প্ৰদৰ্শন কৰিছে৷ ঢোল, শিঙা আৰু বৰতালৰ আৱাজত নৰ্তকীৰ লাস্যময়ী সঞ্চালনা দেখি ভাল লাগিল৷ বৰ-অসমৰ ভৈয়াম অঞ্চল আৰু পাহাৰ অঞ্চলৰ মাজত যোগসূত্ৰ স্থাপনকাৰী হিচাপে এই জনগোষ্ঠীৰ লোকসকলে কাম কৰিছিল বুলি কিতাপত পঢ়িবলৈ পাইছিলোঁ৷ মনপাসকলৰ দৰে মুখা নৃত্য শ্বেৰদুকপেনসকলৰো আছে৷ নৃত্য-গীতৰ বিষয়ত তেওঁলোক পৰস্পৰ ওচৰ চপা৷ প্ৰচলিত এক প্ৰবাদ অনুসৰি লাছাৰ ৰজা বে স্ৰংটছেন গোম্পোৱে এগৰাকী আহোম কুঁৱৰী বিয়া কৰাইছিল৷ কুঁৱৰীৰ তৃতীয় পুত্ৰৰ পৰাই হৈছে শ্বেৰডুকপেনৰ ৰজাসকল৷

চাংলাং জিলাৰ মিয়াও ব্লকৰ নংথামৰ পৰা অহা গাভৰুৰ দল এটাৰ মঞ্চলৈ আগমন ঘটিল৷ ১২জনী গাভৰুৱে সুন্দৰ নৃত্য এটা উপহাৰ দিলে৷ দুই ধৰণৰ সাজ পৰিধান কৰি উৎফুল্লিত ভাব-ভংগীৰে নাচি প্ৰশংসা বুটলিলে নৃতাংগনাকেইজনীয়ে৷

এইবাৰৰ দলটো সুদূৰ ত্ৰিপুৰাৰ পৰা আহিছে৷ কঁকালত কলহ একোটা লৈ ৩গৰাকী নৃত্যপটীয়সী মঞ্চলৈ আগ বাঢ়িল৷ ৫জন বাদ্যযন্ত্ৰী তলত আছে৷ বাঁহী, ঢোল, তাল আদি বজাইছে৷ এজনে গাইছে৷ ৰঙা ব্লাউজৰ ওপৰত বুকুত মেঠনি মাৰিছে নাচনীসকলে৷ কঁকালত পিন্ধিছে আঁচ টনা মেখেলা৷ কমৰত হাঁচতি একোখনো গুজি লৈছে৷ মুদ্ৰাৰ মালাৰ সৈতে ডিঙি আৰু বাউসিত কেইবাবিধো অলংকাৰেৰে মেটমৰা৷ কলহ থৈ উভতি গল৷ দুহাতত একোখনকৈ ষ্টিলৰ কাঁহী লৈ ঘূৰি আহিল৷ কেৱল সেয়াই নহয়, মূৰতো একোটাকৈ প্লাষ্টিকৰ বটল তুলি আনিছে৷ তাৰ ওপৰত একোগছিকৈ চাকি৷ বাঁহীৰ সুৰত, গীতৰ তালে তালে প্ৰদৰ্শন কৰি গল৷ কাঁহী নচুৱাই কলহৰ ওপৰত থিয় দিলে৷ দৰ্শকৰ হাত-তালি৷ ইয়াৰ পাছত এখ্ন কাঁহীৰ লগতে আনখন হাতত ডলা একোখন আনিলে৷ বাঁওহাতৰ তৰ্জনী আঙুলিৰ মূৰত ডলা ঘূৰাই ঘূৰাই সফলতাৰে নৃত্যকলা প্ৰদৰ্শন কৰিলে৷ চাকি, বটল, ডলা, কাঁহী একোৱে এবাৰো নপৰিল৷ নৃত্যমোদী দৰ্শকৰ চকু থৰ লাগি ৰ'ল৷ এই নৃত্যটোৰ নাম হজাগিৰি৷ নাচৰ অন্তত ৰাইজে হাত-চাপৰিৰে ৰজনজনাই তুলিলে নামপঙৰ ফেষ্টিভেল গ্ৰাউণ্ড৷

সৰ্বশেষত মুক্তাংগনত প্ৰৱেশ ঘটিল আছাম ৰাইফলছৰ বেণ্ডপাৰ্টীৰ৷ ধূলি উৰুৱাই তেওঁলোকে মাৰ্চ কৰাৰ সমানে বাদ্য-কুশলতা প্ৰদৰ্শন কৰি গল৷ তাৰ মাজতে ঘোষিকাই অনুষ্ঠান সমাপ্ত হোৱা বুলি ঘোষণা কৰিলে আৰু সমৱেত সকলোলৈকে ধন্যবাদ জনালে৷


No comments:

Post a Comment