তৃতীয় দিন, অংশ-৮
একোটা নৃত্য সম্পূৰ্ণকৈ প্ৰদৰ্শন কৰিবলৈ যথেষ্ট সময়ৰ
দৰকাৰ হৈছে৷ ‘সময়ৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে আপোনালোকৰ প্ৰদৰ্শন আংশিক ৰূপত ৰাখে যেন৷’ ঘোষিকাই সাংস্কৃতিক দলসমূহলৈ এইদৰে নিৱেদন কৰিলে৷ তেওঁ
লিচু দলটোক আমন্ত্ৰণ জনালে৷ সাংস্কৃতিকভাৱে অতি চহকী লিচুসকল অৰুণাচল প্ৰদেশৰ চাংলাং
জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ বিজয়নগৰ চাৰ্কোলৰ গান্ধীগ্ৰাম অঞ্চলত বাস কৰে য’লৈ অহা-যোৱাৰ বাবে আজিও ভাল ৰাস্তা হৈ উঠা নাই৷ তিব্বত-বৰ্মী নৃগোষ্ঠীয়
লিচুসকলৰ ৫৮টাতকৈও অধিক শাখা আছে৷ ভাৰতত থকাসকলক য়ুবিন বুলি জনা যায়৷ লিচুসকলৰ কিছুমান
গীত এনেকুৱা দীঘল যে শেষ কৰিবলৈ ওৰে ৰাতিটো লাগি যায়৷ দলটোত থকা দুজন পুৰুষে কাঠৰ
বাদ্য দুটা আনিছে যদিও নেপথ্যত বাজি ৰোৱা বাঁহীৰ শব্দৰ তালে তালেহে দেহ সঞ্চালনা কৰি সদস্য-সদস্যাসকলে
সংস্কৃতি প্ৰদৰ্শন কৰি গ’ল৷
নৃতত্ত্ববিদ ভেৰিয়াৰ এলুইনে
এবাৰ কৈছিল, ‘In NEFA, we are not aiming at a mere preservation of culture,
the freezing of social life at its present level. We are striving for a
renaissance of art, music, beauty, color, the joys and graces of living.’ এইটো বাস্তৱায়িত হ’ব ধৰিছে৷
পূৰ্বৰ নেফা, পৰৱৰ্তী সময়ৰ অৰুণাচল প্ৰদেশ বিশ্বৰ সন্মুখত উন্মুক্ত হৈ পৰিছে৷ ‘This dream is slowly being realized today. As Arunachal Pradesh
opens up to the world, we are seeing promotion and preservation of traditional
areas through festivals, sustainable tourism and knowledge houses.’ শেষৰ বাক্যটিৰ
পূৰ্ণ প্ৰতিফলন নামপঙৰ পি.পি.ডব্লিউ.এফ.২০১৩ত দেখা গ’ল৷
ঘোষিকাৰ আহ্বানক্ৰমে এইবাৰ
য়ুগলি সাংস্কৃতিক দলটো আগ বাঢ়ি আহিল৷ প্ৰতিজন পুৰুষৰ হাততে একোডালকৈ যাঠি৷ সন্মুখত
থকা পুৰুষজনৰ কান্ধত ঢোল, মহিলাগৰাকীৰ হাতত বৰকাঁহ৷ পুৰুষ-মহিলা সকলোৰে মূৰত কাপোৰৰ
মেৰ৷ মুকলিতে তেওঁলোকে পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰিলে আৰু দৰ্শকৰ প্ৰশংসা বুটলিলে৷
তাৰ পাছতে গছৰ পাতেৰে মেৰিওৱা
কেইবাটাও ঢোলৰ সৈতে বৰকাহ, তাল, গং বজাই খলকনি তুলি টুংলুম নৃত্য শিল্পীসকল মঞ্চত
উপৱিষ্ট হ’ল৷ ১০ পুৰুষ, ১০ মহিলা৷ নৃত্যত আৰম্ভণিৰে পৰাই গতিশীলতা৷ নেতৃত্বত
থকাজনে যাঠি এডাল লৈ খৰকৈ আগ বাঢ়িছে৷ কেইমিনিটমানৰ আগতে প্ৰদৰ্শন কৰি যোৱা টিখাকসকলৰ সৈতে
এইটো দলৰ পাখি, জন্তুৰ দাঁত খচিত পুৰুষৰ শিৰস্ত্ৰাণটিৰ মিল থকা যেন লাগিল৷ মহিলাসকলে
মূৰত ৰঙা-বগা কাপোৰ মেৰিয়াই লৈছে৷ ডিঙিত ওলমিছে পইচাৰ মালা৷
লিচুৰ শেষ হ’ল কি নহ’ল, ম্যানমাৰৰ পৰা অহা বৃহৎ
দলটো মুকলিলৈ ওলাই আহিল৷ কেইবাটাও ঢোলে সমস্বৰে গৰজি উঠিছে৷ পুৰুষকেইজনৰ হাতত উন্মুক্ত
দা, লাঠী আদি৷ মূৰত চৰাইৰ দীঘল পাখি, জন্তুৰ বেঁকা দাঁত, ক’লা নোম থকা বেতৰ টুপী৷ এজনৰ হাতত যাঠি আৰু ঢাল৷ মহিলাসকলে হাতৰ ঠাৰি আৰু বাউসিত লোৰ
খাৰু পিন্ধিছে৷ ডিঙিত গলপতা আৰু মুদ্ৰাৰ উপৰি বিভিন্ন ঠাঁচৰ কেইবাধাৰিও মালা ওলমিছে৷
পুৰুষেও পিন্ধিছে গলপতা, মণি, মালা আদি৷ হাতৰ মণিবন্ধ, ভৰিৰ সৰু গাঁঠি, আঁঠুৰ তলত তমালৰ মেৰ৷
ভৰিতো খাৰু পিন্ধিছে৷ ৰাইজে তেওঁলোকক ঘেৰি ধৰিছে, সতকাই দেখা নোপোৱা প্ৰদৰ্শন চাবলৈ৷ কেমেৰামেনসকলক অধিক সষ্টম হৈ পৰা দেখা গ'ল৷ অৰুণাচলৰ টাংচা আৰু এই ম্যানমাৰীসকলৰ
কেশ-বিন্যাস বা চুলি কটাৰ ধৰণৰ মিল আছে৷ সাজ পৰিধানতো মিল থকা বুলি কোৱা হয়৷ অদৃশ্য ভৌগোলিক সীমান্তৰেখাই পৃথক কৰি ৰাখিলেও সাংস্কৃতিক সাদৃশ্য আৰু পাৰিবাৰিক সম্পৰ্ক আছে৷ সেয়েহে জাংখংহঁত আজিও সিপাৰলৈ যায়৷
এইবাৰ মঞ্চত গিৰগিৰণি তুলিব ধৰিলে প্ৰচণ্ড ঢোলবাদনে৷
একেলগে বাজিছে ৮টা ঢোল৷ তাৰ লগতে কাঁহ বাদ্যত সজোৰ কোব৷ মুখেৰে একেস্বৰত গায়ো আছে শিল্পীসকলে৷ হাতত ঢাল-যাঠি লৈ যুদ্ধৰ
অংগী-ভংগী প্ৰদৰ্শন কৰি গৈছে একেবাৰে আগত থকা পুৰুষজনে৷ পুৰুষৰ পাখিযুক্ত শিৰস্ত্ৰাণ আৰু
মহিলাৰ বেতৰ চকৰিত বন্ধা ফুলযুক্ত শিৰস্ত্ৰাণে মঞ্চখন ভৰাই তুলিছে৷ ম্যানমাৰীৰ পাছতে টুটচা কালচাৰেল ট্ৰুপে তেওঁলোকৰ উদ্দাম আৰু গতিশীল পৰম্পৰাগত নৃত্যশৈলীৰে কঁপাই তুলিলে উৎসৱথলী৷
টুটচা নৃত্যদলৰ প্ৰদৰ্শন সমাপ্ত নহওঁতেই ক্ৰমে ৱাঞ্চু আৰু খামতি দলক আহ্বান জনালে ঘোষিকাইগৰাকীয়ে৷ হাতত সময় তাকৰ৷ দিনৰ ১ বাজিবলৈ ১৫ মিনিট বাকী৷ ইফালে নৃত্যথলীলৈ আহিবলগীয়া আছে আৰু অনেককেইটা দল৷
টুটচা নৃত্যদলৰ প্ৰদৰ্শন সমাপ্ত নহওঁতেই ক্ৰমে ৱাঞ্চু আৰু খামতি দলক আহ্বান জনালে ঘোষিকাইগৰাকীয়ে৷ হাতত সময় তাকৰ৷ দিনৰ ১ বাজিবলৈ ১৫ মিনিট বাকী৷ ইফালে নৃত্যথলীলৈ আহিবলগীয়া আছে আৰু অনেককেইটা দল৷
No comments:
Post a Comment