দ্বিতীয় দিন, অংশ-১৩
মেন এ' মাইল ৰ'ড বুলি একালত অভিহিত পথটোৰে পাটকাই পৰ্বতমালাৰ বুকুৱেদি এতিয়া বাধাহীনভাৱে যাত্ৰাটো চলি আছে৷ ৰাস্তাটোৰ অৱস্থা অসম খণ্ডৰ দৰে নহয়৷ সেয়ে বীৰেন্দৰে গাড়ীখনৰ গতি কমাবলৈ বাধ্য হৈছে৷ ইতিমধ্যে আমি ৰাজ্যিক সীমান্ত চকীৰ পৰা ১৫ কিল’মিটাৰ ভিতৰ সোমাই আহিলোঁ৷ ধুনীয়া দলং এখন ওলাল৷ হে’ড লাইটৰ পোহৰতে নয়ন জুৰাই লৈছোঁ৷ এইখন হেমিল্টন ব্ৰীজ৷ দ্বিতীয় মহাসমৰৰ সময়ৰ প্ৰসিদ্ধ দলং৷ এতিয়াও মজবুত আৰু বহনক্ষম হৈ আছে৷
দেশৰ
পূব কোণৰ এই অন্তিম জনপদতে ২০ জানুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা ২২ জানুৱাৰীলৈ
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল ২০১৩’৷ উত্তৰ-পূৰ্বাঞ্চল আৰু ম্যানমাৰৰ
ভূমিপুত্ৰসকলৰ বাৰেবৰণীয়া সংস্কৃতিৰ বিৰাট মেলাৰে বিগত ২০০৭ চনৰ পৰাই নামপং বছৰৰ
এই বিশেষ তিনিটা দিনত উৎসৱমুখৰ হৈ আহিছে৷ পি.পি.ডব্লিউ.এফ. কেৱল টাংচা জনগোষ্ঠীয় পৰম্পৰাগত
গীত-নৃত্য-খাদ্য-ক্ৰীড়াৰে প্ৰদৰ্শনী নহয়, সমগ্ৰ অৰুণাচল, উত্তৰ-পূৰ্বাঞ্চল আনকি চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ সংস্কৃতিৰ মুকলি প্ৰদৰ্শনৰ লগতে ইতিহাসপ্ৰসিদ্ধ পাটকাই পৰ্বতৰ বুকুৰে পাংচু গিৰিপথেৰে
দ্বিতীয় মহাযুদ্ধৰ সময়ত বিখ্যাত হৈ পৰা লে’ক অফ্ ন’ ৰিটাৰ্ণ পৰ্যন্ত জীৱনলৈ মনত থাকি যোৱাকৈ
যাত্ৰা-অভিজ্ঞতা প্ৰদানকাৰী এক দুঃসাহসিক অভিযানৰো সোণালী সুযোগদাতা৷ ইয়াকে মুখ্য কৰি নামপং এতিয়া হ'বলৈ গৈ আছে কালচাৰেল হটস্পট, লগতে ফটোগ্ৰাফাৰ্চ
পেৰাডাইজ৷
মানৱাং ৱাংচা আহি পালে৷ সেইখিনিতে আমাক ৰ’বলৈ নিৰ্দেশ দি যুৱকজন কেনিবা অন্তৰ্ধান হ’ল৷ আমিওনো ৰৈ থকা ভকতনে? নিয়ৰসিক্ত উৎসৱথলীত পিটপিটাই ফুৰিবলৈ মন গৈয়ে আছিল৷ কাইলৈ কোন সময়ত ক’ত কি অনুষ্ঠিত হ’ব, কেনি কি আছে তাৰ চৰজমিন চাৰ্ভে এটা কৰি লোৱাৰ এয়াই সুৱৰ্ণ সুযোগ৷ মূল তোৰণখনৰ তলেৰে দলবান্ধি সোমাই গ’লোঁ৷ এফালে মঞ্চ, পেণ্ডেল ইত্যাদি৷ আনফালে শাৰী শাৰীকৈ জনজাতীয় পৰম্পৰাগত চাংঘৰ কিছুমান৷ মূল পথ অৰ্থাৎ ষ্টীলৱেল ৰ'ডৰ দাঁতিতে আটোম-টোকাৰিকৈ সজোৱা হৈছে এই উৎসৱথলী৷ কেঁচা ৰূপত দেখিয়ে ভাল লাগি গৈছে৷ কাইলৈহে আচল সাজোন-কাচোন চাবলৈ পোৱা যাব৷ আমি ইয়াত লক্ষ্য কৰা প্ৰতিটো নিৰ্মাণ বা সাজোনেই বাঁহ, খেৰ আৰু জেঙু পাতৰ৷ কাৰ্যসূচী পাওঁ নেকি বিচাৰিলোঁ৷ নাই, নাপালোঁ৷ প্ৰস্তুতিখিনি কিছু সময় ধৰি নিৰীক্ষণ কৰি নিজৰ নিজৰ গাড়ীলৈ ঘূৰি আহিলোঁ৷ বেলেগ ধৰণৰ অনুভূতি কিছুমানে দেহা-মন উৎফুল্লিত কৰি তুলিলে৷ ঠিক জেগালৈ আহিছোঁ বুলি গৰ্বেৰে আমাৰ মাজত কোৱা-কুইও হ'ল৷
মেন এ' মাইল ৰ'ড বুলি একালত অভিহিত পথটোৰে পাটকাই পৰ্বতমালাৰ বুকুৱেদি এতিয়া বাধাহীনভাৱে যাত্ৰাটো চলি আছে৷ ৰাস্তাটোৰ অৱস্থা অসম খণ্ডৰ দৰে নহয়৷ সেয়ে বীৰেন্দৰে গাড়ীখনৰ গতি কমাবলৈ বাধ্য হৈছে৷ ইতিমধ্যে আমি ৰাজ্যিক সীমান্ত চকীৰ পৰা ১৫ কিল’মিটাৰ ভিতৰ সোমাই আহিলোঁ৷ ধুনীয়া দলং এখন ওলাল৷ হে’ড লাইটৰ পোহৰতে নয়ন জুৰাই লৈছোঁ৷ এইখন হেমিল্টন ব্ৰীজ৷ দ্বিতীয় মহাসমৰৰ সময়ৰ প্ৰসিদ্ধ দলং৷ এতিয়াও মজবুত আৰু বহনক্ষম হৈ আছে৷
হেমিল্টন ব্ৰীজ এৰি আৰু ৫ কিল’মিটাৰমান অহা হ'ল৷ এইছোৱাত ধূলিৰ প্ৰকোপ ইমানেই প্ৰচণ্ডভাৱে চৰিল যে আগত থকা প্ৰতিখন গাড়ীয়ে ছটিয়াই যোৱা পাউদাৰ(!)ৰ কোবত কিছু সময়ৰ বাবে একো মণিবকে নোৱাৰা হৈ পৰিলোঁ৷ নিয়ন্ত্ৰিত বেগত একেৰাহে গৈ থকাৰ পাছত এটা সময়ত বিজুলী-বাতিৰ চকুত চাট মৰা পোহৰ এচমকা অদূৰত উজলি থকা দৃষ্টিগোচৰ হ'ল৷ ধাৰণা কৰিলোঁ, সেয়াই উৎসৱথলী হ'ব৷ বিক্ষিপ্ত জনপদ, জনগোষ্ঠীয় পৰম্পৰাগত চাংঘৰ অতিক্ৰম কৰি গৈ আছোঁ৷ আৰু অলপ পাছতে বহল ৰাস্তাটোৰ সোঁহাতে তোৰণ এখনে উত্তেজনা বঢ়াই দিলে৷ বিশেষ সাজোনত, বাঁহেৰে আকৰ্ষণীয়ভাৱে নিৰ্মিত গে'টখন৷ লাইটৰ পোহৰত সেউজীয়া ৰূপ লৈছে৷ বুজাত অকণো অসুবিধা নহ'ল যে পাংচু গিৰিপথ শীতকালীন উৎসৱৰ মূল তোৰণ এইখন৷ তৰা আকৃতিৰ গে'টখনৰ ত্ৰিকোণ-শীৰ্ষত ফুল আৰু চৰাইৰ চিহ্নটো লগোৱা আছে৷ তাৰ মানে ফেষ্টিভেল গ্ৰাউণ্ড পাই গ'লোঁ৷
এয়াই নামপং৷ যাৰ পুৰণা নাম মাচুম, মাচুম বস্তি৷ বৰ্তমান চাংলাং জিলাৰ ই এটা সৰু চাৰ্কোল হে’ড-কোৱাৰ্টাৰ৷ ইণ্ডো-ম্যানমাৰ সীমান্তৱৰ্তী অন্তিম চহৰ এইখন৷ নামপং টাউন বুলি কোৱা হৈছে যদিও, প্ৰথম দৃষ্টিত এখন ক্ষুদ্ৰ ঠাই যেনহে বোধ হৈছে মোৰ৷ গুৰুত্ব কিন্তু কম নহয়৷ জিলা সদৰ চাংলাঙৰ পৰা ইয়ালৈ পথ-দূৰত্ব ১০৭ কিল’মিটাৰ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা ঠাইখনৰ উচ্চতা ৩৫০ মিটাৰ৷ ২০০১ চনৰ লোকপিয়ল অনুসৰি নামপঙৰ জনসংখ্যা আছিল ৪,৪২৪৷

মেইন গে'টৰ মুখত ৰ'বলৈ মানৱাঙে বীৰেন্দৰক আগতেই জনাই থৈছিল৷ সেইমতে গাড়ী দুখন সুদৃশ্য তোৰণখনৰ দাঁতিত ৰ’ল৷ ভিতৰত মুকলি আহল-বহল ক্ষেত্ৰ৷ স্থানীয় মানুহে এইখিনিক ফেষ্টিভেল গ্ৰাউণ্ড বুলি কয়৷ খেল-ধেমালি, দিৱস পালন ইয়াতে কৰা হয়৷ সমগ্ৰ এলেকাটো দিন যেন পোহৰ কৰি ৰখা হৈছে৷ আমি এজন এজনকৈ গাড়ীৰ পৰা নামিলোঁ৷ বাহিৰৰ পৰাই আলেঙে আলেঙে নতুন পৰিৱেশ-পৰিস্থিতি নিৰীক্ষণ কৰিব ধৰিলোঁ৷ জনজাতীয় পৰম্পৰানিহিত সাজ-সজ্জাখিনিয়ে চৌদিশ অধিক আকৰ্ষণীয় কৰি তুলিছে৷ পাৰাস্তম্ভ নামিছে৷ তাৰ মাজতো মানুহ কিছুমানে যেনি-তেনি কাম কৰি আছে৷ কাইলৈ পুৱা উদ্বোধনী অনুষ্ঠান৷ এতিয়ালৈ অসম্পূৰ্ণ হৈ থকা সকলোখিনি তাৰ আগতেই সম্পূৰ্ণ কৰি তুলিব লাগিব৷ জানুৱাৰীৰ শীতৰ মাজতো কেউফালে যুদ্ধকালীন তৎপৰতা দেখা পাইছোঁ৷ উলাহ-উচ্ছ্বাসৰ পয়োভৰ দেখি আমাৰো মনবোৰ চঞ্চল হৈ উঠিল৷ ভিতৰ সোমাই চাবৰ মন গ'ল৷
এইবাৰৰ কাৰ্যসূচীৰ অংগ হিচাপে পি.পি.ডব্লিউ.এফ. কমিটি,
আছাম ৰাইফলছ, নেছাৰ্চ বেকন আৰু হে’ল্প টুৰিজিমৰ
উদ্যোগত ১৯ জানুৱাৰী অৰ্থাৎ আজি সৰ্বসাধাৰণৰ যোগদানত বাইচাইকেল ৰেলী এটা অনুষ্ঠিত হোৱাৰ কথা আছিল অসমৰ
লেখাপানীৰ জিৰ' পইণ্টৰ পৰা ম্যানমাৰ-ভাৰত সীমান্তৰ পাংচু পাছলৈ৷ হ'ল চাগৈ৷ উজনি অসম আৰু পূব অৰুণাচলৰ মানুহে
পাংচু পাছৰ ওপৰত থকা নিজৰ অধিকাৰৰ সম্বন্ধে উপলব্ধি কৰাবলৈকে এই আয়োজনটি কৰা হৈছে৷ দুঃসাহসিক ক্ৰীড়াৰ থলী হিচাপে ষ্টীলৱেল পথক প্ৰতিষ্ঠা আৰু প্ৰচাৰ কৰা কাৰ্য আমাৰ ভাল লাগিছে৷
মানৱাং ৱাংচা আহি পালে৷ সেইখিনিতে আমাক ৰ’বলৈ নিৰ্দেশ দি যুৱকজন কেনিবা অন্তৰ্ধান হ’ল৷ আমিওনো ৰৈ থকা ভকতনে? নিয়ৰসিক্ত উৎসৱথলীত পিটপিটাই ফুৰিবলৈ মন গৈয়ে আছিল৷ কাইলৈ কোন সময়ত ক’ত কি অনুষ্ঠিত হ’ব, কেনি কি আছে তাৰ চৰজমিন চাৰ্ভে এটা কৰি লোৱাৰ এয়াই সুৱৰ্ণ সুযোগ৷ মূল তোৰণখনৰ তলেৰে দলবান্ধি সোমাই গ’লোঁ৷ এফালে মঞ্চ, পেণ্ডেল ইত্যাদি৷ আনফালে শাৰী শাৰীকৈ জনজাতীয় পৰম্পৰাগত চাংঘৰ কিছুমান৷ মূল পথ অৰ্থাৎ ষ্টীলৱেল ৰ'ডৰ দাঁতিতে আটোম-টোকাৰিকৈ সজোৱা হৈছে এই উৎসৱথলী৷ কেঁচা ৰূপত দেখিয়ে ভাল লাগি গৈছে৷ কাইলৈহে আচল সাজোন-কাচোন চাবলৈ পোৱা যাব৷ আমি ইয়াত লক্ষ্য কৰা প্ৰতিটো নিৰ্মাণ বা সাজোনেই বাঁহ, খেৰ আৰু জেঙু পাতৰ৷ কাৰ্যসূচী পাওঁ নেকি বিচাৰিলোঁ৷ নাই, নাপালোঁ৷ প্ৰস্তুতিখিনি কিছু সময় ধৰি নিৰীক্ষণ কৰি নিজৰ নিজৰ গাড়ীলৈ ঘূৰি আহিলোঁ৷ বেলেগ ধৰণৰ অনুভূতি কিছুমানে দেহা-মন উৎফুল্লিত কৰি তুলিলে৷ ঠিক জেগালৈ আহিছোঁ বুলি গৰ্বেৰে আমাৰ মাজত কোৱা-কুইও হ'ল৷
নৃগোষ্ঠীয় এই মহোৎসৱ ২০০৭ চনৰ পৰাই চলি আহিছে যদিও মাজতে ২০১১ আৰু ২০১২ চনত অনুষ্ঠিত হোৱা নাছিল৷ নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি জনামতে বিগত ২০০৯ চনত ৮,০০০তকৈও অধিক টুৰিষ্টৰ সমাগম হৈছিল উৎসৱৰ তিনিটা দিনত৷ ২০১০ চনত সমাগম হেনো ততোধিক হৈছিল৷ এইবাৰ অধিক লোকৰ আগমন আশা কৰা হৈছে৷ বহুতৰে উদ্দেশ্য, এই সুযোগতে ম্যানমাৰৰ অংশ এটা গৰকি প্ৰসিদ্ধ জলাশয় এটাৰ পাৰত অকণমান সময় থিয় দি জীৱনক মহীয়ান কৰা, যি জলাশয় ইতিহাসৰ পাতত আজিও জিলিকি আছে৷ প্ৰাচীন হ্ৰদ এটাক লৈ মানুহবোৰৰ ইমান উৎসাহ! আচলতে কি আছেনো তাত? জানিবলৈ, চাবলৈ আমিও উগ্ৰ-কৌতূহলী হৈ আছোঁ৷
ফেষ্টিভেল গ্ৰাউণ্ডৰ পৰা বাহিৰ ওলাই গাড়ীৰ ওচৰত ৰৈছোঁ৷ মানৱাং আগৰে পৰাই হাজিৰ৷ লগত এখন অচিনাকি মুখ৷ 'আপোনালোকৰ বাবে আগতীয়াকৈ কৰি ৰখা হ’মষ্টে’ৰ এইজনেই গৃহস্থ৷' এইবুলি অচিনাকি লোকজনৰ সৈতে আমাক চিনাকি কৰোৱা হ'ল৷ ৱিমচাম মৰাং৷ তাংচা মানুহ৷ 'আপোনালোকে ইয়াতে ভাত খাই ল'লে ভাল হ'ব নেকি!' প্ৰথম চিনাকিৰ হেণ্ডশ্বেকটো মৰাৰ সমানে সমানে পোনছাটেই তেওঁ আমাক নিশাৰ সাজ আশে-পাশে থকা হোটেলত খাই আজৰি হৈ যোৱাৰহে পৰামৰ্শ দিলে! ইফালে ঘড়ীয়ে কৈছে, ৬ বাজি ২০ মিনিট হৈছেহে মাত্ৰ৷ ইমান সোনকালে ভাত খোৱাৰ অভ্যাস আমাৰ কাৰো নাই৷ 'আমি গাঁৱতে খাম৷' মাত দিলে অৰুণদাই৷ 'আমাৰ তাত এতিয়া কেৱল নিৰামিষ ভাতহে পাব৷' 'চলি যাব৷' নিজৰ দোৱানতে ৱিমচাম আৰু মানৱাঙে কি পাতিলে নাজানো৷ সোনকালেই কথা ছিঙি দুয়ো নিজৰ নিজৰ বাইক ষ্টাৰ্ট দিলে৷ তেওঁলোকক অনুসৰণ কৰি আমাক আহি থাকিবলৈ ক’লে৷ গাড়ী দুখন এইবাৰ তেওঁলোকৰ পাছে পাছে ধাৱমান হ’ল উৎসৱথলীৰ পৰা ৪ কিল’মিটাৰ আঁতৰৰ অজান-অদেখা টাংচা গাঁৱলৈ৷ মনত প্ৰচণ্ড অনুসন্ধিৎসা৷ অন্ধকাৰৰ মাজেদি ক'লৈ নি আছে, কি দেখিমগৈ, গাড়ীৰ ভিতৰৰ এজনেও ক্ষুণাক্ষৰেও একো নাজানো৷
No comments:
Post a Comment