দ্বিতীয় দিন, অংশ-১২
পাহাৰীয়া সৰু চহৰ জয়ৰামপুৰ৷ ডিব্ৰুগড়ৰ দলটো আহি নোপোৱা পৰ্যন্ত জয়ৰামপুৰত আমাৰ দীঘলীয়া সময়লৈ ভ্ৰমণ-বিৰতি চলিল৷ সময় আৰু সুযোগ পাই মানুহৰ ভিৰ ফালি যেনি-তেনি সোমাই কাৰ্নিভেল চালোঁ৷ বুজিবলৈ অসুবিধা নহ’ল যে পি.পি.ডব্লিউ.এফ.ৰ জ্বৰে জয়ৰামপুৰবাসীৰ শৰীৰতো বেছ কঁপনি তুলিছে৷ অলপ পাছত মানৱাঙৰ পৰা সংকেত আহিল... 'এতিয়া আমি যাব লাগে৷' উৎসৱথলী নামপং অভিমুখে আমাৰ বাহন দুখনৰ চকা ঘূৰিবলৈ ধৰিলে৷ বাইক লৈ মানৱাং আগে আগে৷
ষ্টীলৱেল পথেৰে ধূলি উৰুৱাই আমি গৈ আছোঁ৷ আমাৰ আগে-পাছে আন কিছুমান গাড়ী৷ শাৰী পাতি কনভয়টো চলি আছে৷ সকলোৰে উদ্দেশ্য এটাই৷ পি.পি.ডব্লিউ.এফ.২০১৩৷ পুৰণি মূল পথটোতকৈ বৰ্তমানৰ ৰাস্তাটো বহল কৰাৰ প্ৰক্ৰিয়া চলিছে৷ সেয়ে অত্যন্ত ধূলিময়৷ ধূলি আৰু শিলগুটিৰে বিৱৰ্ণ ঐতিহাসিক বাট এটা৷ কোনোবা নাম নজনা মৰুভূমিৰ মাজেৰে গৈ থকা যেনহে লাগিছে৷ পথটো এতিয়া ঠায়ে ঠায়ে যিমান পাৰি পোনাইছে৷ নিশ্চিত যে ভৱিষ্যৎ দিনত এটা সুন্দৰ ৰাস্তা হৈ উঠিব৷ ভাৰত চৰকাৰৰ লুক্ ইষ্ট পলিচীৰ অন্তৰ্গত পূবৰ দুৱাৰ খোল খোৱাৰ সপক্ষেও চিন্তা-চৰ্চা চলিছে৷ কি হয় সময়ে ক'ব৷
কেই কিল’মিটাৰমান আগলৈ আহি আকৌ থমকিল গাড়ী৷ আছাম ৰাইফলছৰ চে’ক প’ষ্ট৷ ইয়াত আমাৰ আই.এল.পি. চালে৷ ৰেকৰ্ড-পাতি লিপিবদ্ধ কৰা হ’ল৷ বাহনসমূহৰ ভিতৰভাগো নিৰীক্ষণ কৰিছে৷ চিকিউৰিটি চে'কৰ নামত চালকজনক কিবাকিবি সুধিলে৷ আমাক নাই সোধা৷ অভিযোগ উঠিবলগীয়া একো নাই আমাৰ হাতত৷ সাধাৰণ নৰমনিচ৷ সিপাৰৰ কাচিন ষ্টেট কেইবাটাও নামজ্বলা উগ্ৰপন্থী সংগঠনৰ ঘাটি৷ সেয়েহে চাগৈ এইকণ সতৰ্কতা৷ নিয়মানুসাৰ আনুষ্ঠানিকতাখিনি হৈ যোৱাৰ পাছত যাত্ৰা পুনৰ আৰম্ভ হ'ল৷
গাইডক এৰি আমি আগ বাঢ়িলোঁ৷ অকণো বিৰাম নোহোৱাকৈ বলেৰ' চলি থাকিল৷ পিছে পিছে অৰুণদাহঁতৰ তাক্চন্৷ জয়ৰামপুৰ গে'টৰ পৰা ৭ কিল’মিটাৰ অহাৰ পাছত বাওঁহাতে দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰক সমাধি পালোঁ৷ মৃত সৈনিকৰ উচুপনিবোৰ এতিয়াও ইয়াৰ হাজাৰোধিক কবৰত বন্দী হৈ আছে৷ সৰ্বত্ৰ অন্ধকাৰে গ্ৰাস কৰি পেলোৱাত এই স্থানত সদ্যহতে ৰোৱাৰ সকাম নাই৷ ঘূৰি আহোঁতে দৰ্শন আৰু কবৰৰ সান্নিধ্য লাভ কৰাৰ আশা পুহি ৰাখিলে সহযাত্ৰীসকলে৷ মোৰ আকৌ সিমান উত্তেজনা নাই৷ লিডুৰ পৰা স্কুটী চলাই এই যুদ্ধ-সমাধি পৰ্যন্ত মুন্না আৰু মই আগতেই আহিছোঁ, চাই গৈছোঁ৷ গতিকে উত্তেজনাৰ মাত্ৰাটো বাকীসকলৰ তুলনাত ইমানপৰে কমি আছিল৷ এই বিশেষ ঠাইডোখৰ অতিক্ৰম কৰিলতে মোৰ মনত নতুন কৌতূহলৰ আৰম্ভণি হৈ গ’ল, যাৰ নাম দিলোঁ 'a journey to unknown', অগস্তি-যাত্ৰা৷ এই মুহূৰ্তত আমাৰ আটাইৰে মনৰ ভিতৰত পি.পি.ডব্লিউ.এফ.থলী, ডে'থ ভেলী, হে'ল গে'ট আদিক লৈ অনেক প্ৰশ্নৰ অহা-যোৱা চলি আছে৷ অলপ পাছতে সেইবোৰৰ সান্নিধ্য পাম৷ কেনেকুৱা হ’ব পাৰে সেই থলীসমূহ? কল্পনাৰে ঢুকি পোৱা নাই একো আভাস৷ চিন্তায়ো বাৰে বাৰে পাকঘূৰণি খাইছে৷
চালক বীৰেন্দৰ তিনিচুকীয়া নিবাসী যদিও পাৰ্বত্য পথত গাড়ী চলোৱাৰ নিপুণতা প্ৰদৰ্শন কৰাত সফল হৈছে৷ কেইবাখনো গাড়ীক গাইড কৰিবলগীয়া হোৱা বাবে আমাৰ পিছে পিছে আহি থাকিব বুলি কেয়াৰ-টেকাৰজনে তেওঁক অথনি চে'ক পইণ্টতে জনাই দিছিল... 'ভালেখিনি দূৰত্ব আগুৱাই যোৱাৰ পাছত ৰাস্তাটো দুভাগ হ’ব৷ সোঁফালে নাযাব৷ আগত আপুনি এখন লোৰ দলং দেখা পাব৷ বাওঁহাতে পোৱা সেই পথটোৱেদিহে যাব লাগিব৷ সেইটো ষ্টীলৱেল পথ৷ ইটো নহয়৷' এয়া আহি আহি আমি মানৱাঙে কোৱা ঠাইখিনিত উপস্থিত হৈছোঁ৷ শুদ্ধ পথে আগ বাঢ়ি নৈ এখন পালোঁ৷ নৈখনৰ ওপৰত লোৰ দলঙো পালোঁ৷
ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ দ্বিতীয় বৃহত্তম উপনৈখনৰ নাম বুঢ়ীদিহিং৷ বুঢ়ীদিহিঙৰ প্ৰধান উপনদী নামফুক্৷ নামফুক নদীৰ প্ৰধান উপনৈ হৈছে এইখন, নামচিক্৷ ৫১ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই নদীখনৰ উৎপত্তি পাটকাই পৰ্বতৰ ৰামলুংকৰ নামে ঠাইত, সমুদ্ৰ পৃষ্ঠৰ পৰা ২,২৬০ ফুট উচ্চতাত৷ সৰ্পিল ৰূপ ধাৰণ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলা অাৰু অসমৰ তিনিচুকীয়া জিলাৰ সীমা ৰূপে নামচিক্ কালনিৰৱধি বৈ আছে৷ আমি দলঙৰ ওপৰেৰে পাৰ হৈ যাব ধৰিলোঁ৷ সোঁহাতে এৰি অহা পথটো নেদেখা হ’ল৷ ৰাস্তাটো মানমাওলৈ গৈছে৷
ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ দ্বিতীয় বৃহত্তম উপনৈখনৰ নাম বুঢ়ীদিহিং৷ বুঢ়ীদিহিঙৰ প্ৰধান উপনদী নামফুক্৷ নামফুক নদীৰ প্ৰধান উপনৈ হৈছে এইখন, নামচিক্৷ ৫১ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই নদীখনৰ উৎপত্তি পাটকাই পৰ্বতৰ ৰামলুংকৰ নামে ঠাইত, সমুদ্ৰ পৃষ্ঠৰ পৰা ২,২৬০ ফুট উচ্চতাত৷ সৰ্পিল ৰূপ ধাৰণ কৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলা অাৰু অসমৰ তিনিচুকীয়া জিলাৰ সীমা ৰূপে নামচিক্ কালনিৰৱধি বৈ আছে৷ আমি দলঙৰ ওপৰেৰে পাৰ হৈ যাব ধৰিলোঁ৷ সোঁহাতে এৰি অহা পথটো নেদেখা হ’ল৷ ৰাস্তাটো মানমাওলৈ গৈছে৷
জয়ৰামপুৰত ভৰি দিয়াৰে পৰা আমি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ভ্ৰমি আছোঁ৷ ২০১১ চনৰ পৰিসংখ্যা অনুযায়ী পাপুম পাৰে জিলাৰ পাছতে ৰাজ্যখনৰ ভিতৰত এইখন হৈছে দ্বিতীয় সৰ্বাধিক জনবসতিপ্ৰধান জিলা৷ লোহিত জিলাৰ দক্ষিণে আৰু টিৰাপ জিলাৰ উত্তৰত এই ভূখণ্ডৰ অৱস্থান৷ ম্যানমাৰ চুই থকা এই ভূভাগৰ সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ২০০ মিটাৰৰ পৰা ৪,৫০০ মিটাৰ পৰ্যন্ত৷ অৰুণাচল প্ৰদেশ জিলা পুনৰ্গঠন বিধেয়ক অনুসাৰে ১৯৮৭ চনৰ ১৪ নৱেম্বৰত টিৰাপ জিলাৰ অংশ কাটি ৰাজ্যৰ দশমখন জিলা হিচাপে এই জিলাখন গঠন কৰা হৈছিল৷ মাটিকালি ৪,৬৬২ বৰ্গ কিল’মিটাৰ৷ উদ্ভিদ আৰু প্ৰাণীকুল উভয়তে চহকী চাংলাং জিলাৰ সদৰ ঠাইৰ নামো চাংলাং৷ জিলাখনৰ মহকুমা চাৰিটা৷ চাংলাং, মিয়াওঁ, জয়ৰামপুৰ আৰু বৰডুমচা৷ আমাৰ লক্ষ্যস্থান নামপং হৈছে জয়ৰামপুৰ মহকুমাৰ অন্তৰ্গত এটা ৰাজহ-চক্ৰ৷ টাংচা, টুট্চা, নক্টে, চিংফৌ, চাক্মা, লিচু, তিবেতান, হাজং, বড়ো আদি এই জিলাত বসবাস কৰা বহুৰঙী জনগোষ্ঠী৷ নোৱাদিহিং, নামচিক্, টিৰাপ, নামফুক্, দাফা, নামফাই, টিচ্চু, তাৰিত, তাৰা, তিকেং, তিগিং আদি এই জিলাৰ লেখত ল'বলগীয়া নদ-নদী৷
প্ৰচলিত কিংবদন্তী অনুযায়ী চাংলাং শব্দটো Changlangkanৰ পৰা আহিছে৷ ইয়াৰ অৰ্থ হৈছে এটা পৰ্বত শীৰ্ষ য’ত বিহযুক্ত জোপোহানি আৱিষ্কৃত হৈছিল৷ আদিতে নদীত মাছ মৰাত সেই বিহ ব্যৱহৃত হৈছিল৷ ষ্টীলৱেল পথ, দ্বিতীয় মহাযুদ্ধৰ সমাধি, নামদফা ৰাষ্ট্ৰীয় উদ্যান, খাৰছাঙৰ তৈল ক্ষেত্ৰ, চাংলাঙৰ কমলা খেতি, নামপঙৰ খলপ কাটি কৰা চাহ খেতি, পাংচু গিৰিপথ, মিয়াওঁৰ চিৰিয়াখানা আৰু যাদুঘৰ ইত্যাদিৰ লগতে ঠাইবোৰৰ অভিনৱ সুন্দৰতাই এই জিলাৰ আকৰ্ষণ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে৷
No comments:
Post a Comment