Monday, 5 February 2018

দ্বিতীয় দিন, অংশ-১৫

চাংলাং জিলাৰ নামপং, মানমাও, ৰিমা-পুটক আৰু জয়ৰামপুৰ৷ এই চাৰিটা চাৰ্কোলত টাংচাৰ আধিপত্য৷ ২৬টা ঘাই জনগোষ্ঠীৰ ভিতৰত টাংচা অৰুণাচল প্ৰদেশৰ এটা প্ৰধান পৰ্বতীয়া জনগোষ্ঠী৷ টাংচাৰ মাজত ৩০টাৰো অধিক উপ-শাখা সোমাই আছে৷ ইবোৰৰ মাজত ভাষাগত আৰু সংস্কৃতিগত পাৰ্থক্য মন কৰা যায়৷ তাৰে ভিত্তিত গৱেষকে এই উপ-শাখাসমূহক পাংৱা আৰু টাংৱা নামে দুভাগত ভগাইছে৷ টাংচাসকল মংগোলীয় মূলৰ লোক৷

কিংবদন্তী অনুসৰি টাংচাসকলৰ আদিম ঘৰ ম্যানমাৰৰ সিপাৰে পূবৰ মাছই ছিন্‌ৰাপুম নামক এটা পৰ্বতত আছিল হেনো৷ তেওঁলোকৰ পূৰ্বপুৰুষ চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ য়ুন্নানৰ পৰা আহি ব্ৰহ্মদেশৰ ইৰাৱতী নদীৰ উপত্যকাত বাস কৰিছিল বুলি জনা যায়৷ হুকং উপত্যকাই টাংচাসকলৰ আদি বাসস্থান বুলি কোনো কোনো গৱেষকে ঠাৱৰ কৰিছে৷ ১৭৪০ চনত তেওঁলোকে উত্তৰ দিশেৰে ভাৰতভূমিলৈ প্ৰব্ৰজন কৰে৷ ১৮শ শতিকাৰ আগভাগত বুঢ়ীদিহিং, টিৰাপ, নামচিক্‌ আদি নৈৰে বিধৌত বৰ্তমানৰ বসতিস্থলবিলাকলৈ আহে৷

আদিতে প্ৰকৃতিপূজক আছিল যদিও এই মানুহখিনি পৰৱৰ্তী সময়ত বৌদ্ধ আৰু খ্ৰীষ্টান হৈ পৰিল৷ হ'লেও জনজাতীয় জীৱন-চৰ্যা বা জীৱন ধাৰণৰ বৈশিষ্ট্য আজিও অটুট আছে৷ টাংচাসকলৰ ঠাল-ঠেঙুলি এতিয়াও ম্যানমাৰত আছে৷ তেওঁলোকক টাংচাং বোলা হয়৷ ভৌগোলিক সীমাই পৃথক কৰিব নোৱাৰা সেইসকল আত্মীয়ৰ পৰস্পৰ দেখা-দেখি হয় উৎসৱ-অনুষ্ঠানত তেওঁলোকৰ মাজত বিয়া-বাৰুও চলে৷ এনেকুৱা দৰকাৰত মাজে-মধ্যে সিপাৰলৈ গৈয়ে থকা হয় বুলি কথা প্ৰসংগত জনালে আমি থকা ঘৰটোৰ গৃহস্থ জাংখং মংৰেই


'টাংচা' শব্দৰ ব্যুৎপত্তিগত কথাক লৈ মত-পাৰ্থক্য নথকা নহয়৷ কোনো কোনোৰ মতে টাং মানে কটা, চা মানে খোৱা৷ সেইফালৰ পৰা 'টাংচা' মানে মানুহ, ছাগলী, গাহৰি, মহ, বাঘ আদি জীৱ-জন্তু কটা আৰু খোৱা জাতি৷ খেনোৰ মতে আকৌ টাং মানে উচ্চভূমি, চা মানে সন্তান৷ অৰ্থাৎ উচ্চভূমি, মানে পৰ্বতৰ সন্তান৷ তেওঁলোকৰ ভাষাত 'টাং' অৰ্থে পাহাৰ আৰু 'চা' অৰ্থে মানুহ বাবে কোনো কোনোৱে পাহাৰৰ মানুহ বুলিও অৰ্থ কৰে৷ পাহাৰত বাস কৰা সূত্ৰেই মানুহখিনিৰ নাম 'টাংচা' হ'ল বুলি তেওঁলোকে আগৰে পৰাই বিশ্বাস কৰি আহিছে৷ পাটকাই পৰ্বত আৰু অন্যান্য নদ-নদীক লৈ তেওঁলোকৰ মাজত অনেক জন-বিশ্বাস প্ৰচলিত আছে৷

আদিতে নিজকে প্ৰকৃতিৰ সন্তান আৰু প্ৰকৃতিয়েই তেওঁলোকৰ হৰ্তা-কৰ্তা-বিধাতা বুলি গণ্য কৰা টাংচাসকলৰ কোনো কোনো উপ-শাখাই হিম্মাটাই নামৰ দেৱতাৰ পূজা কৰিছিল৷ সেই পূজাত মানুহ উছৰ্গাৰে ভোজ-ভাত খাই ৰং-ৰহইচ কৰিছিল৷ তাৰ ভিত্তিতে বহুতে টাং মানে মানুহ উছৰ্গা কৰা আৰু চা মানে নৃত্য-গীত বুলিও কব বিচাৰে৷ বিংশ শতিকাৰ প্ৰথম-দ্বিতীয় দশকত সমন টাইৰিং নামে স্থানীয় সমাজকৰ্মী এগৰাকীৰ তৎপৰতা আৰু ইংৰাজ শাসকৰ সমৰ্থন-সহযোগিতাত নৰবলি প্ৰথা বন্ধ হয়৷

অসম বুৰঞ্জীয়ে টাংচাসকলক টঙ্গচু নগা বুলি অভিহিত কৰিছে৷ এই ভ্ৰমণলৈ ওলোৱাৰ আগতে 'সাতসৰী অসম বুৰঞ্জী'ত এইবুলি পঢ়িবলৈ পাইছিলোঁ... 'টঙ্গচু নগাৰ গাঁও ঃ একদিন দিখৌ পাৰই ৰজা পহু মাৰিবলৈ৷ ৰজাৰ লগত মানুহ অনেক লৈ গৈছিল৷ সেইবেলা নগা বনৰপৰা ওলাই খেদি আহিল৷ ৰজাক পাচে থাউমুঙ্গতাৱে আগভেটি পেটত হেঙ্গদানেৰে ঘা মাৰিলে৷ নগায়ে চাই আছিল জুম লৈ৷ তাতেহে নগায়ে কাটিব পাৰিলে৷ ৰজা বোলে, বন্দী নগা বাঘ, তাক যে কাটিলে, ই টংচু গাঁৱৰো নাম টংচু ৰ'ল৷ মানুহৰো নাম টংচু হ'ল৷ টং বুলি বাঘ, চুহ বুলি খেদি যোৱা৷ ...'

ভাৰত স্বাধীন হোৱাৰ পাছত, ১৯৫২-৫৩ চনত মাৰ্ঘেৰিটাৰ তদানীন্তন সহকাৰী ৰাজনৈতিক বিষয়া বিপিন বৰগোহাঞিৰ কাৰ্যকালত পাটকাই পৰ্বতৰ ওখ টিঙৰ লগতে নামনি অঞ্চলত বসবাস কৰা সকলো নগাকে সামৰি উমৈহতীয়াভাৱে টাংচা নামে নামকৰণ কৰা হয়৷ ব্ৰিটিছৰ দিনত নিজা নিজা সামাজিক ব্যৱস্থাৰে সৰু সৰু পাহাৰ বা টিলাত পৃথকে পৃথকে জীৱন নিৰ্বাহ কৰা মচাং, য়ংকুক, টিখাক, ৰংৰাং, লুংচাং, তামলৈ, কতহ, মৰাং, ত্যলিম, মকলুম, লংফি, হালন, হাদুদ, কচুং, লাইকাই, কঠুং, লাক্‌কি, লায়ং, কলাম, কদয়, দিমং, দৈৰিক, থামকক্‌, মটাই, য়ুগলি, খিমচিং, খালাক, চাংকে, চাংৱাল, পনঠাই, মাইমং, দঙাই, লুংৰি, থামফাং, হাৱৈ, টুংলুম, নকয়া, মইতাই, হাখুন, লংখাই, টুটচা, হাতুত, লেংচিং, হাখী, বতি, হাচিক, নুকজা, মংৰে, চাকিয়েং আদি অতি ক্ষুদ্ৰ ক্ষুদ্ৰ লোক-সমষ্টি বা উপ-গোষ্ঠীসমূহক একত্ৰে 'পাটকাই নগা' বুলিও কোৱা হৈছিল৷ একে, সামান্য অমিল বা বেলেগ বেলেগ নাম লৈ টাংচা উপ-গোষ্ঠীৰ লোক এতিয়া ভাৰততো আছে, ম্যানমাৰতো আছে৷

নৃগোষ্ঠীয় বিচাৰত টাংচাসকলক নগা বুলি ধৰা হয় যদিও অবিভক্ত অসমৰ নগা পাহাৰ জিলা বা বর্তমানৰ নাগালেণ্ড ৰাজ্যৰ নগাসকলৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক বা যোগসূত্ৰ পূৰ্বতেও নাছিল, বৰ্তমানেও নাই৷ ৰাজনৈতিকভাৱে তেওঁলোক অৰুণাচল প্ৰদেশৰ বাসিন্দা৷ স্বকীয় পৰিচয়েৰে সমুজ্জ্বল টাংচাসকলৰ জীৱন-প্ৰণালী, খাদ্যাভ্যাস, পৰম্পৰা আৰু ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি ইত্যাদি বিভিন্ন দিশ সামৰি অনেকজন বিদ্বানে ক্ষেত্ৰ-অধ্যয়ন আৰু গৱেষণা-কাৰ্য সম্পূৰ্ণ কৰিছে৷ ডক্টৰ ৰাজু গগৈৰ বাদে আমি কোনো এজনেই গৱেষক নহওঁ যদিও জুইকুৰাক ঘেৰি ধৰি বহি লৈ চলি থকা আমাৰ সুদীৰ্ঘ আলোচনাতো সামাজিক-সাংস্কৃতিক ভাবাবেগ আৰু জনজাতীয় সংস্কৃতিৰ অমল উপাদানেৰে অনন্যসুন্দৰ 'হাইলেণ্ডাৰ'সকলৰ বিষয়ে জানিবলগীয়া বহুবোৰ কথাই ওলাইছে ইমানপৰে৷ একো মাত নিদি মই মাথো কাণ ঊণাই আছোঁ৷


No comments:

Post a Comment