তৃতীয় দিন, অংশ-৯
উৎসৱৰ ৰাজ্য অৰুণাচল৷ এইখন
প্ৰদেশত জনগোষ্ঠীও সৰহ, উৎসৱো সৰহ৷ আদিৰ চলুং, পনুং; গাল’ বা গালঙৰ মপিন; খামতি, চিংফৌ, টিখাকৰ চাংকেন; টাংচাৰ মহ বা
মল, আপাটানিৰ দ্ৰী, ম্যকহ; নিচিৰ ন্যকুম, য়ুল’, চিৰন
মলু চ’চুম; নক্টেৰ চাল’-লকু, টাগিনৰ
চি-দঞি, ইদু মিচিমিৰ তামলাদু, ৰেহ; পৰ্বতীয়া মিৰিৰ বৰি-বুট, বাংনিৰ ল’কম য়ুল’, মনপাৰ ল’চাৰ, জমু, চ’চকাৰ ইত্যাদি উল্লেখযোগ্য৷ এই তালিকা ইমানতে শেষ নহয়, আৰু আছে বিধে বিধে৷ আদিম কালৰে পৰা আজিৰ তাৰিখ পৰ্যন্ত প্ৰতিটো জনগোষ্ঠীৰে সংস্কৃতিৰ ধাৰক আৰু বাহক হিচাপে সামাজিক জীৱন-প্ৰৱাহৰ অবিচ্ছেদ্য অংগ হৈ আছে উৎসৱসমূহ৷ উৎসৱক যেতিয়া সামাজিক-সাংস্কৃতিক, বিশেষকৈ লোক-সাংস্কৃতিক দৃষ্টিকোণৰ পৰা চোৱা যায় তেতিয়া ই ৰং-তামাচাৰ ধাৰণাতকৈ আন বহুতো দৰকাৰী কথাই সামৰে৷ সামাজিক একত্ৰিকৰণ, আত্মীয়তা, বিশ্বাস, একাত্মবোধ, সামাজিক উন্নয়ন, সুস্থিৰতা, সমন্বয় সাধন আদি নানা দিশ ইয়াৰ মাজত আহি পৰে৷
সদ্যহতে সমূহ দৰ্শকৰে
দৃষ্টি নিবদ্ধ হৈছে ৱাঞ্চু দলটোৰ ওপৰত৷ পাটকাইৰ ওখ ঢালত বসতি কৰা ৱাঞ্চুসকল অৰুণাচলৰ এটা প্ৰভাৱশালী জনজাতি৷ শৰীৰত
টাটু আঁকি লোৱাৰ প্ৰথা তেওঁলোকৰ মাজত বিশেষভাৱে প্ৰচলিত৷ যুদ্ধৰ সময়ত নিজৰ দলটোৰ ভিতৰত চিনি পাবৰ বাবে দলীয় সদস্যবৰ্গৰ গাত একে ধৰণৰ একোটা দাগ দি লোৱা হৈছিল৷ ৱাঞ্চু দলটোৱে যুদ্ধ নৃত্য
প্ৰদৰ্শন কৰিব৷ ৰণ প্ৰথা আৰু মূৰ কটা নিয়ম এই জনগোষ্ঠীটোৰ মাজত একালত প্ৰৱলভাৱে চলিছিল৷ ১৯৫৬ চনত নিআউছা গাঁৱত শেষ মূৰ কটা অনুষ্ঠান হৈছিল বুলি মহেশ্বৰ নেওগৰ লেখাৰ পৰা জানিব পাৰি৷ অৰুণাচলৰ কেইবাটাও জনগোষ্ঠীৰ মাজত ৰণ জয়ৰ আনন্দপূৰ্ণ নৃত্য, চিকাৰ কৰা নৃত্যৰ উপৰি কৃষিকৰ্মৰ শ্ৰীবৃদ্ধি কামনা, খেতি চপোৱা, ভোজৰ উপলক্ষ্যত কৰা নৃত্য-গীত দেখিবলৈ পোৱা যায়৷
অধিক ঠাইৰ প্ৰয়োজন হেতুকে ফিল্ডখনৰ একাংশ মুকলি কৰা হ’ল৷ যুদ্ধ সংগীত বাজি উঠিল৷ হাতে হাতে খোলা দা লৈ যুৱকসকলৰ ভংগীমা সূচনা হ’ল৷ মূৰত শোভা বৰ্ধন কৰি ৰখা পাকৈঢোৰাৰ ক’লা-বগা দীঘলীয়া পাখি আৰু শুদাভৰিৰ সাংগীতিক দোলন দেখিয়ে চৌদিশে সৃষ্টি হ’ল অভূতপূৰ্ব হৈ-চৈ৷ ইমানপৰে ধীৰ আৰু লয়লাসপূৰ্ণ কিম্বা তুলনামূলকভাৱে নিম্নগতিৰ পৰম্পৰাগত জনজাতীয় নৃত্য-গীতৰ কাৰ্যসূচী চলি আছিল৷ এতিয়া দেহত আঁক-বাক কৰি, হাতত তিতালাউ লৈ, কঁকাল আৰু গলধনত কলপাত মেৰিয়াই, বুকুৰ আগত লাওখোলা ওলোমাই আবিৰ্ভাৱ ঘটা দলটোৰ মুখ্য নৰ্তকৰ লগতে ক’লা সাজ পিন্ধা আন দুজন নৰ্তকৰ প্ৰদৰ্শনে চক্ খুৱাই দিলে উপস্থিত জনগণক৷ বহি থকাৰ পৰা আসন এৰি থিয় হৈ গ’ল মানুহবোৰ৷ চকুৰ টিপ মাৰিবলৈকো যেন পাহৰিলে! চাউণ্ড বক্সৰ পৰা ভাহি অহা উচ্চতম প্ৰাৱল্যৰ ঝংকাৰে বুকুত ঠহৰ ঠহৰকৈ মাৰি থাকিল নাচৰ আৰম্ভণিৰ পৰা অন্তলৈ৷ টেলিভিচনৰ পৰ্দাত কেতবোৰ অনুষ্ঠানত আধুনিক নৃত্য প্ৰতিযোগিতাৰ নাচোনত দেখিবলৈ পোৱা জিমনাষ্টিকচ বা চাৰ্কাচৰ কলা-বিদ্যা এই ডেকাসকলে টান মাটি আৰু শূন্যতে হেলাৰঙে, দলবদ্ধভাৱে কৰি দেখুৱালে৷ উৎসৱ চাই থকা সকলোজনকে অলপ সময়ৰ কাৰণে লৈ গ’ল অন্য এখন জগতলৈ৷ সমাপ্তিত জাউৰিয়ে জাউৰিয়ে হাত-তালি আৰু হৈ-ধ্বনি৷ শাৰীৰিক-মানসিকভাৱে প্ৰচণ্ড শক্তিশালী ৱাঞ্চু যোদ্ধাৰ ৱাৰ ক্ৰাই, উদ্দাম নৃত্যৰ সমানে দেহ চালনাৰ ক্ষমতা দেখি আমিও চমকি উঠিলোঁ৷

বৃহত্তৰ মংগোলীয় গোষ্ঠীৰ
অন্তৰ্গত টাই জাতিৰ এটা শাখা হৈছে খামতি৷ খামতি অৰ্থাৎ সোণ উৎপাদন কৰা দেশৰ লোক৷
অন্য এচামৰ মতে আকৌ একাধিক পাহাৰৰ মাজত সোমাই থকা মানুহ৷ ইয়ালৈ অহা খামতি সাংস্কৃতিক
দলটোৱে এতিয়া প্ৰদৰ্শন কৰিব তেওঁলোকৰ পৰম্পৰাগত কুকুৰা নৃত্য৷ ঘোষিকাই কোৱাৰ সমানে সমানে দুজনে মিলি মস্ত ঢোল এটা
ভাৰ বৈ আনিলে৷ একেদৰে আন দুজনে ডাঙৰ কাঁহজাতীয় বাদ্য৷ ঘাঁহনিত থিয় দি কান্ধত লৈ থাকিয়ে
অকণো নোৰোৱাকৈ ঢোল আৰু কাঁহত একোজনে কোবাই থাকিল৷ অন্য দুজনে বৰকাঁহ বজালে৷ তালে তালে মঞ্চত
৪জন পুৰুষে কুকুৰাৰ পখৰা-পখৰি সাজত দীঘল ঢোল লৈ হালি-জালি নাচি-বাগি দৰ্শকৰ মন মুহিবলৈ সক্ষম হ’ল৷
তাৰ পাছতে পাল পৰিল মচাং
নৃত্য দলৰ৷ মচাং টাংচাৰে এটা উপ-জনজাতি৷ ১২জনী যুৱতীৰ দলটো দা আৰু যাঠিধাৰী একমাত্ৰ
পুৰুষ যোদ্ধাজনক অনুসৰণ কৰি মঞ্চলৈ উঠি আহিল৷ পুৰুষজনৰ মূৰত জিলিকিছে ধনেশ চৰাইৰ পাখি আৰু বৰা-গাহৰিৰ দাঁত লগোৱা টুপী৷ যুৱতীসকলৰ প্ৰত্যেকৰে হাততে সৰু-ডাঙৰ গং
আৰু মাৰি৷ সিকি-আধলিৰে গোঁঠা ডিঙিৰ প্ৰিয় অলংকাৰবিধৰ উপৰি চকুত লগা ৰঙা মণিহাৰ, চিকমিকাই থকা খাৰু আদি পৰিধান কৰিছে৷ একান্তমনে গীত গাই গাই চক্ৰাকাৰে ঘূৰি ঘূৰি তেওঁলোকে লোক-নৃত্য প্ৰদৰ্শন কৰিলে৷
ঘোষিকাৰ আহ্বানক্ৰমে এইবাৰ টিখাক হাৰিয়াতুম দলটো উঠিল
চিকাৰ কৰা নৃত্য দেখুৱাবলৈ৷ যাঠি, দা, ঢাল, বন্দুকেৰে সুসজ্জিত অংশ গ্ৰহণকাৰীসকল৷ একেবাৰে প্ৰথম
আৰু একেবাৰে অন্তিমৰ দুজনে কিৰীটিসদৃশ পৰম্পৰাগত টুপীৰ উপৰি ধান-খেৰৰ বৰ্ম পৰিধান কৰি লৈছে৷ বাকীকেইজনে পৰম্পৰাগত কাপোৰেৰে মূৰত পাগ মাৰিছে৷ এজনৰ হাতত বন্দুক এটা দেখা গ'ল যদিও পূৰ্বৰ দলটোৰ দৰে গুলী হ'লে নুফুটালে৷
No comments:
Post a Comment