চতুৰ্থ দিন, অংশ-৩
ফেষ্টিভেল গ্ৰাউণ্ডৰ সন্মুখৰ পৰা তাহানিৰ মাচুম
বস্তি, হে’ল গে’ট, এতিয়াৰ নামপঙৰ মাজেৰে সামান্য
দূৰত্ব অতিক্ৰম কৰাৰ পাছতে Nampong Post পালোঁহি৷ তোৰণত জিলিকিছে অসম ৰাইফলছৰ প্ৰতীক৷
বৰ বৰ হৰফেৰে লিখা আছে ‘Friends of the Hill People’৷ STOP লিখা ডাংডাল বেঁকা হৈ আছে৷ কৰ্তব্যৰত জোৱানে গতি-বিধি লক্ষ্য কৰি আছে৷ অৰুণদাহঁতৰ গাড়ীখন গে'টৰ এইপাৰে ৰৈছেগৈ৷
পুৱা ঠিক ৯.০০ বাজিছে৷ মই নামি গ’লোঁ৷ সামৰিক বাহিনীৰ ফালৰ পৰা তাৎক্ষণিক অনুমতি লাভৰ আশাৰে নিয়মমাফিক শাৰীত থিয় দি আছোঁ৷ হাতত ফেষ্টিভেল গ্ৰাউণ্ডত অলপ আগেয়ে দিয়া ইনাৰ লাইন পাৰ্মিটখন৷ মোৰ হাতত বগা কাগজত চিল মৰা টুকুৰা এটা দিলে৷ ২ ইঞ্চি x ২ ইঞ্চি জোখৰ কাগজটুকুৰাত ষ্টাম্পটো ভালকৈ বহাই নাই৷ তথাপি এতিয়া সবাতোকৈ মূল্যৱান এই টুকুৰাটোহে, যাৰ জৰিয়তে বিদেশ ৰাষ্ট্ৰত সোমোৱাটো সম্ভৱ হ’ব৷ এয়াই সেই বিখ্যাত 'ট'কেন', পাচপ'ৰ্ট৷ নীলা চিয়াঁহীৰে কাগজখনত হাতে লিখা নম্বৰটো চালোঁ৷ 247৷ ঘূৰি আহোঁতে এইটো ইয়াত দি যাব লাগিব, আমাৰ মাজৰ কোনো এজনোযে সিপাৰত থাকি অহা নাই তাৰ প্ৰমাণ স্বৰূপে৷ বিয়লি ৩ বজাৰ আগতে ঘূৰিবৰ বাবে গে'টত সকলোকে সকীয়ালে৷
পুৱা ঠিক ৯.০০ বাজিছে৷ মই নামি গ’লোঁ৷ সামৰিক বাহিনীৰ ফালৰ পৰা তাৎক্ষণিক অনুমতি লাভৰ আশাৰে নিয়মমাফিক শাৰীত থিয় দি আছোঁ৷ হাতত ফেষ্টিভেল গ্ৰাউণ্ডত অলপ আগেয়ে দিয়া ইনাৰ লাইন পাৰ্মিটখন৷ মোৰ হাতত বগা কাগজত চিল মৰা টুকুৰা এটা দিলে৷ ২ ইঞ্চি x ২ ইঞ্চি জোখৰ কাগজটুকুৰাত ষ্টাম্পটো ভালকৈ বহাই নাই৷ তথাপি এতিয়া সবাতোকৈ মূল্যৱান এই টুকুৰাটোহে, যাৰ জৰিয়তে বিদেশ ৰাষ্ট্ৰত সোমোৱাটো সম্ভৱ হ’ব৷ এয়াই সেই বিখ্যাত 'ট'কেন', পাচপ'ৰ্ট৷ নীলা চিয়াঁহীৰে কাগজখনত হাতে লিখা নম্বৰটো চালোঁ৷ 247৷ ঘূৰি আহোঁতে এইটো ইয়াত দি যাব লাগিব, আমাৰ মাজৰ কোনো এজনোযে সিপাৰত থাকি অহা নাই তাৰ প্ৰমাণ স্বৰূপে৷ বিয়লি ৩ বজাৰ আগতে ঘূৰিবৰ বাবে গে'টত সকলোকে সকীয়ালে৷
অৰুণদাহঁত আমাৰ আগে আগে গৈ আছে৷ ৰাস্তাৰ অৱস্থা ভাল নহয়৷ ১০ মিনিটমান
যোৱাৰ পাছতে এঠাইত গাড়ীবোৰ থমকি ৰ’ল৷ কি হ’ল? শোভাযাত্ৰাটো
ৰৈ গ’লযে? চাওঁচোন বুলি জাংখঙৰ পাছে
পাছে ময়ো নামি দিলোঁ৷ আচলতে উৎকণ্ঠাই নামিবলৈ বাধ্য কৰালে৷ দেখিলোঁ, সেনাৰ গাড়ী এখন এঠাইত উঠিব
নোৱাৰা অৱস্থা৷ ফলত শত-সহস্ৰ গাড়ীৰ লানি লাগিল মুহূৰ্তৰ ভিতৰতে৷ পথৰুদ্ধ হৈ পৰিছে৷
ঠাইখিনি এঢলীয়া৷ বৰষুণৰ বাবে পিছল হৈ আছে৷ সোঁহাতে ওখ পৰ্বত৷ দুয়ো ফালেই জংঘল৷ জোৱানৰ দলটো ঘপাঘপ
নামিল৷ গাড়ীখন ঠেলি ঠেলি উঠাবলগীয়া হ’ল৷ সময়ো কিছু
গ’ল৷ কাষেদি যাবলৈ সুৰুঙা ওলালত বাকী
গাড়ীবোৰৰ কোনোখনেও আৰু ৰৈ নাথাকিল৷ প্ৰাকৃতিক দৃশ্যৰাজি চাই চাই আমিও নিজৰ অৱস্থান
বজাই ৰাখি অগ্ৰসৰ হ’লোঁ৷ উপক্ৰান্তীয় জলবায়ুৰে সূৰ্যোদয়ৰ প্ৰান্ত অঞ্চল এইটো৷
অকোৱা-পকোৱা ৰাস্তাটো পি.পি.ডব্লিউ.এফ.ৰ উপলক্ষতে
নকৈ কাটি পৰিষ্কাৰ কৰি বহলোৱা হৈছে যেন ধাৰণা হৈছে৷ কেঁচা মাটিৰ ৰাস্তা৷ ঠায়ে ঠায়ে
বোকা৷ নতুনকৈ কালভাৰ্ট সজা হৈছে৷ বিপৰীত ফালৰ পৰা মানুহ কিছুমান খোজ কাঢ়ি অহা দেখা
পাইছোঁ৷ সেইবোৰ ম্যানমাৰীয়ে হ’ব নিশ্চয়৷ সীমান্তৰ সিপাৰৰ পৰা এইপাৰৰ নামপঙলৈ আহিছে৷ ফেষ্টিভেল চাব, বজাৰ কৰিব,
নিজ দেশলৈ ঘূৰি যাব৷ মহিলা কেইগৰাকীমানক পিঠিত হোৰা লৈ গাম বুট পিন্ধি জংঘলৰ পৰা ওলাই
অহা দেখিলোঁ৷ অকাই-পকাই নগৈ তেওঁলোকে শ্বৰ্টকাট মাৰিছে৷ হাতত লাখুটি, মুখত হাঁহি৷ প্ৰাণখোলা হাঁহিয়ে আমাকো
উৎসাহিত কৰিলে আৰু আগ বঢ়াৰ সাহস দিলে৷ অন্য গাভৰু দুজনীমানো পালোঁ৷ গালত বগা বগা
কিবা সানি আহিছে৷ ৰাজু গগৈয়ে প্ৰশ্ন তুলিলেই, ‘কি বস্তু সেইটো, মুখতযে লগাইছে?’ ‘কেনেকৈনো কওঁ বাৰু? আগে-পাছে দেখা
নাই৷ ওচৰত পালে সুধি-পুচি ক'ম বাৰু আপোনাক৷’ পংকজ দাসৰ সৰল উত্তৰ৷
নামপঙতকৈ ইতিমধ্যে আমি যথেষ্ট উচ্চতাত আৰোহণ
কৰিছোঁ৷ বাঁওহাতে মুকলি৷ বলেৰ'খন বীৰেন্দৰে ধীৰে-সুস্থিৰে চলাইছে৷ আগে আগে সিখন গাড়ী৷ সেইখনো
একেই, ধীৰে ধীৰে৷ বোকাত পিছল খোৱাৰ আশংকাত সকলো গাড়ীৰ চালকেই বিশেষ সাৱধানতা অৱলম্বন কৰাটো মন কৰিছোঁ৷ ৰ’দ পৰি জিলিকি উঠিছে পূবৰ গিৰিকন্যা
পাটকাইৰ লানিবোৰ৷ দূৰ দিগন্তব্যাপী স্পষ্ট হৈ দেখা দিছে৷ গাড়ীৰ পৰাই কেমেৰা টোঁৱাই যি পাৰোঁ ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ৷ পৰ্বতৰ বক্ষত হেলিপেড এটা
থকা যেনো লাগিছে৷ কোনোবা এজনে ক’লে, ‘সেয়া নামপং৷’ তাৰ মানে ইমান পৰে আমি বহুত ওপৰলৈ
উঠিলোঁ৷ ইফালে পাংচু পাছ আছে সমুদ্ৰ পৃষ্ঠৰ পৰা ৩,৭২৭ ফুটত৷ আমি সিমানখিনি পৰ্যন্ত আৰোহণ কৰিব লাগিব৷
অসম ৰাইফলছৰ নামপং তালাচী চকীৰ পৰা আধা ঘণ্টামান সময় যাত্ৰা
কৰা হ’ল৷ এঠাইত ৰাস্তাটো দুভাগ হোৱা
দেখা পালোঁ৷ ম্যানমাৰ অভিমুখী গাড়ীবোৰ বাঁওহাতে গৈছে৷ মোৰ অনুমান, ঘূৰি আহোঁতে
সোঁহাতেদি আহিম চাগৈ৷ আমি আগৰ গাড়ীক অনুসৰণ কৰি আছোঁ৷ মুখৰ আগত গেলগেলীয়া বোকা-পানী
এডৰা৷ ৰাস্তাটো একেবাৰে পাহাৰৰ গাতে লাগি আছে৷ সেয়েহে বৰষুণৰ পানী জমিছে৷ বোকা ফালি
বলেৰ’ আগ বাঢ়িল৷ চাপৰ গাড়ীৰ চালকবোৰৰ বাবে এলেকাটো পাৰ হোৱাটো নিশ্চয়কৈ চিন্তা
কৰিবলগীয়া কথাই হ’ব৷ পিছফালে ঘূৰি চালোঁ৷ গাড়ীবোৰ আহি আছে৷
ষ্টীলৱেল পথেৰে ইমান পৰে নামপঙৰ পৰা প্ৰায় ১০ কিল’মিটাৰ পথ অতিক্ৰম কৰিছোঁ যেন লাগিছে৷ আহল-বহল কেঁকুৰি এটাতে সেনাৰ জোৱানে গাড়ী ৰখাবলৈ ইংগিত দি আছে৷ আমাকো দিলে৷ বলেৰ’খন ৰৈ গ’ল৷ সন্মুখত ইফালে সিফালে ৰৈ থকা অৱস্থাত অসংখ্য গাড়ী দেখা গৈছে৷ বিভিন্ন জাতৰ গাড়ী৷ বাইক, স্কুটী লৈও আহিছে অনুসন্ধিৎসু মানুহ৷ কৌতূহল, অনুসন্ধিৎসাক কোনে ঢাকোন দিব পাৰে? চালক বীৰেন্দৰে আমাৰ গাড়ীখন একাষে পাৰ্ক কৰিলে৷ কৰ্তব্যত থকা জোৱান এজনে হিন্দীতে ক'লে, 'ইয়াৰ পৰা গাড়ী নিব নোৱাৰিব৷ খোজ কাঢ়ি যাব পাৰিব৷' যি বা আজ্ঞা৷ নিৰ্দেশ পালন কৰি আমি গাড়ী এৰিলোঁ আৰু পদচালনা আৰম্ভ কৰি দিলোঁ৷ বাঁওহাতলৈ ঘূৰা কেঁকুৰিটোৰ আগলৈ একো নেদেখি৷ পদে পদে কেৱল উৎকণ্ঠা৷ (আগলৈ)
No comments:
Post a Comment