Thursday, 15 February 2018

তৃতীয় দিন, অংশ-

প্ৰকৃতিৰ কোলাত আপোনমনে বাস কৰা টাংচাসকলৰ জীৱন-প্ৰণালী খুবেই বৰ্ণময়৷ এইটো সঁচা যে সময়ৰ পাকচক্ৰত আধুনিক শৈলীৰ সৈতে তেওঁলোকৰ সংস্পৰ্শও নঘটা নহয়৷ হলেও নিজৰ পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষণ আৰু আদৰ কমা নাই৷ পি.পি.ডব্লিউ.এফ.ক লৈ টাংচা বস্তিত আমি দেখা পোৱা উৎসাহ-উদ্দীপনাই তাৰ প্ৰমাণ বুলিব পাৰি৷

ৱাননেমহঁতক ফিল্ডত নমাই বীৰেন্দৰ আহি পালে৷ কালক্ষয় নকৰি আমাৰ দলটো গাড়ীত বহিলোঁ৷ জাংখঙো আছে আমাৰ সৈতে৷ স্থানীয় এজন থাকিলে ভাল লাগিব৷ জাংখঙৰ মূৰত পি.পি.ডব্লিউ.এফ.২০১৩ৰ এমব্লেম অংকিত বগা টুপী৷ গাত টাংচা পৰম্পৰাগত জেকেট৷ টুপীটো দেখি মোৰো ইচ্ছা জাগিছে, তেনেকুৱা এটা পোৱা হলে! মোৰ টুপীটো কলা-বগা যদিও কলা ৰঙৰহে আধিক্য৷ কলাত বগাৰে লিখা আছে Dream Big!!

নাজঙকো লগ ধৰিছিলোঁ, একেলগে যাওঁ বলক বুলি৷ তাই কলে, ঘৰ-দুৱাৰ সামৰি অলপ পাছতহে ওলাব পাৰিম৷ ওচৰৰ মহিলাসকলৰ সৈতে তাই খোজ কাঢ়িয়ে যাম বুলি কলে৷ গাড়ীখন পঠাই দিম নেকি বোলোঁতে নালাগে নালাগে বুলি বাধা দি উঠিল৷ গাড়ী-মটৰৰ প্ৰতি বৰ এটা আকৰ্ষণ নাই৷ নিজৰ ভৰি দুখনৰ ওপৰত কিন্তু বিশ্বাস প্ৰৱল৷ প্ৰকৃতিৰ সন্তান৷ তেনেকৈয়ে ভ্ৰমি ভাল পায়৷ নাজঙে তেনেকৈ কোৱাত মন নোযোৱা সত্ত্বেও তাইক এৰি আমি সাজু হলোঁ৷ কৌতূহলী মানুহকেইটাক পেটত ভৰাই বলেৰখন লাহে লাহে তললৈ নামিব ধৰিলে৷ ৱিমচামৰ চোতাল পাওঁতে মন কৰিলোঁ, হাৰ্বাৰ্টৰ টাকচনখন নাই! তাৰ মানে টীম-বি ওলাই গলেই! এনেয়েও অৰুণদা এনেবোৰ অনুষ্ঠান চোৱাত চূড়ান্ত আগ্ৰহী৷ অন্য সময়ত এলাহ কৰিলেও এইবোৰ এৰাত নাই৷ সেয়েহে আগে-ভাগে গৈ এতিয়ামানে উৎসৱথলীত পিটপিটাই ফুৰিছে চাগৈ৷ তাতে লগ পাম নিশ্চয়৷

নংকি বস্তিৰ পৰা ওলাই আহি ষ্টীলৱেল ৰডত উঠিলোঁ৷ আগুৱাই গৈ আছোঁ৷ ৰাস্তাটো বহলকৈ সাজি থকা হৈছে৷ পকীকৰণ এতিয়াও হোৱা নাই৷ ধূলি নাইকিয়া কৰিবলৈ পানী ঢলা হৈছে৷ ফেষ্টিভেল গ্ৰাউণ্ড নৌপাওঁতেই বাঁওহাতে ইণ্ডো-ম্যানমাৰ ফুড ষ্টল এখন৷ উৎসৱ উপলক্ষে অস্থায়ীভাৱে বহুৱা হৈছে৷ তাৰ সমীপতে দায়িত্ববাহী দুই স্বেচ্ছাসেৱকে আমাক ৰখালে৷ ফেষ্টিভেল চাবলৈ আহিছোঁ বুলি কোৱাত জনালে, পাৰ্কিং এৰিয়াটু ওপৰতে হৈছে৷ গাড়ীটু উ তাতে ৰাখি দিব৷ ফিল্ডৰ বিপৰীতে সোঁহাতে ধূলি উৰুৱাই আমাৰ গাড়ীখন উঠি গল পাহাৰ বগাই৷ বাহনখন যথাস্থানত এৰি পাৰ্কিং চাৰ্জৰ নামত টকা পঞ্চাশটা পৰিশোধ কৰি এইবাৰ আমি খোজ ললোঁ নামনিত থকা সুদৃশ্য উৎসৱথলীলৈ৷

পোনে পোনে নোসোমাই প্ৰথমে ওপৰৰ পৰা দৃশ্যৰাজি চোৱাৰহে হাবিয়াহ জন্মিল৷ দূৰৰ পৰাই দেখা গৈ আছে, ষ্টীলৱেল পথৰ দুপাৰে মূল প্ৰৱেশদ্বাৰৰ আশে-পাশে বিভিন্ন জাতৰ গাড়ীৰ লানি৷ ৰঙা ফ্লেগ লগোৱা এছকৰ্ট পাৰ্টী, ৰঙা লাইট সংযুক্ত ভি.আই.পি.ৰ স্কৰপিঅ, সেউজীয়া পতাকা উৰি থকা পুলিচৰ বলেৰ, নীলা লাইট লগোৱা ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ চুম, নামফলকযুক্ত চৰকাৰী জীপচি আদি শাৰী পাতি অৱস্থানৰত৷ তাৰ মানে উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰিত চৰকাৰী অতিথিবৃন্দ ইতিমধ্যে বিৰাজমান হলেই! ৰৈ থকা দুশাৰী গাড়ীৰ মাজেদি নামপঙলৈ অহা-যোৱা কৰা অন্য বাহন আৰু মানুহৰ আহ-যাহ চলিছে৷ বাধা নাই৷ লোকে-লোকাৰণ্য হৈ পৰিছে পি.পি.ডব্লিউ.এফ. থলী৷

বিহংগম দৃষ্টিপাতেৰে পোনপ্ৰথমে উৎসৱথলীৰ চৌদিশ নিৰীক্ষণ চলিছে৷ কোনফালে কি আছে প্ৰত্যেকে তাৰে উমান লৈছোঁ৷ কালি আহোঁতে দেখা তৰা আকৃতিৰ বাঁহৰ তোৰণখনৰ সিপাৰে বৃহৎ চামিয়ানা৷ তাৰ সিপাৰে ৰঙা দলিচা পৰা গোলাকাৰ মুকলি মঞ্চ এটা৷ তাৰ সিপাৰে ওখকৈ মূল মঞ্চ৷ কাষতে বাওঁহাতে সাংবাদিকৰ বাহৰ, সোঁহাতে ছোঁঘৰ৷ কফি হাউচ আৰু প্ৰদৰ্শনী থলীও আছে৷ বাঁহ আৰু জেঙু পাতেৰে সজা ভালেমান ঘৰ, চাংঘৰ আদিও দেখা গৈছে৷ পৃষ্ঠপটত অৰণ্য আৰু পৰ্বত৷ আমাৰ তিনিবৰণীয়া জাতীয় পতাকাৰ ঠাঁচত গেৰুৱা, শুকুলা আৰু শ্যামলৰঙী এগালমান বেলুন আন এসোপা মিশ্ৰিত ৰঙৰ বেলুনৰ সৈতে থূপ খুৱাই বান্ধি ৰাখিছে৷ তাৰ বাদেও আৰু এগালমান বেলুন কাষতে সাজু কৰি ৰখা হৈছে৷ ফিল্ডখনৰ মাজতে এঠাইত বাঁহেৰে সজা লাইটিং টাৱাৰ এটা৷ সোঁফালে দুচলীয়া ঘৰ কিছুমান৷ তোৰণৰ চাঙৰ ওপৰত এফালে অৰুণাচলী নাৰী, আনফালে অৰুণাচলী পুৰুষৰ চিত্ৰ দুখন৷ বাঁহেৰে দেখনিয়াৰভাৱে ফ্ৰেমিং কৰি সজাইছে৷ চামিয়ানাৰ চৌপাশে ওলমাই ৰখা ফ্লেক্সবিলাকতো অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ ছবি৷ দৃশ্যপট দেখি চকুবোৰ ডাঙৰ ডাঙৰ হৈ পৰিছে আমাৰ৷ বাঁহৰ কাম দেখি তবধ মানিছোঁ৷

আমি ওপৰেৰেই খোজ কাঢ়ি চাই চাই যাব ধৰিছোঁ৷ ৰৈ ৰৈ ফটো তুলিছোঁ৷ চামিয়ানাই ঢাকি ধৰাত দেখাত স্পষ্ট নহব বুলি জানিও মানুহ কিছুমানে এইফালে ওপৰতো অৱস্থান লৈছে৷ হলঘৰ এটাৰ আগেদি গৈ আছোঁ৷ ভিতৰত উৎসৱলৈ অহা মানুহ ঠাহ খাই আছে৷ অচিনাকি বাদ্যযন্ত্ৰ কিছুমানৰ মাত ভাহি আহিছে৷

ঘৰটোৰ কাষতে ম্যানমাৰী পোহাৰীয়ে মুকলি আকাশৰ তলত মাটিত পলিথিন পাৰি দোকান মেলিছে৷ জনতাৰ ভিৰ৷ অবুজ ভাষাত দাম-দৰ চলিছে৷ দা-কটাৰী আৰু বিভিন্ন জোখৰ চাইনিজ যুদ্ধ-তৰোৱাল আকৰ্ষণৰ প্ৰধান বস্তু৷ হট কেকৰ দৰে বিক্ৰী হৈছে তৰোৱাল৷ ইয়ালৈ অহাৰ স্মাৰক হিচাপে এখন লগত লৈ যাবলৈ মানুহবোৰে আজিয়েই উথপথপ লগাইছে৷ মেখেলা, বেগ, বিস্কুট, আন খোৱা-বস্তু কিছুমানো ওলাইছে৷ দোকানী মহিলাগৰাকীৰ তামৰঙী গাল দুখনলৈ চালোঁ৷ পাউদাৰ সদৃশ নাম নজনা কিবা দ্ৰব্যৰ প্ৰলেপ ডাঠকৈ লগাই ৰাখিছে৷ সৌন্দৰ্য চৰ্চা নে আন কিবা কথা আছে, গম নাপাওঁ৷

ম্যানমাৰ আৰু ভাৰতীয় কৰ্তৃপক্ষৰ সন্মতিসাপেক্ষে বছৰৰ নিৰ্দিষ্ট সময়ত আকৰ্ষণীয় আৰু সমৃদ্ধ ৰূপত পি.পি.ডব্লিউ.এফ. পালন কৰি অহা হৈছে৷ দুয়োখন দেশৰ সাংস্কৃতিক দলে ইয়াত অংশ গ্ৰহণ কৰে৷ মেলাও বহে৷ অনেক ঠাইৰ পৰা অনেক পৰ্যটক আহি ভিৰ কৰেহি৷ অঞ্চলটো আৰু উৎসৱথলীৰ প্ৰাকৃতিক দৃশ্যৰাজি আৰু সাজ-সজ্জাই মানুহক আকৰ্ষণ কৰে৷ আমাকো কৰিছে৷

আৰু অকণমান আগুৱালত এঢলীয়া এটাৰে ষ্টীলৱেল পথলৈ নামিব পাৰিলোঁ৷ ৰাস্তাটো অতিক্ৰম নকৰি কাষে কাষে আগুৱাই গৈ আছোঁ, সেইফালেনো কি আছে চাই লওঁ বুলি৷ পাছত অনুষ্ঠান আৰম্ভ হলে ওলাব নোৱাৰা হম চাগৈ৷ তেতিয়া এইবোৰ চাবলৈ থাকিয়ে যাব৷ সেয়ে আৰম্ভণিতে ঘূৰা-পকা কৰি লৈছোঁ৷

বগা আৰু নীলা, দুইৰঙী কাপোৰেৰে দীঘলীয়াকৈ দি ৰখা ফেষ্টিভেল গ্ৰাউণ্ডৰ সীমাটো যত শেষ হল তাৰ দাঁতিৰে বাঁৱে ঘূৰি ৰাস্তা এটা সোমাইছে৷ ঐতিহাসিক পথটো অতিক্ৰম কৰি সেইফালে সোমালোঁ৷ পথৰ সোঁকাষে টিনপাত দিয়া মাৰ্কেট শ্বেড৷ নীলা ফলকত লিখা আছে Women Anchal Market Ph-I, Nampong, Constructed under D.O.T.C., 2005-06, Agency : PHE & W/S Deptt.৷ ইয়াত গৰম কাপোৰৰ বজাৰ বহিছে৷ কাশ্মিৰী শ্বল, চুৱেটাৰ, জেকেট, কম্বল ইত্যাদি বিক্ৰী কৰা হৈছে৷ কাষতে চামৰাৰ বেগ, টুপী আদিও ওলাইছে৷ মুখমণ্ডল চাই ধৰিব পাৰিলোঁ যে এইসকল বাহিৰৰ পৰা অহা বেপাৰী৷ আৰু আগলৈ যাওঁতে নামপঙৰ St. Paul Parish পালোঁ৷

গীৰ্জাটো পাৰ হৈ মূল মঞ্চৰ ফালে ঘূৰি আহি থাকোঁতে জনজাতীয় গাঁও এখনত সোমাই পৰা যেনেই লাগিল৷ সিফালে ঘোষিকাই ঘোষণা কৰি আছে৷ পি.পি.ডব্লিউ.এফ.২০১৩ৰ উদ্বোধনী কাৰ্যসূচী আৰম্ভ হোৱাৰ সময় সমাগত৷ ১১ বাজিবৰ হ'ল৷ টাংচা, ৱাংচু, তিখাক, নক্টে, নাগা হাট ১৮ আছাম ৰাইফলছ, লিচু, মনপা, খামতি, গাল, চিংফৌ, নিচি, আপাতানি, টুটচা আদি বিভিন্ন জনগোষ্ঠীৰ চাংঘৰসমূহৰ ফাঁকে ফাঁকে খৰকৈ পদচালনা কৰি চামিয়ানাৰ সমীপ ওলালোঁহি৷ বৰ্ণময় পৰিৱেশ আৰু আয়োজনৰ বিশালতা দেখি আমাৰ চকু থৰ হল৷


No comments:

Post a Comment