তৃতীয় দিন, অংশ-২
প্ৰাতঃভ্ৰমণৰ নামত অচিনাকি জেগাকণ ঘূৰি-পকি আহি পাকঘৰৰ জুইৰ গুৰিত বহাৰ লগে লগে নাজঙে চাহ-বিস্কুট দিলে৷ চিন্তা কৰিলোঁ, গাটো আগে-ভাগে ধুই লোৱাই বুদ্ধিমানৰ কাম হ’ব৷ সোমালোঁগৈ বাথৰুমত৷ দেখিলেই ক’ব পাৰি যে বাঁহৰ ডবল বেৰেৰে আগুৰা গা ধোৱা ঘৰটো এইকেইদিনতে সজা হৈছে৷ তলখনত ঘূৰণীয়া আকাৰৰ শিলগুটি এগালমান৷ একোণত BitChemৰ নীলা ৰঙৰ ওখ ড্ৰাম এটা আছে৷ ৰবৰৰ পাইপ এডালেৰে পানী আহি ড্ৰামটোত পৰে৷ তক্তা এছটা তাঁৰৰ সহায়ত বেৰত ওলমাই ৰাখিছে৷ তাতে নতুন লাক্স চাবোন, ভোলৰ জাল আদি থৈছে৷ দৰজা আছে যদিও ওপৰত মুকলি আকাশ৷ পি.পি.ডব্লিউ.এফ.ৰ সময়ত হ’মষ্টে’লৈ আহিবলগীয়া আলহীৰ বাবে কৰি দিয়া ব্যৱস্থাপনাটো দেখি সৰু কালৰ আমাৰ বাথৰুমটোলৈ মনত পৰি গ’ল৷ অনুৰূপ ধৰণৰে আছিল সেই যুগত৷

দৃশ্যটোৱে মোক শৈশৱ-কৈশোৰলৈ ঘূৰাই লৈ গ’ল৷
এনেয়েও মুকলিত গা ধুইহে মজা লাগে, এতিয়াও৷ ‘পানী ক’ৰ
পৰা আহে?’ সোধাত জাংখঙে জনালে যে পাহাৰৰ ওপৰত সৰু জলপ্ৰপাত এটা
আছে৷ তাত বান্ধ দি থোৱা হৈছে৷ মধ্যাকৰ্ষণ বলৰ জৰিয়তে উক্ত উৎসৰ পৰা পাইপৰ মাজেৰে
পানী আহি এইখিনি পাইছে৷ এতিয়াও জাংখঙে কানেকচনটো দি দিয়াৰ লগে লগে আহি গ'ল৷ পানীৰ অভাৱ নাই ইয়াত৷ অহৰহ ওলায়েই থাকে৷
ঠাণ্ডা পানীৰেই ঠিকছে গা ধুলোঁ৷ আমাৰ ঘৰতো একালত এইদৰেই গা ধুইছিলোঁ, পোনে পোনে
পাইপেৰে৷ অতীতৰ সেই আনন্দ, সেই মুহূৰ্তটো নংকি বস্তিলৈ আহি যেন ঘূৰাই পালোঁ!
বাথৰুমৰ পৰা ওলাই চাঙলৈ বুলি আহি থাকোঁতেই শুনা পালোঁ, ৰাজু গগৈয়ে গৰম পানীৰ
বাবে নাজঙক সোধা-পোছা কৰি আছে৷ তেওঁক গৰম পানী লাগে, গা ধুবলৈ৷ কথাটো বুজি পাই সকলোৱে শুনাকৈ ডাঙৰ ডাঙৰকৈ ঘোষণা
কৰি দিলোঁ… ‘কাকো গৰম পানী নিদিব দেই বাইদেউ৷
ইয়াত সবেই পাইপৰ পানীৰেই ধুব লাগিব৷ গৰম পানীৰ কাৰবাৰ নংকি বস্তিত নাই৷’
তাকে শুনি অতপৰে ঢাকি ৰখা কাণ-মূৰ উলিয়াব নোখোজা পংকজ দাসৰো মুখমণ্ডলত চিন্তাৰ চাপ বিৰিঙি উঠা দেখা
গ’ল৷ সঞ্জু কিন্তু সাহসী৷ মোৰ পাছত গা ধুবলৈ তেওঁ সোমাল৷
স্নানৰ আগে আগে দাঢ়িকেইডাল খুৰাই মিলমিলীয়াটি হৈ ল’লে৷ উদ্বোধনী অনুষ্ঠানৰ কথা আছে৷ অৰুণাচলৰ সুন্দৰতাৰ সমাৱেশ ঘটিব তাত৷
No comments:
Post a Comment