চতুৰ্থ দিন, অংশ-৪
দুটা পুৰণি পথ, লিডু ৰ'ড আৰু লাশ্বিয়-কুনমিং বাৰ্মা ৰ'ড৷ তিনিখন চুবুৰীয়া ৰাষ্ট্ৰ, ভাৰত, ম্যানমাৰ আৰু চীন৷ এজন ৰূপকাৰ, ভিনেগাৰ জ'৷ মাটি আৰু মানুহৰ অলেখ স্মৃতিবিজড়িত ষ্টীলৱেল পথৰ জন্ম-কাহিনী আমি কিতাপে-পত্ৰই পাইছোঁ৷ পঢ়ি
আলোড়িত হৈছোঁ৷ এতিয়া এই বয়সত ভাৰতীয় অংশকে ধৰি ম্যানমাৰৰো একাংশ নিজৰ পদযুগলেৰে ভ্ৰমিবলৈ সোণালী সুবিধা লভিছোঁ, নামপঙত আয়োজিত পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেললৈ অহাৰ সুযোগতে৷ তাকে সোঁৱৰোঁতে অাৰিফ ছিদ্দিকী, মানৱাং ৱাংচাহঁতৰ মুখবোৰ চিনেমাৰ ৰীলৰ দৰে চকুৰ সন্মুখলৈ আহিব ধৰিলে৷ (আগলৈ)
এইটো এলাপেচা ৰাস্তা নহয়৷ মানৱ ইতিহাসত সবাতোকৈ বৃহৎ সংঘাত বুলি পৰিগণিত দ্বিতীয়
বিশ্বযুদ্ধৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্ক আছিল এই পথটোৰ৷ মহাসমৰৰ প্ৰেক্ষাপটত অপৰিসীমভাৱে গুৰুত্বপূৰ্ণ হৈ উঠা পথটোৰ সেই কালত
নিৰ্মাণ-ব্যয় ধাৰ্য কৰা হৈছিল ইউ.এছ. ডলাৰ ১৫০ মিলিয়ন৷ ১৯৪২ চনৰ ১ ডিচেম্বৰত ইংৰাজ আৰু আমেৰিকানৰ মাজত চুক্তি সম্পাদিত হোৱাৰ পশ্চাৎ লিডুৰ কাষৰীয়া
লেখাপানীৰ জিৰ’ পইণ্টৰ
পৰা কাম আৰম্ভ কৰা হৈছিল৷ যুদ্ধকালীন ক্ষিপ্ৰতাৰে কুনমিঙলৈ আগুৱাই ১৯৪৫ চনৰ মে’ মাহৰ ২০ তাৰিখে নিৰ্মাণ কাৰ্য সমাপ্ত হোৱাৰ ঘোষণা কৰিছিল তদানীন্তন Chief of the Engineer Major General Lewis A. Pickএ৷ প্ৰকল্পটোৰ মুখ্য উদ্দেশ্য আছিল জাপানীক বাৰ্মাৰ
পৰা আঁতৰাই পঠিওৱা৷
মহাযুদ্ধৰ পাছৰ এবছৰলৈকে ৰাস্তাটোৰ চোৱা-চিতা কৰা
হৈছিল৷ লাহে লাহে কামত নলগা হৈ থাকিল৷ গুৰুত্বহীন হোৱাৰ ফলত জংঘলে আৱৰি ধৰিলে৷ ধীৰে
ধীৰে পাহৰণিৰ গৰ্ভত জাহ যাবলৈ আৰম্ভ কৰিলে৷ মানুহে পাহৰিয়ে থাকিল যে ‘The road was named in honour
of General Joseph W. Stilwell, special representative of the President of the
United States and Deputy Supreme Commander of the Allied Forces in South East
Asia Command.’ জিৰ’ পইণ্টৰ ষ্টীলৱেল পাৰ্কৰ ফলকত এইদৰে লিখি ৰখা আমি সিদিনা আহোঁতে দেখি আহিছোঁ৷ ১,৭২৬ কিল'মিটাৰ দৈৰ্ঘৰ ৰাস্তাটোৰ ৰূপকাৰ জেনেৰেল ষ্টীলৱেলৰ সন্মানাৰ্থে চীনা উচ্চ সামৰিক বিষয়া মাৰ্শ্বাল
চিয়াং কাই-শ্বেকে পথটোক 'ষ্টীলৱেল পথ' নামকৰণৰ প্ৰস্তাৱ দিছিল৷ সেই অনুসৰি ১৯৪৫ চনৰ পৰাই এই পথটো ষ্টীলৱেল পথ বুলি পৰিচিত হৈ আহিছে৷
ব্ৰিটিছ-আমেৰিকানে নিৰ্মাণ নকৰা হ’লে ভাৰত-ম্যানমাৰে আজিৰ তাৰিখতো
এনে পথ নিৰ্মাণ কৰিব পাৰিলেহেঁতেননে নাই তাত সন্দেহ আছে৷ সদ্যহতে আমাৰ চকুৰ আগলৈ আহিছে
ৰাস্তাটোৰ জৰাজীৰ্ণ ৰূপটো৷ শিলগুটি, কেঁচামাটিৰ ওপৰেৰে চলিছে দুভৰি৷ নামপঙলৈ পাংচু
পাছ ৱিণ্টাৰ ফেষ্টিভেল চাবলৈ অহা জাক জাক মানুহে আজি এইবাটে খোজ পেলোৱাৰ সুযোগ লৈছে৷ আমিও তাৰ মাজৰে নগণ্য পদযাত্ৰী৷ নিশাৰ
বৰষুণজাকৰ বাবে ধূলি উৰা নাই যেনিবা৷ আংকল জ’ই হাজাৰজনৰ ত্যাগেৰে নিৰ্মাণ কৰি থৈ যোৱা এইটোৱে ঐতিহাসিক ষ্টীলৱেল পথ যাৰ পৰশ
এয়া গাড়ীৰ পৰা নমাৰ লগে লগে পালোঁ৷ পাই গৰ্বিত হ'লোঁ৷ এইখিনিলৈ উভতি নহা পৰ্যন্ত দিনটোলৈ পায়ে থাকিম
বুলি ভাবি অন্য এক ধৰণৰ আনন্দও নলগা নহয়৷ এতিয়া পিছে আগ বঢ়াৰ সময়৷
দ্বিতীয় মহাসমৰৰ ধামখুমীয়াত, যুদ্ধকালীন ক্ষিপ্ৰতাৰে
এই পথ সাজোঁতে প্ৰয়োজন হৈছিল ১৫,০০০ আমেৰিকান সৈনিকৰ লগতে ৩৫,০০০ থলুৱা লোকৰ৷
নিৰ্মাণকাৰী সন্মিলিত বাহিনীৰ কৰ্মদলত আছিল স্কট্ছ, আইৰিছ, ইংলিছ, ৱেল্ছ, অষ্ট্ৰেলিয়ান, ইণ্ডিয়ান,
গোৰ্খা, বাৰ্মিজ, আফ্ৰিকান, চাইনিজ আদি মূলৰ লোক৷ সামৰিক পথ যদিও কামৰ দায়িত্বত ইণ্ডিয়ান আৰ্মী, আছাম ৰাইফলছৰ মানুহৰ উপৰি অসামৰিক লোকো আছিল৷ তাৰ মাজত আছিল চাহ বাগিচাৰ বনুৱা, ভাৰতৰ বিভিন্ন
ঠাইৰ পৰা অনা শ্ৰমিক, চীনা বনুৱা, স্থানীয় চিংফৌ, নেপালী, কছাৰী, নৰা, খাময়্যাং, টাই ফাকে, খামতি, য়াপাদাম, থিনয়ং, পাংগি, গালং লোকেৰে
গঠিত আবৰ বাহিনী, গাৰো, প্নাৰ, ছেমা নগা, মিজো, মিচিমি শ্ৰমিক৷ তত্ত্বাৱধানত অসম
ৰাইফলছৰ চৰ্দাৰ ৰত্ন বাহাদুৰ লিম্বু৷ কোনো কোনো সময়ত ২০০টা বিভিন্ন
ভাষা তথা দোৱান ব্যৱহাৰ কৰা শ্ৰমিক-বিষয়াই একেলগে কাম কৰিছিল৷ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ
সৈতে জড়িত আছিল তেওঁলোকৰ মান-সন্মান, হাঁহি-কান্দোন, বুভুক্ষু বেদনা, কৰাল আৰ্তনাদ
আদি৷ দীঘলীয়া কাহিনী আছে ষ্টীলৱেল পথৰ৷ ইয়াকে উপজীৱ্য হিচাপে লৈ কোনো কোনোৱে কিতাপেই লিখি উলিয়াইছে৷
আধুনিক সভ্যতাৰ পৰশ পিছৰ
কথা, জনবসতিশূন্য আদিম ঘন অৰণ্যৰে গহীন আছিল সমস্ত এলেকাটো৷ বেগৱতী, উচ্ছল, চঞ্চলা-চপলা
পাহাৰীয়া জান-জুৰি, নৈ-নিজৰাৰ অনৰ্গল বিধি-পথালিৰ উপৰি পাহাৰ-পৰ্বত, নেৰানেপেৰা বৰষুণ,
কোমল মাটি, খহনীয়া, বোকা, সেমেকা জলবায়ু, বনৰীয়া জীৱ-জন্তু, বিষাক্ত পোকৰ উপদ্ৰৱ,
মেলেৰিয়া, টাইফইড, ডিছেণ্টেৰী, নিউমোনিয়া আদিৰ উপৰি অচিন ৰোগৰ তীব্ৰ প্ৰত্যাহ্বান আছিল পদে পদে৷ তেনেস্থলত পথটোৰ
নিৰ্মাণৰ কালছোৱাত প্ৰতি কিল’মিটাৰত
এজনকৈ সৈনিক বা বনুৱাৰ মৃত্যু আছিল ধৰা-বন্ধা৷ শ্ৰমিকসকলৰ বাবে ৰাস্তাটো
সদায়েই হৈ পৰিছিল আতংকৰ কাৰণ৷ অভিশপ্ত পথটোক কোৱা হৈছিল ‘Man a mile road’৷ অনেকজন
শ্ৰমিক-বনুৱা-গিৰ্মিটীয়াৰ লগতে ১,১০০ সংখ্যক আমেৰিকান সৈনিকৰো মৃত্যু ঘটিছিল পথ নিৰ্মাণত
সন্মুখীন হোৱা হাজাৰ প্ৰতিকূলতাৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ৷
১৯৪৫ চনৰ অক্টোবৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰই ষ্টীলৱেল পথটো চৰকাৰীভাৱে পৰিত্যাগ কৰে৷ দীৰ্ঘ দিন ধৰি পৰিত্যক্ত হৈ থকাত পথটো ব্যৱহাৰৰ
তেনেই অনুপযোগী হৈ পৰাটো আগলৈ গৈ থাকোঁতেই আমি ধৰিব পাৰিছোঁ৷ পি.পি.ডব্লিউ.এফ.ৰ
অচিলাতে এতিয়া দেখিছোঁ কিছু কাম হৈছে৷ অন্ততঃ আমি খোজকেইটা দিব পাৰিছোঁ৷ লিডুৰ পৰা
পাংচু পাছলৈকে অধিকাংশ এলেকাই পাহাৰীয়া৷ বিশেষকৈ জয়ৰামপুৰৰ পৰা৷ ভাৰত ভূখণ্ডৰ অন্তৰ্ৱৰ্তী
এইছোৱাৰ দূৰত্ব ৬১ কিল’মিটাৰ৷ অসমত ৩০ কিল’মিটাৰ, অৰুণাচল প্ৰদেশত ৩১ কিল’মিটাৰ৷ পাংচু পাছৰ পৰা আগলৈ পথটো অতি একা-বেঁকা, পাহাৰীয়া আৰু ওখোৰা-মোখোৰা
বুলি পঢ়িবলৈ পাইছিলোঁ৷ ম্যানমাৰ খণ্ডৰ দূৰত্ব ১,০৩৩ কিল’মিটাৰ৷ তাৰ পাছতে চীনত প্ৰৱেশ কৰি
য়ুন্নান প্ৰভিন্সৰ কুনমিং পাইছেগৈ৷ চীনত ৬৩২ কিল’মিটাৰ৷ এতেকে কিল’মিটাৰ হিচাপত পথটোৰ মুঠ দূৰত্ব ১,৭২৬৷
No comments:
Post a Comment