দ্বিতীয় দিন, অংশ-১৮
ট্ৰেভেল মেগাজিন Lonely
Planetএ চলোৱা অধ্যয়ন আৰু সমীক্ষাত ২০১২ চনৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ ১০টা পৰ্যটক লক্ষ্যস্থলৰ
তালিকাত অৰুণাচল প্ৰদেশ চতুৰ্থ বুলি বিবেচিত হৈছে৷ Coastal Wales, Central Americaৰ
La Ruta Maya, Northern Kenyaৰ পাছতে অৰুণাচলৰ স্থান৷ অন্য এখন ট্ৰেভেল মেগাজিন
Outlook Travellerৰ বিচাৰত ৰাজ্যখনে Favourite Upcoming Destination হিচাপে সৰ্বাধিক
ভোট লাভ কৰিছে৷ আমাৰ বাবে এয়া অতিশয় উৎসাহজনক খবৰ৷ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম সূৰ্যোদয়ৰ ৰাজ্য, আমাৰ চুবুৰীয়া প্ৰদেশ অৰুণাচলৰ চুক-কোণ ভ্ৰমি শেষ কৰিবলৈ মোৰ এতিয়াও বহুতখিনিয়ে বাকী৷ অৰুণাচলৰ সৰ্বদিশ দৰ্শনক এটা জীৱনজোৰা পৰ্যটন বুলি কোৱা হয়৷ পি.পি.ডব্লিউ.এফ.ৰ সুযোগতে এইবাৰ এইদিশে আহিছোঁ৷
পাংচু পাছ শীতকালীন সমাৰোহৰ সুবাদতে জয়ৰামপুৰ-নামপং-পাংচু পাছক
টুৰিষ্ট চাৰ্কিট হিচাপে মুকলি কৰাৰ বাবেও প্ৰচেষ্টা চলি আছে৷ নামদফা-মিয়াওঁৰ সৈতে সংলগ্ন কৰাৰ কথা ভবা হৈছে৷ আমি আজি ধূলি-ধূসৰিত অৱস্থাত পাই অহা ষ্টীলৱেল ৰাস্তাটোৰ নিৰ্মাণ কাৰ্য
সম্পূৰ্ণ হৈ গ’লে নামপঙৰ শ্ৰী-চেহেৰাই সলনি হৈ যাব৷ অৱশ্যে এতিয়াও আমাৰ ঘৰৰ আগত গাড়ীত বহিলে এইখন ঘৰৰ চোতাল ওলাবহি পাৰি৷ ভ্ৰমণপিয়াসী লোকসকলে দ্বিধাহীনভাৱে এইটো ভ্ৰমণ-আৱৰ্ত অনায়াসে গ্ৰহণ কৰিব পাৰে৷ টাংচা গৃহস্থীৰ চোতালখনত প্ৰথমবাৰৰ বাবে ভৰি থৈ অথনি মোৰ উপলব্ধি এইটোৱেই আছিল৷
কোঠাৰ ভিতৰত দলটোৰ সদস্যসকলৰ মাজত প্ৰথম
ৰজনীৰ সুখনিদ্ৰা যাপনৰ ব্যাপক তৎপৰতা চলিছে৷ প্ৰৱেশদ্বাৰৰ বিপৰীতে একেবাৰে চুকটোত,
বেৰৰ কাষলৈ সঞ্জু বৰা৷ তেওঁৰ মূৰৰ প্ৰায় ওপৰতে পৰিছে ফ্ৰেমত বন্ধা যিশুখ্ৰীষ্টৰ ফটোখন৷ সঞ্জুৰ ওচৰত মই, বেৰখনৰ পৰা ২ নম্বৰত৷
মোৰ সোঁহাতে ৰাজু গগৈ৷ তেওঁৰ লগালগিকৈ পংকজ দাস৷ তাৰ পাছত আমাৰ চালক বীৰেন্দৰ মাহাতো৷ এইটো ক্ৰমাংকই ইয়াত শোৱাকেইদিন চলি থাকিব কিজানি৷ হাই-উৰুমি নথকা পৰিৱেশটোৰ লগতে কোঠাটো আমাৰ মনোগ্ৰাহী হৈছে৷
শাৰী পাতি নিজৰ নিজৰ ঠাইত বাগৰাৰ লগতে জাংখংহঁতৰ গৃহ নিৰ্মাণৰ শৈলীটো মন কৰিব ধৰিলোঁ৷ সন্মুখৰ বেৰখন মাৰলিৰ পৰা কেইইঞ্চিমান চুটি! প্ৰশ্ন উঠিল… ‘ইয়াৰ কাৰণ কি হ’ব পাৰে?’ ‘বতাহ চলাচলত সুচলতাৰ বাবে এনেকুৱা হ’ব পাৰে৷’ কম্বলৰ তলৰ পৰাই ৰাজু গগৈয়ে উত্তৰ দিলে৷ ‘কিন্তু বেৰকেইখনত দেখোন ফাঁকেই ফাঁক৷ আৰুনো বেলেগে কিহৰ ভেণ্টিলেচন লাগিছে?’ উত্তৰটোত সন্তুষ্ট হ’ব নোৱাৰিলে ফাৰ্মাচিষ্ট দাস৷ জেঙু পাতেৰে ডাঠকৈ চোৱা চালখন আকৌ অনেকখিনি তললৈ নামি অহা! ‘ৰাতিলৈ ঠাণ্ডা কেনেকুৱা অনুভৱ হয় নাজানো, হ’লেও এনেকুৱা ঘৰত গৰম দিনত থাকি কিন্তু আৰাম লাগিব দেই৷’ অনুমানৰ ভিত্তিতে সঞ্জুৱে ক'লে৷ মই মোৰ মূৰৰ শিতানত থকা বাঁহ এডালৰ ওপৰত গামোচাখন দীঘলকৈ ওলোমাই ৰাখিলোঁ যাতে বেৰৰ জলঙাৰে পোনপটীয়াকৈ সোমাই অহা ফেৰ্ফেৰীয়া বতাহজাকক মোৰ নতুন গামোচাখনে অলপমান হ’লেও বাধা জন্মাব পাৰে৷ কোঠাটোত তক্তা পৰা আছে৷ সেয়ে তলফালৰ পৰা ঠাণ্ডা অহাৰ আশংকা নাই বুলি ভাবিছোঁ৷ গৃহস্থই গাইপতি দুখনকৈ পৰিষ্কাৰ কম্বলৰ যোগান ধৰিছে৷ নিজাকৈও প্ৰত্যেকৰে লগতে একোখনকৈ আছে৷ গতিকে চলি যাব৷

পংকজ দাসক ক’লোঁ, ‘আজি পুৱাৰে পৰা এই মুহূৰ্তলৈকে
দিনটোৰ এটা পৰ্যালোচনা আগ বঢ়াওকচোন৷’ শুই শুই তেওঁ কৈ গ’ল৷ মাজে মাজে পাহৰি যোৱা বা এৰি থৈ যোৱা অংশ বাকীবোৰে মনত পেলাই
সংযোজন কৰি গ’লোঁ৷ চিনেমাৰ ৰিলৰ দৰে মনৰ পৰ্দাত পুনঃ পুনঃ ভাহি উঠিল ডিফু ষ্টেচন, তিনিচুকীয়া ষ্টেচনৰ
প্লে’টফৰ্ম, বীৰেন্দৰৰ বলেৰ’, হোটেল
বেলেৰিনা, মণ্টুৰ বাসস্থান, তৈল-নগৰী, মাৰ্ঘেৰিটা, বন্ধুৰ ঘৰ, ইনথঙৰ চিংফৌ ইক’ লজ, প্ৰতিমা বাইদেউ, হলৌ বান্দৰ, কয়লা-নগৰী, লেখাপানীৰ জিৰ' পইণ্ট, উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লাষ্ট ফ্ৰণ্টিয়াৰ, চ্যুকাফা সমন্বয় ক্ষেত্ৰ, জয়ৰামপুৰ গে’ট, মানৱাং ৱাংচা, নাইট কাৰ্নিভেল, আৰিফ ছিদ্দিকী, ফেষ্টিভেল গ্ৰাউণ্ড, নামপং, নংকি বস্তি ইত্যাদি ইত্যাদি৷ পুনৰালোচনাৰ এই সুযোগকণতে মোৰ সৰু পকেট নোটবুকখনত ঘপাঘপ কিবাকিবি লিখিও ল’লোঁ, পাছত পাহৰিলে যাতে এইখনত চালেই তৎক্ষণাৎ পাই যাওঁ৷ ইয়াৰ ওপৰঞ্চি বহু কথা কেমেৰায়ো ক'ব৷
ইয়াত ম’বাইল নে’টৱৰ্ক সবল নহয় গতিকে ঘনে ঘনে ফোনকেইটা বজাৰ পৰা সকাহ পাইছোঁ৷ আঁত নিছিগাকৈ মনৰ কথা পাতিব পাৰিছোঁ৷ ডিষ্টাৰ্ব কৰোঁতা কোনো নাই৷ তাৰে সুফল হিচাপে টোপনি যোৱাৰ আগমুহূৰ্তত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত
এটা হ’ল৷ কাইলৈ পুৱা সোনকালে উঠি আমি
গাঁও ফুৰিম৷ এনেকুৱা সুযোগ-সুবিধা কপাললৈ বাৰে বাৰে নাহে৷ পাহাৰৰ ওপৰৰ শেষ ঘৰটো পৰ্যন্ত উঠি যাম৷
কেনি কি আছে চামগৈ৷ শ্যামলী পাটকাই পাহাৰৰ আঁৰে আঁৰে কিনো লুকাই আছে লক্ষ্য কৰিম৷
টাংচা ছোৱালী বিয়া কৰাই ইয়াতে নিগাজী হৈ পৰা অসমৰ মৰাণ আৰু খোৱাঙৰ দুজন লোক আছে
বোলে৷ সোঁশৰীৰে তেওঁলোককো লগ ধৰিমগৈ৷ তাৰ পাছত ফেষ্টিভেল গ্ৰাউণ্ডলৈ৷ ভাবিছোঁ, কাইলৈৰ দিনটো এটা উল্লেখনীয়
আৰু ব্যস্ততাপূৰ্ণ দিনেই হ’ব চাগৈ৷ উদ্বোধনী অনুষ্ঠানৰ প্ৰসংগত আৰিফ ছিদ্দিকীয়েতো কৈয়েই দিছে 'Please donot miss it' বুলি৷
জাংখঙৰ উপাধি মংৰে৷ নাজঙৰ
মৰাং৷ সন্তানকেইটাই মৰাং লিখে৷ তিনিটা সন্তান৷ ল’ৰা দুটা,
ছোৱালী এজনী৷ পৰিয়ালটো কাষৰ ঘৰটোত আছে৷ সাৰি-সিকটি নাই৷ শুলেই চাগৈ৷ মানুহবোৰে
নিশাৰ আহাৰ সোনকালে খায়৷ শুৱেও সোনকালে৷ আজি আমাৰ বাবে দেৰি হ’ল৷ আন এটা কথা মন কৰিলোঁ যে এই ঘৰত মাদক দ্ৰব্যৰ প্ৰচলন সমূলি নাই৷ মদ, ভাং, কানি, চাধা, চিগাৰেট, বিড়ি আদিৰ পৰা এওঁলোক শতযোজন আঁতৰত৷ সেয়ে আনন্দ লাগিছে৷ অন্ততঃ কথা কিছুমান মনোযোগেৰে, গুৰুত্ব সহকাৰে পাতিব পাৰিছোঁ৷ ঘৰখন আমাৰ খুব ভাল লাগিছে৷
No comments:
Post a Comment