Tuesday, 20 February 2018

তৃতীয় দিন, অংশ-১০

এইবাৰ মঞ্চত সমাৱেশ ঘটিল নিছি শিল্পীবৃন্দৰ৷ অতীজত ডফলা বুলি কোৱা অৰুণাচলৰ এই উল্লেখযোগ্য জনজাতিটোৱে নিজকে নিছি নামে পৰিচয় দিয়ে৷ নি মানে মানুহ, ইছি মানে ওখ ঠাই৷ অর্থাৎ তেওঁলোক ওখ ঠাইত বাস কৰা মানুহ৷ তিব্বত-মংগোলীয় গোষ্ঠীৰ এই স্বাধীনমনা মানুহখিনিয়ে আহোম ৰাজত্বৰ সময়ৰে পৰা উত্তৰ-পূব ভাৰতৰ বুৰঞ্জীত বিশেষ স্থান দখল কৰি আছে৷ ৰিখাম পাদা তেওঁলোকৰ জনপ্ৰিয় লোক-নৃত্য৷ দলটোৰ মহিলাসকলক নেতৃত্ব বহন কৰা পুৰুষজনে বেতেৰে নিৰ্মিত, ধনেশ চৰাইৰ ঠোঁটেৰে সজোৱা টুপী পৰিধান কৰি আহিছে৷ আনহাতে মহিলাসকলৰ আটাইৰে ডিঙিত নীলবৰণীয়া মণিৰ দুধাৰি দীঘলীয়া মালা, দুয়ো হাতৰ ঠাৰিত গামখাৰুৰ নিচিনা বহল খাৰু, কঁকালত সৰু সৰু ঢালৰ আকৃতিত ধাতুৰে সজা অলংকাৰ৷ টঙালিও বান্ধিছে৷ ৰঙা-নীলা বস্ত্ৰৰে মঞ্চ-শুৱনি ১০গৰাকী মহিলাই ধীৰ, সাৱলীল গতিৰ লোক-নৃত্য এটা দৰ্শকক উপহাৰ দিলে৷

নিছি দলটোৰ পৰিৱেশন চলি থাকোঁতেই ঘোষিকাৰ আহ্বান অনুসৰণ কৰি মঞ্চৰ তলত অপেক্ষাৰত অৱস্থাত আছিল আপাটানি নৃত্য শিল্পীসকল৷ সোৱণশিৰি উপত্যকাৰ ওপৰভাগত বাস কৰা আপাটানি অৰুণাচল প্ৰদেশৰ এটা প্ৰধান জনগোষ্ঠী৷ উন্নততৰ ব্যৱহাৰিক জীৱন-পদ্ধতি গ্ৰহণ কৰিও তেওঁলোকে পাহৰা নাই স্বকীয় কৃষ্টি-সংস্কৃতি৷ থুঁতৰিৰ সোঁমাজত ওপৰৰ পৰা তললৈ কলা দাগ থকাটো আপাটানি নাৰীৰ বিশেষ বৈশিষ্ট্য৷ সময় আৰু পৰিৱৰ্তনৰ ধামখুমীয়াত বৰ্তমান অৱশ্যে কমি অহা দেখা গৈছে৷ ক'লাৰ সৈতে গাম্ভীৰ্যপূৰ্ণ সোণবৰণীয়া সাজেৰে নাচনীসকলৰ এগৰাকীৰো মুখমণ্ডলত তাৰ প্ৰতিফলন নেদেখিলোঁ৷ পি.পি.ডব্লিউ.এফ.২০১৩ৰ উপলক্ষ্যত অৰ্থৱহ নাচ এটা প্ৰদৰ্শন কৰিলে পূৰঠ বয়সৰ আপাটানি মহিলাৰ দলটোৱে৷

আপাটানিৰ পাছত মুকলুম দলটো আহিল৷ চাংলাং জিলাৰ চাংলাং মহকুমাৰ খিমিয়াং চাৰ্কোল, মিয়াও মহকুমাত মুকলুমসকলৰ বসতি৷ টাংচাৰে এটা উপ-জাতি৷ ১৫গৰাকী মহিলাৰ দলটোৰ প্ৰত্যেকৰে হাতত গং আৰু মাৰি৷ গলত গলপতা, ওলমি থকাকৈ মুদ্ৰাৰ মালা, মণিৰ মালা৷ মূৰতো ভিন্নৰঙী মণিৰ মালা এধাৰ মেৰিয়াইছে৷ খোপাত খোঁচ মাৰি থৈছে তিনিডালকৈ জোঙা শলা৷ চোলা আৰু মেখেলাত বেঙুনীয়া আৰু কলা ৰঙৰ আধিক্য দেখা গল৷

অথনিৰে পৰা অধীৰ অপেক্ষাৰে ৰৈ থকা সোৱণশিৰি সীমান্তৰ টাগিনসকলৰ পাল পৰিল এইবাৰ৷ শাৰীটোৰ আৰম্ভণিতে থকা বয়সস্থ মুৰব্বী নৰ্তকীৰ হাতত খোলা তৰোৱাল এখন৷ গাত ৰঙা-বগা সাজ৷ বাকী ১২গৰাকীয়ে ৰঙা-সেউজীয়া একে ধৰণৰ কাপোৰ পিন্ধিছে৷ সকলোৰে ডিঙিত ৰঙা আৰু আকাশী ৰঙৰ দুধাৰি মণিহাৰ, কমৰত নিছিসকলৰ দৰেই, ধাতুৰে সৰুকৈ নিৰ্মিত কেইবাখনো ঢাল সম্বলিত পেটী, মূৰত ৰঙা-নীলা টুপী৷ জ্যেষ্ঠ-কনিষ্ঠ শিল্পীৰ সংমিশ্ৰণেৰে দলটোৱে সফলতাৰে প্ৰদৰ্শন কৰি গল টাগিনৰ নৃত্য৷ টাগিনসকলৰ পূৰ্বপুৰুষ মুণ্ড চিকাৰী আছিল৷ সম্প্ৰতি তেনে প্ৰথাৰ চলতি নাই৷

অতি ৰংচঙীয়া আৰু সুন্দৰ জক্‌মকীয়া কাপোৰেৰে এইবাৰ মঞ্চলৈ উঠি আহিল মিচিমিসকল৷ কাণত ডাঙৰ থুৰীয়া, খোপাত কাঠী, হাতৰ ঠাৰিত গামখাৰুৰ দৰে খাৰু৷ ডিঙিত মুদ্ৰাৰ মালা৷ প্ৰতি গৰাকীয়ে একোটি মোনা আঁৰি লৈছে৷ মোনাৰ ওলমি থকা অংশতো মুদ্ৰাৰ পয়োভৰ৷ লোহিত জিলাৰ দক্ষিণ-পূব অংশত বাস কৰা মিচিমিসকল জনগোষ্ঠী হিচাপে এটা বুলিয়ে পৰিচিত আছিল যদিও পৃথকে পৃথকে বসতি কৰাৰ পাছত ঠাইবিশেষে ইদু, ডিগাৰু, মিজো মিচিমি হিচাপে বেলেগ বেলেগ নামে জনাজাত হৈ পৰিল৷ মিচিমিসকল সাংস্কৃতিকভাৱে বৰ চহকী৷ তেওঁলোকে নৃত্য কৰা গীতটো বৰ ভাল লাগিল৷ অৰ্থ বুজি নাপালেও মোৰ কাণত পিছলৈকো ৰিণি ৰিণি বাজি থাকিল৷

বহুত দূৰৰ পৰা আহিছে মনপাসকল৷ টাৱাং জিলা, ৱে'ষ্ট কামেং জিলাৰ পশ্চিম অংশত বসতি তেওঁলোকৰ৷ উচ্চ পাৰ্বত্যভূমিৰ বাসিন্দা যদিও তিব্বতীয় ভাষাত 'মন' আৰু 'পা' শব্দ দুটাই 'ভৈয়ামৰ মানুহ' বুজায়৷ তিব্বতৰ লোকসকলে তিব্বতৰ দক্ষিণত থকা লোকসকলক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰিছিল বুলি কোৱা হয়৷ মুখত হাঁহি বিৰিঙাই  ৪গৰাকী পুৰুষ আৰু ৪গৰাকী নাৰীয়ে হাতত ধৰাধৰিকৈ হালি-জালি নাচিলে দৰ্শকৰ আগত৷ মেৰুণ ৰঙৰ গৰম সাজ৷ হাত আৰু ডিঙিত সামান্য নীলা৷ মূৰত বিশেষ ধৰণৰ টুপী৷ ডিঙিত মণিৰ মালা৷ সাধাৰণ মনপাৰ মৃতদেহ সৎকাৰ পদ্ধতিত মানুহৰ মৰাশটো নৈৰ মাজলৈ নি ১০৮ ডোখৰ কৰি কাটি পানীত উটুৱাই দিয়ে৷ য়েছে দৰজে ঠংচিৰ শৱ কটা মানুহলৈ মনত পৰি গল মনপা দলটোৰ নৃত্য উপভোগ কৰি থাকোঁতেই৷ মনপাসকল নৃত্য-নাট্য-সংগীতেৰে সমৃদ্ধ জনগোষ্ঠী৷ তেওঁলোকৰ য়াক ডেন্স, সিংহ, ময়ূৰ, হৰিণা, ভালুক আদি জন্তুৰ মুখা পিন্ধি কৰা নৃত্য খুবেই জনপ্ৰিয়৷

সুন্দৰ সাজ-সজ্জাৰে মিজো দলটো উঠি আহিল৷ মিজোৰামৰ প্ৰধান জনগোষ্ঠী, পূৰ্বৰ লুচাই আৰু বৰ্তমান মিজো হিচাপে প্ৰতিষ্ঠাপিত এই জনগোষ্ঠীটো দৃষ্টিনন্দন সাজপাৰ আৰু বাঁহ নৃত্যৰ বাবে প্ৰখ্যাত৷ সুদৃশ্য শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত বেম্ব' ডেন্সত বাঁহে বাঁহে ঠেকা খাই সৃষ্টি হোৱা শব্দই উৎসৱথলীত প্ৰতিধ্বনিৰ সৃষ্টি কৰিলে৷ (আগলৈ)


No comments:

Post a Comment