দ্বিতীয় দিন, অংশ-১১
তালাচী চকীৰ পৰাই আমি মানৱাঙক অনুসৰণ কৰিবলৈ উদ্যত হ'লোঁ৷ পিছে মধ্যমীয়া গতিৰে দুপাকমান গৈয়েচোন পথ-প্ৰদৰ্শক ডেকাটিৰ পালচাৰখন ৰৈ গ'ল! তাকে দেখি আমিও ৰ’লোঁ, ঘাইপথৰ এদাঁতিত৷ 'কি হ'লনো?' স্বগতোক্তি এটা ওলাই আহিল আপোনা-আপুনি৷ সোঁফালে চাই জনসমাগম দেখা পাইছোঁ৷ কিবা অনুষ্ঠান এটা হৈছে যেন মনে ধৰিছে৷ 'সময় কিমান হ'ল বাৰু?' পংকজ দাসে জনালে, '৫ বাজিল দাদা৷'
'নাইট কাৰ্নিভেল আৰম্ভ হৈছে৷ পি.পি.ডব্লিউ.এফ.ৰ কাৰ্যসূচীৰ মাজৰে ইও এটা৷৷ মন গ’লে আপোনালোকে তালৈ গৈ চাব পাৰে৷ কেৱল হেৰাই নাযাব৷’ মানৱাঙে উৎসাহেৰে বাক্যকেইটা ক’লে৷ অৰ্থপূৰ্ণ হাঁহি এটাও মাৰিলে শেষত৷ নিজে কিন্তু খৰ খোজেৰে কেনিবা হেৰাই গ'ল!
এনেকুৱা ইথনিক কাৰ্নিভেল খুব কমেইহে দেখাৰ সুযোগ আহে৷ সুদীৰ্ঘ ২৩ বছৰৰ পূৰ্বে, ডিচেম্বৰ ১৯৯০ত গোৱালৈ যাওঁতে ভাস্কো-ডা-গামাত জনপ্ৰিয় গোৱা কাৰ্নিভেল চোৱাৰ সৌভাগ্য হৈছিল৷ এতিয়া গাইডজনৰ কথাষাৰ শুনিয়ে সেয়ে তড়িৎ গতিৰে গাড়ীৰ পৰা নামিলোঁ৷ চৌপাশে ইতিমধ্যে লোকে-লোকাৰণ্য ৰূপ লৈছে৷ ৰাস্তা, ফুটপাথ, দোকানৰ বাৰাণ্ডা সকলোতে মানুহেই মানুহ৷ আনন্দমুখৰ পৰিৱেশ৷ জয়ৰামপুৰলৈ অন্ধকাৰ নামি অহাত আলোকসজ্জাই চমক সৃষ্টি কৰিছে৷ তোৰণৰ ওপৰত লগোৱা ডিজিটেল ব'ৰ্ডত PPWF Night Carnival আখৰকেইটা ৰহস্যময়তাৰে উজলি উঠিছে৷ তাৰ তলেৰে প্ৰৱেশ কৰি আমিও জনসমুদ্ৰত বিলীন হৈ গ’লোঁ৷ অৰুণাচলত ভৰি দিয়ে নভবাকৈয়ে দৰ্শক হ'বলৈ পালোঁ উৎসৱৰ সৈতে সম্পৃক্ত বিশেষ কাৰ্যসূচী এটিৰ৷

পিট্পিটাই ফুৰিছোঁ কোনফালে কি আছে চাই চাই৷ Elite 18 Assam Rifles, Chole Bhature লিখা ষ্টল এখনৰ ভিতৰত কেইবাজনো ফটোগ্ৰাফাৰ৷ কেমেৰাবোৰ আমাৰ ফালেই টোঁৱাই আছে৷ আকস্মিকভাৱে তাতে দেখা পাই গ'লোঁ মই বিচাৰি ফুৰা তপামূৰীয়া লোকজনক৷ এই মুহূৰ্ততো হাতত কেমেৰা৷ ইমানমখা মানুহৰ মাজত সোমাই আছে যদিও এবাৰ দেখা পায়ে চিনাত অকণো অসুবিধা নহ’ল মোৰ৷ নে'টত দেখা মুখমণ্ডলৰ সৈতে ততালিকে ৰিজালোঁ আৰু নিশ্চিত হ'লোঁ যে হয়, মই সন্ধান উলিয়াব খোজাজন এইজনেই৷ অথনি তিনিচুকীয়াৰ পৰা ফোন কৰোঁতেও কৈছিল যে গধূলি তেওঁ জয়ৰামপুৰত থাকিব৷ তাৰ মানে কাৰ্নিভেলক লৈয়ে ব্যস্ততা পি.পি.ডব্লিউ.এফ.ৰ মেডিয়া ক'-অৰ্ডিনেটৰজনৰ৷
মুহূৰ্তকেইটা উৎসুকতাৰে পাৰ হৈছে৷ ভিৰ ফালি ফালি মই ফটোগ্ৰাফাৰজনৰ ওচৰ চাপি গ’লোঁ৷ আৰু এটা সুযোগত সোঁহাতখন প্ৰসাৰিত কৰি দিলোঁ৷ চকুত চকু পৰা মাত্ৰকে সংক্ষেপে ক’লোঁ… I am Sazid, from Diphu, Assam৷ ক’বলৈহে পালোঁ, ততালিকে তেওঁ মোক সাবটি ধৰিলে৷ দ্বিতীয় বাক্যটোত তেওঁ আমাৰ সমস্ত টীমটোক PPWF2013লৈ স্বাগতম জনালে৷ 'কাইলৈ ১১ বজাত ফেষ্টিভেল গ্ৰাউণ্ডত উদ্বোধনী অনুষ্ঠান৷ সেয়া যেন কোনো কাৰণতে মিছ্ নকৰে৷' খবৰটো আগৰে পৰাই জনাই আছিল৷ এতিয়া মুখৰ আগত পাই দঢ়াই দঢ়াই ক'লে৷ তাতে আমাক লগ পাব, কথা পাতিব বুলি আনকি প্ৰতিজ্ঞাও কৰি ৰাখিলে৷ ফটোগ্ৰাফীক কেন্দ্ৰ কৰি তেওঁৰ ব্যস্ততা আৰু আমাৰ অৱশেষ যাত্ৰা, এই দুটাৰ দোহাই দি সোনকালেই মানুহজনক এৰিলোঁ৷
No comments:
Post a Comment