চতুৰ্থ দিন (২১.০১.২০১৩), অংশ-১
মনতে ভাবি থকা ধৰণেই নামপঙত ৱিণ্টাৰ ফেষ্টিভেল
চাবলৈ পাইছোঁ৷ এয়া সৌভাগ্য৷ এই আপাহতে পাংচু পাছ, চুবুৰীয়া বিদেশ ৰাষ্ট্ৰ ম্যানমাৰ,
লে’ক অফ্
ন’ ৰিটাৰ্ণলৈ
যাবলৈও আমাৰ দলটোৰ আটাইৰে প্ৰৱল ইচ্ছা৷ পৰহি নিশা জয়ৰামপুৰত নাইট কাৰ্নিভেলত প্ৰথম লগ
পাই আৰিফ ছিদ্দিকীক সম্ভাৱনাৰ সম্পৰ্কে প্ৰশ্ন কৰোঁতে তেওঁ কৈছিল, চিন্তা নাই, যাব
পাৰিব বুলি৷ জয়ৰামপুৰ গে’টৰ পৰা নংকি বস্তিৰ হ’মষ্টে’ পৰ্যন্ত আমাক বাট দেখুৱাই অনা মানৱাং ৱাংচায়ো একেষাৰ কথাকে শুনাই আছিল৷ পিছে এতিয়ালৈ প্ৰৱেশ-পত্ৰ সাজু হৈয়ে উঠা নাইচোন! যাবৰ বেলি হ’লহি ইপিনে৷ ভৰিকেইখনে কটকটাই আছে৷
কাংক্ষিত যাত্ৰাটোৰ কথা কল্পনাতে
পাগুলি থাকোঁতেই আহিল এজাক কিনকিনীয়া বৰষুণ! পুৱা সোনকালে উঠাৰ অভ্যাস যদিও কম্বলৰ
তলত সোমাই থাকিবলৈ বাধ্য হ’লোঁ আৰু অলপ পৰলৈ৷ হতভম্বও হ’লোঁ প্ৰকৃতিৰ অসহযোগিতাৰ কথা ভাবি৷ কিহে পালে আজি! মনটো সেমেকি গ’ল৷ তথাপিতো আশা হ’লে এৰা নাই৷ বৰষুণ দি থাকিলেও যাবই লাগিব৷ মাত্ৰ সুযোগ অকণমান কিবাকৈ হাতলৈ আহি গ'লেই হয়৷ এইটো ভালকৈ জনা আছে যে অবিৰাম বৰষুণৰ উৎপাত আৰু আগ বঢ়াত পোৱা চৰম বাধাৰ
বাবেইতো এসময়ত নামপঙে ‘হে’ল গে’ট’, পাংচু পাছে ‘হে’ল পাছ’ নাম পাইছিল৷ ঐতিহাসিক সত্য এয়া৷ গতিকে বৰষুণ গতিৰোধক কোনো
কাৰণতে হ’ব নোৱাৰে৷
মানসিক অৱস্থাটোক এনেকৈয়ে সজাই লৈ শেতেলি এৰি বাহিৰ ওলাইছোঁ৷ পোনেই আকাশখনলৈহে চকু৷ আটাইৰে৷ দাঁত ব্ৰাছ কৰি থাকোঁতে কপালকেইখনত
চিন্তাৰ বলিৰেখা প্ৰকট হৈছে৷ ‘বতৰ ভাল হ’ব৷’ জাংখং আৰু নাজঙে সম্ভাৱনাৰ আশ্বাস-বাণী শুনাইছে৷ সঁচায়ে বৰষুণ
আঁতৰি গ’ল৷ চাহটোপা খায়ে তলত থকা অৰুণদাহঁতৰ ওচৰৰ পৰা এপাক অহাৰ কথা
ভাবিলোঁ৷ মানৱাং ৰাতিপুৱাতে ইয়ালৈ অহাৰ কথা আছিল, কিন্তু অহাই নাই৷ তালৈ গৈছে নেকি?
ইনাৰ লাইন পাৰ্মিট দুখন সি নিয়াৰ কথা আছিল, পাংচু পাছলৈ অনুমতি আনিবৰ বাবে৷ কি হ'ল কথাটো? এতিয়াই জানিব লাগে৷ মানুহটোক এতিয়াই লগ পাব লাগে৷
বতৰটো দাঙিলে৷ পুৱাৰ সূৰ্যৰশ্মিয়ে পোহৰাই তুলিছে ৱিমচাম মৰাঙৰ চোতালখন৷ ৱিমচামৰ ককায়েকৰ চৌহদত গাহৰি গঁৰালৰ দাঁতিত ঘাঁহনিতে বহি তিনিজনী ছোৱালীয়ে হাতে হাতে দা একোখন লৈ আলু, কচু, কলগছ আৰু অমিতা কিছুমান টুকুৰা-টুকুৰকৈ কাটি আছে৷ গড় এটুকুৰাকৈ প্ৰত্যেকে তুলি লৈছে তিনিখন ডলাৰ ওপৰত৷ কাষতে দুগৰাকী মহিলা৷ ওচৰতে চৌকা এটা৷ মোক দেখি হাঁহিলে৷ ময়ো হাঁহিলোঁ৷ সুধিলোঁ, কি কৰিছে?' উত্তৰ দিলে, 'গাহৰি দানা৷' আগুৱাই গুচি গ'লোঁ অৰুণদাহঁতৰ ফালে৷
মস্ত কেমেৰাটো
ষ্টেণ্ডত লগাই, ৱিমচামৰ চাংঘৰ বে’ক গ্ৰাউণ্ডত লৈ গ্ৰুপ ফটো
তোলাত ব্যস্ত টীম-বি৷ তাতো সকলোৰে একেটাই চিন্তা৷ ছিং ক্ৰ' দাদাই মোক দেখা মাত্ৰকে সুধিলে, ‘কি হ’ব? কি চিন্তা কৰিছে? সম্ভৱপৰ
হ’বনে?’ কি জানো
ভাগ্য, মানৱাঙক ফোনত পাই গ’লোঁ৷ পুনৰবাৰ কথাটো সোঁৱৰাই
দিয়া হ’ল৷ পুৱাই পুৱাই ব্যস্ত হৈ পৰাত সি ইয়ালৈ অহাটো সম্ভৱপৰ নহ’ব বুলি সবিনয়ে জনালে৷ ইনাৰ লাইন পাৰ্মিট দুখন লৈ সোনকালে ফিল্ডলৈ
অৰ্থাৎ উৎসৱথলীলৈ আমাকহে মাতি পঠালে৷ '৮.০০ বজাত ওলাম দেই দাদা৷' অৰুণদাৰ সৈতে সময় নিৰ্ধাৰণ কৰি তুৰন্তে নিজৰ চাং পালোঁহি৷ আহিয়ে খদমদম লগাই দিলোঁ৷ পূৰ্ণোদ্যমে আৰম্ভ হ’ল ম্যানমাৰৰ প্ৰস্তুতি৷
বাহিৰৰ ঘাঁহনিত ঘৰখনৰ ভিতৰত
সৰ্বকনিষ্ঠ অংলেম আৰু তাৰ লগৰে এটাই বেডমিণ্টন খেলিছে৷ অংলেমৰ পৰা ৰেকেটখন কাঢ়ি লৈ
ময়ো মাৰিলোঁ কেইচাটমান৷ গৰম উঠি গ’ল৷ গা ধুবলৈ
ভাল হ’ল৷ ড্ৰামৰ ঠাণ্ডা পানীৰে খৰধৰকৈ কামফেৰা সমাধা কৰি পেলালোঁ৷
বাথৰুমৰ পৰা ওলাওঁতে দেখা পালোঁ, অংলেমে পাইপ এডাল লৈ একান্তমনে দেউতাকৰ অল্ট’খন ধোৱাত লাগি গৈছে৷ এইটো সময়ত পঢ়া-শুনাহে কৰিব লাগে৷ ই
দেখোন এই কামতহে ব্যস্ত! পাছত ছেগ বুজি মাক-দেউতাকক বুজাব লাগিব৷
ইফালে আমাৰ বলেৰ’খন বীৰেন্দৰে পূৰ্বতেই চিকুণ কৰি থৈছে৷ নামপংমুৱা কৰিও ৰাখিছে৷
আমি দিনটোলৈ ওলাই যাম৷ শোৱাপাটী এৰিয়েই নাজঙে ৱননেমৰ সহায়ত ভাতৰ ব্যৱস্থা কৰি পেলাইছিল৷ ওচৰৰে মহিলা এগৰাকীয়েও সহায় কৰি দিছেহি৷ ঘপাঘপ সকলোৱে ভাত খাই ল’লোঁ৷ জাংখঙকো লৈছোঁ লগত৷ মাজে-মধ্যে সিপাৰলৈ
গৈ থকা মানুহ৷ এতেকে নিশ্চিতভাৱে সহায়কাৰীৰ ৰূপত আমাৰ কামত আহিব৷ নীলা ৰঙৰ পি.পি.ডব্লিউ.এফ.ৰ
টি-চাৰ্ট এটাৰ ওপৰত জেকেটটো সুমুৱাই জাংখং সাজু হৈ পৰিছে৷ মূৰত পি.পি.ডব্লিউ.এফ.ৰ
বগা টুপী৷ কালি টুপীটো দেখা পাই মোৰ হিংসা জাগিছিল৷ এতিয়া টি-চাৰ্টটোৱে দৃষ্টি পোনেই
টানি নিলে৷
৮.০০ বাজিল৷ নাজংহঁতক মাত লগাই আমি আটাইকেইটা ফেষ্টিভেল গ্ৰাউণ্ড পালোঁগৈ৷ মানৱাঙক বিচাৰি চলাথ কৰিছোঁ৷ নাই পোৱা৷ ফোনো
নবজা হ’ল৷ নে’টৱৰ্ক প্ৰবলেম৷ আকৌ লাগি
গ’ল হাঁহাকাৰ৷ ক’লৈ গ’ল ই? কি কৰিব লাগিব এতিয়া? ইফালে-সিফালে পুলুং-পালাং কৰি থাকোঁতে চকুত পৰিল, প্ৰদৰ্শনী ষ্টলবোৰৰ শাৰীতে এঠাইত এগাল মানুহ থূপ খাইছে৷ মাইকত শাৰী পতাৰ
নিৰ্দেশ শুনা পালোঁ৷ ‘নৰক যাত্ৰা’ৰ প্ৰৱেশ-পত্ৰ
ল’বলৈ মানুহমখাৰ
কিমানযে উথপথপ! ভালো লাগিল দৃশ্যটো৷ বিপৰীতে, অফিচাৰ প্ৰজাতিৰ এজনে আকৌ আমাৰ দৰে লে’ক্ অফ্ ন’ ৰিটাৰ্ণলৈ
যোৱাত একান্তই উৎসুক কেইজনমান পৰ্যটকক অসমীয়াৰে খিচিৰি পকোৱা হিন্দীতে বৰ-বৰকৈ কৈ
থকা শুনিলোঁ, ‘কি আছে
তাত? চাবলগীয়া একো নাই৷ এনেয়ে কষ্ট খাব বিচাৰিছে আপোনালোকে৷ তাতোকৈ নোযোৱাই ভাল৷’
ভাষ্য শুনা পাই সঞ্জু আৰু মই পৰস্পৰে
পৰস্পৰৰ চকুলৈ চাইছোঁ৷ কি কয় এই মহাশয়ে? ইমান নিগেটিভ! অনাকাংক্ষিত এই ধৰণৰ মন্তব্যৰে থাউকতে নস্যাৎ কৰিব পাৰিনে ইতিহাস আৰু ঐতিহাসিক
সম্পদ কিছুমান? এনেকুৱা তথাকথিত অফিচাৰবোৰ পৰ্যটনৰ
লায়েকৰ মানুহ একেবাৰেই নহয়৷ ভ্ৰমণকাৰীক উৎসাহ যোগাব কি নিৰুৎসাহহে কৰিছে! খং উঠি গ'ল আমাৰ৷ আলেঙে আলেঙে ফিচিঙা-ফিচিঙিও চলিল চুট-টাই কচি, ডিঙিত পি.পি.ডব্লিউ.এফ.২০১৩ৰ বেজ ওলমাই ৰৈ থকা মানুহজনক কেন্দ্ৰ কৰি৷
মানৱাঙৰ সন্ধানত ইফালে-সিফালে
ঘূৰ্মুটিয়াই ফুৰা বাদ দি শাৰীটোত উপস্থিত থাকি অনুমতি-পত্ৰ হাচিল কৰাই বুদ্ধিমানৰ
কাম হ’ব৷ ভবাৰ
লগে লগেই লাইনত থিয় দিলোঁ৷ মোৰ পাছত টীম-বিৰ অৰুণদা৷ ধৈৰ্যৰ ফল মিঠা৷ বিচৰা বস্তুটো
সোনকালেই হাতলৈ আহিল৷ জয়ৰামপুৰ গে’টত ১৯ তাৰিখে
অৰুণাচল প্ৰদেশত প্ৰৱেশৰ সময়ত দিয়াৰ অনুৰূপ হালধীয়া ফৰ্মত পাৰ্মিট দিলে পাংচু পাছলৈ৷ ৬জনৰ
নাম অন্তৰ্ভুক্ত হ’ল৷ পৰহি পাংচু পাছলৈ পাছ নাপাই হামৰাও কাঢ়ি আছিলোঁ৷ এই মুহূৰ্তত
পাই গ’লোঁ৷ গাড়ীৰ বাবদ ৫০ টকা আৰু গাইপতি ২০ টকাকৈ ১২০, মুঠতে ১৭০
টকা জমা দিলোঁ৷ চহী কৰি কাগজখন গ্ৰহণ কৰাৰ সময়ত মনবোৰ ৰঙিয়াল হৈ পৰিল৷ স্বস্তিৰ
নিশ্বাস আপোনা-আপুনি ওলাই আহিল৷ পৰম কৌতূহলৰ মাজত এতিয়া অপেক্ষাৰ সময়৷
No comments:
Post a Comment