Friday, 16 February 2018

তৃতীয় দিন, অংশ-

ফেষ্টিভেল গ্ৰাউণ্ডত বিৰ দি বাট নোপোৱা অৱস্থা৷ চামিয়ানাৰ তলত বহিবলৈ জেগা নাই৷ দৰ্শনাৰ্থীৰে কোন কেতিয়াবাতে ভৰি পৰিছে৷ ঘোষিকাই অভ্যাগতসকলক এজন এজনকৈ মঞ্চলৈ আমন্ত্ৰণ জনাই আছে৷ সসন্মানে আদৰি নি আটাইকে সুশৃংখলিতভাৱে আসনত বহুওৱা হৈছে৷ কলাৰ ওপৰত বগা কাঠীৰে সূৰ্য, পাহাৰ, ডাৱৰ, বৃক্ষ, পক্ষী, চাংঘৰ, ঘাঁহনি, জেওৰা আৰু এহাল অৰুণাচলী নাৰী-পুৰুষৰ ইংগিতধৰ্মী সংমিশ্ৰণেৰে তৈয়াৰ কৰা হৈছে মঞ্চৰ সুবৃহৎ বে'কগ্ৰাউণ্ড৷ ঠিক সোঁমাজতে ফুল আৰু চৰাই থকা উৎসৱৰ শুভংকৰ চিহ্নটো৷ তাৰ তলত ডাঙৰ ডাঙৰকৈ লিখা আছে PPWF2013৷ চিত্ৰবৎ সাজোনটো সামগ্ৰিকভাৱে ভাল লাগিছে৷ শিল্পীসুলভ কাৰুকাৰ্য আৰু চিন্তাৰ প্ৰয়োগ দেখি আনৰ লগতে আমিও চমৎকৃত হৈছোঁ৷

বিভিন্ন জনগোষ্ঠী, উপগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশ গ্ৰহণকাৰী সদস্য-সদস্যাসকলে স্বকীয় বৈশিষ্ট্যপূৰ্ণ বহুৰঙী পৰম্পৰাগত পোছাক পৰিধানেৰে মুকলি ঘাঁহনিত যেনি-তেনি থূপ খাই অপেক্ষা কৰি আছে৷ চকুৱে-মুখে কৌতূহল আৰু আনন্দৰ বন্যা৷ প্ৰতিনিধিসকলৰ যিমানৰ ফালেই চাইছোঁ সকলোকে পূৰঠ বয়সৰ যেনেই লাগিছে৷ চেঙেলীয়াৰ সংখ্যা কম৷ নেতৃত্ববাহীজনে জনগোষ্ঠীটোৰ নামোল্লেখ থকা ফলক ধৰিছে৷ বতৰটোও ভাল৷

হাতত কেমেৰা, কোনো কোনোৱে ম'বাইল হেণ্ডছেট লৈ সিবোৰৰ ফাঁকে ফাঁকে ভ্ৰমি ফটো তুলি ফুৰিছে৷ আমিও ৰৈ থকা নাই৷ ৰাজু গগৈয়ে বাছি বাছি মুহূৰ্তবোৰৰ ভিডিঅ ৰেকৰ্ডিং কৰাত লাগি গৈছে৷ সঞ্জু বৰা, পংকজ দাসে ভিন ভিন দলৰ মাজে মাজে সোমাই, অচিনাকি জনজাতীয় পুৰুষ-মহিলাৰ কাষত ৰৈ ফটো উঠাৰ চখ পূৰাইছে৷ কাৰো একো বাধা বা আপত্তি কৰিবলগীয়া নাই৷ সকলোৱেই সাংস্কৃতিকভাৱে উত্তেজিত আৰু আহ্লাদিত৷ লোক-সংস্কৃতিৰ পোহাৰ মেলি দিয়া হৈছে আজি, নামপঙত৷ এয়া কেৱল অৰুণাচলৰে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ৰ সংস্কৃতি৷ কাৰণ ইয়াত চুবুৰীয়া অন্য প্ৰদেশৰ পৰা অহা যোগদানকাৰী দলৰো উপস্থিতি আমি দেখা পাইছোঁ৷ সাজপাৰত পৰিচয় চিনিব পাৰিছোঁ৷ ম্যানমাৰৰ দলো আছে৷ এনেহেন ঐতিহাসিক মুহূৰ্ত আৰু পৰিৱেশৰ চাক্ষুস, শাৰীৰিক সাক্ষী হবলৈ বিভিন্ন মুখাবয়ৱৰ থলুৱা-মফছলীয়া মুনিহ-তিৰোতা, আবাল-বৃদ্ধ-বনিতাৰ ঢল বৈছে মহামিলনৰ এই ক্ষেত্ৰখনলৈ৷ উৎসৱে এনেকৈয়ে এক কৰে মানুহক৷

জনসমুদ্ৰত অৱগাহন কৰি মানুহৰ আঁৰে আঁৰে ঘূৰি-ফুৰি থাকোঁতেই এবাৰ হঠাতে অৰুণদাক চকামকাকৈ দেখা পাই গলোঁ৷ ৰঙা-বগা লোকজনে এই অনুষ্ঠানৰ সৈতে মিলাই পিন্ধি আহিছে পৰম্পৰাগত কাৰবি জেকেট৷ ডিঙিত কাৰবি মাফলাৰ৷ কান্ধত কাৰবি মোনা৷ পৰিৱেশৰ সৈতে মানুহজন তেনেই খাপ খাই পৰিছে আৰু সুন্দৰ দেখাইছে তেওঁক৷ ডিঙিত ওলমিছে গধুৰ কেমেৰাটো৷ শ্বাটাৰত আঙুলি ৰাখি ইফালে-সিফালে নজৰ ঘূৰাই ফুৰিছে৷ মনে মিলা দৃশ্য পালেই তুৰন্তে বন্দী কৰিছে৷ ফটোগ্ৰাফী অৰুণদাৰ অন্যতম হবী৷ ইতিমধ্যে মোৰো সংগীবৃন্দ হেৰাই থাকিল৷ কোন কেতিয়া কেনি নাপাত্তা হল কব নোৱাৰোঁ৷ অৰুণদাৰো দশা একেই৷ হবই৷ ইয়াত কোনে কাক বান্ধি ৰাখে? কাৰ সাধ্য সংস্কৃতিপ্ৰেমীক প্ৰাণ খুলি উদ্‌যাপন কৰাৰ ক্ষেত্ৰত নাকী লগোৱাৰ? দেখা পোৱাৰে পৰা মই অৰুণদাৰ পাছ নেৰা হ'লোঁ৷ জনসমাগমৰ মাজত হঠাতে মোক পাই অৰুণদায়ো লগ নেৰা হ'ল৷ ঘূৰণীয়া মঞ্চৰ সমীপত ভাল চাই পজিচন এটা লৈ আমি সন্মুখৰ কাৰ্যসূচীত মন দিব ধৰিলোঁ৷

পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল ২০১৩ আয়োজক সমিতিৰ সভাপতি অব্বু খিমচিং৷ ঘোষিকাৰ নিৱেদনমতে তেখেতে আদৰণী ভাষণ আৰম্ভ কৰিলে৷ ক'লে, এই উৎসৱটোৱে মুখ্যাংশ হিচাপে পৰ্যটন, জৈৱ-বৈচিত্ৰ, সাংস্কৃতিক ঐতিহ্য, উদ্ভিদকুল-প্ৰাণীকুলৰ উপৰি ইণ্ডো-ম্যানমাৰ বন্ধুত্বসূচক ম্যানমাৰী জনজাতীয় সংস্কৃতি আলোকিত কৰিছে৷ সীমান্ত বাণিজ্যৰ উদ্দীপনা ধৰি ৰাখি ম্যানমাৰৰ সৈতে গোলকীয় বেহা-বেপাৰত উৎসাহ যোগাইছে৷ চমু বক্তব্যৰ সামৰণিত তিনিদিনীয়া উৎসৱটিৰ সফলতা কামনাৰে সকলোৰে আন্তৰিক সহায়-সহযোগিতা বিচাৰিলে সভাপতিজনে৷

সভাপতিৰ পাছত চেতং চেনাৰ পাল৷ ১৯৬২ চনত জন্ম গ্ৰহণ কৰা, জয়ৰামপুৰৰ বাসিন্দা, ৫১-নামপং সমষ্টিৰ এই নেতাজনক visionary leader বুলি কোৱা হয়৷ তেখেত ৰাজ্য চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন আৰু দুগ্ধ বিভাগৰ মন্ত্ৰী৷ অৰুণাচল প্ৰদেশ বিধান সভাৰ মুখপাত্ৰও৷ ভাষণত তেখেতে কলে যে এই উৎসৱটোৰ লক্ষ্য হৈছে অঞ্চলটোৰ ঐতিহাসিক গুৰুত্ব, চহকী সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰা, নৃগোষ্ঠীয় বিচিত্ৰতা আৰু পূব অৰুণাচলৰ ভৌগোলিক গুৰুত্ব পোহৰলৈ অনা৷ তেখেতে আৰু ক'লে, 'জয়ৰামপুৰ-নামপং আজি জনপ্ৰিয় পৰ্যটনথলী হোৱাৰ পথত৷ সীমান্ত বাণিজ্য আৰু দ্বিপাক্ষিক বেহা-বেপাৰক ভিত্তি কৰি লুক্‌ ইষ্ট পলিচীৰ অন্তৰ্গত অঞ্চলটো অদূৰ ভৱিষ্যতে ব্যৱসায়িক ঘাটি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷' পূবলৈ চোৱা নীতি সফলতাৰে কাৰ্যকৰী কৰাৰ বাবে তেখেতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আৱেদন জনালে৷ মেও-নামদফা পৰ্যটন আৱৰ্তক জয়ৰামপুৰ-নামপং-পাংচু পাছলৈকে সম্প্ৰসাৰিত কৰাৰ বাবেও আহ্বান জনালে৷ ২০০৭ চনৰ পৰা চলি অহা পি.পি.ডব্লিউ.এফ.ৰ মূল চিন্তানায়ক এইজনেই৷

তাৰ পাছতেই অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল জেনেৰেল (অৱসৰপ্ৰাপ্ত) যোগীন্দৰ যশৱন্ত সিঙে পি.পি.ডব্লিউ.এফ.২০১৩ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ উদ্যত হ'ল৷ প্ৰথমে সমৱেত ৰাইজক সম্বোধি গভৰ্নৰগৰাকীয়ে কলে যে উদ্ভিদকুল আৰু প্ৰাণীকুলেৰে পৰিপূৰ্ণ আৰু প্ৰকৃতিৰ আশীৰ্বাদধন্য, ওখ-চাপৰ তাৰতম্যময় উচ্চতা, অসংখ্য পৰ্বতীয়া জান-জুৰি, চহকী আৰু বিচিত্ৰ জনজাতীয় লোকেৰে সমৃদ্ধ এই অঞ্চলটোত পদাৰ্পণ কৰাটো অভ্যাগতসকলৰ বাবে নিশ্চয়কৈ এক বিৰল অভিজ্ঞতা৷ এই উৎসৱটোৱে অঞ্চলটোৰ পৰ্যটন সমলসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ আগত উন্মুক্ত কৰাত এখন মঞ্চ হিচাপে ভূমিকা পালন কৰি আহিছে৷ উৎসৱটোৱে নৃগোষ্ঠীত্বৰ লগতে ঠাইখনৰ ইতিহাস সমৰ্থিত গুৰুত্বও জগতক জনাই দিছে৷ অৰুণাচল প্ৰদেশৰ জাতি-উপজাতিসমূহৰ বাৰেবৰণীয়া সংস্কৃতিৰ জিলিঙনি চোৱাৰ সুযোগ দিছে ইয়াত উপস্থিত হোৱা জনসাধাৰণক৷ 

মূৰত ৰঙা পাগুৰিৰে সভাত উপস্থিত থকা ৰাজ্যপালগৰাকীয়ে ভাষণ দি আছে৷ তেনেকুৱাতে আমাৰ বাঁওহাতে নাতিদূৰত, ৰঙা দলিচা পৰা গোলাকাৰ মুকলি মঞ্চটোৰ ওপৰত আৰিফ ছিদ্দিকীক দেখা পালোঁ৷ তপামূৰীয়া ফটোগ্ৰাফাৰজনে অতিৰিক্ত লেন্স সংযুক্ত মস্ত এছ.এল.আৰ. কেমেৰা এটাৰ ভিউ ফাইণ্ডাৰেৰে একান্তমনে জুমি ষ্টেজ আৰু লেকচাৰ ষ্টেণ্ডত শেনদৃষ্টি নিক্ষেপ কৰি গৈছে৷ কেমেৰাৰ ক্লিক্‌ শব্দটো আমাৰ কাণত পৰাহি নাই যদিও চকু মেলা আৰু মুদা, ডিঙিৰ উঠা-নমালৈ চায়ে অনুমান কৰিব পাৰিছোঁ কিমান চিৰিয়াচলি তেওঁ কামটো কৰি গৈছে৷ এই ফটোগ্ৰাফাৰবোৰে ইমান কষ্ট কৰে, নিজৰ চকুক কষ্ট দিয়ে, হাত-ভৰি-কঁকাল-পিঠিৰ বিষ তোলে, উৎকৃষ্ট স্নেপ এটাৰ তাগিদাত আনকি উশাহ-নিশাহ পৰ্যন্ত বন্ধ কৰি থ'ব পাৰে, অথচ তেওঁলোকৰ ফটো কিমানেনো তোলে? হঠাতে এইদৰে মনলৈ ভাব এটা আহিল মোৰ৷ লগে লগে কেমেৰাটো তেওঁলৈ টোঁৱালোঁ৷ দুটা স্নেপ লৈ থ'লোঁ৷ ঘৰ গৈ পোৱাৰ পাছত মেইল কৰি চাৰপ্ৰাইজ দিম৷ অৰুণাচলৰ প্ৰকৃতি আৰু মানুহক কেমেৰাৰ লেন্সেৰে ধৰি ৰাখি তেওঁ ইতিমধ্যে বিশেষ আসন আৰু স্বীকৃতি লাভ কৰিছে৷ মই নিশ্চিত যে ইয়াত সজাই ৰখা বেনাৰবোৰত ব্যৱহাৰ কৰা ছবিসমূহৰ সিংহভাগ তেওঁৰেই হ'ব৷

ভাষণ প্ৰসংগত অৰুণাচলৰ মহামহিম ৰাজ্যপালজনে দক্ষিণ-পূব এছিয়ালৈ যোগাযোগ স্থাপনৰ দ্বাৰসদৃশ নামপঙৰ পৰা আগলৈ ষ্টীলৱেল ৰডটো উজ্জীৱিত হোৱাৰ পোষকতা কৰি গ'ল৷ এই পথ মুকলি হলে অৰুণাচল প্ৰদেশৰ অৰ্থনৈতিক পৰিৱৰ্তন ঘটিব৷ ম্যানমাৰ আৰু পশ্চিম চীনলৈ বয়-বস্তু সৰৱৰাহক কেন্দ্ৰ কৰি নামপং আন্তৰ্জাতিক ব্যৱসায়িক আড্ডা হৈ পৰিব৷ ভৱিষ্যতৰ তেনে উজ্জ্বল আৰু ব্যস্ত দিনসমূহৰ বাবে স্থানীয় লোকসকলক প্ৰস্তুত হবলৈ তেখেতে উদাত্তকণ্ঠে আহ্বান জনালে৷

আজি পাল্‌চ পলিঅ' প্ৰতিষেধক প্ৰদানৰ দিন৷ মঞ্চত উপৱিষ্ট ফাৰ্ষ্ট লেডী অনুপমা সিং, চীফ ছেক্ৰেটাৰী এইচ. কে. পালিৱাল, কমিছনাৰ বন্দনা দেউৰী, ৰাজ্যপালৰ সচিব অংকুৰ গাৰ্গ, বিত্ত সচিব স্বাতী, চাংলাং জিলাৰ উপায়ুক্ত ব্ৰিগেডিয়াৰ ৰাজেন্দ্ৰ সিং, চাংলাং জিলাৰ আৰক্ষী অধীক্ষক বি. কে. সিং, আৰ্ট এণ্ড কাল্‌চাৰৰ সঞ্চালিকা মমতা ৰিবা, জয়ৰামপুৰৰ মহকুমাধিপতি, পঞ্চায়তৰ নেতা আদিৰ উপস্থিতিত ৰাজ্যপালে মঞ্চৰ ওপৰতে এটি শিশুক পলিঅ' প্ৰতিষেধক খুৱালে৷

মঞ্চটোৰ সন্মুখলৈ আগ বাঢ়ি থকা অংশত ধুনীয়া কাঠৰ ফ্ৰেমত পৱিত্ৰ ঘণ্টা এটা আগৰে পৰাই ওলমাই ৰখা আছিল৷ আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলে ৰাজ্যপাল ডাঙৰীয়াক সেইখিনিলৈ আগ বঢ়াই আনিলে৷ ৱাননেমহঁতৰ সমবয়সীয়াই হ'ব, টাংচা সাজ পৰিধান কৰা যুৱতী এজনীয়ে ট্ৰে এখনত দেখাত ইংৰাজী 'এল' বৰ্ণৰ দৰে কাঠৰ মাৰি এডাল সজাই-পৰাই কাষলৈ আনিলে৷ ৰাজ্যপালগৰাকীয়ে সেইডাল হাতত তুলি ল'লে৷ পি.পি.ডব্লিউ.এফ.২০১৩ৰ সফলতা কামনাৰে ঘণ্টাত সজোৰে কোব দিলে৷ ঢং...৷ শব্দটো চৌদিশে ৰজনজনাই গ'ল৷ লগে লগে উপস্থিত জনগণৰ জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি৷ ধ্বনি-প্ৰতিধ্বনিয়ে মুখৰিত কৰি তুলিলে নামপঙৰ আকাশ-বতাহ৷

এইবাৰ ফিটাৰে বান্ধি থোৱা জাতীয় পতাকাৰঙী বেলুনৰ থোপাটো কেইজনমানে টানি টানি ওচৰ চপাই অানিলে৷ অনুমান কৰিলোঁ, সকলো মিলাই ৫০০টামান হ'ব৷ ৰাইজৰ বিপুল হৰ্ষোল্লাসৰ মাজত হাইড্ৰ'জেন ভৰ্তি বেলুনখিনি এৰি দিয়া হ'ল৷ মুকলি পাই থোপাটোৱে ধীৰে ধীৰে হালি-জালি আকাশলৈ গতি কৰিলে৷ তলফালে ফিটাত বান্ধি থোৱা ফলকত ওলমি জিলিকি থাকিল PPWF 2013 for Peace & Conservation আখৰকেইটা৷ এক দৃষ্টিনন্দন দৃশ্য৷ ইফালে মেডিয়া হাউচৰ সন্মুখতো ৱাননেম, নংকি বস্তিৰ পৰা অথনি একেলগে অহা তাইৰ বান্ধৱীহঁত আৰু অন্য ছোৱালী কেইজনীমানে শাৰী পাতি হালধীয়া, সেউজীয়া, বগা ৰঙৰ বেলুন কিছুমান ইমানপৰে হাতেৰে ধৰি আছিল৷ ইংগিত পাই সিহঁতেও সূতা এৰি দিলে৷ হাত-চাপৰি, কিৰীলি, হৰ্ষোল্লাসত অলপ সময়ৰ বাবে কেনিও একো নুশুনাই হৈ পৰিল৷ আকাশত বেলুনে মেলা পাতিলেগৈ৷ মানুহবোৰৰ ডিঙি বেঁকা, দৃষ্টি সুনীল গগনত৷ আৰম্ভ হৈ গ'ল পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল ২০১৩৷

No comments:

Post a Comment