দ্বিতীয় দিন, অংশ-১৬
মাত্ৰ ঘণ্টাদিয়েক পূৰ্বে সান্নিধ্যলৈ অহা টাংচা পৰিয়ালটোৰ সাদৰ আতিথ্য, সৰলতা-সুন্দৰতা আৰু জুহালৰ উত্তাপে ভ্ৰমণকালীন বেথা কিম্বা দুখ-ভাগৰক সমূলি ওচৰ চাপিবলৈকে দিয়া নাই৷ কথাৰ মাজতে পৰিবাৰৰ ইংগিতত জাংখঙে চাঙৰ ওপৰত মস্ত ঢাৰি এখন পাৰি দিলে৷ নাজঙৰ লগতে জীয়ৰী ৱাননেম্ আৰু ওচৰৰে এঘৰৰ পৰা অহা তাইৰ জনৈক বান্ধৱীয়ে ভাত-পানী সজোৱাত লাগিল৷ Bone China Crockeryৰ নতুন আৰু ধুনীয়া প্লেট, হটকেছ, ট্ৰেৰ উপৰি চক্চকীয়া গিলাচ, চামুচ, হেতা আদি ব্যৱহাৰ কৰিছে আলহীৰ বাবে৷ জুইৰ উত্তাপ দেহাত লৈ জুমতলীৰ মিঠা লগা চাউলৰ ভাতসাজ খুব তৃপ্তিৰে খালোঁ আলু ভাজি, দাইল, সিদ্ধ লাইপাতেৰে৷ আমিষাহাৰীসকলৰ ভাগত পহুৰ মাংস আৰু শুকান মাছৰ চাটনিও যোগ হ'ল৷ তাৰ পাছত গভীৰ নিশালৈকে পৰিয়ালটোৰ সৈতে কথা-বতৰা চলি থাকিল৷
Pangsau Pass Winter Festival (PPWF)ৰ আঁতিগুৰি বিচাৰোঁতে জানিব পাৰিলোঁ যে ২০০৬ চনত Pangsau Pass Expedition বুলি এটা Car Rally পতা হৈছিল৷ উক্ত কাৰ ৰে’লীত প্ৰথম স্থান অধিকাৰ কৰিছিল অসমৰ উদয় শইকীয়াই৷ সেই বছৰেই ম্যানমাৰৰ অন্তৰ্ৱৰ্তী Pan Saung নামে স্থানত Indo-Burma Trade Fair এখনৰ আয়োজন কৰা হৈছিল৷ বাণিজ্য মেলাখন উক্ত ঠাইডোখৰত প্ৰতি বছৰে পতাৰ কথা আছিল৷ কিন্তু ম্যানমাৰৰ অভ্যন্তৰীণ সন্ত্ৰাসবাদী সমস্যাৰ বাবে পৰিকল্পনা সফল হৈ নুঠিল। পৰৱৰ্তী সময়ত Nampongত Pangsau Pass Mela, Pangsau Pass Winter Festival নামে পাতিবলৈ লয়৷ মেলাৰ সময়ত দুপাৰৰ মানুহৰ আহ-যাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্তত শিথিলতা অৱলম্বন কৰা হয়৷ ইয়াৰ বাদেও, প্ৰত্যেক মাহৰ ১০, ২০ আৰু ৩০ তাৰিখত পাংচু পাছ বজাৰৰ বাবে সীমান্ত অতিক্ৰম কৰি ভাৰতীয় নাগৰিকক দিনতীয়াকৈ যাব দিয়া হয়৷ এই প্ৰথাটো আজিও আছে৷ এনেকৈ যাবলৈ হ'লে নামপঙত থকা সেনা ছাউনীৰ পৰা অনুমতি-পত্ৰ সংগ্ৰহ কৰিব লাগে৷ এই তাৰিখকেইটাত ব'ৰ্ডাৰ বজাৰ পাবগৈ পাৰি ঠিকেই, লে'ক অফ্ ন' ৰিটাৰ্ণৰ পাৰলৈ হ'লে যাব নিদিয়ে৷ গতিকে হ্ৰদৰ পানী চুই চোৱাৰ মুকলি সুযোগ এই উৎসৱটোৱেই৷ সেয়ে দূৰ-দূৰণিৰ হিলদ’ল ভাঙি মানুহ আহে এই বিশেষ সময়টোত৷ তেনেকৈ, সিপাৰৰ পৰাও প্ৰতি শুক্ৰবাৰে ভাৰতলৈ ম্যানমাৰী লোক অহাৰ প্ৰথা আছে৷ নিমখকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰি তেওঁলোক দিনে-পোহৰে উভতি যায়৷ এনেকৈয়ে চলি আছে সীমান্তবাসীৰ কষ্টসাধ্য জীৱন-যাত্ৰা৷ তাকে স্বচক্ষে চাবলৈ, দুৰ্বিষহতা হৃদয়ংগম কৰিবলৈ আমিও ঢপলিয়াই আহিছোঁ দেশৰ এইটো প্ৰান্তলৈ৷

২০০৭ চনত পি.পি.ডব্লিউ.এফ.
আৰম্ভ কৰোঁতে মূল দৃষ্টি আছিল ব্যৱসায় আৰু সাংস্কৃতিক বিনিময়ৰ লগতে স্থানীয় পৰম্পৰাৰ
প্ৰতিফলন আৰু সেইবোৰৰ উজ্জীৱিতকৰণৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ দেশসমূহ, বিশেষভাৱে ম্যানমাৰৰ
সৈতে সীমান্তৰ দুপাৰৰ সম্পৰ্ক গাঢ় কৰা৷ দিন আগুৱাই যোৱাৰ লগে লগে স্থানীয় কৃষ্টি-সংস্কৃতি, খাদ্যাভ্যাস, শিল্পকলাত
গুৰুত্ব দিয়াৰ সমানে সমানে গ্ৰাম্য পৰ্যটন আৰু সীমান্ত বাণিজ্যতো ধ্যান দিয়া
হৈছে৷ কেৱল ম্যানমাৰৰ সৈতেই নহয়, ‘ইক’নমিক পাৱাৰহাউচ’ আখ্যায়িত চীনৰ সৈতে যোগাযোগ স্থাপনে সমগ্ৰ অঞ্চলটোৰ দৃশ্যপট সলনি কৰি দিব পাৰে বুলি ভবা হৈছে৷ আনহাতে
উৎসৱৰ নামত কেৱল খাদ্য, সংস্কৃতি আৰু শিল্পৰ ওপৰতে নিৰ্ভৰশীল হ’লেই নহ’ব বুলিও কোৱা হৈছে৷ সেইবাবেই এইবাৰ আন্তৰ্জাতিক স্বীকৃতি
আৰু সুনাম থকা শিলিগুৰিস্থ হে’ল্প টুৰিজিমৰ সমৰ্থনত হ’মষ্টে’ৰ সূচনা কৰা হৈছে৷ গ্ৰাম্য
হ’মষ্টে’ৰ লগতে মূল থলীৰ ওচৰে-পাজৰে তম্বুৰ ব্যৱস্থাও ৰখা হৈছে৷ থকা-মেলাৰ
বিকেন্দ্ৰীকৰণ ঘটোৱা হৈছে, যাৰ জৰিয়তে আগমনকাৰীসকলে অঞ্চলটোৰ চুক-কোণবোৰৰ আভাস
পাব, প্ৰত্যক্ষ আনন্দ লভিব, জনজীৱনৰ অধ্যয়ন সহজ-সম্ভৱ হ’ব৷ আনফালে,
অসম আৰু অৰুণাচল প্ৰদেশ লাভৱান হোৱাকৈ সীমান্ত বাণিজ্যত অধিক গুৰুত্ব আৰোপ কৰা হৈছে৷
নামপঙৰ এম.এল.এ. তথা অৰুণাচল
প্ৰদেশৰ কৃষি, উদ্যান শস্য আৰু পশুপালন বিভাগৰ মন্ত্ৰী চেতং চেনাক এই উৎসৱৰ ‘Brain behind’ বুলি কোৱা হয়৷ আয়োজন সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কৈছে যে
এইবাৰ উৎসৱৰ মূল উদ্দেশ্যটো হ’ব হ’মষ্টে’ৰ অন্তৰ্ভুক্তিৰে দৰ্শনাৰ্থীসকলক গ্ৰাম্য পৰিৱেশলৈ লৈ যোৱা, যাৰ জৰিয়তে জনজাতীয় আতিথ্যৰ পোনপটীয়া সোৱাদ লোৱাৰ উপৰি জীৱনধাৰাৰ চাক্ষুস অভিজ্ঞতা
আহৰণ কৰিব পাৰিব৷ তাৰ বশৱৰ্তী হৈয়ে আমি বা আমাৰ দৰে এড্ভেন্চাৰিষ্টবোৰে সত্যৰ পম খেদি জীৱনত কাহানিও নেদেখা, আনকি ইয়াৰ আগতে নামেই নুশুনা ঘোঁকটৰ নংকি বস্তি ওলাইছোঁহি৷ ২ জানুৱাৰীতে ppwf2013@gmail.comত মেইল যোগে আমাৰ confirmed itinerary প্ৰেৰণ কৰিছোঁ৷ হ'মষ্টে' খাটাং হৈছে বুলি সঁহাৰি পাইছোঁ৷ আগতীয়া যোগাযোগেৰে আৰিফ ছিদ্দিকীয়েও ফোনতে আলোচনা কৰিছে৷ সুধিছে, 'উৎসৱথলীৰ কাষত টেণ্টত থাকিবনে গাঁৱত হ'মষ্টে' কৰিব?' একে আষাৰে জনাই দিছোঁ, 'আমি হ'মষ্টে'তহে থাকিম৷' আৰু এতিয়া এয়া, এইখন টাংচা গাঁৱত জাংখং মংৰে নামৰ মানুহজনৰ চাঙত, জুইৰ গুৰিত বহি প্ৰাণখুলি কথা পাতি আছোঁ৷ ইমান দূৰ আহিও টোপনি মুঠেই ধৰা নাই৷ উত্তেজনাই মন-প্ৰাণ সবল আৰু উত্তাল কৰি ৰাখিছে৷
পি.পি.ডব্লিউ.এফ.২০১৩ৰ সভাপতি
অব্বু কিমছিঙে সাংবাদিকক জনাইছে যে এইবাৰৰ আয়োজন বিগত চাৰিটা আয়োজনতকৈ পৃথক হ’ব৷ পূৰ্বতে এইটো নিৰ্দিষ্ট এক জনগোষ্ঠী,
টাংচাসকলৰ মাজতে আবদ্ধ আঞ্চলিক উৎসৱ আছিল৷ ইয়াৰ মাজত গাঁৱলীয়া লোক-সমষ্টিৰ আৰ্থ-সামাজিক
উন্নয়নৰ সুযোগ নিহিত থকা হেতুকে পৰৱৰ্তী সময়ত পৰিসৰ বহল কৰি অনা হৈছে৷ এই উৎসৱক এতিয়া
কেৱল অৰুণাচলৰ নৃগোষ্ঠীয় বিভিন্নতা প্ৰকাশৰ মাধ্যমেই নহয়, একেখন আকাশৰ তলত, একেখন
মঞ্চত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উপৰি চুবুৰীয়া ম্যানমাৰৰো ভিন্নতা প্ৰদৰ্শনৰ থলীলৈ
ৰূপান্তৰিত কৰা হ’ল৷ এই কথাবোৰৰ সঁচাৰূপ কাইলৈ দেখা পাম৷ তাকে চাবলৈ দলৰ প্ৰতিজনেই উদ্বাউল হৈ আছোঁ৷
দ্বিমত নাই যে পি.পি.ডব্লিউ.এফ.ৰ বিগত চাৰিটা
আয়োজনে অঞ্চলটোক সাংস্কৃতিকভাৱে ম্যানমাৰৰ ওচৰ চপাইছে৷ আনহাতে ইয়াৰ অৰ্থনৈতিক সম্ভাৱনা কিমান
সেয়া বহুতেই বুজিবলৈ আজিও বাকী৷ দুয়োখন দেশৰ সমূহীয়া সহযোগিতা আৰু অংশ গ্ৰহণত ইয়াক
উভয় দেশৰে আন্তৰ্জাতিক মহোৎসৱ হিচাপে ৰূপ দানৰো ভৱিষ্যৎ সম্ভাৱনা নথকা নহয়৷ চুবুৰীয়া
দুখন দেশ, দুটা বৃহৎ জাতিৰ বন্ধুত্ব ইয়ে সূচাব৷ পূবলৈ চোৱা নীতিৰ ধাৰণা পৰৱৰ্তী পৰ্যায়ত
এনেকৈয়ে ৰূপায়িত হ’ব৷ সেইফালৰ
পৰা উৎসৱটোৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ প্ৰয়োজন আছে৷ পি.পি.ডব্লিউ.এফ. ইতিমধ্যে এটা ব্ৰেণ্ডত
পৰিণত হৈছেই৷ সমগ্ৰ বিশ্বৰ এখন সামূহিক মঞ্চত পৰ্যবসিত হ'লেও আচৰিত হ'বলগীয়া একো নাই৷ উৎসৱটোক লৈ যথেষ্ট আশাবাদী জাংখং, নাজংহঁত৷ কাৰণ উৎসৱটোৱে ইহঁতক উপাৰ্জনৰ পথ দেখুৱাইছে৷
অতীতলৈ ঘূৰি চাই ভাবিছোঁ, হে’ল্প টুৰিজিমৰ সৌজন্যত জয়ৰামপুৰ, নামপং, মানমাও, ৰিমা
আদিৰ স্থানীয় লোকৰ সহায়-সঁহাৰিত আয়োজিত ২০০৬ চনৰ কাৰ ৰে’লীটো পৰৱৰ্তী সময়ৰ পি.পি.ডব্লিউ.এফ.ৰ
ৱাৰ্ম-আপ্ আছিল বুলিলে ভুল চাগৈ নহ'ব৷ ২০০৭ চনৰ পৰা আয়োজনটো অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগৰ ছত্ৰছায়ালৈ নিয়া হৈছে৷
তাৰ লগে লগে আকাৰত বৃহৎ আৰু সুন্দৰতাতো আধিক্য আহিছে৷ ৰাজ্য চৰকাৰে পূৰ্ণ সমৰ্থন জনাই গৈছে
উৎসৱটোলৈ৷ ফলত পি.পি.ডব্লিউ.এফ. আজি বিশ্বব্যাপী আকৰ্ষণৰ বিন্দু হৈ উঠিছে৷ এই উৎসৱৰ সুযোগতে এতিয়া
বিদেশ ৰাষ্ট্ৰত নিৰ্বিঘ্নে, থাউকতে ভুমুকি এটা মাৰি আহিব পাৰি৷ চাই আহিব পাৰি দ্বিতীয় মহাযুদ্ধই জনাজাত কৰি তোলা লে'ক্ অফ্ ন' ৰিটাৰ্ণ৷ পাছপ’ৰ্টৰ ঝামেলা নাই৷ ভ্ৰমণ-আতুৰৰ বাবে ইয়াতকৈ সহজ কথা আৰু কি আছে?
No comments:
Post a Comment