চতুৰ্থ দিন, অংশ-২
অলপ পাছতে দেখা পালোঁ, মানৱাং
দৌৰাদৌৰিকৈ আহি আছে৷ ভীষণ ব্যস্ত যুৱকজন৷ ইফালে গৈছে, সিফালে গৈছে৷ ইজনৰ লগত কিবা
পাতিছে, সিজনৰ লগত কিবা পাতিছে৷ নিৰ্দেশ দিছে৷ অংগী-ভংগী৷ মুঠতে সময় নাই৷ ওচৰ পোৱাৰ
লগে লগে তেওঁক আমাৰ অনুমতি-পত্ৰখন দেখুৱালোঁ, প্ৰাপ্তিৰ আনন্দৰে উৎফুল্লিত হৃদয়েৰে৷
কামফেৰা সুকলমে হৈ যোৱাত সুখৰ হাঁহি এটা মাৰিলে৷ পিঠিত চপৰিয়াই ক’লে, ‘মই কৈছিলোঁ নহয়, হৈ যাব, আপোনাৰহে
ইমান টেনচন! ডে’থ ভেলীলৈ যাবলৈ তৈয়াৰ হওক এতিয়া!’
ঠিকেই, ডে’থ ভেলীলৈ৷ এটা ইতিহাস বিচাৰি সদলবলে ওলাইছোঁ আমি৷ দৰাচলতে ইতিহাসেই
জাতিৰ জীৱন-পঞ্জী৷ আমাৰ লগত জাংখং মংৰেও আছে৷ স্থানীয় আৰু অভিজ্ঞ মানুহ এজন গাইড-সহচৰ
হিচাপত লগত থাকিলে ঘূৰি-ফুৰি ভাল লাগে৷ নাজঙকো লগ ধৰিছিলোঁ৷ তাই ইচ্ছা নকৰিলে৷ জাংখঙকে
পাচিলে৷ তেওঁ যিহেতু আগতেও গৈছে সেয়ে সহায়ক হ’ব বুলি
তাই অভিমত দিছিল৷ আমাৰ ভালৰ বাবে চিন্তা কৰা নাজঙৰ মুখখন মোৰ মানস-পটত উজলি উঠিল৷
৯.০০ বাজিবলৈ ১৫ মিনিটমান
আছে৷ ম্যানমাৰৰ লে’ক অফ্ ন’ ৰিটাৰ্ণ চাবলৈ ওলোৱা পৰ্যটকসকলক
গাড়ীবোৰ শাৰী পতাবলৈ নিৰ্দেশ দিছে৷ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি সামান্য আগত থকা অসম
ৰাইফলছৰ নামপং প’ষ্টত সোমাব লাগিব৷ ফিল্ডত অলপ আগতে দিয়া হালধীয়া ৰঙৰ আই.এল.পি.খন তাত দিব লাগিব৷ তেতিয়া কাগজৰ ট’কেন এটা পোৱা যাব৷ সেইটো নি ইণ্টাৰনেছনেল ব’ৰ্ডাৰত দেখুৱাব লাগিব৷ ভাৰতীয় আৰু ম্যানমাৰ উভয় ফালৰ পৰাই কাগজৰ
ট’কেন৷ সেয়াই পাচপ’ৰ্ট, সেয়াই
ভিছা! এনেকৈয়ে চলি আহিছে ষ্টীলৱেল পথেৰে দুখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত দেশী-বিদেশী মানুহৰ
আহ-যাহ৷
পথৰ কাষৰ এখন দোকানত সোমাই
পানীৰ বটল আৰু বিস্কুটৰ পেকেট কিনি ল’লোঁ৷ বাটত দৰকাৰ হ’ব৷ আগত
পাওঁবা নাপাওঁ, কি ঠিক? বহুমূলীয়া হালধীয়া কাগজখন মোৰ হাতত আছে৷ অতি সাৱধানে ধৰি আছোঁ৷
এইখনৰ সৈতে এতিয়া সুদূৰ ডিফুৰ পৰা অহা আমাৰ দলটোৰ গোটেইকেইজনৰে দীৰ্ঘদিনীয়া হেঁপাহ
এটা জড়িত হৈ আছে৷ টীম-বিৰখন অৰুণদাৰ জিম্মাত৷ অৰুণদা সিখন গাড়ীৰ আগ চিটত৷ মুখমণ্ডলত
আনন্দ আৰু উৎসুকতা দুয়োটা সমানেই পৰিস্ফূট হৈছে৷
চাওঁতে চাওঁতেই সুদীৰ্ঘ কনভয় এটা গঢ় লৈ উঠিল৷
বলেৰ’খনেৰে আমি তাৰ মাজত সোমাই আছোঁ৷
সন্মুখত হাৰ্বাৰ্টৰ ক’লা টাকচনখন৷ এটা মন-বিনায়ক যাত্ৰাৰ আৰম্ভণি৷ মনৰ অভ্যন্তৰত অলেখ ভাবৰ হেন্দোলনি৷
নিজকে নিজে উপৰ্যুপৰি প্ৰশ্ন কৰিছোঁ৷ সৌ কেঁকুৰিটোৰ আঁৰ লৈ থকা ষ্টীলৱেল ৰ’ডৰ ৰূপটো আগলৈ কেনেকুৱা হ’ব বাৰু? কেনেকুৱা হ’ব পাংচু পাছ? কেনেকুৱাবা দেখিম লে’ক অফ্ ন’ ৰিটাৰ্ণ নামৰ বহুচৰ্চিত জলাশয়টো!
বিৰাট উত্তেজনা৷
নামপং এৰিলোঁ৷ পথটো সৰুফুটীয়া,
পাহাৰীয়া, অকোৱা-পকোৱা৷ এইটোৱেই সেই পথ য’ত এজন অসাধাৰণ মানুহৰ নেতৃত্বত জান-প্ৰাণ দি খটা হাজাৰ হাজাৰজন
সাধাৰণ মানুহৰ জীৱন-যৌৱন, তেজ-ঘাম, বিধি-বিপত্তি আটাইবোৰ একান্তভাৱে নিহিত হৈ আছে৷
লেখাপানীৰ পৰাই আমি এই পথ অনুসৰণ কৰি আহিছোঁ৷ এয়া এক অসাধাৰণ অভিযান্ত্ৰিক কীৰ্তি যি অসমৰ লিডুৰ
সৈতে ঐতিহাসিকভাৱে সংলগ্ন৷ এতিয়া দুপাৰে মাথো অৰণ্য৷ গছ-বনেৰে ঢাক খোৱা
সেউজীয়া পৰিৱেশ৷ সন্মুখলৈ চাই ভাল লাগিছে৷ অলেখ প্ৰশ্নৰ উত্তৰ, জনা-নজনা বহু কথাই লুকাই
আছে সেইটো দিশত৷ সেইফালেই গতি কৰিম অলপ পাছত৷ পাটকাইৰ পূব প্ৰান্ত এয়া৷
ইণ্ডো-বাৰ্মা ব’ৰ্ডাৰৰ
পাটকাই পৰ্বতমালা আৰু উত্তৰ বাৰ্মাৰ শ্বিংব্যিয়াং পৰ্বতমালা পৃথিৱীৰ ভিতৰতে ডাঙৰ আৰু
দুৰ্গম বনাঞ্চলেৰে পূৰ্ণ এলেকা আছিল যাৰ মাজেদি পথ নিৰ্মাণ কৰি উলিয়াইছিল জেনেৰেল যোচেফ
ৱাৰেণ ষ্টীলৱেলে৷ ১৯৪২ চনত বাৰ্মা হস্তগত কৰা জাপানীৰ লগত যুদ্ধ কৰিবলৈ এই পথটো নহ’লেই
নহৈছিল৷ অটব্য অৰণ্য, দুৰাতিক্ৰম্য পৰ্বতমালা, গভীৰ গিৰিখাদ, খৰস্ৰোতা পাহাৰীয়া নদী,
অন্তহীন বাৰিষাৰ প্ৰকোপ, মেলেৰিয়া আক্ৰান্ত অঞ্চলৰ মাজেদি ষ্টীলৱেলৰ নিৰ্দেশ আৰু নিৰীক্ষণত
নিৰ্মিত হৈছিল ষ্টীলৱেল ৰ’ড৷ পুৰণি নাম লিডু ৰ’ড, বাৰ্মা ৰ’ড, লিডু-বাৰ্মা ৰ’ড৷ চিংফৌসকলে কয় লিড’লাম৷ লাম মানে পথ৷ পাংচু গিৰিপথ,
লে’ক্ অফ্ ন’ ৰিটাৰ্ণ ষ্টীলৱেল পথৰ সৈতে আজিও
এৰাব নোৱাৰা বিষয়৷ অথনি নঞৰ্থক কথা বলকি পৰ্যটকৰ লক্ষ্য সলাবলৈ অপচেষ্টা চলোৱা বিষয়াজনৰ বিৰুদ্ধে সেয়েহে আমাৰো জেদ বাঢ়ি গৈছিল৷ (আগলৈ)
No comments:
Post a Comment