তৃতীয় দিন, অংশ-১২
ফেষ্টিভেল গ্ৰাউণ্ড সম্পূৰ্ণ পলিথিনমুক্ত কৰি ৰখা হৈছে৷ মুকলি সভাৰ সময়ত অভ্যাগতক পৰম্পৰাগত খাদ্য আলু সিদ্ধ আগ বঢ়োৱা হ’ল পাতেৰে ধুনীয়াকৈ মেৰিয়াই৷ উৎসৱথলী মাদক দ্ৰব্য নিষিদ্ধ কৰি ৰখাটোতো বেচ জোৰ দিয়া হৈছে৷ মাদক দ্ৰব্যৰ প্ৰভাৱত মুকলিমূৰীয়া, উৎসৱমুখৰ পৰিৱেশ এটাত কালিমা সানিবলৈযে বেছিপৰ নালাগে সেয়া আয়োজকসকলে বুজি পাইছে৷ এই আয়োজন তাৎপৰ্যপূৰ্ণ আয়োজন৷ কাৰো মদ খাই মাতলামি কৰা জেগা নহয়৷ গতিকে বিক্ৰীৰ অনুমতি কাকো দিয়া হোৱা নাই৷ আনফালে অৰুণাচল প্ৰদেশৰ পৰ্যটন বিভাগে নামপঙত অনুষ্ঠিত এই উৎসৱটোক ৰাজ্যিক পৰ্যটন মহোৎসৱ হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷
তাকচিঙৰ নাহ, মেন্-চু-খাৰ মেম্বা, তাত’ৰ পাইলেবু, মণিগঙৰ ব’কাৰ, ডামবুকৰ পাদাম, পাছিঘাটৰ মিন্য়ং, কিবিথুৰ জাখ্ৰিং বা মেয়ৰ ইত্যাদি হৈছে অৰুণাচল
প্ৰদেশৰ আন কেইটামান জনজাতি৷ স্বল্পজ্ঞাত ভালেকেইটা জনগোষ্ঠীক লৈ গৱেষণা আজিও সম্পূৰ্ণ হোৱা নাই৷ গতিকে গৱেষকৰ বাবে ইয়াত যথেষ্ট সমল আৰু সম্ভাৱনা আছে৷ পি.পি.ডব্লিউ.এফ. ২০১৩ৰ ফেষ্টিভেল গ্ৰাউণ্ডত আমি কেইবাটাও জনগোষ্ঠীৰ প্ৰদৰ্শন দেখা নাপালোঁ৷ চিন্তা কৰিছোঁ, কাৰণ কি হ'ব পাৰে?
এইটো ঠিক যে দূৰ-দূৰণিৰ পৰা কেইবাদিনো ধৰি একে লেথাৰিয়ে আহি থাকিলেহে নামপং পোৱাটো সম্ভৱ হ'ব, যিটো মুখৰ কথা নহয়৷ ঘোঁকট ঠাইবোৰৰ পৰা এইখন জেগালৈ কিল’মিটাৰ হিচাপত দূৰত্ব যিমান হ’ব, আধুনিক যুগত সেইটো একো ডাঙৰ সমস্যা হ'ব নোৱাৰে৷ কিন্তু প্ৰচলিত পথ যোগাযোগৰ অসুচলতা বা বাট-পথৰ স্তৰটো নিম্ন হৈ থকাৰ বাবেই আজিৰ তাৰিখতো ক'ৰবালৈ ওলাই লক্ষ্যস্থান পাওঁতে ভালেমান সময় লাগি যায়গৈ৷ অৰুণাচলৰ ইকোণ-সিকোণ ঘূৰি আমাৰ সেই অভিজ্ঞতা হৈছে৷ গতিকে সেই বিষয়টোহে চিন্তনীয়৷ তথাপি আয়োজক সমিতিয়ে যৎপৰোনাস্তি প্ৰচেষ্টা চলাইছে৷ যিমানক পাৰি এই মঞ্চত একত্ৰিত কৰাৰ যত্ন কৰিছে৷ তাৰ সুবাদতে বহুগোষ্ঠীয় সাংস্কৃতিক উপাদানৰ সমাহাৰত আজি নামপঙে উৎসৱমুখৰ আৰু জীৱন্ত ৰূপ পৰিগ্ৰহ কৰিছে৷ অন্যথা নামপংখন সিমান ব্যস্ত বা জনবহুল নহয়৷ আনহাতে নিশাৰ সাংস্কৃতিক কাৰ্যসূচীত হয়তো এতিয়া নেদেখা অন্য কেতবোৰ জনগোষ্ঠীৰ প্ৰদৰ্শন আমি চাবলৈ পাম৷ তাকে আশা কৰি চাঙলৈ ঘূৰাৰ কথা ভাবিলোঁ৷ ঘড়ীত ইতিমধ্যে ২.৪৫ পাৰ হ'ল৷

ফিল্ডৰ একোণত প্ৰদৰ্শনী মুকলি কৰা হৈছে৷ ৰাইজৰ জ্ঞাতাৰ্থে ঘোষণাও কৰি দিয়া হৈছে৷ হেম-গেমৰ
মাজতে উলাহেৰে আমিও চাবলৈ সোমালোঁগৈ৷ চাংলাং জিলাৰ কৃষি বিভাগ, উদ্যান শস্য বিভাগ,
টেক্সটাইল এণ্ড হেণ্ডিক্ৰাফ্ট ডিপাৰ্টমেণ্ট, মীন বিভাগ, আত্মসহায়ক গোট, সমবায় সমিতি,
এনাৰ্জি ডেভেলপমেণ্ট এজেন্সি আদিয়ে ষ্টল দিছে৷ হৰ্টিকালচাৰৰ Sale Counter খোলা হৈছে৷ আমাৰ অন্যতম সংগী
পংকজ দাসে কমলা কেইটামান কিনিছে৷ বখলিয়াই থাকোঁতেই পালোঁগৈ৷ অৰুণাচলৰ মিঠা কমলা৷ এইফালে মানমাও চাৰ্কোলত সুমিষ্ট
কমলা খেতি হয়৷
ফেষ্টিভেল গ্ৰাউণ্ড সম্পূৰ্ণ পলিথিনমুক্ত কৰি ৰখা হৈছে৷ মুকলি সভাৰ সময়ত অভ্যাগতক পৰম্পৰাগত খাদ্য আলু সিদ্ধ আগ বঢ়োৱা হ’ল পাতেৰে ধুনীয়াকৈ মেৰিয়াই৷ উৎসৱথলী মাদক দ্ৰব্য নিষিদ্ধ কৰি ৰখাটোতো বেচ জোৰ দিয়া হৈছে৷ মাদক দ্ৰব্যৰ প্ৰভাৱত মুকলিমূৰীয়া, উৎসৱমুখৰ পৰিৱেশ এটাত কালিমা সানিবলৈযে বেছিপৰ নালাগে সেয়া আয়োজকসকলে বুজি পাইছে৷ এই আয়োজন তাৎপৰ্যপূৰ্ণ আয়োজন৷ কাৰো মদ খাই মাতলামি কৰা জেগা নহয়৷ গতিকে বিক্ৰীৰ অনুমতি কাকো দিয়া হোৱা নাই৷ আনফালে অৰুণাচল প্ৰদেশৰ পৰ্যটন বিভাগে নামপঙত অনুষ্ঠিত এই উৎসৱটোক ৰাজ্যিক পৰ্যটন মহোৎসৱ হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷
ফেষ্টিভেল গ্ৰাউণ্ডত খেৰ, বাঁহ, কাঠ, টকৌপাতেৰে সজা পেণ্ডেল আৰু নৃগোষ্ঠীয় গৃহসমূহে মাত্ৰ আমাকেই নহয়, ইয়াত সমৱেত প্ৰতিজন চমজদাৰ, সংস্কৃতিৱান দৰ্শনাৰ্থীক আকৰ্ষিত আৰু উৎসাহিত কৰাটো মন কৰিলোঁ৷ বহুজন দৰ্শকে নিজৰ ভিতৰতে কৈ থকা কাণত পৰিল যে উৎসৱৰ পাছত এইবিলাক যথাযথভাৱে
সংৰক্ষণ কৰিব লাগে৷ নষ্ট হ'বলৈ দিব নালাগে৷ সঁচাকৈয়ে ইয়াৰ মানুহবোৰৰ কাষ্ঠকৰ্ম, কাঠীকৰ্ম
সকলোখিনিয়েই অতীৱ সুন্দৰ৷ কামবোৰ উচ্চ পৰ্যায়ৰ আৰু পৰিপাটি! ইফালে বাণিজ্যিকীকৰণ অবিহনে থলুৱা জনগোষ্ঠী এটাৰ খাদ্যসম্ভাৰক বাহিৰত জনপ্ৰিয় তথা প্ৰসাৰ ঘটাব নোৱাৰি৷ অলপ দূৰে দূৰে ফলকত টাংচা, টুটচা, টিখাক, নিছি, আপাটানি,
গাল’, ৱাঞ্চু, নক্টে, খামতি, মনপা, লিচু, ১৮ অসম ৰাইফলচ নাগা হাট
আদি নাম লিখি ৰখা চাংঘৰবিলাকত Hut-cum-Food Stall হিচাপে পৰম্পৰাগত খাদ্য উপলব্ধ কৰা দেখা
গ’ল৷ পৰ্যটক সোমোৱাও দেখা পালোঁ৷
অৰুণাচলৰ বৰ্ণিল নৃগোষ্ঠীৰ
সুন্দৰ সমাহাৰ চাবলৈ পালোঁ নামপঙৰ ফেষ্টিভেল গ্ৰাউণ্ডত, পি.পি.ডব্লিউ.এফ. ২০১৩ৰ উদ্বোধনী অনুষ্ঠানত৷ ইয়াৰে
ভালেকেইটা জনগোষ্ঠী সামাজিক, সাংস্কৃতিক, নৃতাত্ত্বিকভাৱে পৰস্পৰে পৰস্পৰৰ ওচৰ চপা৷ আজি এয়া দৰ্শন কৰাৰ
পাছত সদ্যহতে এনে এক বোধ হৈছে যে ভৱিষ্যতে জানুৱাৰীৰ ২০ তাৰিখটো আহিলেই এই ঠাইলৈ
মনত পৰিবই পৰিব৷ অনাগত দিনবোৰত নিশ্চয়কৈ স্মৃতিচাৰণ হ’ব যে ২০১৩ চনৰ এনেকুৱা সময়খিনিত উপস্থিত আছিলোঁ অৰুণাচল
প্ৰদেশৰ ম্যানমাৰ সীমান্তৱৰ্তী এনে এঠাইত য’ত প্ৰত্যক্ষ কৰিছিলোঁ জীৱনত নেদেখা কেতবোৰ নৃত্য-গীত৷ পৰম্পৰাগত জনজাতীয় নাচ-গানৰ
সমৃদ্ধ ৰূপ চাবলৈ পাইছিলোঁ স্বচক্ষে৷ নিপুণ শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা পোছাক-পৰিচ্ছদবোৰে মন মুহিছিল৷ ভালুকৰ নোমৰ টুপী, লাওখোলা পৰিধানেৰে কৰা নৃত্য, মাটিত প্ৰচণ্ড
আঘাত কৰি কৰা ৱাৰ ডেন্স, বন্দুক লৈ কৰা নাচোনে চক খুৱাই দিছিল
উপস্থিত দৰ্শকসকলক৷ সেয়া পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল ২০১৩৷ ভৱিষ্যতলৈ মনত থাকিব৷
‘কোনো কাৰণতে মিছ্ নকৰিব’ বুলি আৰিফ ছিদ্দিকীয়ে আগতীয়াকৈ মোক ঠিক কথা এষাৰেই কৈছিল৷ উদ্বোধনী অনুষ্ঠানটো চোৱাৰ পাছত নিৰলে এতিয়া সেইটো উপলব্ধি কৰিছোঁ৷ (আগলৈ)
‘কোনো কাৰণতে মিছ্ নকৰিব’ বুলি আৰিফ ছিদ্দিকীয়ে আগতীয়াকৈ মোক ঠিক কথা এষাৰেই কৈছিল৷ উদ্বোধনী অনুষ্ঠানটো চোৱাৰ পাছত নিৰলে এতিয়া সেইটো উপলব্ধি কৰিছোঁ৷ (আগলৈ)
No comments:
Post a Comment