দ্বিতীয় দিন, অংশ-১৭
দুটা বছৰৰ বিৰতিৰ মূৰত এইটো বৰ্ষত আয়োজিত হৈছে নামপংবাসীক প্ৰাণোচ্ছল কৰি তোলা বাৰ্ষিক উৎসৱটি৷ এইবাৰৰ মুখ্য উদ্দেশ্য হ’ল হ’মষ্টে’ৰ ধাৰণা বিকশাই তোলা৷ ইয়াৰ জৰিয়তে থলুৱা আবাসীসকললৈ উপাৰ্জনৰ সুবিধা আগ বঢ়োৱা হৈছে৷ ফেষ্টিভেলৰ দিনকেইটাত ঠাইখন বা অঞ্চলটোত আলহী-অতিথিৰ বাবে থকা-মেলাৰ যা-যোগাৰৰ পৰ্যাপ্ততা আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তা সম্বন্ধে গম পোৱা যাব৷ গতিকে আয়োজক সমিতিৰ অনুসন্ধিৎসা বাঢ়িছে৷ লগতে ব্যস্ততাও৷
টাংচাসকলৰ মূল খাদ্য ভাত৷ ভাত খোৱাৰ পাছত 'ফালাপ' খায়৷ মানে তিতা চাহ৷ ইয়াৰ বাবে চাহপাত কেঁচাতে খুন্দি বাঁহৰ চুঙাত ভৰাই শুকুৱাই ৰাখে৷ আমাৰ মুখৰ আগত জুইৰ গুৰিত দিনে-ৰাতিয়ে থকা কেটোৰ-ক'লা কেটলিটো৷ পানী আছিলেই৷ নাজঙে কটাৰী এখনেৰে দীঘলীয়া মণ্ড এটাৰ পৰা চাহপাতৰ টুকুৰা কিছুমান খুব হিচাপমতে মনোযোগেৰে ৰুকি ৰুকি পানীখিনিত পেলালে৷ ভালকৈ উতলিবলৈ কেটলিটো জুইৰ ওপৰত চৌব্বিশ ঘণ্টাই থিয় হৈ থকা লোৰ ফ্ৰেমটোৰ কাষলৈ বাঁহৰ চেপেনাডালেৰে ঠেলি দিলে৷ সোনকালেই তৈয়াৰ হৈ গ'ল ফালাপ৷ সুধিলে... 'তিতা চাহ খাব?' 'খাম৷' তাই সাউতকৈ ৰেকৰ পৰা বাঁহৰ কাপকেইটামান নমাই লৈ আহিল৷ চেনী নিদিয়া ক'লা ৰঙৰ চাহ৷ আধাকাপমানকৈ বাকিলে৷ তাৰ পাছত প্ৰত্যেকৰে হাতে হাতে দিলে৷ কথা চোবাই থাকিয়ে ধীৰে ধীৰে শোহা একোটা মাৰি গ'লোঁ৷ সোৱাদটো তিতা৷ ঔষধি গুণপুষ্ট পানীয়বিধৰ ফুৰ্ফুৰীয়া গোন্ধ এটাও আছে৷
১৮২৩ চনত উজনি অসমলৈ অহা ইংৰাজ ৰবাৰ্ট ব্ৰুছে চিংফৌ বিচা গামৰ সংস্পৰ্শ আৰু থলুৱা ফালাপ পানীয় সেৱন কৰি তৃপ্তি পোৱাটোৱে চাহ উদ্যোগৰ আৰম্ভণিৰ ইতিকথা হিচাপে এতিয়াও তাৎপৰ্য বহন কৰি আছে৷ মণিৰাম দেৱানক ভুল ব্যাখ্যাৰে ইতিহাসত আসন পাৰি দিয়া হ’ল বুলি আজিও কোৱা হয়৷ প্ৰকৃতাৰ্থত সেই সময়ত ব্ৰিটিছৰ আনুগত্য স্বীকাৰ কৰিব নোখোজা স্বাভিমানী দিহিংপৰীয়া নিংৰুলা চিংফৌ আছিল অসমৰ প্ৰথমজনা চাহ খেতিয়ক৷ জন্মগতভাৱে চাহ খেতিৰ লগত জড়িত চিংফৌ জনগোষ্ঠীৰ সন্তানগৰাকী অখ্যাত ৰূপতে থাকি গ’ল৷ পৰৱৰ্তী সময়ত আছাম ৰে’লৱে’জ এণ্ড ট্ৰেডিং কোম্পানীয়ে ব্যৱসায়িক লক্ষ্যৰে চাহৰ প্ৰসাৰ আৰু প্ৰচাৰত গুৰিব’ঠা ধৰে৷ ১৮৩৯ৰ ফেব্ৰুৱাৰীত অসমৰ প্ৰথমটো চাহ কোম্পানী আছাম কোম্পানী গঠিত হয়৷ কেপ্টেইন জেনকিন্সৰ পৰামৰ্শমতে মণিৰাম দেৱানক তেতিয়া মকৰল কৰা হয়৷ তেনেকৈয়ে গঢ়ি উঠিছিল চাহ শিল্পৰ বিকাশৰ বুনিয়াদ৷ বাঁহৰ কাপত ক'লা চাহত চুমুক দি আমি চাহৰ অতীতৰ কথাই পাতি গ'লোঁ৷ ৰসিকতাও কৰিলোঁ যে য’তেই চিংফৌ, ত’তেই চাহগছ৷ অথচ নিংৰুলা উপেক্ষিত নায়ক!
আটায়ে ফালাপৰ কাৰ্যসূচীত মজি থাকোঁতেই মানৱাং আৰু লেমং সোমাই আহিল৷ লেমং ঘৰখনৰ ডাঙৰ ল'ৰা৷ একাদশ শ্ৰেণীত পঢ়ে৷ ৱাননেম্ এইবাৰ টেনত৷ সৰুটোৰ নাম অংলেম৷ সি এইটত৷ লেমং আৰু মানৱাঙে আমাৰ কাষতে জুইৰ গুৰিত বহি ভাত খালে৷ সিহঁত ফেষ্টিভেল গ্ৰাউণ্ডৰ পৰাই আহিছে৷ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আমাৰ মাজত ভাবৰো আদান-প্ৰদান চলি থাকিল৷
বাঁহৰ কাপকেইটা পুৰণি হৈছে৷ নাজঙৰটো আটাইতকৈ সৰু, কিন্তু মৰমলগা৷ কাপ বোলোঁতে প্ৰায় ২ ইঞ্চি উচ্চতাৰ বাঁহৰ গাঁঠি এটা, গোলাকাৰ মুখখনত বেতৰ ধুনীয়া মেৰ দি শোভাবৰ্ধন কৰা হৈছে৷ কাপটো তাই দাঙি দেখুৱালে৷ তলফালে নাম লিখি থোৱা আছে৷ সৰুতে আমাৰ ঘৰতো এই কাৰবাৰটো আছিল৷ পীৰা, থাল আদিত নিজৰ নিজৰ নাম লিখি থোৱা থাকে৷ আন কোনেও নুচুৱে৷ কিবা কাৰণত নিয়ম ভংগ হ'লেই কুৰুক্ষেত্ৰ আৰম্ভ!

আজিলৈ সভা ভংগ হ'ল৷ শুৱাৰ আগে আগে সঞ্জু আৰু মই বাহিৰলৈ ওলাই গ’লোঁ৷ কাকতৰ অফিচলৈ ফোন দুটামান কৰোঁ বুলি নিয়ৰত ৰৈ নে’টৱৰ্কৰ
সন্ধান চলাইছে সঞ্জুৱে৷ পিছে সফলহে হ'ব পৰা নাই৷ ইয়াত যোগাযোগৰ সমস্যা আছে৷ আমি নংকি বস্তিৰ শিখৰত আছোঁ৷ পাটকাইৰ শৰীৰৰ একাংশ খলা-বমা, উঠা-নমাতে এই গাঁওখন অৱস্থিত৷ ৩০ ঘৰ মানুহ৷ ওপৰৰ পৰা চালে তললৈ নামপংখন, উৎসৱথলীৰ পোহৰ দেখি থাকি৷ আমি টাংচাসকলৰ
চাংঘৰত আছোঁ৷ এনেকুৱা হ'মষ্টে'ত থকাৰ মজাই বেলেগ৷ অৰুণদাহঁত আমাতকৈ কেইবাফুট তলত আছে৷ ওপৰৰ পৰা তেওঁলোক
থকা চাংঘৰটো দেখা পোৱা অৱস্থাত আছে৷ ডিব্ৰুগড়ৰ দলটো আমাৰ ওচৰৰে কোনোবা এখন চাঙত উঠিছেহি৷ আমি ভাত খাই থাকোঁতে শুনা গাড়ীৰ শব্দ আৰু মানুহৰ খদমদমৰ পৰাই সেয়া বুজি পাইছিলোঁ৷ লাইটৰ তিৰবিৰণিবোৰ কিছু সময় উপভোগ কৰি পুনৰ খটখটি বগাই চাঙত উঠিলোঁহি৷
হ’মষ্টে’ হৈছে বর্তমান সময়ত ঠন ধৰি উঠা পৰ্যটনৰ
ধাৰণা৷ হ’মষ্টে’ই দুটা উদ্দেশ্য পূৰণ কৰে৷ আগমনকাৰীসকলে
ঘৰুৱা পৰিৱেশ এটাত থাকিব বিচাৰে৷ অঞ্চলটোৰ মানুহ, জীৱন পদ্ধতি, কৃষ্টি-সংস্কৃতি, পৰম্পৰা,
ৰীতি-নীতি সম্বন্ধেও জানিব বিচাৰে৷ আনফালে, অতিথিক আশ্ৰয় দি আবাসীসকলে দুপইচা উপাৰ্জনৰ
সুযোগ পায়৷ অন্যথা আয়োজকসকলে নানা প্ৰকাৰে থকা-মেলাৰ ব্যৱস্থা কৰিবলগীয়াত পৰে, যিটো
সহজ কাম নহয়৷ হ’মষ্টে’ আৰম্ভ কৰাত আয়োজক সমিতিৰ সদস্যসকলৰ
মূৰৰ কামোৰণি গুচিল৷ আলৈ-আহুকালৰ পৰিৱৰ্তে ঘৰুৱা সম্পৰ্ক আৰু হৃদয়ৰ বান্ধোনে ঠাই পালে৷
প্ৰতিটো হ’মষ্টে’লৈকে আয়োজক সমিতিৰ কৰ্মকৰ্তাসকলে কেইবাবাৰো ভুমুকিয়াইছে বুলি কথা প্ৰসংগত জানিব পাৰিছোঁ৷ কি কি সুবিধা আছে, কি কি নাই চাইছে৷ বহীত লিপিবদ্ধ কৰিছে৷ যথাসময়ত সেইবোৰ উপলব্ধ কৰাইছে৷ বিভিন্ন পৰামৰ্শ দিছে৷ তদুপৰি পৰিয়ালৰ সদস্যসকলক প্ৰশিক্ষণো দিছে হেনো৷
No comments:
Post a Comment