দ্বিতীয় দিন, অংশ-১৪
উৎসৱথলীৰ পোহৰবোৰ ক্ৰমাৎ আঁতৰি গৈ আছে৷ আমি পূৰ্বতে কেতিয়াও নেদেখা, সংস্পৰ্শ নোপোৱা টাংচা জনগোষ্ঠী অধ্যুষিত গাঁও অভিমুখে গৈ আছোঁ৷ বুকুত খেলি থকা সীমাহীন উৎকণ্ঠাৰ পৰিধি বহল হৈ গৈ আছে৷ আধা কিল’মিটাৰমান আগুৱাই যোৱাৰ পাছতে ষ্টীলৱেল ৰ’ডটো এৰি পথ-প্ৰদৰ্শক দুজন বাওঁহাতে সোমাল৷ কিছু আগুৱাই শিলগুটি দিয়া ৰাস্তাটোৰ দাঁতিত চাইনব’ৰ্ড এখন দেখিলোঁ৷ লিখা আছে Gethsemane Prayer Centre, Nongki, Nampong ৷ ২০০৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল৷ বীৰেন্দৰ মাহাতোৰ সুচালনাত নিশাৰ আন্ধাৰ ফালি আমাৰ বলেৰ’খন খলা-বমা পথেৰে আগ বাঢ়িছে নংকি বস্তিলৈ সোমাই যোৱা জৰাজীৰ্ণ পথটোৰে৷

আমি থাকিবলগীয়া নংকি নামৰ গাঁওখন পাটকাইৰ পাদদেশত৷ এইখন টাংচা মানুহৰ গাঁও৷ এইফালৰ শেষ গাঁও বুলি গম পাই আহিছোঁ৷ হে’ড লাইটৰ পোহৰে চকুৰ সন্মুখলৈ ধাৰাবাহিকভাৱে আনি থকা পৰিৱৰ্তিত দৃশ্যপটবোৰ দেখি আৰু কথাবোৰ ভাবি উৎফুল্লিত হৈ উঠিলোঁ৷ চাংঘৰময় গাঁওখন৷ জেঙুপাত, টিনপাত দিয়া বাঁহ-কাঠৰ ঘৰ৷ পকী ঘৰো দেখা গৈছে৷ ঘাঁহনি, বাঁহনি, তামোলনি ইত্যাদি আছে৷ কেঁচা ৰাস্তাৰে লাহে লাহে চলি থাকি ঠিক ৭ বজাত গাঁওখনত উপস্থিত হ'লোঁ৷ আহি থাকোঁতে পৰ্বতৰ এঢলীয়াত চাহ খেতি আৰু পাহাৰীয়া নৈও চকামকাকৈ দেখা পাইছিলোঁ৷ এনেকুৱা পৰিৱেশেই মনে-প্ৰাণে বিচাৰি আছিলোঁ৷ চাংঘৰবোৰত ঢিমিক-ঢামাক কৰি থকা পোহৰে দূৰৰ পৰাই আকৰ্ষণ বঢ়াই আছিল শীতলতা আৰু নিৰ্জনতাৰ মাজতো৷
এইটো ৱিমচাম মৰাঙৰ ঘৰ৷ বাঁহৰ জপনাৰে সোমাই গাড়ী দুখন চোতালত ৰ'ল৷ এইখিনি প্ৰায় সমতল৷ পৰ্বতৰ নামনিত, উপত্যকাৰ দৰে৷ অৰুণদাহঁতৰ ৫জনীয়া দলটো আগে-ভাগে চাংঘৰটোত উঠিলগৈ৷ ততালিকে কোঠা অধিগ্ৰহণো কৰি পেলালে৷ মানৱাং আৰু ৱিমচামে তেওঁলোকৰ দোৱানতে কিবা-কিবি পাতিলে৷ আমিকেইজন অন্য এঠাইত থাকিব লাগিব৷ ইয়াত জেগা নহ'ব৷ টীম-বিক তাতে নিশাটোলৈ এৰি থৈ আমাৰ গাড়ীয়ে মানৱাঙৰ বাইকৰ পাছে পাছে পাহাৰ বগোৱাত লাগিল৷ অকাই-পকাই গাড়ীখন উঠি গৈয়ে আছে, গৈয়ে আছে৷ তাৰ মানে আমি পাহাৰৰ ওপৰত থাকিম! পাটকাইৰ বক্ষত! আঃ কি মজা! অৰুণদাহঁত তলতহে থাকিব, আমি ওপৰত৷ ইয়াতকৈ সুখকৰ আৰু কি হ'ব পাৰে? ওপৰলৈ যিমানেই উঠি আছোঁ, বিৰাট কৌতূহল আৰু আনন্দত মনটো আগতকৈও থৌকি-বাথৌ হৈ পৰিল৷

জাংখং মংৰে৷ গৃহস্থজনৰ নাম৷ তেওঁৰ লগতে পৰিয়ালৰ সদস্যসকলে আবেলিৰ পৰাই সীমাহীন উৎকণ্ঠাৰে ৰৈ আছিল৷ পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেলৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে হ’মষ্টে’ৰ ব্যৱস্থা কৰা হৈছে৷ তেওঁলোকৰ কৌতূহল, লগতে চিন্তা-দুশ্চিন্তাও অকণমান৷ থাকিবলৈ কোনবা আহে! মানুহবোৰ কেনে ধৰণ-কৰণৰবা হয়! তেওঁলোকৰ সৈতে মিলিব পাৰিবনেবা নাই! তেওঁলোকেও মিলিবলৈ সক্ষম হ'বনেবা নাই! ভাষা বুজি পোৱা বিধৰবা হ’বনে নাই! বিদেশী হ'বনে স্বদেশী! ইত্যাদি ইত্যাদি মনত অলেখ প্ৰশ্ন৷
গাড়ীৰে উঠি গৈ আমি ঘৰটোৰ সন্মুখৰ চোতালত উপস্থিত হ’লোঁ৷ লাইটৰ পোহৰ দেখা পাই সিফালে খদমদম আৰম্ভ হৈ গৈছে৷ যেনেদৰে দৰা আহি পোৱাৰ মুহূৰ্তটোত কইনাঘৰৰ ভিতৰচ'ৰাত হয়৷ সন্মুখৰ আইনাৰে হে'ড লাইটৰ পোহৰত দেখা পাইছোঁ এটা পৰম্পৰাগত টাংচা চাংঘৰ৷ কাষতে এটা আছাম টাইপৰ ঘৰ৷ বাইকখন ৰখাই মানৱাং চাপি আহিল৷ হিন্দীতে মোক সুধিলে, ‘কোনটোত থাকিব? এইটোত নে সৌটোত?’ ‘চাংঘৰত থাকিম আকৌ৷’ এইবুলি কৈয়ে এমূৰীয়াকৈ থকা কাঠৰ জখলাডালত বগোৱা আৰম্ভ কৰিয়ে দিলোঁ মই৷ যেন নিজৰহে ঘৰ!
বাৰাণ্ডালৈ উঠাৰ পাছতে গৱেষণা আৰম্ভ হ'ল৷ কোঠাটো চালোঁ৷ খালী আৰু পৰিষ্কাৰ, সাধাৰণ কোঠা৷ ১০০ ৱাটৰ বাল্ব এটা জ্বলি আছে৷ দৰজা এখনেই, কাঠৰ৷ খিৰিকী নাই৷ বেৰকেইখন বাঁহৰ যদিও মজিয়াখন তক্তাৰ৷ একোণত যীশুখ্ৰীষ্টৰ ফটো এখন৷ তাৰ মানে এইঘৰ খ্ৰীষ্টান মানুহ৷ আমাক থাকিবলৈ দিয়া কোঠাটোৰ কাষৰটো পাকঘৰ৷ তৰ্জা বেৰৰ ফাঁকেৰে জুইৰ শিখা আৰু পোহৰ দেখি আছোঁ৷ কৌতূহল দমাব নোৱাৰি কাঠৰ গধুৰ দৰজাখন দিলোঁ ঠেলি৷ পৰম্পৰাগত আৰ্হিমতেই সোঁমাজতে জুহালখন আছে৷ তাৰ ওপৰত ধোঁৱা চাঙো আছে৷ বাচন-বৰ্তন, চৰু-কেৰাহী থোৱা ৰেক্ আছে৷ আমাৰ থকা ঠাই, হ'মষ্টে' দেখি মন ভৰি গ’ল৷ গাড়ীলৈ আহিলোঁ আৰু বয়বস্তুবোৰ ৰূমলৈ উঠোৱাৰ যো-জা চলিল৷ গৃহস্থ আৰু পৰিয়ালৰ সদস্যসকলেও আমাক সহায় কৰাত লাগি গ’ল, যদিওবা বস্তু-বাহানি বৰ বেছি নহয়৷

চা-চিনাকি হওঁ বুলি আমাক দিয়া কোঠাটোৰ ভিতৰতে আটায়ে বহিছোঁ৷ তেনেতে ৩জনী টাংচা গাভৰুৰ আবিৰ্ভাৱ হ’ল৷ সিহঁতে আমালৈ চাহ-বিস্কুট আনিছে৷ আমি আমাৰ পৰিচয় এফালৰ পৰা দাঙি ধৰিলোঁ৷ আমিওযে পাহাৰৰ, অসমৰ কাৰবি পাহাৰৰ সেয়া জনালোঁ৷ জানে যদিও আমাৰ অহাৰ উদ্দেশ্যটোও বেকত কৰা হ’ল৷ অলপ পাছতে প্ৰত্যেকলৈকে তোছক, বিছনা চাদৰ, কম্বল, গাৰু আহিল৷ প্ৰতিটো সামগ্ৰীয়ে পৰিষ্কাৰ আৰু নতুন৷ আমি নিজৰ নিজৰ জেগা ঠিক-ঠাক কৰি ল'লোঁ৷ কম্বলৰ তলত সোমাই জিৰণি লোৱাৰ লগতে ফোন যোগাযোগৰ চেষ্টা চলালোঁ ঘৰলৈ৷ ইয়াত মহ-ডাঁহ নাই৷ গতিকে আঁঠুৱাৰ কাৰবাৰ নাই৷ ঠাণ্ডা হ'লে আছে৷ অলপ পাছতে টৰ্চ মাৰি নি বাহিৰত থকা প্ৰস্ৰাৱগাৰ, পায়খানা ঘৰ, গা ধোৱা ঘৰ আদি দেখুৱালে৷ তাৰ পাছত জুহাললৈ মাতিলে৷ কম সময়তে আমি তেনেই ঘৰুৱা হৈ পৰিলোঁ৷
No comments:
Post a Comment