Thursday, 22 February 2018

তৃতীয় দিন, অংশ-১

টেলিকম চাৰ্ভিচ প্ৰভাইদাৰ বি.এছ.এন.এল.এহে এই সময়ত বিহু দেখুৱালে৷ বিশেষকৈ দেশৰ বিভিন্ন মেডিয়া হাউচৰ পৰা অহা বাতৰি যোগনীয়াৰ সাংবাদিকসকল চূড়ান্তভাৱে নিৰুপায় আৰু অসন্তুষ্ট হবলগীয়া হল৷ টেলিভিচন চেনেলৰ সাংবাদিকে নিজৰ প্ৰতিষ্ঠানলৈ ফুটেজ পঠাব নোৱাৰিলে৷ মন্তব্য শুনা গ ফুটেজ বাদ দিয়ক হে, ফটো এখনেই পঠাব পৰা নাই৷ যিসকলে পঠালে তেওঁলোকে ৪০-৪৫ কিল'মিটাৰ আঁতৰৰ জাগুন বা লেখাপানীলৈ দৌৰিবলগীয়া হল৷ আচৰিত হবলগীয়া কথা৷ অভিযোগৰ উপৰি অভিযোগ উফৰি আহি আমাৰ কাণতো সোমালহি৷ ইমান ডাঙৰ অনুষ্ঠান এটা পতা হৈছে বি.এছ.এন.এল.এ সেৱা উন্নত কৰিব পৰা নাই৷

উৎসৱথলীত বিচাৰ-খোঁচাৰ কৰিও সঞ্জুৱে কাৰ্যসূচী এখন যোগাৰ কৰিব নোৱাৰিলে৷ কাৰ্যসূচী ছপোৱা নাই হেনো৷ ইফালে অসমৰ ৰাইজক পি.পি.ডব্লিউ.এফ.ৰ সম্বন্ধে নিজে জড়িত হৈ থকা বাতৰি কাকতখনৰ জৰিয়তে জনোৱাৰ দায়বদ্ধতা এটাও নথকা নহয়৷ তাৰে প্ৰতিক্ৰিয়াস্বৰূপে বাতৰি লিখা আৰু প্ৰেৰণ কৰা বেমাৰটোৱে উক দিলে৷ নিজৰ সংস্থানলৈ তপতে তপতে কিবা এটা পঠাব পাৰিলেহে ইয়ালৈ অহাটো বেছি অৰ্থৱহ কিম্বা সাৰ্থক হব৷ এই ভাবি দিনটোৰ ৰিপ'ৰ্ট এটা খচাখচ লিখি উলিওৱাৰ পাছতে মোক লগ ধৰিলে৷ সঞ্জু আৰু মই বলেৰখন লৈ ২০ কিল'মিটাৰ নিলগত অৱস্থিত জয়ৰামপুৰ পালোঁগৈ৷ দোকান এখনত সোমাই গ'লোঁ৷ ফেক্সৰ সুবিধা আছে যদিও যোগাযোগ ব্যৱস্থা ইয়াতো দুৰ্বল৷ হাতে লিখা পৃষ্ঠাটো নাযায়হে নাযায়৷ ৰৈ ৰৈ আমনি লাগি গৈছে৷ হিচাপতকৈ বহু পলমকৈহে কামটো সিজিল৷

জয়ৰামপুৰৰ পৰা প্ৰত্যাৱৰ্তনৰ আগে আগে স্থানীয় বজাৰত সোমালোঁ৷ আলুগুটি, পিঁয়াজ, ফুলকবি, বন্ধাকবি, গাজৰ, লাইশাক আদি এগালমান পাচলি কিনি কাৰ্টন এটাত ভৰাই লোৱা হ'ল৷ ১৭০ টকাত কাৰ্টন ভৰ্তি! স্ফূৰ্তি লাগিল৷ হিচাপটো নোটবুকত লিখি থাকোঁতে নভবাকৈও নাথাকিলোঁ যে আমি উপযাচি এইবোৰ লৈ যোৱা বাবে নাজঙে বেয়া পাব নেকি আকৌ?

ঘূৰোঁ মানে আন্ধাৰে আৱৰিলেই৷ সিফালে ফেষ্টিভেল গ্ৰাউণ্ডত ৰাজু গগৈ অধৈৰ্য হৈ পৰিছে৷ দুই সংগী নিৰুদ্দেশ! গাড়ীখনো জেগাত নাই! ফোন যোগাযোগটো নায়েই৷ আমি কেতিয়া, ক'ত গৈছোঁ একো নাজানে৷ ঘূৰি গৈ গে'টৰ সন্মুখতে আৱিষ্কাৰ কৰিলোঁ বাকী দুই সংগীক৷ পায়চাৰি কৰি আছে৷ মুখমণ্ডল পঢ়িয়ে বুজা গ'ল যে দুয়োৰে মনত গভীৰ উৎকণ্ঠা৷ গাঁৱলৈ খোজ কাঢ়ি উভতাৰ কথা ভাবি আছে৷

নংকি বস্তিৰ শিখৰ পালোঁহি৷ পাচলিসহ কাৰ্টনটো নাজঙৰ হাতত দিওঁতে মই অথনি ভবাটোৱেই হ'ল৷ তাই নলয়৷ কিয় আনিব লাগে? স্বভাৱগত সৰলতাৰে অভিযোগ প্ৰদৰ্শন কৰি গ'ল তাই৷ মনত অপৰাধী অপৰাধী ভাব৷ তাইৰো, আমাৰা৷ টানি ধৰাত অলপ পাছত হাত দুখন আগুৱাই দিলে যেনিবা৷ তেনেকৈ কৰাত গধুৰ কাৰ্টনটো ময়েই দাঙি নি পাকঘৰত থলোঁগৈ, যত সিঁহতে পাচলিবোৰ থয়৷ এই চাংখন এতিয়া আমাৰ তেনেই আপোন৷ মানুহকেইটাও তেনেই ঘৰুৱা হৈ পৰিছে৷ নিজে পানী বাকি, কেটলিৰ পৰা চাহ ঢালি খাব পৰা হলোঁ৷

নাজঙে আজি নিশাৰ সাঁজটো সোনকালেই ৰান্ধিলে৷ খোৱাও হ'ল সোনকালে৷ ভাত খোৱাৰ পাছত নিয়মমাফিক তিতা চাহৰ পৰ্ব৷ পাকঘৰৰ জুইকুৰাক ঘেৰাও কৰি বহি আটাইবোৰে কথা পাতি আছোঁ৷ পাটকাইৰ অৰণ্যৰ বিষয়ে ওলাইছে৷ জাংখঙে ক'লে যে তাংচাসকলে বাঘ চিকাৰ নকৰে৷ ৰাজু গগৈয়ে প্ৰশ্ন তুলিলেই৷ 'কিয়?' 'অৰণ্যত বাট হেৰাই গ'লে তাংচা মানুহক বাঘেহে পথৰ সন্ধান দিয়ে৷' বাঘক তেওঁলোকৰ পৰম মিত্ৰ বুলি প্ৰচলিত লোক-বিশ্বাস আজিও আছে৷

কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা আমি লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণলৈ যোৱাৰ কথা৷ অনুমতিহে কি হয়, যাবলৈ পাওঁনে নাপাওঁ, এই মুহূৰ্তলৈ তাৰ একো উৱাদিহ নাই৷ সেয়ে উগুল-থুগুল লাগি নথকা নহয়৷ অথনি ফেষ্টিভেল গ্ৰাউণ্ডত লগ পোৱা যুৱক এজনে সঞ্জুক হেনো কৈছিল, পাহাৰ বগাব পাৰিলে অনুমতি নহলেও মই আপোনালোকক ম্যানমাৰলৈ লৈ যাব পাৰোঁ৷ৰাটোৱে বক্ৰপথৰ কথাই কৈছিল চাগৈ৷ 'নাই ভাই, গুলী খাই মৰিব লাগিব৷ সেইটো মৰসাহ কোনেও নকৰাই ভাল৷' এইবুলি সিদ্ধান্ত হল৷ 'পুৱালৈ কি কৰিব পাৰি দেখা যাওক৷' এইবুলি সভা সামৰা হ'ল৷

বাহিৰত ফেৰ্‌ফেৰীয়া বতাহ৷ উদ্দেশ্য, সংযোগ পাওঁ যদি ঘৰলৈ ফোন এটা কৰা৷ ৰৈ থকা ঠাইখিনিৰ পৰা লাইটৰ তিৰবিৰণি চালোঁ৷ প্ৰায় ৪ ঘণ্টাজোৰা পুৱাৰ উদ্বোধনী অনুষ্ঠান, প্ৰদৰ্শনী, জয়ৰামপুৰ যাত্ৰাৰ পাছত এতিয়া নিশাৰ নিস্তব্ধতা ক্ষণিক উপভোগ কৰিছোঁ পাটকাইৰ বক্ষত ৰৈ৷ মোৰ সৈতে সঞ্জু৷ ক্ষন্তেক পাছতে আগনিশা চিনাকি হোৱা বিছনাখনত পৰিলোঁহি৷ (আগলৈ)


No comments:

Post a Comment