Monday, 25 December 2017

দিন আঠ ৷৷ খণ্ড ১১


নিজ চকুৰে এই প্ৰথম দেখা পালোঁ বিগত ১৪ বছৰ ধৰি সাজি থকা, অসম চুক্তি আধাৰিত বগীবিল দলং৷ দেখি এটা কথাত ব্যথিত হ'লোঁ যে কেনিও কোনো কাম-কাজ চলি থকাচোন পৰিলক্ষিত হোৱা নাই! ২০১৭ৰ জুন মাহত হ'ব বুলি ঘোষণা কৰিছিল যদিও এই দলং ২০১৮ চনৰ মাৰ্চ মাহতহে আহ-যাহৰ বাবে সক্ষম হ'বগৈ বুলি বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ৷ ৭০ শতাংশ কাম সম্পূৰ্ণ হোৱা বহু প্ৰতীক্ষিত বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰাৰ কথা সম্প্ৰতি গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছে৷ পৰৱৰ্তী বৰ্ষ অৰ্থাৎ ২০১৭ৰ ২৫ ডিচেম্বৰতে দলংখন মুকলি কৰিব পৰা যাব বুলিও নিৰ্মাণকাৰী সংস্থা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সূত্ৰ এটাই সদৰি কৰিছে৷

শেহতীয়াভাৱে খবৰ কাগজত কাম সমাপ্তি ২০১৭ৰ নৱেম্বৰত আৰু ২০১৮ৰ জুন মাহত মুকলিৰ কথা কোৱা হৈছে৷ তাৰিখৰ পাছত তাৰিখৰ পৰিৱৰ্তনৰ ধামখুমীয়াত ৫,০০০ কোটিটকীয়া সপোনটোৰ শেষ কি হয়গৈ নাজানো৷ নতুনকৈ ঘোষিত লক্ষ্যৰ পৰা বিচলিত নহ'বৰ বাবে নিৰ্মাণকাৰী সংস্থাটোৱে কঁকালত নকৈ টঙালি বান্ধিছে হেনো৷ অসম-অৰুণাচল সীমাৰ পৰা ২০ কিল'মিটাৰ নিলগত সজা এই সেতুৱে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ ৰে'ল আৰু পথ যাতায়াত নিঃসন্দেহে সুগম কৰিব৷ লগতে চীন সীমান্তলৈ সেনা আৰু সঁজুলি সৰৱৰাহ সহজসাধ্য কৰি তুলিব৷ তাৰ বাবে এই মেগা প্ৰজেক্টৰ সমাপ্তিলৈ আমি আৰু কিছুদিন ধৈৰ্যৰে বাট চাবই লাগিব৷

অতিসম্প্ৰতি কেউদিশে অধিক চৰ্চা চলি থকা, ডিব্ৰুগড় আৰু ধেমাজি জিলা সংযোগী বগীবিল দলংখন গঢ়িবৰ বাবে যি সময়ত পৰিকল্পনা কৰা হৈছিল সেই সময়ত এইখনেই আছিল ভাৰতৰ ভিতৰত দীৰ্ঘতম দলং৷ কিন্তু ইতিমধ্যে নিৰ্মাণ সমাপ্ত হৈ যোৱা বান্দ্ৰা হাৰবাৰ ব্ৰীজ, হচুৰৰ উৰণীয়া সেতু, হায়দৰাবাদৰ আন্তৰ্জাতিক বিমান বন্দৰ সংযোগী ফ্লাই অ'ভাৰ, কানপুৰ ব্ৰীজে ইয়াক আগতেই পিছ পেলালে৷ তৎসত্ত্বেও এইখন হৈ উঠিলে নদীৰ ওপৰত সজা ভাৰতৰ দীৰ্ঘতম সেতু বুলি পৰিগণিত হ'বগৈ৷

ব্ৰহ্মপুত্ৰখনৰ উজনি অংশটো অৰুণাচলত দিহাং আৰু চিয়াং নামে জনাজাত৷ চাংপোৰ বৰফ গলা পানীৰে এই নৈ সৰ্বদা শক্তিমন্ত৷ পাচিঘাটৰ পাছতে চিয়াং ভৈয়ামলৈ নামে৷ কিছুদূৰ বৈ অহাৰ পাছতে দিবাং আৰু লোহিত বিলীন হয়৷ এই সংগমস্থলৰ পৰাই নদীৰ নাম ব্ৰহ্মপুত্ৰ৷ চিয়াঙত আমি দেখি অহা মূল প্ৰৱাহটোৱে আমি এতিয়া দেখি থকা এইখিনি ঠাই ওলাইছেহি৷ চৰিত্ৰ কিম্বা ৰং-ৰূপ অৱশ্যে নিমিলে৷ বহু নদীৰ সংমিশ্ৰণত বৰণ তেনেই সলনি হৈ পৰিল৷ বহল হৈ পৰাত সোঁতৰ শক্তিতো সালসলনি আহিল৷ বাংলাদেশত প্ৰৱেশ কৰি বংগোপসাগৰত জাহ যোৱা এই বিশাল জলৰাশিয়েই অসমত নাম লৈছে ব্ৰহ্মপুত্ৰ৷ আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত, ব্ৰহ্মপুত্ৰ উপত্যকাত৷

বিশাল ভূপৃষ্ঠৰে অসমৰ মাজেৰে প্ৰৱাহিত ব্ৰহ্মপুত্ৰ এক বৃহৎ প্ৰাকৃতিক জলপথ৷ ব্ৰিটিছ শাসনৰ সময়ত অসম আৰু বংগৰ মাজত এই পথেৰে অনেক পৰিৱহণ হৈছিল৷ ব্ৰহ্মপুত্ৰৰ এই জলপথ বহল যদিও কালক্রমত তৰাং হৈ পৰিছে৷ পূৰ্বৰ সদৃশ যাতায়াত এতিয়া দেখা নাযায়৷ চিয়াঙৰ পাহাৰীয়া উপত্যকাৰ পৰা জোৰেৰে বৈ অহা বৰষুণৰ পানী আৰু অসম উপত্যকাৰ অসংখ্য উপনৈক সামৰি বৃহৎ অৱবাহিকাত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত গ্ৰীষ্ম কালত নিয়মিত ৰূপত আগমন ঘটা বিধ্বংসী বানপানী আৰু গৰাখহনীয়াই ব্ৰহ্মপুত্ৰ উপত্যকাটোৰ উন্নয়নত আজিও বাধা প্ৰদান কৰি আহিছে৷

সন্মুখৰ বিশাল জলৰাশিলৈ চাই চাই অনেক কিবাকিবি গুণা-গঁথা কৰি আছোঁ৷ দিনৰ ২.১০ বাজিল৷ হঠাতে ফেৰীখনে লৰচৰ কৰিলে৷ লগে লগে জয়ন্তদালৈ এছ.এম.এছ. দিলোঁ, 'আমাৰ অন্য এক এড্‌ভেন্‌চাৰ্‌ এই আৰম্ভ হওঁ হওঁ' বুলি৷ নৌকাই টুলুং-ভুটুং কৰি থাকোঁতেই মই ছাদৰ ওপৰলৈ উঠি গ'লোঁ৷ কেমেৰাটো অন্‌ কৰি অনৰ্গল ক্লিক্‌ কৰি থাকিলোঁ চৌপাশৰ দৃশ্যাৱলী৷ মাজে মাজে জয়ন্তদাৰ সৈতে এছ.এম.এছ.ৰ উত্তৰ-প্ৰত্যুত্তৰ চলি থাকিল৷ তেওঁলোক পাচিঘাট পাইছেহি৷ আমি ব্ৰহ্মপুত্ৰৰ বুকুত৷

বগীবিল দলংখন আমাৰ বাঁওহাতে নাতিদূৰত জিলিকি আছে৷ নিৰ্মাণ কাৰ্য স্থবিৰ৷ কেতিয়া সম্পূৰ্ণ হ'ব ক'ব নোৱাৰি৷ চকুৰ আগত লঠঙা হৈয়ে ৰৈছে কেইবাটাও খুঁটা৷ ব্ৰহ্মপুত্ৰত পানী কমিছে৷ ফেৰীখন পাক মাৰি ঘূৰি আহিবলগীয়া হৈছে৷ এসময়ত দলঙৰ তলেৰে গহীন ভাবত ফেৰীখন আগুৱাই যাব ধৰিলে৷ পশ্চিমত আবেলিৰ বেলি৷ সূৰ্যৰ জলমলীয়া কিৰণ পানীত পৰি দৃষ্টিনন্দন চিক্‌মিকনি তুলিছে৷ সৌন্দৰ্যপিয়াসী মানুহক ফেৰীৰ ভিতৰৰ গম্ভীৰতাই তিলমানো আৱদ্ধ কৰি ৰাখিব নোৱাৰে৷ সেয়েহে অনেকজনেই ওলাই আহি মনপৰশা দৃশ্যসমূহ গাত গা লগাই হ'লেও উপভোগ কৰাত ব্যস্ত হ'ল৷ দূৰ দিগন্তলৈ প্ৰসাৰিত সমূহ যাত্ৰীৰ দৃষ্টি৷ ফেৰীবোৰ আহিছে, গৈছে৷ ঘাট এৰাৰ প্ৰায় এঘণ্টাৰ মূৰত নিৰ্মাণৰত দলংখনৰ তলেৰে নি বগীবিল ফেৰীঘাটত নৌকা চপালে৷ ৩ বাজি ১৫ মিনিট গৈছে৷ পাৰ কৰাৰ বাবদ গাইপতি ৬০ টকাকৈ ল'লে৷ সি যি কি নহওক, নতুন জীৱন পোৱাযেন অনুভৱ হ'ল৷ হাঁহি হাঁহি আমি নামিলোঁ৷ সাঁতুৰিব নজনা মানুহ৷ পাৰ পালে হাঁহি ওলাবই৷

ব্ৰহ্মপুত্ৰ ভাৰত উপদ্বীপৰ বৃহত্তম আৰু পৃথিৱীৰ অন্যতম বৃহৎ নদ৷ গড় পৰিমাণ হিচাপত এই নদ প্ৰতি বছৰে ৬,২৫,০০,০০০ হেক্টৰ মিটাৰ বৈ যায়৷ ২,৭০৩ কিল'মিটাৰ দীঘল নৈখনৰ জলপথ ঠায়ে ঠায়ে ১০ৰ পৰা ১২ কিল'মিটাৰ৷ বাৰিষা যেন এখন সাগৰ৷ কমেও ২০,০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰিব পৰাৰ ক্ষমতাৰে এই নৈৰ বুকুত আজিও লুকাই আছে এক অপৰিসীম শক্তি যাৰ বাবে ইয়াক আৰব উপদ্বীপত লুকাই থকা খাৰুৱা তেলৰ শক্তিৰ লগত তুলনা কৰা হয়৷ পিছে সেই শক্তিক ইমান দিনে কেনে ধৰণে প্ৰয়োগ কৰি অহা হৈছে সেয়া নক'লেও চলে৷ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বিশাল জলভাণ্ডাৰ মানুহৰ উন্নয়ন আৰু সমৃদ্ধিৰ অৰ্থে আহৰণ কৰাটো অতি প্ৰয়োজন, বিশেষকৈ অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ স্বাৰ্থত৷ কথাবোৰ ভাবিলে এই বিষয়ে চিন্তা-চৰ্চা, গৱেষণা আৰু যথাযথ কাম-কাজ কৰা প্ৰকৃত মানুহৰ অভাৱ যেনহে লাগে৷


No comments:

Post a Comment