Sunday, 17 December 2017

দিন আঠ ৷৷ খণ্ড ৫



নদী পৰ্যটন এটা খুব আকৰ্ষণীয় আৰু মই কৰি ভাল পোৱা কাম৷ লোহিতৰ পাৰে পাৰে ৱালঙলৈ, তিস্তাৰ পাৰে পাৰে গেংটকলৈ, কামেঙৰ পাৰে পাৰে ব'মডিলালৈ, ত্ৰিশূলীৰ পাৰে পাৰে পোখৰালৈ, সোৱণশিৰিৰ পাৰে পাৰে তাকচিঙলৈ... উঃ! প্ৰতিটো যাত্ৰাই স্মৰণীয় আৰু আনন্দদায়ক৷ স্মৃতিকাতৰতাই আৱৰি ধৰে ঘূৰাই ভাবিলেই৷ এই মুহূৰ্তত আমি নীলা-সেউজীয়া চিয়াঙৰ পাৰে পাৰে৷ একেৰাহে যাত্ৰা কৰি আহি আছোঁ আল'ৰ পৰা৷ ক'ব পাৰি, মেন্‌-চু-খাৰ পৰাই নৈ একোখনে আমাক এচক'ৰ্ট কৰি অাহিছে৷ য়াৰগ্যাপ চুৱে এৰিলে, চিয়মে লগ দিলে৷ চিয়ম এৰিলোঁ, চিয়াঙক পালোঁ৷ সেউজীয়া-নীলা-সেউজীয়া... উঃ! এনেকুৱা যাত্ৰাৰ এবাৰ সোৱাদ পালেই লতা লাগি যায়৷ ভাগৰ কি বস্তু গম পাবলৈকে নাই৷ অৱশ্যে সাৱধানবাণী হিচাপে আগতীয়াকৈ কৈ থ'ব বিচাৰিম যে গাড়ীত উঠিলেই মূৰ ঘূৰোৱা, বমি কৰি হায়ৰাণ হোৱা মানুহে এনেকুৱা সৰ্পিল, পাহাৰীয়া এড্‌ভেন্‌চাৰলৈ নোলাৱাই ভাল৷ এই ধৰণৰ মজা লুটিবলৈ হ'লে শাৰীৰিক আৰু মানসিক উভয় প্ৰকাৰৰ স্বাস্থ্য সম্পূৰ্ণ ভাল হ'ব লাগিব৷

এতিয়া বাট ধূলিয়ৰি৷ পৰ্বতৰ ওপৰৰ পৰা ৰিণিকি ৰিণিকি পাচিঘাট চহৰ আৰু ৰাণাঘাটৰ দলংখন চকুত পৰিছে৷ সুবিধাজনক এঠাইত 
গাড়ীখন ৰখোৱাই নামি ল'লোঁ৷ শিলৰ ওপৰত উঠি নয়নাভিৰাম দৃশ্যৰাজি হেঁপাহ পলুৱাই চোৱাত লাগিছোঁ৷ হাতে
ঢুকি পোৱাতে শাৰী শাৰীকৈ কমলা গছ, কমলা বাগান৷ পকা ফলৰ ভৰত প্ৰতিজোপা গছেই দোঁ খাই পৰিছে৷ পথ নিৰ্মাণৰ নামত, এক্সকেভেটৰৰ বিধ্বংসী হাঁতোৰাৰ দয়াহীন আঁচোৰত ভালেমান গছ দুখ লগাকৈ জাহ যোৱাও বাটত দেখি আহিছোঁ৷ এনেকুৱা উভৈনদী একোখন বাৰীৰ পৰা গৰাকীয়ে বাৰ্ষিক কিমান ধন উপাৰ্জন কৰিবলৈ সক্ষম হয় বাৰু? সাহাই দূৰৰ পৰাই উত্তৰত কিবা অংক এটা জনালে৷ 
চিজনৰ লগে লগে গৰাকীৰ অৰ্থনৈতিক দিশটো শক্তিশালী হৈ উঠে৷ পূব অৰুণাচলৰ কমলা বিভিন্ন ঠাইলৈ ৰপ্তানি হয়৷ বাংলাদেশাে পাইগৈ হেনো৷ মুখ্য বিতৰক অসমৰ তিনিচুকীয়াৰ৷

ক্রমান্বয়ে তললৈ নামিবলৈ ধৰিছোঁ আমি৷ অকাই-পকাই আহি আহি বাওঁহাতে পালোঁহি শ্ৰী ডাঙৰীয়া বাবাৰ মন্দিৰ৷ এক সুবিখ্যাত উপাসনাথলী৷ এপাক সোমাই চাওঁ বোলোঁতেই চৌহদৰ বাহিৰত, গে'টৰ বিপৰীতে সাহাই গাড়ীখন ৰখালে৷ অৰূপদাৰ হাতঘড়ীটোলৈ দৃষ্টি দিলোঁ৷ ১০ বাজি ২০ মিনিট পাৰ হৈছে৷ প্ৰদীপদা আৰু অৰূপদা দুয়ো ঘপাঘপ মন্দিৰটোলৈ সোমাই গ'ল৷ যথাস্থানত সেৱা-সৎকাৰ জনালেগৈ৷ মই যেনি-তেনি ফটো তুলি থাকিলোঁ৷ গা নোধোৱাৰ দোহাই দি চালকজনে চৌহদৰ ভিতৰত প্ৰৱেশ কৰাৰ পৰা বিৰত থাকিল৷ মই হ'লে সোমালোঁ, চালোঁ, মন্দিৰৰে এজনৰ লগত কথাও পাতিলোঁ কিবাকিবি৷ পুৰণি গছকেইজোপামান আছে ইয়াত৷ ফলক এখন পঢ়ি মাটিখিনি দাই পৰিয়াল এটাই দান কৰা বুলি বোধগম্য হ'ল৷ মন্দিৰটোৰ পেইণ্টিং কামখিনিৰ সৈতে পাচিঘাটৰ মুচলমান লোক এজন জড়িত বুলি আগতে এবাৰ পঢ়িবলৈ পাইছিলোঁ৷ বুঢ়া ডাঙৰীয়াৰ পৃষ্ঠপটত সমন্বয়ৰ বাৰ্তা লুকাই আছে৷


১৯৬২ চনত পাচিঘাট-পাংগিন ৰাস্তা সাজিবলৈ অহা গড়কাপ্তানি বিভাগৰ অভিযন্তা এজনে সপোনত ইয়াত উদ্ঘাটন হোৱা শিৱ লিংগত পূজা দিবলৈ নিৰ্দেশ পায়৷ সেইমতে এই স্থানত মন্দিৰ সাজি পূজা-অৰ্চনা কৰাৰ নিয়ম হ'ল৷ তেতিয়াৰে পৰাই হেনো এইটো এলেকাত সংঘটিত দুৰ্ঘটনা আৰু পথ নিৰ্মাণত ব্যৱহৃত যন্ত্ৰপাতিৰ বিঘিনি আচৰিত ধৰণে হ্ৰাস পাবলৈ ধৰে৷ আজিও এই বাটেৰে আহ-যাহ কৰা লোকসকলে নিৰাপদ ভ্ৰমণৰ কামনাৰে বুঢ়া ডাঙৰীয়ালৈ ভক্তিভাৱে সেৱা এটি জনাইহে পাৰ হয়৷ আমাৰ হৈ প্ৰদীপদা আৰু অৰূপদাই কামফেৰা সমাধা কৰি আহিল৷ ডাঙৰীয়া বাবাৰ আশীৰ্বাদ লভিবলৈ ভাৰতৰ বিভিন্ন স্থানৰ পৰা যিকোনো ধৰ্মাৱলম্বী লোকেই ইয়ালৈ আহে৷ ফলস্বৰূপে লিকাবালিৰ মালিনী থান, জিৰোৰ শিৱলিংগ, 
পৰশুৰাম কুণ্ড আদিৰ দৰেই এই মন্দিৰ তীৰ্থটনলৈ পৰ্যবসিত হৈছে৷ প্ৰতি বছৰৰ অন্তিম শনিবাৰটোক মুখ্য কৰি এই স্থানত ডাঙৰীয়া বাবা পূজা-মেলা নামে বৃহৎ মেলা বহে৷ ১৯৭০ চনৰ পৰা এনে ব্যৱস্থা চলি আহিছে৷ পূব চিয়াং জিলা প্ৰশাসনে পূজা আৰু মেলা সুকলমে অনুষ্ঠিত কৰাত গুৰুত্ব দি আহিছে৷

এই অঞ্চলৰে চিৰ্‌কিনানৗ জলপ্ৰপাতৰ কথা আমাৰ ঘৰত ভাৰাতীয়া হিচাপে থকা পূৰ্বতে জোনাইৰ বাসিন্দা আৰু এতিয়া লখিমপুৰীয়া হৈ পৰা যুৱক উৎপল ভাইটিয়ে এদিন কৈছিল৷ অাহি থাকোঁতে অথনি এঠাইত পৰ্বতৰ বুকুৰে পানী এধাৰ এটা নামি যোৱাৰ চিক্‌মিকনি চকামকাকৈ দেখা পাইছিলোঁ৷ সেইটোৱেই হয় নেকি চিৰ্‌কি জলপ্ৰপাত? প্ৰশ্নটো মনৰ অভ্যন্তৰতে পাক-ঘূৰণি খাই থাকি গ'ল৷ উত্তৰ নাপালোঁ৷ গৈ পাই উৎপলক সুধিব লাগিব৷ চিৰ্‌কি জলপ্ৰপাত এই অঞ্চলৰ এটা ব্যস্ত পিক্‌নিক্‌ স্পট৷ ট্ৰেকিং, হাইকিঙৰ বাবেও আদৰ্শ স্থান বুলি শুনিছিলোঁ৷


১১ বাজিল৷ ক্ৰমাৎ পাচিঘাটৰ কাষ চাপিছোঁ৷ চহৰলৈ পোনে পোনে নগৈ চিয়াঙৰ ওপৰত থকা পাচিঘাট ব্ৰীজ দেখুৱাবলৈ লৈ গ'লোঁ প্ৰদীপদা আৰু অৰূপদাক৷ অলপ আগতে পৰ্বতৰ ওপৰৰ পৰা দলং, চিয়াং আৰু ৰিণিকি ৰিণিকি ব্ৰহ্মপুত্ৰ মহাসংগমৰ নান্দনিক দৃশ্য দেখি স্বাভাৱিকতে উত্তেজনাই বাহ লৈছিল আমাৰ মনত৷ পাচিঘাটৰ সমীপৰ ৰাণাঘাটত থকা দীঘলীয়া দলংখনলৈ মই আগতেও এবাৰ আহিছোঁ৷ ওপৰৰ পৰা এয়াই প্ৰথম চালোঁ৷ সেইবাৰ অৰুণদা, অনিলদা আৰু মই আহিছিলোঁ৷ গোগামুখৰ বন্ধু পৱিত্ৰ সন্দিকৈৰ আমন্ত্ৰণক্ৰমে ঢকুৱাখনাৰ ম'হঘূলি চাপৰিত ফাট বিহু চাই, টেকেলীফুটা ঘাটত ভাত খাই মনৰ তাগিদাতে পোনাই দিছিলোঁ চিয়াং চাবলৈকে৷ ডক্টৰ ভূপেন হাজৰিকাৰ 'চিয়াঙৰে গালং লোহিতৰে খামতি' মোৰ এটা প্ৰিয় গীত৷ এতেকে চিয়াং নোচোৱাকৈ নোৱাৰি৷ লোহিত তাৰ আগতেই চালোঁ৷ পৰশুৰাম কুণ্ড আৰু কুণ্ডৰ সমীপত সজা অৰুণাচলৰ দীৰ্ঘতম লোহিত ব্ৰীজত উঠিলোঁ৷ এতিয়া আকৌ এবাৰ চিয়াং ব্ৰীজ৷ ৭৬৩.৫০ মিটাৰ দৈৰ্ঘৰ এই সন্তুলিত কেণ্টিলিভাৰ দলংখন অৰুণাচলৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম৷ পাচিঘাট সেতুৰ শিলান্যাস ১৯৮৮ চনৰ ৪ এপ্ৰিলত ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৰিছিল৷ মুম্বাইৰ গেমন ইণ্ডিয়া লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাই আৰ.চি.চি. ব্ৰীজখন সাজি উলিয়াইছিল৷ বহু বছৰ লাগি গৈছিল কাম সমাপ্ত কৰোঁতে৷

ৰাণাঘাটৰ দলঙেৰে চিয়াঙৰ ওপৰেৰে আমি পাৰ হৈ গ'লোঁ৷ অলপ গৈয়ে সিপাৰে সাহাই গাড়ীখন ঘূৰাই ল'লে৷ ট্ৰেন্স অৰুণাচল হাইৱে'ৰ অংশ এই NH13 পথটো৷ পোনাই গ'লে মেব', ডাম্‌বুক্‌, ৰ'য়িং হৈ শদিয়া ওলাব পাৰি৷ তেজুলৈও যাব পাৰি৷ ৰ'য়িঙলৈ যাওঁতে চহৰ নোসোমাওঁতেই বাওঁহাতে এই ৰাস্তাটোৰ সিটো মূৰ দেখা পাইছিলোঁ৷ সোঁহাতে তেজুলৈ৷ হৰ্নবিল ফেষ্টিভেলৰ পৰা উভতি আহি গেবুহঁত আমি উপস্থিত হোৱা এইটো ৰাস্তাৰেই যাব ডাম্‌বুকলৈ, অ'ৰেঞ্জ ফেষ্টিভেল এণ্ড মিউজিক চাবলৈ৷ চিয়াঙৰ এইপাৰ, ৰ'য়িঙত দেওপানী নৈৰ পাৰ৷ মাজৰখিনি মোৰ বাবে আজিও missing link৷ ভেদ ভাঙিবলৈ কেতিয়াবাৰে পৰাই সুযোগৰ অপেক্ষাত অধীৰ হৈ আছোঁ৷ ভাঙিম কেতিয়াবা৷



No comments:

Post a Comment