দিন ছয় (৩০.১১.২০১৬, বুধবাৰ) ৷৷ খণ্ড ১
উজাগৰী নিশাটোৱে অন্তিমৰ ফালে গতি কৰি আছে৷ পুৱতি
নিশা অচিন পক্ষীৰ মাত এটা শুনা পালোঁ৷ কেইবাৰমান মাত্ৰ৷ তাৰ পাছত আৰু নাই৷ আচৰিত কথা
যে ইমান ডাঙৰ অৰণ্যখনত সোমাবৰে পৰাই আমি কোনেও কেনিও এটাও চৰাই-চিৰিকটি দেখা নাই৷ ইফালে তথ্য অনুসৰি পৃথিৱীত সম্প্ৰতি ১৮,০০০ প্ৰজাতিৰ চৰাই জীৱিত আছে! কালি আমাৰ আলোচনাত এই
প্ৰসংগটো ওলাওঁতে অৰূপদাই বেপৰুৱা সুৰতেই কৈ দিছিল, 'চব মাৰি খালে৷ ক'ত চৰাই দেখিবা?' বুলি৷ অৰুণাচলী
মানুহে সকলো জীৱ-জন্তুৰে মাংস ভক্ষণ কৰে বুলি এঠাইত পঢ়িবলৈ পাইছিলোঁ৷ ওখ পৰ্বত আৰু অৰণ্যৰে আৱৰি থকা সত্ত্বেও পশু-পক্ষী
কমি অহাৰ ই এটা শক্তিশালী কাৰণ নিশ্চয়৷ গতিকে বন্যপ্ৰাণী কমি গৈছে৷
মেন্-চু-খাত কস্তুৰী মৃগও পোৱা গৈছিল৷ এবিধ প্ৰকাণ্ড
উৰণীয়া কেৰ্কেটুৱা (Petaurista mechukaensis) আৱিষ্কাৰ হোৱা বুলিও শুনিছিলোঁ৷ সৰ্বোপৰি,
২০১৬ৰ বছৰটোতে অৰুণাচল প্ৰদেশত এবিধ নতুন প্ৰজাতিৰ চৰাই দেখা পোৱা বুলি এদিন বাতৰি কাকতৰ পৃষ্ঠাত পঢ়া মনত আছে৷ কালি আহোঁতে আমি হ'লে একোৱেই নাপালোঁ৷ ভাবিছিলোঁ নাম নজনা নানা কীট-পতংগৰ
বিৰামহীন কোৰাছে ওৰে ৰাতি কাণ ফালিব৷ তেনেকুৱাও একো নঘটিল৷ ভয়ংকৰভাৱে বিপদজনক দিম্দাম্
পোকৰ সৈতেও এই পৰ্যন্ত মোকাবিলা হোৱা নাই৷ সচৰাচৰ দেখা নোপোৱা, চিনি-জানি নোপোৱা গছৰ
গুটি কিছুমান হ’লে বাটে বাটে পাইছোঁ, পিটিকি পিটিকি
চাইছোঁ৷
শোৱাপাটী নেৰোঁতেই প্ৰধান চিন্তাটো আহিল পানীক
লৈ৷ উঠিলেই পানীৰ দৰকাৰ হৈ যাব৷ তললৈ নামি আহি পোনেই খাংটোলৈ চালোঁ৷ প'ৰ্টাৰহঁতে পানী আনি থৈছে৷ বটলকেইটা ভৰি আছে৷ উঃ ৰক্ষা৷
সিহঁতৰ কষ্টৰ কথা ভাবি অৱশ্যে বেয়াও লাগিল৷ কম পৰিশ্ৰম কৰিবলগীয়া হৈছেনে পানী গোটাবলৈ? অভিজ্ঞতা পাই থৈছোঁ৷ ইফালে যোৱা ৰাতি শুৱাৰ আগে আগে প্ৰতিটো তম্বুতে ২ লিটাৰৰ একোটাকৈ
বটল যোগান ধৰিছিল, গৰম পানীসহ৷ সেই পানীৰেই এতিয়া মুখ ধুলোঁ৷ গৰম গুচি বৰফ হ’ল৷ চেঁচা পানীখিনিয়ে হাত কাটি নিয়াৰ
উপক্রম কৰিলে৷ কুল্কুলি কৰোঁতে দাঁতকেইটা একদম সিৰ্সিৰাই গ'ল৷ এই যেন সুলকি পৰিব! তথাপি
নতুনকৈ গৰম পানী বিচাৰি ৰান্ধনিক দিগ্দাৰ কৰিবলৈ সত নগ'ল৷ কোনোবা কোনোবাই নোখোজাকৈও নাথাকিল অৱশ্যে৷ মই হ'লে ঠাণ্ডা পানীৰেই কাম চলাই দিলোঁ৷
মুখ ধুয়ে চিধাই জুইৰ গুৰি পালোঁহি৷ জুই নহ'লে নহ'ব দেখিছোঁ৷ গাত ভালকৈ
তাপ লৈ চাহ খালোঁ৷ তেনেকুৱাতে দেখা গ'ল, গেবু, দালা আৰু চেক্কেই পৰৱৰ্তী অভিযানলৈ
ওলোৱাৰ বাবে খৰখেদা লগাইছে৷ পুৱাৰ আহাৰ হিচাপে ইতিমধ্যে তৈয়াৰ কৰি পেলোৱা গৰম খিচিৰিৰ চচপেনটোৰ পৰা তিনিটা মানুহৰ জোখাৰে টিফিন কেৰিয়াৰ এটাত ঠাহি ঠাহি ভৰাই লৈছে৷ লগতে ডাঙৰ আকাৰৰ পানীৰ বটলো
এটা৷ চ’টু ওৰফে শিৱদেবৰ মস্ত কেমেৰাটোও সিহঁতে খুজি ল'লে৷ ওপৰৰ পৰা ফটো তুলি আনি পাছত জি.টি.এল.ত সকলোকে দেখুৱাব বুলি আশা দিছে৷ সময়
নষ্ট নকৰি অলপ পাছতে চেক্কেৰ নেতৃত্বত সিহঁতকেইটা গুচি গ'ল৷ মোৰ শৰীৰটো ইয়াত ৰৈ গ’ল যদিও মনটো কিন্তু সিহঁতৰ লগে
লগে যাব ধৰিলে! বাঁহনিৰ মাজেৰে তিনিওটা ডেকা মুহূৰ্ততে অদৃশ্য হৈ পৰিল৷ একান্ত ইচ্ছা থকা সত্ত্বেও
মোৰ নহ’ল, দলীয় সিদ্ধান্ত তথা আনুগত্যৰ প্ৰতি বজাই ৰখা
সন্মানৰ বাবেই৷
এইফালে আমাৰো ব্ৰেক্ফাষ্ট সমাপ্ত হ’ল৷ ৮.০০ বজাত নিৰ্দিষ্ট কৰা হৈছে
ওভতনি যাত্ৰাটোৰ সময়৷ বাটত খাবলৈ সিদ্ধ কৰি লোৱা হৈছে এগালমান আলু৷ আইডিয়াটো অৰূপদাৰ৷
‘আলুৱে ইলেকট্ৰ’লাইট সন্তুলিত কৰি ট্ৰেকত আমাক
শক্তি যোগাব৷ মাংসপেশীৰ সংকোচনতো বাধা দি দক্ষতা বঢ়াব৷’ এইবুলি কৈ বস্তাত ৰৈ যোৱা গোটেইসোপা
আলু দাৱাৰ হতুৱাই বইল কৰাই ডেক্চি এটাত ভৰাই ল'বলৈ নিৰ্দেশ দিছে অৰূপদাই৷ উত্তৰ-পশ্চিম জাৰ্মানীৰ ব্ৰেমেনস্থিত এগৰাকী বিশিষ্ট অসমীয়াৰ
হোমেন বৰগোহাঞি ছাৰে লোৱা ইণ্টাৰভিউ এটা বহুদিনৰ আগতে চাইছিলোঁ টিভিৰ পৰ্দাত৷ একাংশ
মানুহে সততে নস্যাৎ কৰাৰ বিপৰীতে উৎকৃষ্ট আৰু বিশ্বশ্ৰেষ্ঠ পাচলি বুলি আলুগুটিৰ সপক্ষে
সবল আৰু বিজ্ঞানসন্মত যুক্তি থিয় কৰিছিল তেখেতে৷ এতিয়া আমাৰো ৰাস্তাত ভোক গুচোৱাৰ
প্ৰধান সাধন হ’ব আলুগুটি৷
No comments:
Post a Comment