দিন পাঁচ ৷৷ খণ্ড ৫
বৰ্ষীয়ান, আকাশলংঘী গছ কিছুমানৰ তলেৰে, বাঁহনিৰ মাজেৰে ধাৱমান আমাৰ ১১জনীয়া এড্ভেন্চাৰিষ্টৰ দল৷ ৰ’দ এচেৰেঙা মাজে মাজে গাত পৰে৷ উম লাগে৷ মাজে মাজে বেলিটো নেদেখা হওঁ৷ তেতিয়াই ঠাণ্ডাই আক্ৰমণ কৰিব ধৰে৷ 'সময়ৰ খবৰ কি?' চেক্কেক সোধাত হাতঘড়ীলৈ চাই সি উত্তৰ দিলে... 'দিনৰ ১১ বাজি পাৰ হ’ল৷' সেমেকা এলেকাত জমা হৈ থকা বোকাৰ ওপৰত গছৰ ডাল কাটি পেলাই থোৱা হৈছে৷ তাৰ ওপৰেদি যাব লাগিছোঁ৷ বগৰাই থোৱা গছো পুনৰবাৰ পাইছোঁ৷ কোনে কাটিলে নাজানো৷ বুঢ়া বৃক্ষৰ তলেৰে সৰাপাতত মৰ্মৰণি তুলি দল আগ বাঢ়িছে৷ মৰ্মৰণিৰ শব্দই কোনোবা ৰহস্যময় জগতলৈ লৈ গৈছে মনটোক৷ ভৌতিক ভৌতিক যেন লাগিছে পৰিৱেশটো৷ হ'লেও ভয় লগা নাই৷ কুং চেক্কে সন্মুখত আছে৷ সি মাৰ্চিয়েল আৰ্ট জনা ল'ৰা৷ বন্দুক-বাৰুদ আমাৰ হাতত নাই৷
ঠায়ে ঠায়ে গছৰ ডালৰ টুকুৰা কিছুমান শাৰী শাৰীকৈ পাৰি খট্খটিৰ দৰে কৰি থোৱা হৈছে, উঠি যাবলৈ৷ জংঘলৰ মাজত মাজে মাজে তিনিআলি একোটাও পাইছোঁ৷ তেনেকুৱা পালেই চেক্কেই কাম এটা কৰি অহাটো মন কৰিছোঁ৷ যাব নলগীয়া লিক্টো সি ওচৰতে পৰি থকা ডাল বা বাঁহ কাটি ভেটি থৈছে, যাতে পাছত আহি থকাসকলে ট্ৰেক্ ভুল কৰি অন্যবাটে নোসোমায়৷ নহ’লেযে কোন ধুবুৰী ওলাবগৈ, ঠিকনা নাই৷ হাবিৰ মাজত হেৰোৱা সংগীক বিচাৰি পোৱাটোও মস্কিলেই হৈ পৰিব তেতিয়া৷ সেয়েহে এইকণ সাৱধানতা৷ অনুসৰণকাৰীৰ বাবেও ইংগিত এটা৷ এইবোৰ চাগৈ সিহঁতে প্ৰশিক্ষণৰ পৰা পোৱা শিক্ষা৷ তাৰ লগত থাকি ময়ো শিকিছোঁ এতিয়া৷
অলপ পাছতে শিলাময় জুৰি এটা ওলাল৷ সৰু-বৰ পাথৰ কিছুমানৰ ওপৰেৰে দুপিয়াই দুপিয়াই উঠি গৈ আছোঁ৷ ওপৰত ৰৈ আছে আন এক আশ্চৰ্য৷ গছৰ ডালেৰে সজা সাঁকো এখন৷ ২০ ফুটমান দীঘল হ'ব৷ ৮ ইঞ্চিমান ব্যাসৰ তিনিটা মজবুত ডাল পৰা আছে৷ হাতেৰে ধৰিবলৈও সুব্যৱস্থা কৰি থৈছে৷ তাৰ ওপৰেদি হেলাৰঙে খৰস্ৰোতা জুৰিটো অতিক্ৰম কৰিলোঁ৷ সাঁকোত উঠাৰ আগে আগে চেক্কেই মজবুত বাঁহ এডাল কাটি মোক ৱাকিং ষ্টিক সাজি দিলে৷ মোৰ হাতত একোৱেই নথকাটো সি তং কৰি আহিছিল চাগৈ৷ খালী হাতেৰে গৈ থাকি একো অসুবিধা পোৱা নাছিলোঁ যদিও সি দিলে যেতিয়া লাঠীডাল লৈ থ'লোঁ৷ জংঘলত কোন মুহূৰ্তত প্ৰয়োজন হ'ব কোনে জানে?
দলৰ বাকী সদস্যসকল আৰু আমাৰ তিনিওৰে মাজত ইতিমধ্যে যথেষ্ট দূৰত্ব আহি গৈছে৷ হ'লেও পথ প্ৰদৰ্শকজনে এবাৰো ৰৈ নিদিয়াত সংযোগহীনভাৱেই ময়ো অনুসৰণ কৰিবলগীয়াত পৰিছোঁ৷ শুকান পাতবোৰত খৰ্মৰণি তুলি কিছু বগাই যোৱাৰ পাছত একেটা জুৰিকে আকৌ পাৰ হ'বলগীয়া হ'ল৷ আকৌ একে ধৰণে গছৰ ডাল পাৰি থোৱা সাঁকো এখন পালোঁ৷ গছৰ ডালৰ খটখটি বগালোঁ, শেলুৱৈজাতীয় উদ্ভিদ ট্ৰেকটোৰ দুপাৰে অজস্ৰ দেখা পালোঁ৷ সেমেকা এলেকাটো ঠায়ে ঠায়ে বোকাময় হৈ আছে৷ অসাৱধান হ'লেই পিছল খোৱাৰ সম্ভাৱনা৷
এইবাৰ বেলেগ এটা জুৰি পালোঁ৷ এতিয়ালৈ পোৱা সকলোতকৈ এইটো ডাঙৰ৷ পানীৰ পৰিমাণ অধিক৷ ঢাল বেছি বাবে শব্দটোও ডাঙৰ৷ জুৰিৰ বুকুখনত ভৰি থকা বগা বগা শিলবোৰ দেখি নামনিত অথনি পাৰ হৈ অহা তাম্ৰিংফুজলৈ মনত পৰিল৷ অনুমান হ'ল, সেইখনৰেই আগলি হ'ব চাগৈ এই জুৰিটো৷ এইফালৰ পৰা যিমান পানী নামিছে সকলো তাম্ৰিংফুজতে পৰিছেগৈ বুলি ধাৰণা হৈছে৷ নিশ্চিত যে তাম্ৰিংফুজ মিলিছে য়াৰগ্যাপ চুত৷ তাৰ পাছত য়মগ, চিয়ম, চিয়াং, দিহাং হৈ ব্ৰহ্মপুত্ৰ৷ অৱশেষত বংগোপসাগৰ৷
সন্মুখত বিপদসংকুল ট্ৰেক৷ চোঁচৰি কিছু তললৈ নামিবলগীয়া হৈছে৷ জুৰিৰ বাওঁপাৰে পেলাই ৰখা দীঘল গছৰ ডাল এটাৰ ওপৰেদি যাব লাগিব৷ ঠিক চাৰ্কাচৰ দৰে কাৰবাৰ৷ ভৰি কঁপিলেই অথন্তৰ৷ সন্তুলন বজাই ৰাখি চেক্কে, দালা আৰু মই এজন এজনকৈ গ'লো পাৰ হৈ৷ তাৰ পাছত শিলে শিলে বগুৱা বাই কিছু ওপৰলৈ উঠিব লাগে৷ এইখিনিলৈকো উঠিলোঁ৷ দুফালে দুখন সাঁকো দৃষ্টিগোচৰ হৈছে৷ আমি ওপৰৰফালে থকাখনেৰে পাৰ হ'ম৷ তিনিও আগ বাঢ়িছোঁ৷ ৰেইন ফৰেষ্টৰ মাজত পোৱা মিঠা ৰ'দজাক উপভোগ কৰিবলৈ বৰ মন গ'ল৷ ক্ষন্তেক সময় ৰ'লোঁ জুৰিৰ মুকলি বুকুত৷ সূৰ্যৰশ্মিৰ উত্তাপ গাত ল'লোঁ শিলত বহি৷ মজা লাগিল৷ তাৰ পাছত সাঁকোখনেৰে সিপাৰ৷
মন কৰিছোঁ অথনি নলাটো পাৰ হৈ জংঘলত সোমোৱাৰ পাছৰে পৰাই ট্ৰেকটো ক্ৰমান্বয়ে কঠিন হৈ আহিছে৷ এইবাৰ মুখৰ আগত ওলাল সুৰংগসদৃশ হৈ পৰা বাঁহনি এডৰা৷ ফাঁকে ফাঁকে যাব লাগিব বোকা-পানী খচকি৷ কলাফুল ঢকাকৈ গামবুট পিন্ধা চেক্কে আৰু দালা গপগপাই গৈ আছে৷ কি কৰা যায়? কাষতে পোৱা গছৰ ডাল, পাথৰ আদি দূৰৰ পৰাই বোকাৰ মাজলৈ খৰধৰকৈ দলিয়াব ধৰিলোঁ৷ সেইবোৰৰ ওপৰত ভৰি ৰাখি পাৰ হোৱাৰ বুদ্ধি৷ জোতাৰ অৱস্থাটো ইতিমধ্যে চাব নোৱাৰা হৈ পৰিছেই৷

হঠাতে ওলাল পৰ্বতৰ অভ্যন্তৰত পূৰ্বসজ্জিত এডোখৰ
জেগা! ৰেহৰূপ আঁতৰৰ পৰা দেখা পায়ে মই হতভম্ব৷ কোনোবা উগ্ৰপন্থী সংগঠনৰ ঘাটি নহয়তো? নে পৰিত্যক্ত শিৱিৰথলী? বাঁহৰ চাং
কিছুমান যেনি-তেনি সজা আছে৷ জুই ধৰাৰ বাবে নিৰ্দিষ্ট স্থান এডোখৰো আছে৷ ওখ গছৰ তলে তলে অকণমান মুকলি ঠাই এইডোখৰ৷ দলৰ সদস্যসকলৰ ভিতৰত আমি তিনিজনেই প্ৰথমে ইয়াত উপস্থিত হ’লোঁহি৷
No comments:
Post a Comment