Friday, 1 December 2017

দিন পাঁচ ৷৷ খণ্ড ৩

'All the birds have flown up and gone
A lonely cloud floats leisurely by
We never tire of looking at each other
Only the mountain and I.'

প্ৰকাণ্ড শিল এটাত উঠি বহি ললোঁ৷ মুখত Li Poৰ কবিতাৰ পংক্তি৷ সকলোটি ট্ৰেকাৰ একগোট হোৱালৈ বাট চাই তলৰ শুৱনি মেন্‌-চু-খাখনৰ ৰূপ দৰ্শনত মগ্ন হৈছোঁ৷ ইয়াৰ পৰা দূৰ দিগন্ত পৰ্যন্ত সকলোখিনিয়েই বাধাহীনভাৱে দেখা পাই আছোঁ৷ অথনি পাৰ হৈ অহা পৰম্পৰাগত ঘৰটো জুইশলাৰ বাহহেন দেখাইছে৷ ইফালে-সিফালে কলপতীয়া পাইন গছবোৰ৷ মুখে মুখে থকা উকা পৰ্বতৰ গাত বৰ বৰ হৰফেৰে বগাকৈ জিলিকি আছে MENCHUKHA৷ মেন্‌-চু-খাৰ উপৰিভাগৰ গঠন প্ৰশস্ত ৰূপত উজলি উঠিছে৷ ইয়াৰে সৈতে অলপতে আমি ট্ৰেকিং কৰি অহা নাগালেণ্ড-মণিপুৰ সীমান্তৰ ঝুক ভেলীৰ ভূপৃষ্ঠৰ গঠনমূলক কিবা এটা মিল লক্ষ্য কৰিছোঁ৷ হাফলুসদৃশ সাদৃশ্যখিনি দেখি আচৰিতো হৈছোঁ৷ পাৰ্থক্য মাথো এয়ে পাইছোঁ যে তাত বৰণটো সেউজীয়া, ইয়াত ধোঁৱা বৰণীয়া৷ বছৰত চাৰিবাৰ ৰং সলোৱা মেন্‌-চু-খাৰ শৰীৰত এতিয়া এই ৰঙে ৰহণ চৰাইছে৷

য়াৰগ্যাপ্‌ চুৰ দুপাৰে এক সমতলভূমিত এই মেন্‌-চু-খা উপত্যকাটো৷ বিহংগম দৃষ্টিপাতেৰে অান্দাজ কৰিছোঁ, দীঘলে প্ৰায় ১৫ কিলমিটাৰ, বহলে একৰ পৰা আধা কিলমিটাৰমান হব চাগৈ৷ সমভূমি অঞ্চলটোৰ চাৰিওফালে উচ্চভূমি৷ শাৰী শাৰী সৰলেৰে ভৰা বিনন্দীয়া দৃশ্যাৱলী৷ শিখৰত কেনিবা কেনিবা বৰফৰ জিলিঙনি৷ যেনিয়েই চাওঁ, মন ভৰি যোৱা চিত্ৰপট কিছুমান৷ তধা লাগি চাই ৰৈছোঁ আটায়ে৷ মাত-কথা বন্ধ৷

মেন্‌-চু-খা উপত্যকালৈ সোমায়ে কাদাচিল নামৰ গাঁও৷ চহৰ পোৱাৰ ৫ কিলমিটাৰমান আগত গাঁওখনৰ অৱস্থিতি৷ চহৰ পোৱাৰ লগে লগে টাচিন পাংগা নামৰ তিব্বতীয় ভগনীয়াৰ শিৱিৰটো৷ পাৰ হৈ সেনাবাহিনীৰ ছাউনী৷ তাৰ পাছত মেন্‌-চু-খা প্ৰশাসনিক কেন্দ্ৰ৷ ভেলীটোৰে নিৰৱে ধাৱিত হৈছে য়াৰগ্যাপ্‌ নৈ৷ উত্তৰ-পশ্চিমৰ পৰা কেইবাটাও জুৰি আহি য়াৰগ্যাপ্‌ চুত পৰিছে৷ তাৰে পানী খালে হেনো জ্বৰ-বেমাৰ ভাল হয়৷ গতিকে নাম হৈছে মেন্‌-চু-খাঁ অৰ্থাৎ ঔষধীয় পানীৰ নিজৰা৷ এই নামেৰেই উপত্যকাটো তথা মহকুমাটোৰ নামো মেন্‌-চু-খা হৈছে৷ মেন্‌-চু-খা শব্দটোৱে মানুহৰ মুখ বাগৰি চল্‌তি ৰূপ লৈছেগৈ মেচুকা৷

য়াৰগ্যাপ্‌ চুৰ পাৰত দীঘলীয়াকৈ Advanced Landing Ground৷ অলপতে মুকলি কৰা কংক্রিটৰ ৰাণওৱেযুক্ত এই এয়াৰ ষ্ট্ৰীপটো ভাৰতীয় বায়ুসেনাই চোৱা-চিতা কৰে৷ Autonov-32 aircraft, হেলিকপ্টাৰ ইয়ালৈ আহে বুলি শুনিছোঁ৷ মেন্‌-চু-খাৰ পৰা নিয়িং শ্বি নামৰ নৈ এখন ওলোৱা বুলিও কৰবাত এবাৰ পঢ়া মনত পৰে৷ দুচকুৱে ব্যস্ততাৰে সেইখন বিচাৰি থাকিল অলপ সময়৷ শিখৰৰ পৰা দেখা পোৱা চৌদিশৰ মোহনীয় সৌন্দৰ্যত আপ্লুত হৈ মনটোৱে বাৰে বাৰে ঘোষণা কৰিব বিচাৰিলে এই কথা Heaven is myth, Menchukha is real.

উপত্যকাত দৃশ্যমান ঘৰবিলাকৰ আটাইবোৰেই পাইন কাঠৰ তক্তাৰে নিৰ্মিত৷ ইয়াত কাঠৰ অভাৱ নাই৷ চীন-ভাৰতৰ যুদ্ধৰ সময়ত এনেকুৱা কাঠৰ ঘৰ কিছুমানতে চীনা দখলদাৰী সৈন্যই নাৰ্ছবিলাকক ৰাখিছিল৷ ১৯৬২ৰ চীনা সৈন্যৰ সেই আক্রমণৰ সময়ত মেন্‌-চু-খাৰ প্ৰতিৰক্ষাৰ দায়িত্বত আছিল পঞ্চম গোৰ্খা ৰাইফল্‌ছ৷ কমাণ্ডাৰ আছিল কৰ্নেল টেইলৰ৷ প্ৰায় বিনাযুদ্ধে তেওঁলোক পলাই যাব লগা হৈছিল৷ চমু পথেৰে তালিহাৰ ফালে পলায়ন কৰা গোৰ্খা সৈনিকবিলাকে বাটে বাটে উভতি ধৰি বহুতো চীনা জোৱান নিধন কৰিছিল৷

ৰ্টাৰকেইজন এখোজ-দুখোজকৈ উঠি আহিল৷ ওপৰত চৰকাৰী পানী যোগান আঁচনিৰ চৌবাচ্চাসদৃশ পকী জলাধাৰ এটা আছে৷ পানী অকণো নাই পিছে, তেনেই শুকান৷ বস্তু কঢ়িয়াই নিয়া খাংবোৰ প্ৰত্যেকেই পিঠিৰ পৰা নমালে৷ জলাধাৰৰ দেৱালতে বহি আটায়ে জিৰণি ললে৷ কথা-বতৰা, হাঁহি-ধেমালি চলিল৷ অথনি ট্ৰেকিং আৰম্ভণিৰ পৰতে প্ৰতিজন সদস্যকে আমূল ডেইৰী মিল্কৰ পেকেট্‌ দিছিল৷ চক্‌লেটৰ টুকুৰা এটা জিভাত থাকিলে খোজ কাঢ়িবলৈ ভাল লাগে৷ তাকে এটুকুৰা ভাঙি মুখত লওঁ বুলি আৱৰণ ফালি দেখোঁ যে শিলৰ দৰেই কঠিন হৈ পৰিছে ভিতৰৰ চক্‌লেট্‌খিনি৷ ঠাণ্ডা বেছি হোৱাৰ কাৰণেই এনেকুৱা হৈছে বুলি ভাবি ললোঁ৷ ভাঙিবলৈ লওঁতে খটক্‌কৈ শব্দ উঠিল৷


No comments:

Post a Comment