দিন আঠ ৷৷ খণ্ড ১০
লাইমেকুৰী, চিমেন চাপৰি অতিক্ৰমি অকাজান পালোঁ৷ তাৰ মানে জোনাইৰ পৰা ইমান পৰে ৭০ কিল'মিটাৰমান আহিলোঁ৷ অসমৰ ভিতৰতে এছোৱা ভাল ৰাস্তা বুলি এইছোৱাৰ সুনাম আছে৷ তিনিআলিটোৰ পৰা সোঁৱে ৪ কিল'মিটাৰত চিলাপথাৰ৷ গাড়ী ৰাষ্ট্ৰীয় পথেৰে চিধাচিধিকৈ গৈ থাকিল৷ সদ্যহতে চিলাপথাৰত সোমোৱাৰ প্ৰয়োজন নাই৷ যাওঁতেই সুযোগ বুজি চন্দ্ৰ-অমিহঁতৰ ঘৰত আলহী খাই গৈছোঁ৷ এতিয়া পোনে পোনে ব্ৰহ্মপুত্ৰৰ কাৰেং ফেৰীঘাট পাবগৈ লাগে৷ সময়মতে সিপাৰলৈ নৌকা ধৰিব লাগে৷ লাষ্ট ফেৰী ৪ বজাত বুলি গম পাইছোঁ৷ ঘড়ীয়ে কৈছে, আমি সময়তকৈ বহুত আগত চলি আছোঁ৷ টেনচন নাই৷
আমি জোনাই চহৰ সোমালোঁহি৷ ইয়াৰ পৰা চিলাপথাৰলৈ ৭৫ কিল'মিটাৰ৷ মসৃণ ৰাস্তা পাই গাড়ীখন বৰ আৰাম লগাকৈ চলিছে৷ কঁকালৰ বিষত ভুগি থকা অৰূপদাৰ সমতল পাই মনটো ৰণ-জিত্ ৰণ-জিত্ লাগিছে৷ মোৰহে একোৰে প্ৰতি আকৰ্ষণ নাইকিয়া হৈ পৰিছে৷ পৰ্বত নাই, নৈ-নিজৰা-জলপ্ৰপাত নাই, ৰঙা-হালধীয়া বল ওলমি থকা কমলা বাগানবোৰ নাই, অকোৱা-পকোৱা খলা-বমা উঠা-নমা বাট-পথবোৰ নাই৷ কথাষাৰ ব্যক্ত নকৰাকৈ নোৱাৰিলোঁ সহযাত্ৰীসকলৰ আগত৷ অৰুণাচলৰ পাহাৰবোৰ লাহে লাহে সৰু হৈ দূৰলৈ গৈছেগৈ৷ আকৌ কেতিয়া কি উপলক্ষ্যত কাৰ সৈতে উঠিবগৈ পাৰোঁ তাকে লৈ মূৰত চিন্তাই পাক্ঘূৰণি লগাইছে৷ সেউজ পৰ্বত আৰু নীলা নৈৰে সমৃদ্ধ, লেণ্ড অফ্ অৰ্কিড বুলি জনাজাত অৰুণাচল এৰি আহি মনটো কিবা গধুৰ গধুৰ লাগিছে৷
লাইমেকুৰী, চিমেন চাপৰি অতিক্ৰমি অকাজান পালোঁ৷ তাৰ মানে জোনাইৰ পৰা ইমান পৰে ৭০ কিল'মিটাৰমান আহিলোঁ৷ অসমৰ ভিতৰতে এছোৱা ভাল ৰাস্তা বুলি এইছোৱাৰ সুনাম আছে৷ তিনিআলিটোৰ পৰা সোঁৱে ৪ কিল'মিটাৰত চিলাপথাৰ৷ গাড়ী ৰাষ্ট্ৰীয় পথেৰে চিধাচিধিকৈ গৈ থাকিল৷ সদ্যহতে চিলাপথাৰত সোমোৱাৰ প্ৰয়োজন নাই৷ যাওঁতেই সুযোগ বুজি চন্দ্ৰ-অমিহঁতৰ ঘৰত আলহী খাই গৈছোঁ৷ এতিয়া পোনে পোনে ব্ৰহ্মপুত্ৰৰ কাৰেং ফেৰীঘাট পাবগৈ লাগে৷ সময়মতে সিপাৰলৈ নৌকা ধৰিব লাগে৷ লাষ্ট ফেৰী ৪ বজাত বুলি গম পাইছোঁ৷ ঘড়ীয়ে কৈছে, আমি সময়তকৈ বহুত আগত চলি আছোঁ৷ টেনচন নাই৷
বগীবিল দলঙলৈ সোমাই যোৱা ৰাস্তাটো এৰি আহিছোঁ৷ অলপ আগত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাট এটা বাঁওহাতে সোমাই গৈছে৷ সেইটোৰেই ঘাটলৈ যায়৷ এইখিনি কুলাজান তিনিআলি৷ সাহাই টাৰ্নিং ল'লে৷ আৰম্ভণিছোৱা সুন্দৰ, পকা৷ ভাল লাগিছে আহি৷ পিছলৈ কেঁচা৷ তাৰ পাছত ৰাস্তা নায়েই৷ ধূলিৰে ভৰপূৰ৷ এনেকৈয়ে আহি আহি ঘাটত উপস্থিত হ'লোঁহি৷ চিলাপথাৰৰ পৰা ২২ কিল'মিটাৰ দক্ষিণ-পশ্চিমে ইয়াৰ অৱস্থান৷ বৰনৈৰ বালিঘাটত মাছ-ভাত একাঁহী খোৱাৰ কথা আছিল অৰূপদাৰ৷ ১.৩০ বাজিল৷ সাহাই বাছি দিয়া হোটেল এখনতে আমি সকলোটি সোমালোঁ আৰু দিনৰ সাঁজ খাই ল'লোঁ৷ অৰূপদাই ব্ৰহ্মপুত্ৰৰ মাছ খোৱাৰ দীৰ্ঘদিনীয়া হেঁপাহটো পূৰালে৷ বিচাৰি-খোঁচাৰি কেইবাবিধো খালে৷ প্ৰদীপদা আৰু মই নিৰামিষভোজী মানুহ৷ মাছ-মাংস-কণী বিচাৰিবৰ সকাম নাই৷ শাক-পাত, আলু ভাজিৰেই চলি গ'ল, চিৰাচৰিতভাৱে৷
ইপাৰৰ পৰা সিপাৰলৈ মানুহ আৰু মালবস্তু সৰৱৰাহ কৰিবৰ বাবে ইয়াত তিনি ধৰণৰ ফেৰী সেৱা আছে৷ চৰকাৰী ফেৰী, ব্যক্তিগত ফেৰী আৰু ৰিজাৰ্ভ ফেৰী৷ চৰকাৰী ফেৰীত ভাড়া কম, ব্যক্তিগত ফেৰীত বেছি৷ ৰিজাৰ্ভ ফেৰীৰ ভাড়া বেলেগ হয়৷ চৰকাৰী ফেৰীবোৰ ৰাতিপুৱাই গুচি যায়৷ ব্যক্তিগত ফেৰী পুৱাৰ পৰা গধূলিলৈকে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অহা-যোৱা কৰি থাকে৷ আমি ব্যক্তিগত ফেৰীত উঠিছোঁ৷ কাৰণ এতিয়ালৈ চৰকাৰী ফেৰী আৰু নাই৷ উঠিয়ে তলত বস্তু-বাহানিবোৰ ঠিকমতে থৈ শুকান তক্তাৰ চিট্ তিনিটা দখল কৰি পেলালোঁ৷ যাত্ৰীসকলৰ লগতে বয়-বস্তু, মটৰ চাইকেল, গাড়ী আদি ইতিমধ্যে উঠাবলৈ আৰম্ভ কৰিছে৷ নিৰৱে সেইবোৰৰ আলেখলেখ চালোঁ অলপপৰ৷ মানুহবোৰৰ মুখবিলাকো এফালৰ পৰা অধ্যয়ন কৰি গৈছোঁ৷ দলং নোহোৱালৈকে এনেকৈয়ে কষ্ট কৰি আহ-যাহ কৰি থাকিব লাগিব এইফালৰ মানুহবোৰে৷ দলংখনৰ কিমানযে প্ৰয়োজন!
ফেৰী এৰাৰ আগে আগে নামি গৈ বাসুদেব সাহাক বিদায়ী মাতষাৰ লগাই আহিলোঁ৷ পুনৰ কেতিয়াবা ক'ৰবাত হয়তো দেখা-সাক্ষাৎ হ'ম৷ কঠিন ৰাস্তাত সুন্দৰ গাড়ী চালনাৰে এইকেইদিন তেওঁ আৰু পুলিন গগৈয়ে আমাক যথেষ্ট সহায় কৰিলে৷ সুদক্ষ ড্ৰাইভিঙেৰে গন্তব্যস্থললৈ ভালে-কুশলে নিলে আৰু আনিলে৷ আশা পূৰণ কৰোৱালে৷ মুহূৰ্তবোৰ জীৱনকালত পাহৰিব নোৱাৰিম৷ কে.ইউ.ভি.খনক লৈ আৰম্ভণিতে মোৰ মনত সংশয় এটা আছিল, মেন্-চু-খা পাবগৈনে বুলি৷ সেয়াও অমূলক বুলি প্ৰমাণিত হ'ল৷ পোৱালেগৈ, ঘূৰায়ো আনিলে৷
ঘাটত উপস্থিত হোৱাৰ পাছৰে পৰাই আমি বগীবিল দলংখন পৰিষ্কাৰ ৰূপত দেখি আছোঁ৷ ফটোও তুলিছোঁ অসমবাসীৰ আশা আৰু আৱেগ বিজড়িত সেতুখনৰ৷ সুদীৰ্ঘ ছবছৰীয়া অসম আন্দোলনৰ অন্তত ১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত গঢ় লৈ উঠিছে এই দলং৷ এইচ. ডি. দেবেগৌড়া ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী হৈ থকা কালতে ১৯৯৭-৯৮ চনত দলংখনৰ আবণ্টন দিয়া হৈছিল৷ যানবাহনৰ বাবে তিনি লে'নযুক্ত পথ আৰু দুটা ব্ৰডগজ ৰে'লট্ৰেকেৰে সমৃদ্ধ এই সেতুৰ দৈৰ্ঘ ৪.৯৪ কিল'মিটাৰ৷ দলংখনত ১২৫ মিটাৰ প্ৰস্থৰ ৩৯টা আৰু ৩২.৭৫ মিটাৰ প্ৰস্থৰ ২টা স্পান থাকিব বুলি কোৱা হৈছিল৷ এইখনেই ব্ৰহ্মপুত্ৰৰ ওপৰত সবাতোকৈ দীঘল দলং হ'ব৷ তদুপৰি ভাৰতৰ ভিতৰত ৰে'ল-মটৰ উভয় ব্যৱস্থা থকা আটাইতকৈ দীঘলীয়া দলঙো এইখনেই হ'ব৷ চিলাপথাৰৰ সিটো পাৰে থকা ডিব্ৰুগড় চহৰৰ পৰা ১৭ কিল'মিটাৰ ভটিয়াই বগীবিলত আনটো মূৰৰ অৱস্থিতি৷ অলপ পাছতে আমি সেয়া দেখিমগৈ৷
২০০২ চনৰ ২১ এপ্ৰিলত এই সেতুৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে৷ ১,৭৮৭ কোটি টকা ব্যয়সাপেক্ষ দলংখনৰ নিৰ্মাণ আধাৰশিলা স্থাপনৰ ৭ বছৰৰ ভিতৰত অৰ্থাৎ ২০০৯ চনত সম্পূৰ্ণ হ'ব বুলি আৰম্ভণিতে কোৱা হৈছিল৷ পিছে নহ'ল৷ পৰৱৰ্তী সময়ত নিৰ্মাণ ব্যয় বৃদ্ধি পালে ৩,২৩০ কোটি টকালৈ৷ ২০০৭ চনত বগীবিল দলঙে ৰাষ্ট্ৰীয় প্ৰকল্পৰ মৰ্যাদা লাভ কৰিছে৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে ৭৫ শতাংশ আৰু ৰে'ল মন্ত্ৰণালয়ে ২৫ শতাংশ ব্যয় বহনৰ বাবে চুক্তিবদ্ধ হৈছে৷ সেই বছৰৰে মাৰ্চ মাহত প্ৰকল্প ব্যয় নতুনকৈ ধাৰ্য কৰা হয়, ৪,৯৯৬ কোটি টকা৷ ২০০৮ চনৰ এপ্ৰিল মাহত নিম্নাংশ নিৰ্মাণৰ দায়িত্ব গেমন ইণ্ডিয়াক দিয়া হৈছিল৷ ওপৰৰ অংশ নিৰ্মাণৰ দায়িত্বত আছে হিন্দুস্তান কন্ষ্ট্ৰাকচন্ কোম্পানী, DCD Brouckenbau Gmbit, Germany আৰু VNR Infrastructures৷
No comments:
Post a Comment