দিন পাঁচ ৷৷ খণ্ড ৭
জুহালৰ তিনিফালে কাঠেৰে সুন্দৰভাৱে সজা আছে বহা ঠাই৷ বেচ স্ফূৰ্তি কৰি আমি আটায়ে তাপ লৈ আছোঁ৷ একোবত গৰম কেট্লিটো খালী হাতেৰেই খপ্কৈ ধৰি চেক্কেই গিলাচবোৰত চাহ বাকি যাব ধৰিলে৷ তাৰ এই অদ্ভুত কাণ্ডটোত তবধ নামানি নোৱাৰিলোঁ৷ টাইকোৱানডো মাষ্টাৰ ই কম মানুহ নহয়৷ সি যোগান ধৰা ধোঁৱাই থকা লালচাহৰ সৈতে ব্ৰেড, বিস্কুট ইত্যাদি খোৱা হ'ল৷ তাৰ পাছতে সৰুপানী চুবলৈ বুলি গৈ পৰি থকা পুৰণি গছৰ ডাল এডোখৰত আৱিষ্কাৰ কৰিলোঁ বিস্ময়কৰ কাঠফুলা এটা! প্ৰকাণ্ড জোখ আৰু ৰূপ৷ গাতে লাগি আছে সৰুকৈ আন এটাও৷ ফটো তোলাৰ উদ্দেশ্যে চৌপাশ পৰিষ্কাৰ কৰিবলৈ ধৰোঁতে ডাঙৰ ভাগটো ভাগিয়ে থাকিল৷ 'ধুৰৰ...' স্বগতোক্তি এটা আপোনা-আপুনি মুখৰ পৰা ওলাই আহিল৷ অসাৱধানতাৰ বাবে নিজকে নিজে গালিও পাৰিলোঁ৷ ঘূৰাই পাওঁনো ক'ত? বুজি পালোঁ, এই অৰণ্যখন আগতে কেনিও নেদেখা সম্পদেৰে চহকী৷ সাৱধানে লক্ষ্য কৰি যাব লাগিব৷ কলেজৰ প্ৰাক্-বিশ্ববিদ্যালয় শ্ৰেণীত থাকোঁতে দুটা বছৰ উদ্ভিদ বিজ্ঞান পঢ়িবলৈ পাইছিলোঁ৷ জ্ঞান তেনেই সীমাবদ্ধ৷ সেই সামান্য বিজ্ঞান-আলোকতে এতিয়া ভাবি পাইছোঁ যে বিষয়টোৰ সাত বছৰীয়া অধ্যয়নকাৰীসকলৰ বাবে ইয়াত কিজানি ভাণ্ডাৰ লুকাই আছে, গৱেষণা কৰিবলৈ৷ তম্বু, শ্লীপিং বে'গ, খাদ্যসম্ভাৰ লগত লৈ গুচি আহিব লাগে, চাবহি লাগে৷ গেবুহঁত আছেই সহায় কৰিবলৈ৷
কেম্পটোৰ কাষেদি কুলু-কুলু সুৰেৰে বৈ যোৱা জুৰিটোৰ ধ্বনি-প্ৰতিধ্বনিয়ে মোক আৰম্ভণিৰে পৰাই আকৰ্ষণ কৰি আছিল৷ পাৰি থোৱা কাঠ কিছুমানৰ ওপৰেৰে অকলেই দেও দি দি আগ বাঢ়ি জলধাৰাৰ নিকট পালোঁগৈ৷ জয়াল পৰিৱেশ৷ ভয় ভয় নলগা নহয়৷ তথাপি সাহস গোটাই হাত-মুখ ধোৱাৰ উপৰি পেট ভৰাই পানী কেইচলু খাই হেঁপাহ এটা চুপে-চাপে পূৰাই পেলালোঁ৷ কালিয়ে অৰূপদাহঁতৰ আগত স্থিৰ সিদ্ধান্ত শুনাই থৈছিলোঁ যে মেন্-চু-খাৰ অৰণ্যত সুবিধাজনক অৱস্থাত জান-জুৰি কিবা পালেই হ’ল, তাৰ পানী পোনে পোনে পি খামেই খাম৷ কিয়নো সেই পানীত দ্ৰবীভূত হৈ থকা খনিজ পদাৰ্থবোৰ নিঃসন্দেহে আমাৰ শৰীৰৰ বাবে দৰকাৰী আৰু উপকাৰী হ’ব৷ গতিকে পানীক লৈ অন্য চিন্তা, মিনাৰেল ৱাটাৰৰ বটল কঢ়িওৱাৰ প্ৰয়োজন নাই৷ মেন্-চু-খা মানেই হৈছে ঔষধি গুণযুক্ত বৰফৰ পানী৷ Me(n) মানে Medicine, medicinal; Chu মানে Water; Kha মানে Ice / Mouth of snow৷
কেম্পটোৰ কাষেদি কুলু-কুলু সুৰেৰে বৈ যোৱা জুৰিটোৰ ধ্বনি-প্ৰতিধ্বনিয়ে মোক আৰম্ভণিৰে পৰাই আকৰ্ষণ কৰি আছিল৷ পাৰি থোৱা কাঠ কিছুমানৰ ওপৰেৰে অকলেই দেও দি দি আগ বাঢ়ি জলধাৰাৰ নিকট পালোঁগৈ৷ জয়াল পৰিৱেশ৷ ভয় ভয় নলগা নহয়৷ তথাপি সাহস গোটাই হাত-মুখ ধোৱাৰ উপৰি পেট ভৰাই পানী কেইচলু খাই হেঁপাহ এটা চুপে-চাপে পূৰাই পেলালোঁ৷ কালিয়ে অৰূপদাহঁতৰ আগত স্থিৰ সিদ্ধান্ত শুনাই থৈছিলোঁ যে মেন্-চু-খাৰ অৰণ্যত সুবিধাজনক অৱস্থাত জান-জুৰি কিবা পালেই হ’ল, তাৰ পানী পোনে পোনে পি খামেই খাম৷ কিয়নো সেই পানীত দ্ৰবীভূত হৈ থকা খনিজ পদাৰ্থবোৰ নিঃসন্দেহে আমাৰ শৰীৰৰ বাবে দৰকাৰী আৰু উপকাৰী হ’ব৷ গতিকে পানীক লৈ অন্য চিন্তা, মিনাৰেল ৱাটাৰৰ বটল কঢ়িওৱাৰ প্ৰয়োজন নাই৷ মেন্-চু-খা মানেই হৈছে ঔষধি গুণযুক্ত বৰফৰ পানী৷ Me(n) মানে Medicine, medicinal; Chu মানে Water; Kha মানে Ice / Mouth of snow৷
আগৰ দিনলৈ উভতি চালে আমি জানিব পাৰোঁ যে মেম্বা জনজাতিৰ কোনো লোক অসুস্থ বা ৰোগগ্ৰস্ত হৈ পৰিলে তেওঁলোকে ৱাটাৰ থেৰাপী প্ৰয়োগ কৰিছিল৷ প্ৰকাণ্ড গছৰ কাণ্ডত কাটি উলিওৱা হৈছিল বাথ্টাব্৷ বৰফ গলা পানী তাত জমোৱা হৈছিল৷ উষ্ণতা বঢ়োৱাৰ বাবে ৰঙাকৈ গৰম কৰা শিল কিছুমান নিৰ্দিষ্ট সময়ৰ অন্তৰালত তালৈ নিক্ষেপ কৰি থকা হৈছিল৷ কোনোবাই এতিয়া ক'বৰ দৰে, আধুনিক যুগত প্ৰচলিত Spaৰ পৌৰাণিক ৰূপ! এনেবোৰ কথাৰ দ্বাৰাই প্ৰভাৱিত হৈ এই জংঘল-যাত্ৰাত ঔষধি পানীৰ গুণকাৰী দিশটো গ্ৰহণ কৰিবলৈ নিজেও মানসিকভাৱে সৰ্বসময়ৰ বাবে প্ৰস্তুত হৈ আহিছোঁ৷ এতিয়া সুবিধা পাওঁতেই ইচ্ছাটো এবাৰলৈ সামৰি দলৰ মাজত সোমাই পৰিলোঁহি৷ কিছু সময় দেখা নোপোৱাকৈ থকাত অৰূপদাই চিধাই ধৰিলে... 'ক'ত গৈছিলা তুমি?' সত্যটো কোৱাত চকুকেইটা ঘোপা কৰি চালে৷ বুজি পালোঁ, কাকো নোকোৱাকৈ এনেবোৰ এক্সপেৰিমেণ্ট কৰি ফুৰাটো উচিত হোৱা নাই৷ কি কৰিম, মনে যে নামানে! সি যি কি নহওক, এতিয়া অকণমান শান্তি৷
১.০০ বাজিল৷ বস্তু-বাহানি সামৰাৰ নিৰ্দেশ আহিল৷ জুইকুৰা ভালদৰে নুমুৱাই পেলোৱা হৈছে৷ জংঘলৰ নিয়ম৷ তাৰ পাছতে নিৰুদ্দেশ যাত্ৰাটোৰ পুনৰ আৰম্ভণি৷ দলৰ সবাৰো পাছত পৰিলোঁ মই৷ আগ বাঢ়ি গুচি যাওঁ বাবেই অৰূপদায়ে পজিছনটো নিৰ্দিষ্ট কৰি দিছে৷ কুং চেক্কে এই ট্ৰেক্টো কটাত জড়িত আছিল৷ বাটটো সি ভালকৈ চিনি পায়৷ এতেকে অাগৰ দৰেই সন্মুখত সি আছে৷ একেবাৰে আগত থকা শক্তিশালী ল’ৰাটোক ৰে’লগাড়ী এখনৰ ইঞ্জিন যেন লাগিছে৷ আগ বাঢ়ি গৈ থকা ট্ৰেকাৰসকলৰ শাৰীটো আৰু পৰ্বতৰ ঢালটোলৈ চাই অনুমান কৰিবলৈ অসুবিধা নাই হোৱা যে ইয়াৰ পৰা ক্রমান্বয়ে ঊৰ্ধ্বমুখীকৈ পদচালনা চলিব৷ আৰু এনেকৈয়ে কোনোবা শিখৰ ওলাবগৈ লাগিব৷
সবাৰে পিছে পিছে ময়ো গৈ আছোঁ৷ ট্ৰেকটো ক্রমাৎ উঠি গৈ আছে৷ নমাৰ কোনো লক্ষণেই নাই৷ সোনকালেই মোৰ পূৰ্বানুমান শুদ্ধ বুলি প্ৰতিপন্ন হ’ল৷ ৰাস্তা এনেকুৱা থিয় হৈ পৰিল যে ১০-১২ খোজমান যোৱাৰ পাছতে অকণমান নৰ’লেই নহয়৷ খৰ হৈ পৰা উশাহ-নিশাহৰ গতিটো স্বাভাৱিক কৰি আকৌ আগলৈ যোৱাৰ চেষ্টা চলে৷ আকৌ ১০-১২ খোজ৷ আকৌ উশাহ ঘূৰাই অনাৰ সংগ্ৰাম৷ জিৰণিৰ সময়টো কাৰোবাৰ ক্ষেত্ৰত অলপ বেছিয়ে হয়গৈ৷ ছল চাই তেনেকুৱাতে আগত গৈ থকাজনক অ’ভাৰটেক কৰাৰ সুযোগ উলিয়াই লৈছোঁ মই৷ অৰূপদাক পিছ পেলাওঁতে হেই হেইকৈ চিঞৰি উঠিল৷ বাট ভেটিবৰ চেষ্টা চলালে যদিও নোৱাৰিলে৷
কম সময়ৰ ভিতৰতে চেক্কে, নিমা আৰু মই বাকীসকলতকৈ অগ্ৰগামী হ’লোঁ৷ অথনি দালা আছিল লগত, এইবাৰ নিমা৷ ৰেইন্ ফৰেষ্ট এলেকা এইটো৷ কিতাপত পঢ়িবলৈ পোৱামতে চাৰিটা কাৰণত অৰণ্যৰ সৈতে বৰ্ষাৰণ্যৰ প্ৰভেদ আছে৷ বৰষুণৰ পৰিমাণ অৰণ্যতকৈ বৰ্ষাৰণ্যত বেছি৷ অৰণ্যত একেটা প্ৰকাৰৰে গছ-গছনি থাকে, বৰ্ষাৰণ্যত কিন্তু বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বসতি৷ অৰণ্য বেলেগ বেলেগ জলবায়ুত বৰ্তি থাকে, বৰ্ষাৰণ্য দেখা যায় উষ্ণ অথবা সেমেকা জলবায়ু প্ৰভাৱিত অঞ্চলত৷ অৰণ্যৰ গছ-গছনিয়ে খাদ্যবস্তু শিপাত সঞ্চয় কৰি ৰাখে, বৰ্ষাৰণ্যৰ ক্ষেত্ৰত এই সঞ্চয় ইয়াৰ মাটিত হয়৷ পৃথিৱীৰ প্ৰাণীকুল আৰু উদ্ভিদকুলৰ ৫০ শতাংশৰে বসতি বৰ্ষাৰণ্যত৷ গতিকে বৰ্ষাৰণ্য ধ্বংস কৰা মানে এই দুইবিধৰে বাসস্থানৰ ক্ষতিসাধন৷ কাগজ, চক্লেট্, ৰবৰ, ঔষধ ইত্যাদিসমূহ বৰ্ষাৰণ্যই আমাক দিয়া কেতবোৰ পণ্যৰ উদাহৰণ৷ বৰ্তমান ঘটি থকা বন ধ্বংসযজ্ঞৰ অধ্যয়নৰ ভিত্তিত এইবুলি ধাৰণা কৰা হৈছে যে আগন্তুক ১০০ বছৰত বনাঞ্চল বিলুপ্ত হ’ব৷ গতিকে ক’ব পাৰি যে মানুহৰ প্ৰয়োজনীয় এনে ধৰণৰ বনজাত পণ্যসমূহলৈকো অচিৰেই বিভীষিকা নহাকৈ নাথাকিব৷ খোজত খোজ মিলাই কিতাপৰ কথাবোৰকে পাগুলি গৈ আছোঁ৷
বৰ্ষাৰণ্যই বতাহত জলীয় বাষ্প এৰি দিয়ে৷ ফলত বৃষ্টিপাত হয়৷ তেনেকৈয়ে জল-চক্রই সমতা ৰক্ষা কৰি থাকে৷ বৰ্ষাৰণ্যই উচ্চ হাৰত কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে৷ বনাঞ্চল ধ্বংস হ’লে বৃষ্টিপাতৰ তাৰতম্য ঘটে৷ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়৷ মানৱ সমাজৰ বাবে এইবোৰ অত্যন্ত ক্ষতিকাৰক৷ বৰ্ষাৰণ্যক ‘পৃথিৱীৰ হাঁওফাঁও’ বুলি কোৱা হয়৷ আমি যদি আমাৰ শ্বাস-প্ৰশ্বাসৰ প্ৰক্রিয়াটো স্বাভাৱিক কৰি ৰখাটো বিচাৰোঁ, হীন-ডেঢ়ি হোৱাটো অকণো নিবিচাৰোঁ, তেনেহ’লে পৃথিৱীকো মুক্তভাৱে উশাহ-নিশাহ ল’বলৈ দিব লাগিব৷ 'গছ থাকিলেহে মানুহ থাকিব' কথাষাৰ প্ৰণিধানযোগ্য৷ নিৰ্বাকভাৱে খোজ পেলাই থকা অৱস্থাত নিমা আৰু চেক্কেৰ মনোজগতত কি ঘটিছে নাজানো, মোৰ হ'লে কিতাপৰ কথাবোৰে এনেকৈয়ে মনত দোলা দি গৈছে৷ নিৰ্জনতাই আমাক বহু কথাই সোঁৱৰাৰ সুযোগ আনি দিয়ে৷ তাকেই ঘটিছে এতিয়া৷ গৱেষক কিম্বা উদ্ভিদ বিদ্যাৰ ছাত্ৰ নহ'লোঁ, নহ'লে ৰৈ ৰৈ খুঁচৰিলোঁহেঁতেন৷
No comments:
Post a Comment