Wednesday, 6 December 2017

দিন পাঁচ ৷৷ খণ্ড ১২

অশেষ ধৈৰ্য আৰু সংযম ৰক্ষা কৰি কেট্‌লি, প্ৰেছাৰ কুকাৰ আৰু বটলকেইটা এটা এটাকৈ পানীৰে ভৰালোঁ৷ কষ্টকৰ হ'ব পাৰে, ট্ৰেকিং অভিযানটোৱে দিয়া এইটোও জীৱনৰ এটা প্ৰয়োজনীয় শিক্ষা বুলিয়ে ধৰি লৈছোঁ৷ তাৰ পাছত বিপদসংকুল এঢলীয়াৰে উঠি অহাৰ পাল৷ টৰ্চৰ পোহৰতে খেপিয়াই খেপিয়াই ওপৰলৈ বগোৱা আৰম্ভ কৰিছোঁ৷ মোৰ হাতত পানীভৰ্তি প্ৰেছাৰ কুকাৰটো৷ ফলত এখন হাত বন্দী৷ ধৰিবলৈও আখজা, কঢ়িয়াবলৈও অসুবিধা৷ হেণ্ডেলডাল পিছলি পিছলি যায়৷ কাঠৰ টুকুৰা এটাৰ সহায়তহে চেঁপা মাৰি থোৱা আছে৷ পিভ'টটো কেতিয়াবাই এৰাল৷ ইফালে যথেষ্ট পৰিশ্ৰম কৰি সংগ্ৰহ কৰা পানী৷ অকণো পৰি নষ্ট হ'বলৈ দিব নোৱাৰি৷

টৰ্চটো চেঁপি ধৰি লৈছোঁ দুই ওঁঠৰ ফাঁকত৷ একেৰাহে ধৰি থকাৰ ফলত ওঁঠ বিষায়৷ তেতিয়া দাঁতেৰে কামোৰোঁ৷ কাণৰ লতিত ঠাণ্ডাই কোবাই আছে৷ ট্ৰেকচুটৰ ভিতৰত কিন্তু ঘৰ্মাক্ত শৰীৰ৷ চেক্‌কেৰ পিঠিত বটল আৰু কেট্‌লিৰ গধুৰ খাংটো৷ খুব সাৱধানে খোজ দি নিৰাপদ অৱস্থানলৈ ওভতনি যাত্ৰা কৰি আছোঁ৷ খোপনি নোৰোৱাত গৰাত এবাৰ-দুবাৰ পিছল খাইছোঁ যদিও সৰি পৰাৰ পৰা ভাগ্যক্ৰমে বাছিলোঁ যেনিবা৷ মুকলিলৈ ওলাব পাৰিলতহে শংকামুক্ত হ'লোঁ৷

জুইৰ গুৰি পালোঁহি৷ এইখিনিত থিয় হৈ স্বস্তিৰ নিশ্বাস এৰিছোঁ ঠিকেই, কিন্তু চিন্তিতও হ'লোঁ যে এতিয়ালৈ অন্য কোনো এজনো আহি পোৱাই নাই দেখোন! ক'লৈ গ'ল? বাট ভুল হোৱা নাইতো? নিমাই বয়-বস্তুবোৰ থান-থিত লগাই লৈ অপেক্ষা কৰি আছে৷ মোৰ টৰ্চটো তাৰ হাতত গতাই দি চেক্‌কেই তাক দলটোৰ সদস্যসকলৰ সাহায্যৰ বাবে আগুৱাই যাবলৈ কলে৷ ইয়াত জুইৰ পোহৰেই আমাৰ দুজনৰ কাৰণে সাহস আৰু সংগী হ'ব৷ তেনেকৈ কোৱাত নিমাই এখন্তেক কিবা এটা ভাবিলে৷ তাৰ পাছতে টৰ্চ জ্বলাই লৱৰি গুচি গল৷ পোহৰটোৰ ফালে মনোযোগেৰে চাই ৰ'লোঁ আমি দুয়োটাই৷ পৰ্বতৰ এঢলীয়াত ক্ষন্তেকতে নেদেখা হৈ পৰিল নিমা৷ অকলশৰীয়া যদিও সাহসী ল'ৰা ইহঁত৷ সাহসী আৰু শক্তিশালী নহ'লে পৰ্বতত কাম নাই৷

জুইকুৰা ঠন ধৰি উঠিছে৷ লগত অনা বটলত কেৰাচিন তেল বাকি চেক্‌কেই চাকি এটা জ্বলালে৷ তাৰ কাণ্ড-কাৰখানা মই চাই আছোঁ৷ দেখি হতভম্ব হৈছোঁ৷ বিপদৰ সৈতে খেলা কৰাত ওস্তাদ ইহঁত৷ প্ৰকৃতিৰ সন্তান৷ শলিতা লগোৱা বটলটো দেখি মোৰ পুৰণি দিনলৈ, শৈশৱ-কৈশোৰলৈ মনত পৰিছে৷ ঢাকোন নথকা এনেকুৱা বিপদজনক অথচ নহ'লেই নোহোৱা, বটলৰ চাকি এসময়ত আমাৰ দেউতাহঁতৰ গাঁৱৰ ঘৰতো আছিল৷ এতিয়া নাই৷ এনেতে বিপৰীত ফালে দেখা গল, এটা-দুটাকৈ ক্ষীণ পোহৰকণা কিছুমান জংঘলৰ মাজত লৰচৰ কৰিব ধৰিছে৷ বিন্দুবোৰ ক্ৰমাৎ এইফালেই চাপি আহিব লাগিছে৷ যেন জোনাকী পৰুৱা কেইটামানহে, শাৰী পাতি উপঙি ফুৰিছে! ওখোৰা-মোখোৰা, খলা-বমা ট্ৰেকত, ঘন জংঘলৰ মাজত এনে এড্‌ভেনচাৰৰ সোৱাদেই বেলেগ হ'ব চাগৈ৷ ম'বাইল হেণ্ডছেটত সংযুক্ত টৰ্চ লাইটৰ পোহৰক সাৰথি কৰি সদস্যসকলে কৰা এই নাইট ট্ৰেকিঙৰ পোনপটীয়া সোৱাদকণৰ পৰা মইহে বঞ্চিত হ'লোঁ৷ প্ৰাকৃতিক পোহৰৰ আশ্ৰয়ত আগে-ভাগে ইয়ালৈ আহি পোৱাত দুৰ্ভাগ্যক্ৰমে এই অভিজ্ঞতা হেৰুৱালোঁ৷

সমদলৰ সংগীবৃন্দৰ খোজৰ শব্দবোৰ সৰাপাতৰ খৰ্‌মৰণিয়ে ক্রমান্বয়ে আমাৰ কাষলৈ কঢ়িয়াই আনিলে৷ সকলো আহি পাবনে নাপায় সেই লৈ অতপৰে মনে মনে সন্দিহান হৈ আছিলোঁ যদিও আটাইমখা একে জেগাত জমা হলত এতিয়াহে ভাল লাগিল৷ মাত-কথাৰে গমগমীয়া হৈ পৰিল পৰিৱেশ৷ অৰূপদাৰ হাতঘড়ীটোলৈ চালোঁ৷ তেওঁলোক আহি পাওঁতে ৫.৫০ বাজিল৷ আমি পাইছিলোঁহি ৪.১০ত৷ আমি পাওঁতে আছিল কাণি-মুনি, এতিয়া ৰাতি হ'ল৷ বহু সময়ৰ তফাৎ৷ মই গছৰ ওপৰত বহি ৰোৱা হলে ইমানপৰে কিযে ঘটিলহেঁতেন? ঘূৰাই ভাবিলোঁ অথনিৰ সমস্ত ঘটনাটো৷ সি যি কি নহওক, মেন্‌-চু-খাৰ অৰণ্যৰ ৰোমাঞ্চ আৰু স্পৰ্শসুখ প্ৰত্যেকে নিজা নিজা ধৰণে পালোঁ৷

প্ৰথমে গৰম চাহ আৰু বিস্কুট৷ ইতিমধ্যে পানী গৰম হৈয়ে আছিল৷ গাবোৰ অকণমান টঙাই লোৱা হ'ল৷ গেবুৱে ইফালে-সিফালে ওলোমাই দিয়া চাইনীজ চাৰ্জিং লাইটেৰে পোহৰাই তোলা হল অঞ্চলটো৷ ভাতৰ যা-যোগাৰো আৰম্ভ কৰি দিয়া হৈছে৷ পৰ্টাৰহঁতেই সিংহভাগ কাম কৰি গৈছে আমি জুইৰ গুৰিত দুফলীয়াকৈ বহি দেহা তপতাই আছোঁ৷ আঁতৰি গ'লেই শীতে খোঁচা-বিন্ধা কৰে৷ বাটৰ কথাই মুখৰ কৰি তুলিছে অৰণ্যৰ এই অভ্যন্তৰথলী৷ অলপ পাছতে গেবুৱে তাৰ চনী ব্লুটুথ্‌ স্পীকাৰত গান বজাই দিলে৷ মেন্‌-চু-খাৰ পৰ্বতত প্ৰতিধ্বনিত হ'ল পুৰণা হিন্দী বোলছবিৰ গীতবোৰ, যিবোৰ আজিও চিৰসেউজ ৰূপত আছে৷ গেবুৰ নিৰ্দেশত দুজন পৰ্টাৰে ওপৰলৈ থকা চাংবোৰলৈ উঠি এমূৰৰ পৰা আৰম্ভ কৰি চাৰিটা তম্বু তৰিলে৷ এই কামটোত সিহঁতক বেছ খৰ আৰু পাকৈত দেখা গল৷ ইমান ভিতৰুৱা ঠাইত থাকিও এইবোৰ সজাৰ উপৰি ভালেমান কামতেই ইহঁত পাৰ্গত

'পানী ক'ত আছে?' সজল ধাৰাটো তলৰ কষ্টগম্য ঠাইত বুলি কোৱাত তালৈ যাবলৈ কোনেও আগ্ৰহ নকৰিলে৷ উৎসটোৰ পৰা অলপ আগতে পানী আনিবলৈ যোৱাৰ কাহিনী শুনালোঁ সকলোকে৷ গছত উঠাৰ ঘটনাটো ইচ্ছাকৃতভাৱেই গোপন কৰি ৰাখিলোঁ৷ পাছত ছল চাই উলিয়াম৷ সদ্যহতে হাত-মুখ ধোৱা-পখালা কৰিব লাগিছিল যদিও পানীৰ আকাল৷ কামটো স্বাভাৱিকতেই দুৰূহ হৈ পৰিল৷ ইফালে যিহে মৰঠাণ্ডা, পানী নুচুৱাই ভাল বুলিও কেৱে কেৱে মন্তব্য কৰা শুনা গ'ল৷ পৰ্বতীয়া আচহুৱা শীতলতাই জলস্পৰ্শৰ পৰা আটাইকে বিৰত ৰাখিলে৷ কেৱল প্ৰদীপদাইহে ওপৰৰ চাং এখনৰ পৰা হাল্লা কৰি থাকিল, 'পানী ক'ত, পানী ক'ত' বুলি৷ তেওঁক পানী লাগে হাত-মুখ ধুবলৈ৷ খোজ কাঢ়ি কাঢ়ি ঘাম বাহিৰ হৈ গৈছে৷ চিঞৰকেইটা এনেকুৱাকৈ মাৰিছে যেন পানী পালে গাহে ধুব! জমনি কথা-বতৰাৰে জংঘলৰ মাজত এতিয়া উখল-মাখল পৰিৱেশ৷


চাহটোপা পি লৈ এগিলাচ কুহুমীয়া পানীৰেই কোনো ৰকম মুখখন ধুই তম্বু এটাত সোমালোঁগৈ৷ সবাতোকৈ ওপৰত থকা চাংখনত সজা ডাঙৰ জোখৰটোৱে আমাৰ তম্বু৷ তিনিজনীয়া তম্বুটোত অৰূপদা, প্ৰদীপদা আৰু মই থাকিম৷ টৰ্চৰ পোহৰ পেলাই সাৱধানে আগ বাঢ়িছোঁ৷ খোজ দিয়াৰ লগে লগে পুৰণি বাঁহবোৰ কেৰ্‌কেৰাই উঠিল৷ ভিতৰলৈ জুমি চালোঁ৷ প্ৰদীপদাই ইতিমধ্যে ঠাই দখল কৰিলেই৷ অৰূপদা নিজৰখিনি ঠিক-ঠাক কৰাত ব্যস্ত৷


No comments:

Post a Comment