দিন সাত ৷৷ খণ্ড ৪
১২ বাজি ২০ মিনিট গৈছে৷ তাত'-তালিহা ৰ'ড জংছন, কুয়িং, তাদ'গীত', হিৰ্গো পাৰ হৈ আমি য়াপিক পালোঁ৷ ৰাস্তাটোৰ বাঁৱে অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগৰ Way Side Amenity৷ লগালগিকৈ গীৰ্জা এটাও দেখিছোঁ৷ পিছফালে কৰ্দৈসিৰীয়া পৰ্বত৷ এইখিনিতে আমি সিদিনা আহোঁতে এপলক ৰৈ নয়ন ভৰি চাই যোৱা, তলৰ পৰা ওপৰলৈ সেউজ বক্ষত কটা ট্ৰেকটো পুনৰবাৰ দৃষ্টিগোচৰ হ'ল৷ সেউজীয়া ৰঙৰ Christmas Star এটা চাৰ্চটোৰ মূধচত, ক্ৰচডালৰ কাষতে জিলিকি আছে৷ ডিচেম্বৰ সোমাল যেতিয়া সমগ্ৰ বিশ্বৰ লগতে এইফালেও আৰম্ভ হৈ গৈছে বৰদিনক লৈ উত্তেজনা আৰু জল্পনা-কল্পনা৷
য়াপিকত আমাৰ গাড়ী দুখন ৰোৱা নাই৷ জেনে, ৰৱ, দুপু, বিলে অতিক্ৰম কৰি চলি থাকিল আল' অভিমুখে৷ Welcome to Menchukha তোৰণখন পাৰ হ'লোঁ৷ তাৰ মানে 'সুপ্ত সৰগ'ৰ পৰা ৮৯ কিল'মিটাৰ আঁতৰি আহিলোঁ৷ দুশাৰী পৰ্বতৰ মাজৰ অতল গহ্বৰেদি নৈখন নিৰন্তৰ বৈ আছে, আমাৰ বাওঁহাতে৷ আমি অনুসৰণ কৰি থকা পথটো এতিয়া নৈতকৈ বহুত ওপৰত৷ অন্য এটা জুৰিৰ ওপৰত আৰ.চি.চি. ব্ৰীজ এখনৰ কাম চলি আছে৷ পৰ্বতৰ ঢালত বনৰীয়া কলগছ ভৰ্তি৷ অৰুণাচলত ঘূৰা-পকা কৰি থাকোঁতে এনেকুৱা দৃশ্য অইন ফালেও মোৰ দৃষ্টিগোচৰ হৈছে৷ কোনোবাই কৈছিল, এই গছবোৰত কলডিল নধৰে৷ জিৰো নে ডাপ'ৰিজ'ৰ ওচৰে-পাজৰে আছিলজানো, এই মুহূৰ্তত মনলৈ আনিব পৰা নাই, এঠাইত কল এথোক কিন্তু লাগি থকা দেখিছিলোঁ৷ হয়, এনেকুৱা কলগছতে৷
যিমানলৈকে চকু যায় সিমান পৰ্যন্ত পৰিৱেশ আৰু প্ৰকৃতিৰ ৰেহ-ৰূপ একান্তচিত্তে নিৰীক্ষণ কৰি আহি আছোঁ৷ এনেকৈয়ে আহি থাকি দিনৰ ১.০০ বজাত হনেত উপস্থিত হ'লোঁ৷ ৰাস্তাটোৰ বাঁওহাতে হনে লাইন হোটেল৷ সেউজীয়া আখৰেৰে বগা ফলক এখনত নামষাৰ লিখা আছে৷ গাড়ী দুখন ৰৈ গ'ল৷ ৰাস্তাৰ সমান লেভেলত আছে হোটেলখন৷ এঢলীয়াত সজা ঘৰটোৰ আৰ.চি.চি. প'ষ্টবোৰ খুব তলৰ পৰা উঠাই অনা হৈছে৷ পাহাৰীয়া ঠাইৰ গৃহসজ্জাৰ এইটো এটা সুলভ দৃশ্য৷ হোটেলখনৰ তদাৰককাৰী আৰু ৰান্ধনী ক্ৰমে আদি আৰু নেপালী মহিলা৷ কথা-বতৰা পতাৰ পাছত দুপৰীয়াৰ সাজ ইয়াতে মোকলোৱাৰ বন্দৱস্ত কৰিলে অৰূপদা, জয়ন্তদাহঁতে৷ টেবুল এখন আগুৰি আটায়ে কিছু সময় বহিলোঁ৷ খিৰিকীয়েদি মূৰ উলিয়াই সিটো ফালৰ দৃশ্যবোৰ চাবলৈ লৈ যেনেহে দেখিলোঁ, তেনেই মোহিত হৈ পৰিলোঁ৷ ঢৌ খেলোৱা পৰ্বতৰ শাৰীবোৰ দিগন্তত বিলীন হৈ ৰৈছে৷ নাতিদূৰত কেঁকুৰিত জিলিকিছে হনে ফৰেষ্ট চে'ক গে'ট৷ শূন্যত ৰৈ থকাযেন লাগিছে ঘৰটো৷ কেমেৰায়ো ৰৈ নাথাকি আপোনমনে তাৰ কাম কৰি গ'ল৷
হোটেলৰ বাহিৰত এহাল শিশুৰ ধেমালি৷ উভয়ৰে মুখত বিশেষ ধৰণৰ একোটা হুইচেল৷ ছবছৰীয়া ল'ৰাটোৰ নাকৰ অৱস্থাই নাই৷ শেঙুনেৰে পোত গৈ আছে৷ বৈ আহোঁতে হাতেৰে মোহাৰি দিছিল চাগৈ, ফুটাৰ তলৰ অংশ কৰাল মাৰিলে৷ মই সিহঁতৰ কাষলৈ আহিলোঁ৷ দুয়োৰে সৈতে ধেমেলীয়া কথা পতাৰ লগতে ফটো তুলিব ধৰিলোঁ৷ কেমেৰা দেখি উৎসাহ পঞ্চমত উঠিলগৈ৷ দোস্তিও বাঢ়ি গ'ল৷ অলপ পাছতে ল'ৰাটোৱে মোক লৈ গ'ল ৰাস্তাৰ কাষতে থকা ঘৰ এটালৈ৷ কাঠৰ ঘৰটোৰ দুটা খুঁটাত শিঙেৰে সৈতে চাৰি-পাঁচটাকৈ মেঠোনৰ মুখমণ্ডল তাঁৰেৰে বান্ধি সজাই থোৱা আছে৷ দেখি আচৰিতেই হ'লোঁ৷ এলানি চিৰি নামি বায়েকজনী ঘৰলৈ গুচি গ'ল৷ তাৰ আগতে তাইৰো ফটো ল'লোঁ৷ বৰ মৰমলগা৷
ৰাস্তাটোৰ বিপৰীত পাৰে ওপৰত টিনপাত দিয়া সৰুকৈ দোকান এখন৷ পাহাৰীয়া কল কেইআষিমান ৰছীত ওলমাই থোৱা আছে৷ কল দেখিয়ে প্ৰদীপদা আৰু মোৰ খোৱাৰ তামাম ইচ্ছা জাগিব ধৰিলে৷ কিনি ল'লোঁ এগালমান৷ কাঠৰ দোকানখন বৰ ডাঙৰ নহয় যদিও নিত্যপ্ৰয়োজনীয় সা-সামগ্ৰী কিছুমান ৰাখিছে৷ ওচৰে-পাজৰে জনবসতি হ'লে চকুত নাই পৰা৷ কাষতে কাঠৰ কুন্দা এগালমান৷ বয়সস্থ লোক এজনে কুঠাৰেৰে ফালি খৰি উলিয়াইছে৷ তেওঁৰ ওচৰ চাপি কিবাকিবি কথা পাতি আছোঁ৷ এনেকুৱাতে 'ভাত হৈছে দেই' বুলি চিঞৰ ভাহি আহিল হোটেলৰ পৰা৷ খাই-বৈ উঠি পুলিন গগৈয়ে গাড়ী ষ্টাৰ্ট দিয়ে মানে ১.৪৫ বাজিল৷ গেবুহঁতৰ দেখাদেখিয়ে নাই৷ সিহঁতেও চাগৈ ক'ৰবাত ভাত খাবলৈকে ৰৈছে৷
এঘণ্টামান যাত্ৰা কৰাত এফুটীয়া বৰ্গাকাৰ প্লেট লগোৱা ধুনীয়া স্মাৰক স্তম্ভ এটা পালোঁ৷ মাৰ্বলৰ ওপৰত খোদাই কৰা শব্দসমূহৰ সাজোন দেখি বংশলতা যেনেই লাগিল৷ আমাতকৈ আগত গৈ থকা কে.ইউ.ভি.খন এঠাইত ৰৈ আছে৷ বাটৰ দাঁতিতে শিৱ মন্দিৰ এটা৷ সংগীসকলে সেৱা জনাইছেগৈ৷ আমিও ৰ'লোঁহি৷ বিপৰীত ফালে জলপ্ৰপাতৰ দৰে পানী পৰাৰ শব্দ৷ মনটোক টানি নিলে৷ আগুৱাই গৈ জংঘলৰ ফাঁকেদি জুমি চাই আৱিষ্কাৰ কৰিলোঁ যে ৰাস্তা অতিক্ৰম কৰি জুৰি এটা কালভাৰ্টৰ তলেদি বৈ আছে৷ জলপ্ৰপাত এটাৰ সৃষ্টি হৈছে এইখিনিত৷ পানীৰ বৰণ সাগৰ-নীলা! কেমেৰাই ৰংটো ধৰি ৰাখিলে৷

থুমবিন, কায়িং পাৰ হৈ ৪.০০ বজাত কাম্বাত ৰ'লোঁহি৷ ঠাইটুকুৰা সমতল৷ ইয়াত বাঙালী লোকৰ চাহ দোকান এখন আছে৷ খবৰটো আগতেই জানিছিলোঁ, সৌম্যদ্বীপ দত্তৰ কিতাপ পঢ়ি৷ দোকানখনত সোমাই গৰম চিঙাৰা আৰু চাহ খালোঁ আমি৷ গেবুহঁত আহি পাওক বুলি আধা ঘণ্টামান বাট চোৱা হ'ল৷ ইমানপৰে নহাত গৈ থাকোঁ বুলি ওলাওঁতেই দুয়ো আহি পালে৷ সিহঁতে চিক'-দিদ'ত ভাত খোৱা বুলি জনালে৷ মেন্-চু-খালৈ যাওঁতে আমি হিৰ্গোত দিনৰ সাঁজ খাইছিলোঁ, প্ৰকাশ ছেত্ৰীৰ হোটেলত৷ এৰি থৈ অহা ঠাইখিনি, চিক'-দিদ' নামৰ অতি ওখ জলপ্ৰপাতটো মনৰ পৰ্দাত ভাহি উঠিল৷
কাম্বাৰ পৰা পুনৰ যাত্ৰা আৰম্ভ হ'ল৷ কৰ্বু, ৱাক, পদি, কবু অতিক্ৰম কৰি ডেৰঘণ্টাৰ পাছত আল' চহৰ সোমালোঁ৷ ALBE ALAKA, প্ৰৱেশ তোৰণে স্বাগত-সম্ভাষণ জনালে৷ পোনে পোনে হোটেল আল'লৈ আগুৱাইছোঁ৷ সিদিনা যাওঁতেও ইয়াতে নিশা এটা ৰৈ গৈছিলোঁ৷ গতিকে পৰিৱেশটো অচিনাকি নহয়৷

No comments:
Post a Comment