দিন আঠ ৷৷ খণ্ড ৭
পুৰণি নামী ঠাই পাচিঘাট৷ পৰিসীমাই ১৪.৬০ বৰ্গ কিল'মিটাৰ আগুৰিছে এতিয়া৷ ২০১১ৰ লোকপিয়লমতে জনসংখ্যাই ২৪,৬৫৬ চুইছেগৈ৷ কৃষি আৰু উদ্যান শস্য এই অঞ্চলৰ জনসাধাৰণৰ অৰ্থনীতিৰ ভেটিস্বৰূপ৷ সৰুৰে পৰাই আমি পাচিঘাটৰ নামটো শুনি আহিছোঁ৷ বিশেষকৈ বানপানীৰ সময়ত অল ইণ্ডিয়া ৰেডিঅ'যোগে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক'ত কিমান জনাওঁতে, বিপদসীমাৰ কিমান ওপৰ বা তল কওঁতে পাচিঘাট শব্দটো নিতৌ শুনা পাইছিলোঁ৷ তেতিয়াৰ পৰাই আকৰ্ষণ আছিল পাচিঘাটৰ প্ৰতি৷ অৰুণাচলত প্ৰচলিত দ'ঞি-পল' ধৰ্মটোৰো উৎপত্তি পাচিঘাটতে৷ পাচিঘাটৰ ধাৰ্মিক ব্যক্তি তালম ৰুব্বোৱে পোনপ্ৰথমে এই ধৰ্মৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এই ধৰ্মই যথেষ্ট প্ৰসাৰতা লাভ কৰিছে৷ আনফালে, অসমীয়া সাহিত্য জগতৰ এগৰাকী স্বনামধন্য লেখক লুম্মেৰ দাইৰ জন্ম ঠায়ো এই পাচিঘাটেই৷
শেহতীয়াভাৱে পাচিঘাটত নিৰ্মিত Advanced Landing Groundৰ উন্মোচনে স্বাধীনতাৰ ৭০ বছৰৰ অন্ততো পিছ পৰি ৰোৱা ঠাইখনৰ উন্নয়ন ত্বৰান্বিত কৰিব আৰু 'পিছ পৰা' মোহৰটো আঁতৰাব পাৰিব বুলি আশা কৰা হৈছে৷ বিগত ১৯ আগষ্ট ২০১৬ তাৰিখে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কীৰেন ৰিজিজুৱে এই এ.এল.জি. ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ সকলো ধৰণৰ উৰাজাহাজ আৰু হেলিকপ্টাৰৰ উপযোগীকৈ আধুনিকভাৱে ইয়াৰ ৰাণওৱে'টো সাজি উলিওৱা হৈছে৷ চীন সীমান্তৰ প্ৰতিৰক্ষাজনিত কাৰ্যকলাপৰ অগ্ৰগতিৰ লক্ষ্যত সামৰিক, অৰ্ধসামৰিক আৰু সাধাৰণ প্ৰশাসনৰ কাম-কাজত ই প্ৰভূত পৰিমাণে সহায়ক হ'ব৷ ২০০৯ চনৰ জুন মাহত অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে হোৱা প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ বুজাবুজিৰ চুক্তি মৰ্মে ৱালং, জিৰ', আল', মেন্-চু-খা, পাচিঘাট, টুটিং, টাৱাং আৰু বিজয় নগৰত মুঠ ৮টা এ.এল.জি.ৰ উন্নয়নমূলক নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল৷ সেইমৰ্মে ভাৰতীয় বায়ু সেনাই ১,০০০ কোটি টকাৰ অভিলাষী প্ৰকল্প হাতত লৈছিল৷ ২০১০ চনৰ ফেব্ৰুৱাৰীৰ পৰা কাম আৰম্ভ কৰি সংস্থাটোৱে পঞ্চমটো এ.এল.জি. পাগলেক পি.আই. লাইনৰ সমীপত চিয়াঙৰ তীৰত সম্প্ৰতি কাৰ্যক্ষম কৰি তুলিলে৷
আমি ইতিমধ্যে মেন্-চু-খা আৰু আল'ৰ এ.এল.জি. আমাৰ এই ভ্ৰমণকালত দেখা পাই আহিছোঁ৷ এই এ.এল.জি.সমূহৰ ৰাণওৱে'ৰ দৈৰ্ঘ ৩,৫০০-৪,২০০ ফুট৷ এয়াৰ-ট্ৰেফিক্ কণ্ট্ৰ'ল, মেটিৰিঅ'লজি, ৰেডিঅ'-টেলিফোনিং, অফিছাৰ আৰু এয়াৰমেনৰ মেছ ইত্যাদিৰ সুবিধা আৰু আন্তঃগাঁথনিৰে সমৃদ্ধ বৰ্তমানৰ এ.এল.জি.সমূহ৷ মেন্-চু-খাত চি-১৭ গ্লোব্মাষ্টাৰ-৩ আৰু চি-১৩০ জে. চুপাৰ হাৰ্কিউলিচ্ অৱতৰণ কৰিছে৷ পাচিঘাটত অৱতৰণ কৰিছে এছ.ইউ-৩০ এম.কে.আই.৷ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ সূত্ৰমতে ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ পৰা এই এ.এল.জি.সমূহলৈ বৰ্তমান এ.এন.-৩২ৰ মধ্যমীয়া বহন ক্ষমতাৰ পৰিবাহী বায়ুযান, বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰ নিৰ্ধাৰিত সূচী অনুযায়ী আহ-যাহ কৰিব ধৰিছে৷
পুৰণি নামী ঠাই পাচিঘাট৷ পৰিসীমাই ১৪.৬০ বৰ্গ কিল'মিটাৰ আগুৰিছে এতিয়া৷ ২০১১ৰ লোকপিয়লমতে জনসংখ্যাই ২৪,৬৫৬ চুইছেগৈ৷ কৃষি আৰু উদ্যান শস্য এই অঞ্চলৰ জনসাধাৰণৰ অৰ্থনীতিৰ ভেটিস্বৰূপ৷ সৰুৰে পৰাই আমি পাচিঘাটৰ নামটো শুনি আহিছোঁ৷ বিশেষকৈ বানপানীৰ সময়ত অল ইণ্ডিয়া ৰেডিঅ'যোগে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক'ত কিমান জনাওঁতে, বিপদসীমাৰ কিমান ওপৰ বা তল কওঁতে পাচিঘাট শব্দটো নিতৌ শুনা পাইছিলোঁ৷ তেতিয়াৰ পৰাই আকৰ্ষণ আছিল পাচিঘাটৰ প্ৰতি৷ অৰুণাচলত প্ৰচলিত দ'ঞি-পল' ধৰ্মটোৰো উৎপত্তি পাচিঘাটতে৷ পাচিঘাটৰ ধাৰ্মিক ব্যক্তি তালম ৰুব্বোৱে পোনপ্ৰথমে এই ধৰ্মৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এই ধৰ্মই যথেষ্ট প্ৰসাৰতা লাভ কৰিছে৷ আনফালে, অসমীয়া সাহিত্য জগতৰ এগৰাকী স্বনামধন্য লেখক লুম্মেৰ দাইৰ জন্ম ঠায়ো এই পাচিঘাটেই৷
নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সী (নেফা) হৈ থাকোঁতে ইয়াত শিক্ষাৰ মাধ্যম অসমীয়াই আছিল৷ অৰুণাচল হোৱাৰ পাছত অসম চৰকাৰৰ অমনযোগিতা আৰু হিন্দী লবীৰ বুদ্ধিত হিন্দীৰ আগ্ৰাসন বাঢ়িল, ইংৰাজী মাধ্যম হ'ল৷ লুম্মেৰ দাই, তাগাং তাকিং, তাতৰ জনম্ আদি ছাত্ৰসকলে পাচিঘাট হাইস্কুলৰ হাতেলিখা মাহেকীয়া আলোচনী 'গিৰিবাণী'ত অসমীয়াত প্ৰবন্ধ-পাতি লিখিছিল৷ লুম্মেৰ দাইৰ লেখাত কোনো ভুল নহৈছিল বুলি উল্লেখ পোৱা যায়৷ তাদাক্ বাছাৰ, তমো ৰিবা, কাবাং বৰাং, ৱাংফা লোৱাং, বাকিন্ পেৰ'টিন্, অকেন্ লেগ', অচং ইৰিং, তালম্ ৰুক্ব, তাদাক্ গাৰা, তাকা ৰিংগু, বৰমতী য়িৰাং, অমেম্ ময়ং, তানি ইৰিং, অবাং দাই, প্ৰতীক পত্তম ইত্যাদিসকল পিছৰ জীৱনত প্ৰতিপত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰী৷
মৌ-মাখিয়ে অকণি অকণিকৈ ফুলৰ ৰেণু কঢ়িওৱাৰ অনুৰূপ এটা-দুটাকৈ শব্দ কঢ়িয়াই অসমীয়া ভাষা-সাহিত্যৰ বিশাল মৌচাকখন সবল-সুঠামকৈ গঢ়াত বিশেষ পদক্ষেপ লোৱা এইসকল স্বনামধন্য ব্যক্তি আমাৰ বাবে সদায়েই হৈ থাকিব প্ৰেৰণাৰ উৎস৷ এনেদৰে ১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, সাহিত্যিক, শৈক্ষিক, ওকালতি, সাংবাদিকতা, সমাজ সেৱা, প্ৰশাসন ইত্যাদি বিভিন্ন ক্ষেত্ৰসমূহলৈ উল্লেখযোগ্য বৰঙণি যোগোৱা অনেক যোগ্য আৰু নমস্য ব্যক্তি ওলাইছিল আদি জনগোষ্ঠীৰ পৰা৷ জ্ঞানী আৰু শিক্ষিত লোকসকলৰ অৰিহণাত পাচিঘাট অৰুণাচল প্ৰদেশৰ আগশাৰীৰ নগৰীত পৰিণত হৈছিল৷ এক কথাত পাচিঘাট আছিল অগ্ৰণী চিন্তা-চেতনাৰ অভিকেন্দ্ৰ৷ পাচিঘাট বুলিলে মোৰো মনটোৱে ধৰ্ফৰাই আছিল নেদেখা ঠাইখন চাবলৈ৷ মেপত খুব চাইছিলোঁ, কেনিনো আছে৷ এয়া দ্বিতীয়বাৰ পদাৰ্পণ হৈ গ'ল৷
ভ্ৰমণকাৰীৰ বাবে হোটেল, গে'ষ্ট হাউচ, ৰিজ'ৰ্ট আদি কৰি পাচিঘাটত থকা ঠাইৰ অভাৱ নাই৷ কম্চিং, পাংগিন, কেকাৰ মন্য়িং, চিয়াং ব্ৰীজ, বৌদ্ধ মন্দিৰ, দঞি-পল' টেম্পল, ইষ্ট চিয়াং ডিষ্ট্ৰিক্ট মিউজিয়াম, কমলিঘাট, দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য আদি অঞ্চলটোৰ উল্লেখনীয় দৰ্শনথলী৷ জৱাহৰলাল নেহৰু কলেজৰ পৰা পাচিঘাটৰ দৃশ্য মনোমোহা৷ ৰেংগিং, চিল্লে, ৰাণী, তাকিলালুং আদি আশ-পাশৰ চাবলগীয়া গাওঁ৷ ছেপ্টেম্বৰ মাহত আদিসকলে পাঁচদিনীয়াকৈ ধুমধামেৰে উদ্যাপন কৰে চলু উৎসৱ৷ পাচিঘাট চহৰৰ উত্তৰ-পূবে মিমুম্ আৰু আপ্পুন্ নামৰ দুটা শৃংগ থকা এক সুউচ্চ পাহাৰৰ অৱস্থিতি৷ মিমুম্ আপ্পুনৰ অৰ্থ নাৰীৰ বুকুৰ আকৃতি৷ এজনী গাভৰুৰ পীনোন্নত বক্ষস্থলৰ দৰে দেখা যায় বাবে কল্পনাবিলাসী আদিসকলে শিখৰটোৰ নাম দিছে মিমুম্ আপ্পুন্, অৰ্থাৎ স্ত্ৰী বক্ষ৷ ১৯৫০ চনৰ বৰভূঁইকঁপে এই পাহাৰতো অত্যাচাৰ চলাইছিল৷
পাচিঘাটৰ নিকটৱৰ্তী ৰে'ল ষ্টেচন মুৰ্কংচেলেক৷ দূৰত্ব প্ৰায় ৩৫ কিল'মিটাৰ৷ ৰঙিয়া-মুৰ্কংচেলেক ব্ৰডগজ ট্ৰেকৰ সদ্যহতে এইটোৱেই শেষবিন্দু যদিও পাচিঘাটলৈকে আৰু ২৬.৫০ কিল'মিটাৰ ৰে'লপথ সম্প্ৰসাৰণৰ প্ৰস্তাৱ ২০১০ চনত তদানীন্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ দিনতে লৈ থোৱা আছে৷ এই ব্ৰডগজ লাইনটোৱে অৰুণাচলৰ ৰ'য়িং, পৰশুৰাম কুণ্ড; অসমৰ ৰূপাই আদি স্থান চুবগৈ৷ উত্তৰ-পূব সীমান্ত ৰে'লৱেই এই বৃহৎ প্ৰকল্পটোৰ জৰীপ কাৰ্য ইতিমধ্যে সমাপন কৰিছে৷ অৰুণাচল প্ৰদেশৰ গড়কাপ্তানি বিভাগৰ পাচিঘাট সংমণ্ডলৰ অন্তৰ্গত ৪৬.৩৬ কোটি টকাৰ পাচিঘাট, লেদুম, তেনে, কয়ু পথ উন্নয়নৰ প্ৰজেক্ট চলি আছে৷
No comments:
Post a Comment