দিন ছয় ৷৷ খণ্ড ৪
নিৰ্জনতাই বিৰাজ কৰি আছে জি.টি.এল. চৌহদ৷ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ৰূপা স্কুলৰ পৰা আহি পালে৷ আমি ঘৰ সোমালোঁহি বুলি গম পায়ে তাই আমাৰ বাবে খৰখেদাকৈ ভাতৰ ব্যৱস্থা কৰাত লাগি গ'ল৷ ভীষণ কাজী ছোৱালী এইজনী৷ কোনো কামতে তিলমাত্ৰ হেলা কৰা দেখা নাই৷ 'ৰূপা' বুলি আটাহ এটা পাৰিলেই হ'ল, শুনাৰ লগে লগে য'তেই নাথাকক, সিমূৰে তাইৰ লৰা-ঢপৰা আৰম্ভ হৈ যায়৷ অনৱৰতে একেই খোজ, একেই হাঁহি, একেই তৎপৰতা৷ ৰূপাই বাঢ়ি দিয়া অন্নমুঠি পাকঘৰৰ জুইৰ গুৰিত বহি ধৰোঁ মানে বিয়লি ৩.৪৫এই বাজিল৷ প্ৰচণ্ড ভোক লাগিছিল৷ খোজ কাঢ়োঁতে কাঢ়োঁতে অৰূপদাৰ আইডিয়ানিসৃত সিদ্ধ আলুবোৰ পৰিপাক যন্ত্ৰই কেতিয়াবাতে হজম কৰি পেলালে৷
ভ্ৰমণ-সূচী অনুসৰি কাইলৈ আমাৰ ঘূৰি যোৱাৰ দিন, য'ৰ পৰা আহিছিলোঁ ত'লৈ৷ জয়ন্তদাহঁতৰ কোঠাত এতিয়া হিচাপ-কিতাপ চলিছে৷ কাপোৰ-কানিবোৰ সামৰিবলৈও বাকী আছে৷ বাহিৰত
জুই পুৱাই থকা দেম্ডাপ দাৰচুমক মনে মনে লগ ধৰিলোঁ, মেন্-চু-খা বজাৰৰ ফালে এখন্তেক
ওলাই যাওঁ বুলি৷ তেওঁ সাগ্ৰহে মান্তি হ'ল৷ পিছে সাজপাৰ পিন্ধি ওলাই আহি দেখোঁ, মানুহটো নাই! গেবুৱেহে নিজৰ পে'ন ড্ৰাইভ্ আৰু কেমেৰাৰ দুখনকৈ মেম'ৰী কাৰ্ড হাতৰ মুঠিত লৈ মাৰ্কেটলৈ
ওলাইছে৷ দেম্ডাপক নাপাই গেবুৰ লগতে ময়ো গুচি আহিলোঁ, সিৰসিৰণি তোলা ঠাণ্ডাকো নেওচি৷ ওৰে বাটছোৱা কালি আৰু আজিৰ ট্ৰেকিঙৰ কথাকে পাতিলোঁ
দুয়ো৷ বৰ উৎসাহী আৰু কষ্টসহিষ্ণু মানুহ গেবু, দেম্ডাপহঁত৷ কথাতো জোৰ আছে, কামতো জোৰ আছে৷ দেহতো শক্তি আছে, মনতো শক্তি আছে৷ সংশ্ৰৱ কৰি নিজেই প্ৰমাণ পাই গৈছোঁ৷ অভিভূত হৈছোঁ কি ক'ত কিয় বিখ্যাত সম্পৰ্কে সৰহ মানুহ আজিও অজ্ঞ বুলিব পৰা, দেশৰ ভিতৰতে ঘোঁকট অঞ্চল এটাত এনেকুৱা যোগাত্মক মনস্তত্ত্বৰ বন্ধুবৎসল মানুহ কিছুমান লগ পাই৷
এছ.বি.আই. বিল্ডিঙৰ তলৰ হলঘৰত থকা ডিটিপি, ফট'ষ্টেট,
ম'বাইল হেণ্ডচেটৰ দোকান এখনত কৰ্মৰত চিনাকি দোকানীজনক গেবুৱে লগত নিয়া মেম'ৰী কাৰ্ড
আৰু পে'ন ড্ৰাইভ্টো চমজাই দিলে ফাইল ট্ৰেন্সফাৰ কৰিবৰ বাবে৷ কম্পিউটাৰটো অন্ হৈয়ে আছিল৷ তেওঁ কামটো লগে লগে আৰম্ভ কৰিবলৈ লৈ মণিটৰত নিৰীক্ষণ কৰি জনালে, 'বহত টাইম লগ যায়েগা ৰে'৷ ফাইলছ জ্যাদা হ্যায়, চাইজ ভী বড়া হ্যায়৷' তাৰ মানে ভালে সময় ৰ'ব লাগিল৷ সুবিধা পাই গেবুক মই প্ৰস্তাৱ দিলোঁ চাহ খোৱাৰ৷ বেকাৰী দোকানলৈ গৈ দুয়ো চাহ-বিস্কুট
খালোঁ৷ অৰূপদা আৰু প্ৰদীপদাও তেনেকুৱাতে আহি ওলাল৷ দুয়োৰে হাতত একোটাকৈ ঊলৰ টুপী৷ ১৫০ টকাকৈ
কিনিছে৷ মেন্-চু-খাৰ চিন হিচাপে ঘৰলৈ নিব৷ মহিলাই পিন্ধা টুপী৷ অৰূপদাই বাৰু বৌক দিবগৈ৷ প্ৰদীপদাই কাক দিব? নাজানো৷ আবিয়ৈ মানুহ৷ একেলগে হাঁহি-তামাচা কৰি চাহ খাই দুয়ো গ'লগৈ৷ মই গেবুৰ সৈতে পূৰ্বৰ দোকানখনলৈ আহিলোঁ৷
কম্পিউটাৰে তেতিয়াও ফাইল টানিয়েই আছে৷ সমাপ্ত কৰিবই পৰা নাই৷ সন্মুখতে ল'ৰা ৭জনমানে বিলিয়াৰ্ডছ্ খেলিছে৷ মেন্-চু-খাহেন ঠাইত বিলিয়াৰ্ডছ্! অাচৰিতেই হ'লোঁ দেখি৷ অলপ আগলৈকে ৰূমটো বন্ধ আছিল৷ এতিয়া জেনেৰেটৰ চলাই লাইট জ্বলাই খেল চলিছে৷ এই খেলটোৰ সৈতে মোৰ পৰিচয় মুঠেই নাই৷ একো বুজি নাপাওঁ৷ তথাপি এমূৰীয়াকৈ পজিছন লৈ ল'লোঁ৷ সিহঁতকেইটাৰ পাৰ্গতালি, কাৰ নিচান কিমান তাকে লক্ষ্য কৰি থাকিলোঁ৷ খেলুৱৈ যুৱকহঁতৰ হাঁহি-স্ফূৰ্তিৰো সোৱাদ ল'লোঁ৷
ফাইল ট্ৰেন্সফাৰিং তেতিয়াও শেষ নোহোৱাত গেবুৱে ক'লে, 'ব'লক, আমাৰ দোকানলৈকে যাওঁ৷' কান্ধত ধৰাধৰিকৈ দুয়ো আহি দেখোঁ যে তলা
মাৰি নানা ঘৰলৈ গ'লগৈ! বন্ধ কৰাৰ সময় হৈছিল তাৰমানে৷ আকৌ কম্পিউটাৰৰ ওচৰ পালোঁহি৷ ক্ষন্তেক পাছতে কামটো হৈ গ'ল৷ আমি ঘৰলৈ
আহিবলৈ ওলালোঁ৷ তেনেতে শাৰী শাৰীকৈ থকা দোকানবিলাকৰ এখনত আচম্বিতে দেম্ডাপকো লগ পাই গ'লোঁ৷ তেওঁ বিনয়েৰে জনালে যে তেওঁ হেনো মোলৈ অপেক্ষা কৰি
আছিল৷ পাছত মই ক'ত হেৰাই গ'লোঁ বুলি ভাবিহে একেলগে ওলাই অহাৰ আশা বাদ দি অকলেই গুচি
আহিল৷ দেম্ডাপৰ পৰিবাৰকো লগ পালোঁ৷ দেম্ডাপেই চিনাকি কৰোৱালে৷ ইফালে স্থানীয় সৰৱৰহী মানুহ হিচাপে স্বাভাৱিকতেই গেবুৰ ইয়াত লেখ-জোখহীন চিনা-জনা৷ অনেকজন পৰিচিত লোকৰ
সৈতে তেওঁ হাঁহি-মাতি কিছু কিছু বাক্যালাপ কৰি গ'ল৷ শেহতীয়াকৈ নতুন আলহী হিচাপে অসমৰ পৰা যোৱা আমাৰ দলটোৰ বিষয়েও জনালে৷ কথা প্ৰসংগত ট্ৰেকিং সম্বন্ধেও ওলাইছে৷
তেওঁলোকৰ দোৱান বুজি নাপালেও এইটো মই ঠিকেই ধৰিব পাৰিলোঁ৷ কোনো কোনোৱে প্ৰশ্ন তুলিলে, 'আমাক কিয় লগত নিনিলি' বুলি৷ মানুহবোৰ এড্ভেন্চাৰাচ আৰু পৰ্বতে-কন্দৰে পিটপিটাই ফুৰি আনন্দ আহৰণ কৰাত অতিমাত্ৰাই ইচ্ছুক তথা অভ্যস্ত যেন লাগিল৷
কি আচৰিত! বাহিৰত পাতলীয়াকৈ বৰষুণ আৰম্ভ হ'ল৷ 'বৰফৰ বৰষুণ এয়া৷ সোনকালেই মেন্-চু-খালৈ বগা দলিচা এখন নামি আহিব৷ তুষাৰপাতৰ ফলত অধোগামী হ'ব পাৰাস্তম্ভ৷ এয়া আৰম্ভণি৷' গেবুৱে জানিবলৈ দিলে৷ মেন্-চু-খালৈ
আহি বৰফৰ বৰষুণৰ স্পৰ্শ লাভ কৰিবলৈ পোৱাটো ভাগ্যৰেই কথা চাগৈ৷ পৰ্বতৰ ওপৰত জমি থকা বৰফ দেখিলোঁ, বৰফ গলি নামি অহা পানীও খালোঁ৷ কথাবোৰ মনে মনে ভাবি চাইছোঁ৷ নিজকে খুব সুখী সুখী লাগিছে৷ 'ক'ৰ এজাক সপোন যেন বৰষুণ...' উলাহতে কেইশাৰীমান
গুণ্গুণালোঁও৷ ক্ষীণ টোপালবোৰৰ মাজেৰেই খৰ খোজ পেলাই গেবু আৰু মই জি.টি.এল. সোমালোঁহি৷ ঠাণ্ডা
বাঢ়িছে৷ নাকৰ আগটো আৰু কাণৰ লতি সবাতোকৈ চেঁচা৷ জুইৰ প্ৰয়োজন অনুভৱ কৰিছোঁ৷ কিন্তু তাৰ আগতে মোক প্ৰয়োজন মেম'ৰী কাৰ্ডত সংৰক্ষিত হৈ থকা আজিৰ ফটোখিনি৷ গোটেইখিনি এতিয়াই লৈ থ'ব লাগিব৷
ঘৰ পায়ে গেবুৱে নিজৰ লেপ্টপ্টো লৈ আমাৰ কোঠালৈ আহিল৷ বেটাৰীটো কেতিয়াবাই নষ্ট হৈছে৷ সেয়ে দৰকাৰী দুই-এটা কথা বুজাই লেপ্টপ মোক চমজাই ওলাই গ'ল৷ ফটো ফাইলবোৰ মই মোৰ পে'ন ড্ৰাইভত সুমুৱাই আছোঁ৷ কাষৰ কোঠাত জয়ন্তদাহঁতৰ আড্ডা জমিছে৷ এনেকুৱা মুকলিমূৰীয়া মুহূৰ্তবোৰ বৰ উপভোগ্য৷ তাত সহযোগ কৰিবলৈও মন গৈ আছে৷ এইফালে পৰি গৈছোঁ ফটোৰ প্ৰেমত, দৃশ্যৰ প্ৰেমত! লেন্সৰ সহায়ত ধৰি অনা ঈশ্বৰীয় সাজ-সজ্জালৈ চাই চাই গেট্ বাক্লেৰ কথা এষাৰ মনলৈ আহি গ'ল৷ 'ঈশ্বৰক মই প্ৰকৃতিৰ মাজত, জন্তুৰ মাজত, চৰাই-চিৰিকটিৰ মাজত আৰু পৰিৱেশৰ মাজত পাব পাৰোঁ৷' শিৱদেবৰ কেমেৰাৰে গেবুহঁতে আজি তুলি অনা প্ৰকৃতি আৰু পৰিৱেশৰ ফটোবোৰ চোৱাত বিভোৰ হৈ সময়ো পাহৰিলোঁ৷ সঁচাকৈয়ে মেন্-চু-খা Hidden Heaven৷ ইয়ালৈ আহি অতিশয় সন্তুষ্ট হৈছোঁ৷
আজি ৩১ নৱেম্বৰ৷ ৭ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ ইয়াত এড্ভেন্চাৰ্ এট্ মেন্-চু-খা ফেষ্টিভেল অনুষ্ঠিত হৈ গৈছে৷ দুঃসাহসিক ক্রীড়া আৰু জনজাতীয় পৰম্পৰাক বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ অৰ্থ সহযোগিতাত ২০১৩ চনৰ পৰা উলহ-মালহেৰে ভাৰতবৰ্ষৰ প্ৰাকৃতিক ভূস্বৰ্গ আখ্যায়িত মেন্-চু-খাত এই উৎসৱৰ আয়োজন কৰি আহিছে৷ ৱে'ষ্ট চিয়াং জিলা প্ৰশাসন, মেন্-চু-খা মহকুমা প্ৰশাসন, Centre for Cultural Research and Documentationএ ইয়াত সহযোগ কৰিছে৷ সমাৰোহ উপলক্ষে য়াৰগ্যাপ্ চুৰ পাৰত বিভিন্ন দিশত এইবাৰো নানান ব্যৱস্থা কৰা হৈছিল৷ Power Propelled Gliders, Aero Modeling, Trap Shooting, Para/Hang Gliding, Water Zorbing, Mountain Biking, Quad Biking, Rappelling, River Crossing, Rafting, Eco-Adventure Trekking and Camping, Kayaking, Micro light Aircrafts, Rock Climbing, Burma Bridge, Commando Net, Archery, Kite Flying Kayaking, Para Sailing, Horse Riding ইত্যাদি আনন্দদায়ক আৰু দুঃসাহসিক ইভেণ্টৰ লগতে আছিল Camping, Handicrafts, Traditional Attires, Local Traditional Food, Adventure Films, Karaoke, Traditional Fare, Exhibition, Cultural evening আদিও৷ গেবু চোনাহঁতে সমাৰোহত সক্রিয়ভাৱে ভাগ লৈছিল৷ সেই সময়ৰ ফটোগ্ৰাফ কিছুমানো কম্পিউটাৰৰ স্ক্ৰীণত চাবলৈ পালোঁ, যাৰ জৰিয়তে আয়োজনটোৰ বিশালতা হৃদয়ংগম কৰিলোঁ৷ এই আয়োজন একক, অনন্য তথা অদ্বিতীয় বুলিয়ে সদ্যহতে ধাৰণা এটা ঘনীভূত হ'ল৷

No comments:
Post a Comment