দিন পাঁচ ৷৷ খণ্ড ৯
ক’ৰবাত পঢ়িছিলোঁ, ‘When we face the worst that can happen in any situation, we grow. When circumstances are at their worst, we can find our best.’ ওচৰতে গছৰ ডাল কিছুমান লাং লাং থাং থাংকৈ পৰি আছে৷ এডাল এডালকৈ আনি সেইবোৰ ওপৰলৈ দলিয়াবলৈ ধৰিলোঁ যাতে ওপৰত শেতেলি এখন তৈয়াৰ কৰিব পৰা যায়৷ আফ্ৰিকাৰ ঘন বনাঞ্চল, ইকুৱেডৰৰ বৰ্ষাৰণ্যৰ মাজত বিষম পৰিস্থিতিত পৰি নিশা কটাবলৈ বিয়েৰ গ্ৰেইল্চে তেনে কৰা দৃশ্য দেখিছোঁ Man vs. Wildৰ কেইবাটাও এপিচ’দত৷ এই মুহূৰ্তত মোৰ সেই শক্তিশালী মানুহজনৰ বাদে কালৈকো মনত পৰা নাই৷
৭ জুন ১৯৭৪ত জন্মা, উত্তৰ আয়াৰলেণ্ডৰ এড্ভেনচাৰিষ্ট, লেখক, সুবক্তা, টেলিভিচন ধাৰাবাহিকৰ জীৱন্ত চৰিত্ৰ Edward Michael 'Bear' Grylls মোৰ অতি ভাল লগা এজন পুৰুষ৷ তেওঁৰ দ্বাৰা ময়ো প্ৰভাৱিত হওঁ৷ হেৰাই যোৱাৰ বাসনাত মজি থাকোঁ, তেওঁৰ কাণ্ড-কাৰখানাবোৰ চাই৷ এতিয়া যেন তেনেকুৱা সুযোগেই আহি ভাগ্যত ধৰা দিছে! টিভিৰ পৰ্দাত দেখা তেওঁৰ আত্মৰক্ষাৰ অনুৰূপ পদ্ধতি অনুসৰণ কৰি যাব ধৰিলোঁ৷ অলপ পাছতে বাওঁফালৰ গছডালেৰে বগাই ওপৰলৈ উঠিলোঁ৷ জোতা-মোজা পিন্ধি থাকিয়ে উঠি গ'লোঁ৷ ডালবোৰ ঠিক-ঠাককৈ পাৰি দিয়াত বহিব পৰা হৈ পৰিল৷ কাকো নাপালে নিশাটো ইয়াৰ ওপৰতে কটাবলৈ মানসিকভাৱে সাজু হৈছোঁ৷ মনত পৰিছে, ৰাক্চেকৰ ভিতৰত ৰছী এডাল আছে৷ তাৰ সহায়ত পাছত বেগটো ওপৰলৈ তুলি আনিব পৰা যাব৷ আন্ধাৰ হোৱাৰ আগতেই সেইটো কৰি ল'ব লাগিব৷
সদ্যহতে গছৰ ওপৰতে ভালকৈ বহি লৈছোঁ৷ বাগৰিও চালোঁ৷ ঠিকেই আছে বিছনাখন৷ এইবাৰ দুয়োখন হাত চুঙাৰ দৰে কৰি লৈ উভয় দিশলৈকে টোঁৱাই যিমান পাৰো জোৰেৰে উকিওৱাত লাগি গ'লোঁ৷ বহুত দেৰিলৈকে কোনো ফালৰ পৰা কাৰো একো উত্তৰ নাই৷ পল-অনুপলকৈ সময় পাৰ হৈ গৈ আছে৷ খাটাং হৈছোঁ যে মোৰ বাট ভুল হ’ল৷ কোনো নাহে এইফালে৷ অচিন-গভীৰ অৰণ্যত মই সঁচাকৈয়ে হেৰাই গ’লোঁ৷ ভবাৰ লগে লগে মনটো কিবাকিবিখন লাগিব ধৰিলে৷ কান্দি দিম যেনো লাগিছে৷ হ'লেও সাহস যাতে নেহেৰুৱাওঁ তাৰ বাবে যিমান পাৰোঁ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ ইমানৰ মাজতো জীৱনৰ বিচিত্ৰ অভিজ্ঞতা এটাৰ বাবে হৃদয়ৰ একোণত বেলেগ ধৰণৰ হেঁপাহ (নে শিহৰণ?) অকণমানেও ক্ৰিয়া কৰি নথকা নহয়৷ আগলৈ কি হয় নাজানো৷

প্ৰায় ১৫ মিনিট৷ এক ধৰণৰ চিন্তা আৰু উৎকণ্ঠাৰ মাজত কটোৱা হ’ল৷ অনৰ্গলভাৱে উকি মাৰি থাকোঁতে এবাৰ হঠাতে বহুত দূৰৰ পৰা ক্ষীণকৈ সঁহাৰি এটা আহিল৷ তাকে শুনি জিভালৈ ফিৰি আহিল পানী অকণমান৷ একে মুহূৰ্ততে এই প্ৰশ্নৰো অৱতাৰণা নোহোৱাকৈ নাথাকিল যে সেয়া আমাৰ মানুহ হয়নে নহয় আকৌ? এইবাৰ এই লৈ মগজুত ক্ৰিয়া কৰিলে নতুন চিন্তাই৷ উকি বাদ দি চেক্কে, চেক্কে বুলি উপৰ্যুপৰি চিঞৰাত লাগি গ'লোঁ, পানীত পৰা মানুহে প্ৰাণ বাচিবৰ শেষ আশা স্বৰূপে পোৱা নামমাত্ৰ খেৰ-কূটাকে গবা মাৰি ধৰাৰ দৰে৷ অলপ পৰ অৰণ্যখন সমূলি নিমাত৷ ক্ষন্তেক পাছতে সিফালৰ পৰা আকৌ সঁহাৰিসূচক মাত এষাৰ ভাহি আহিল, মোক উদ্দেশ্য কৰি৷ ‘ইধৰ আয়িএ চাৰ৷’ প্ৰত্যুত্তৰত ময়ো টেঁটু ফালি মাতিলোঁ… ‘ইধৰ আও, ইধৰ৷’ জীৱনত কিজানি ইমান ডাঙৰকৈ এয়াই প্ৰথম চিঞৰিছোঁ৷ মোৰ কিবা অঘটন ঘটিছে বুলি বুজি পায়ে চাগৈ, দৌৰাদৌৰিকৈ দুয়োটা কাষ চাপি আহিল৷ দুয়োৰে শৰীৰ দুটা দেখিহে মোৰ মনটো ভাল লাগিল৷ মই ক’ত আছোঁ প্ৰথমে ধৰিবই পৰা নাই সিহঁতে৷ পিছত যেনিবা গম পালে, গছৰ ওপৰত তৈয়াৰ কৰি লোৱা অভাবনীয় অৱস্থানটোৰ বিষয়ে৷
চেক্কে আৰু নিমা অবাক হ’ল কাণ্ড দেখি৷ ফেৰেঙণিত ওলোমাই ৰখা কেমেৰাটো লৈ চেক্কেই ধমাধম মোৰ ফটো তোলাত লাগি গ’ল৷ সি জানে, ফটোৱে মিছা নক’ব৷ নহ’লে আনৰ আগত বৰ্ণনা কৰিলে টিলিকি মাৰি উৰুৱায়ো দিব পাৰে৷ ঘটনাটোত সি বেচ আমোদ পালে৷ ট্ৰেকিঙত মাজে মাজে চিঞৰি অহা তাৰ সেই Survival শব্দটোৰ সৈতে নভবাকৈয়ে কিবা এটা যেন মিলি গ'ল! চেক্কেই মোক নামি আহিবলৈ ইংগিত দিলে৷ গা-গছেৰে চোঁচৰি মাটিলৈ নামিলোঁ৷ ট্ৰেকচুটৰ বুকু অংশ বাকলিত ঘঁহনি খাই ফিচিকিল৷ হাত বুলাই চালােঁ৷ দুখ লাগিল মনতে৷ আনন্দ লাগিল প্ৰাণ বচাব পাৰি৷ ৰাক্চেক্টো পিঠিত তুলি ল’লোঁ৷ ডিঙিত কেমেৰা৷ বাকীসকল অতপৰেও এইখিনি পোৱাহিয়েই নাই! কিমান পাইছেহি ক'ব নোৱাৰোঁ৷ ভালে সময় উৎকণ্ঠিত হৈ ৰোৱাৰ মূৰকত পুনৰ ইহঁত দুটাক অনুসৰণ কৰি পদচালনা আৰম্ভ হৈ গ'ল৷
চেক্কে আৰু নিমাৰ পিঠিত বোজা নথকাত খৰ খোজেৰে আগ বাঢ়িছে৷ অলপ সময়ৰ ভিতৰতে আকৌ অন্তৰ্ধান হ’ল! বোজা থাকোঁতেও যিহে গতি, বোজাহীন হ’লেতো কথাই নাই৷ তেনে হোৱাৰ স্পষ্ট কাৰণো অৱশ্যে নথকা নহয়৷ অথনিতে গতি বৃদ্ধি কৰাৰ কাৰণটোও এতিয়াহে বুজিব পাৰিলোঁ মই৷ দুয়োৰে চিন্তা এটাই৷ পোহৰ থাকোঁতেই দলটোৰ বাবে উপযুক্ত থকা ঠাইৰ সন্ধান উলিয়াব লাগিব৷ দায়িত্বৰ কথা আছে৷ গতিকে এই মুহূৰ্তত সেইটোহে সবাতোকৈ ডাঙৰ কথা৷ সিহঁত যোৱাৰ দিশলৈ চাই চাই অনুমানতে মই গৈ থাকিলোঁ৷ ২০ মিনিটমান যোৱাৰ পাছতে অন্য এক বিস্ময়ে হতবাক কৰিলে৷
No comments:
Post a Comment