Friday, 1 December 2017

দিন পাঁচ ৷৷ খণ্ড ৪

জোঙা শিলটোত বহি থকাৰ পৰাই দেখা পাই আছোঁ, বাওঁহাতে লুংলুঙীয়া বাট এটা৷ তললৈ নামি যোৱা ৮ ইঞ্চি ব্যাসৰ পাইপডাল সিপিনৰ পৰাই আহিছে৷ লগে লগে পকী নৰ্দমা এটাও আছে৷ সেই বাটে আমি এইবাৰ শাৰী পাতি আগ বাঢ়িলোঁ৷ অচিন জংঘলৰ মাজত যেনি-তেনি পাইন গছ আৰু বাঁহ গছ৷ কেইবাঠাইতো ভূমিস্খলন হৈছে৷ তেনে জেগাবোৰ সাৱধানে পাৰ হৈ গৈছোঁ৷ ক'ৰবাত আকৌ প্ৰকাণ্ড গছ বাগৰি পৰি আছে৷ তলেদি সৰকিবলগীয়া হৈছে৷ তললৈ দূৰত ভাহি উঠা মেন্‌-চু-খাৰ প্ৰশস্ত চিত্ৰপটে সঘনাই দৃষ্টি কাঢ়ি নি থাকিল৷

চেক্‌কেই আমাক বাট দেখুৱাই নিছে৷ ট্ৰেক্‌টো কটা মানুহবোৰৰ অন্যতম সিও আছিল৷ গতিকে বাট মুখস্থ আছে৷ দেখা গৈছে, তাৰ পিঠিতে সৰ্বাধিক ওজন৷ গেবুৱে তাক খুব প্ৰশংসা কৰিছে৷ মাজে মাজে তালৈ দেখুৱাই কৈছে কুং চেক্‌কে ওৰফে জন্‌ ৰেম্ব৷ সিও হাঁহিৰেই সঁহাৰি জনাই দপ্‌দপাই গৈ আছে৷ গধুৰ বোজা কঢ়িয়াই থাকিলেও সিহঁতকেইটাৰ মনবোৰ প্ৰফুল্ল৷ নিজৰ দোৱানত কিবা কিবি বলকি ধেমালি কৰি গৈছে৷ হিন্দীতো পাতিছে৷ কষ্ট, দুখ-ভাগৰ যেন নায়েই! কেৱল আনন্দ কৰিবলৈকেহে যেন জীয়াই আছে ইহঁত! দেখি পেটে পেটে মোৰ হিংসাই লাগিছে৷ তাৰ মাজতে শিকিবলৈ চেষ্টা কৰিছোঁ কিছুমান দৰকাৰী কথা৷

যদিও ট্ৰেকটো অকাই-পকাই আগ বাঢ়িছে, পৰ্বতৰ ওপৰত এইছোৱা বাট সমান৷ ক্ৰমান্বয়ে মেন্‌-চু-খাৰ ঘৰ-দুৱাৰবোৰ নেদেখা হৈ পৰিল৷ চেক্‌কেৰ পাছে পাছে গৈ থাকি এইবাৰ আটায়ে অকণমানি জুৰি এটা পালোঁ৷ শিলে শিলে পাৰ হৈ সোঁহাতে কেঁকুৰি ঘূৰিলোঁ৷ পাইপডাল বাঁওহাতে ওপৰলৈ উঠি গল৷ গেবুৱে জনালে যে সেইফালে পানীৰ উৎস এটা আছে, যৰ পৰা মেন্‌-চু-খালৈ আমি দেখি অহা পাইপডালেৰে পানী বোৱাই নিয়া হয়৷ উঠি গৈ চাই আহিবৰ মন আছিল, কিন্তু সময় বা সুযোগ কোনোটোৱেই নাই৷ এতিয়া সন্মুখত পাইপডাল নাই, নৰ্দমাটোহে আমাৰ লগে লগে থাকিল৷ ওপৰৰ পৰা বৈ অহা পানীৰে এইখিনিত নৰ্দমাটো ভৰি আছে৷ তলিখন চকুৰে দেখা পোৱাকৈ ফট্‌ফটীয়া৷ আঙুলিকেইটা সুমুৱাই চালোঁ, উঃ ঠাণ্ডা! বৰফ গলা পানী৷

চেক্‌কেক অনুসৰণ কৰি সকলোটি আগুৱাই আছোঁ৷ সি এঠাইত ৰ'ল৷ নৰ্দমাটো পাৰ হৈ ইয়াৰ পৰা আমি বাঁওহাতে সোমাব লাগিব৷ সমতল অন্ত পৰিল৷ এইডোখৰৰ পৰা বগাব লাগিব৷ সন্মুখত ৰদ নপৰা ডাঠ হাবি৷ এলিফেণ্ট ক'ৰিডৰৰ দৰে লাগিছে বাটটো৷ চেক্‌কেৰ নিৰ্দেশক্রমে এইখিনিতে সকলোটি একগোট হোৱালৈ ক্ষন্তেক বাট চাবলগীয়া হল৷ ঠাণ্ডা আগতকৈ বেছি অনুভূত হৈছে৷ ১০ বাজিবৰ হ'ল৷ ঠেক ট্ৰেক্‌টোৰে শাৰী পাতি এজন এজনকৈ ওপৰলৈ উঠিব ধৰিলোঁ৷ ঠায়ে ঠায়ে শিল কিছুমান আছে৷ ঠায়ে ঠায়ে খোপনি ৰাখিবৰ বাবে গছৰ ডাল কিছুমান পুতি থোৱা অৱস্থাত পাইছোঁ৷ ডাঙৰ ডাঙৰ গছ-গছনিৰ লগতে বাঁহগছ কিছুমান ঘনভাৱে একেৰাহে দেখি আহিছোঁ৷ কাষেদি অকণমানি লোৰ এটাৰে পানী খলখলাই নামি আহি আছে৷ শব্দ বুলিবলৈ সেয়াই৷

খোজ দিয়াৰ সমানে সমানে চেক্‌কেই হাতত থকা দাখনেৰে ট্ৰেক্‌টোলৈ আগ বাঢ়ি অহা বাঁহৰ আগ, লতা, গছৰ ডাল আদি কাটি মোকলাই গৈছে৷ মই তাৰ গতি আৰু শক্তি খুব সন্তৰ্পণে লক্ষ্য কৰিছোঁ৷ আনন্দমনে আৰু উৎসাহেৰে সি আগলৈ নি আছে আমাক৷ মাজে মাজে ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰিছে... Survival Group৷ টেলিভিছনৰ এড্‌ভেন্‌চাৰ্‌ চেনেলবোৰত দেখুওৱা Survival ধাৰাবাহিকবোৰ চায়েই চাগৈ সি আমাৰ পদযাত্ৰাটোক ৰিজাইছে সিবোৰৰ সৈতে৷ কিদৰে ঘন জংঘলত নিজক বচাই চলিম তাৰেই যেন সম্পৰীক্ষা এয়া৷ শব্দ দুটা কৈ ঘূৰি চাইছে অনুসৰণকাৰী দলটোলৈ৷ ড্ৰেছে-পাতিয়ে, খোজে-কাটলে কোনোবা এড্‌ভেন্‌চাৰ ফিল্মৰ হিৰ' যেনেই লাগিছে তাক৷

ওপৰলৈ উঠিবলগীয়া হোৱাত কোনোবাজন আগ বাঢ়িল, কোনোবা আকৌ পিছ পৰিছে৷ এঠাইত আগৰে পৰাই বাগৰি পৰি ট্ৰেকটো ভেটি থকা প্ৰকাণ্ড গছ এজোপা ওলাল৷ একেৰাহে বগাই অহাৰ পাছত তাতে বহি অলপমান জিৰোৱাৰ ইচ্ছা কৰিলে অৰূপদাহঁতে৷ আকাশলৈ চালোঁ৷ কেঁকুৰিত হেৰাই যোৱা ট্ৰেকটোৰ বাহিৰে চৌপাশে একো নেদেখি৷ কিছু সময় গপ চলিল৷ চক্‌লেট্‌, পানী আদি খালোঁ৷ দীপকদাই লগত অনা কিৱিৰ পেকেটটো উলিয়ালে৷ পৰহি আমি মেন্‌-চু-খা পোৱাৰ পাছত সন্ধিয়া ওলাই যাওঁতে বেকাৰী দোকানখনত কিনা হৈছিল৷ সুস্বাদু আৰু মঙহাল ফল৷ মধ্য অৰুণাচলত পূৰ্বতে কৰা ভ্ৰমণত জিৰৰ আশে-পাশে কিৱিৰ বাগিচা দেখিছিলোঁ৷ মেন্‌-চু-খাৰ দিশে চকুত কিন্তু পৰা নাই৷ তেনেস্থলত জিৰ'ৰ পৰা ইয়ালৈ ফলবিধ পৰিৱহণ কৰাটো কম কথা নহ'ব৷ এতিয়া আমি সোৱাদ লৈছোঁ মেন্‌-চু-খাৰ ডাঠ হাবিৰ মাজত! কথাটোৱে বিশেষভাৱে ৰোমাঞ্চিত কৰিলে৷

খোজ পুনৰ আৰম্ভ কৰা হ'ল৷ একেৰাহে অনেকখিনি উঠিবলগীয়া হোৱাত সংগীসকলৰ পদচালনা আগতকৈ লেহেম হৈ পৰিছে৷ এজন এজনকৈ মোতকৈ পিছ পৰিব ধৰিলে৷ চেক্‌কে আৰু দালাহে মোৰ আগত গৈ আছে৷ মই সিহঁতৰ সৈতে খোজ মিলাই যাব ধৰিলোঁ৷


No comments:

Post a Comment