Sunday, 17 December 2017

দিন আঠ ৷৷ খণ্ড ৬



পাচিঘাট ব্ৰীজৰ পৰা অৰুণাচল প্ৰদেশৰ প্ৰৱেশদ্বাৰ নামে খ্যাত পাচিঘাট চহৰ অভিমুখে ঘূৰি আহি আছোঁ৷ বি.আৰ.অ'.ৰ প্ৰজেক্ট ব্ৰহ্মাংকৰ মুখ্যালয়ৰ সমীপত বিশাল আকাৰৰ ফলক এখন৷ পথৰ ওপৰেৰে ইপাৰৰ পৰা সিপাৰলৈ জুৰি আছে আদৰণী ফলকখন৷ সেউজীয়া ৰঙৰ ব'ৰ্ডখনত জিলিকি থকা বগা আখৰবোৰে জানিবলৈ দিলে যে ইয়াৰ পৰা পাংগিন ৭৬ কিল'মিটাৰ, আল' ১০৩, ইংকিয়ং ১৬৭, মেব' ১৬, ডাম্‌বুক্‌ ৪৭, বম্‌জিৰ ৬৩ কিল'মিটাৰ দূৰ৷ আমি গৈ থকা দিশত ৫ কিল'মিটাৰত পাচিঘাট, জোনাই ৪০, ধেমাজি ১৪০, বান্দৰদেৱা ২৪০, তেজপুৰ ৩৮৭, গুৱাহাটী ৫৮০ কিল'মিটাৰ৷ আনহাতে ৰাজধানী ইটানগৰৰ পৰা পাচিঘাটৰ দূৰত্ব ২৬১ কিল'মিটাৰ৷ একে সময়তে অৰূপদাৰ ঘড়ীয়েও জনালে, ১০ বাজি ৪০ মিনিট গ'ল৷ সময়ৰ অংকটো আকৌ এবাৰ কৰি লোৱা হ'ল যাতে পাছত অসুবিধাত নপৰোঁ৷

ইতিহাসৰ পৃষ্ঠা লুটিয়ালে আমি পাওঁ, পাচিঘাটৰ পুৰণি নাম আছিল পাক্‌লেক্‌ বা পাগ্‌লেক্‌৷ 'কপাক্‌' শব্দৰ 'পাক'ৰ সৈতে 'লেক্‌' শব্দ সংযুক্ত হৈ 'পাক্‌লেক্‌' হৈছিল৷ পণ্ডিতসকলে কয় যে বৰ্তমানৰ পাচিঘাটক কপাক্‌ অৰ্থাৎ কল শব্দৰ পৰা উদ্ভৱ হোৱা পাক্‌লেক্‌ বা পাগ্‌লেক্‌ পিগ্‌ বুলি জনা গৈছিল৷ পাগ্‌লেক্‌ মানে কলগছৰ বাগান৷ যেতিয়া পাচিঘাটত এতিয়াৰ দৰে জনবসতি নাছিল পাচিসকলে তেতিয়া উৰ্বৰ ভূমিৰ অনুসন্ধানত চিয়াঙৰ সোঁতত 'কন্‌-টিকি' মেলি দিছিল৷ চিয়াঙেদি আহি তেওঁলোকে আৱিষ্কাৰ কৰিছিল কলেৰে ভৰি থকা অপূৰ্ব ঠাই; ফুলে-ফলে জাতিষ্কাৰ, শস্যশ্যামলা আৰু প্ৰচুৰ পৰিমাণে বাঁহগছ থকা অঞ্চল; প্ৰাকৃতিক সম্পদেৰে উভৈনদী হৈ থকা এই পাগ্‌লেক্‌৷ নতুন ঠাইটুকুৰাত প্ৰচুৰ পৰিমাণে কল পোৱা গৈছিল বাবে তেওঁলোকে নাম দিলে পাগ্‌লেক্‌৷ পাচিসকলে সঘনাই চিয়াঙেদি উজাই আহি পাগ্‌লেক্‌ৰ পৰা খাদ্যবস্তু সংগ্ৰহ কৰি পুনৰ নিজ ঠাইলৈ গিলাটপে কৰা (উভতি যায়) বাবে পাচিগিলাট্‌ বুলি ক'বলৈ আৰম্ভ কৰিলে৷ সাৰুৱা ঠাইৰ সন্ধান কৰা এই লোকসকলে হাবি ভাঙি ঝুম খেতি কৰিবলৈ ল'লে আৰু পাগ্‌লেক্‌ত বসবাস কৰিবলৈ আৰম্ভ কৰিলে৷ লাহে লাহে পাচিগিলাটৰ সলনি পাগ্‌লেক্‌ৰ নাম পাচিঘাট হৈ পৰিল৷ ইমান সময়ে এইবোৰ পাগুলি থাকোঁতেই আমি অৰুণাচলৰ সবাতোকৈ প্ৰাচীন চহৰ পাচিঘাট সোমালোঁহি৷ ৰাস্তাটো ভাল৷

অৰুণাচলত যিমানকেইটা জাতি আছে তাৰ মাজত আদি এটা প্ৰধান জাতি৷ আদি জাতি কেইবাটাও উপ-জাতিক লৈ গঠন হৈছে৷ তাৰ ভিতৰত পাচি অন্যতম৷ পাচি শব্দটোৱে পাচিঘাটৰ মূল বুলি একাংশ লোকে বিশ্বাস কৰে৷ পাচি আৰু ঘাট মিলি পাচিঘাট৷ অন্য একাংশই বিশ্বাস কৰে যে ১৯০০ চনৰ প্ৰথমটো দশকত প্ৰথম অভিযান চলোৱাৰ ফলত ঘটা ব্ৰিটিছৰ আগমনৰ পাছতহে টাউনখনৰ নামটো পাচিঘাট হৈছে৷

এটা সূত্ৰৰ মতে আদিসকলৰ আগমনৰ পূৰ্বে পাচিঘাট আছিল দিবু-মাৰাং লোকসকলৰ বাসভূমি৷ বুৰঞ্জীৰ মতে য়িৰাং ফৈদৰ বালিং এজনে দিবু-মাৰাং ফৈদৰ বালিং এজনৰ বিৰুদ্ধে যুঁজ কৰিছিল৷ দীৰ্ঘসময়ৰ যুদ্ধৰ অন্তত বৰ্তমানৰ চিব-কৰঙত দুয়ো মৃত্যুক সাবটি লৈছিল৷ আদি দোৱানত 'চিব' মানে একেলগে মৃত্যু ঘটা, 'কৰং' মানে নৈ বা জুৰি৷ লুয়ি পেৰ্‌মে নামৰ লোক এজনে বৰ্তমানৰ তিগ্ৰা গাঁৱৰ ওপৰলৈ বাস কৰিছিল আৰু চিয়াঙৰ বাঁওপাৰে বসতি কৰাৰ উদ্দেশ্যে সেই স্থান পৰিত্যাগ কৰি গৈছিল৷ তাৰ পাছতেই পাহাৰীয়া ঠাইসমূহৰ পৰা আদি জনগোষ্ঠীৰ লোক আহি চিকেল, ৰম্‌কাং, বালেক্‌, ৰ'য়িং, তিক্‌ৰা, ৰাচাম, মংকু, কেলেক্‌ আদিত বাস কৰিবলৈ ধৰিলে৷

মুখে মুখে প্ৰচলিত কথামতে, যেতিয়া নোৱেল উইলিয়ামছন নামৰ ব্ৰিটিছ পলিটিকেল অফিছাৰজন ইয়ালৈ আহিছিল তেওঁ ৰেগন ফৈদৰ কম্‌লিক্‌ চুপ্পি নামৰ এজন লোকক থলুৱা নাৱেৰে চিয়াং নৈৰ কম্‌লিঘাটত ৰাফ্‌টিং কৰি থকা অৱস্থাত পাইছিল৷ কথা-বতৰা পতাত লোকজনে নিজৰ নামটো কম্‌লি ৰেগন আৰু ঘাটৰ কাষৰে পাচি লোক বুলি জনালে৷ কম্‌লি ৰেগনৰ পৰাই কম্‌লিঘাট আৰু পাচিঘাট নাম দুটা হৈছে বুলি কোৱা হয়৷

পাচিসকল যুঁজাৰু চৰিত্ৰৰ মানুহ৷ ১৯১০ চনত পাচিঘাটৰ ১৩ কিল'মিটাৰ আগলৈ থকা য়াগ্ৰুং গাঁৱৰ মাত্‌মুৰ জামহ নামৰ লোক এজনে চিয়াঙৰ বাঁওপাৰৰ কম্‌চিঙত ইংৰাজ বিষয়া নোৱেল উইলিয়ামছনক হত্যা কৰিছিল৷ ডাক্তৰ গ্ৰেগৰানকো নৃশংসভাৱে হত্যা কৰি মাংসবিলাক গছত ওলমাই থৈছিল৷ তাৰ পৰিণতিত ইংৰাজে পাচিসকলক দৃষ্টান্তমূলক শাস্তি বিহাৰ অভিপ্ৰায়েৰে জোৰদাৰ অভিযান চলাইছিল৷ ৰত্‌তুঙৰ কাষৰ কেকাৰ মন্‌য়িং নামৰ বুৰঞ্জীপ্ৰসিদ্ধ ঠাইটুকুৰাতেই ব্ৰিটিছৰ উক্ত অভিযানৰ বিৰুদ্ধে আদিসকলে শক্তিশালী প্ৰতিৰোধ আগ বঢ়াইছিল, ১৯১১ চনত৷ ছাউনী আক্রমণ কৰি পাচিসকলে ইংৰাজৰ নিদ্ৰা হৰণ কৰিছিল৷ ভয়ানক যুদ্ধসদৃশ হৈ পৰিছিল পৰিস্থিতি৷ উইলিয়ামছনৰ নামত চিয়াঙৰ পাৰত শিলৰ এপিটাফ এটা এতিয়াও আছে৷ আনহাতে মাত্‌মুৰ জামহক পিছলৈ স্বাধীনতা সেনানীৰ মৰ্যাদা দিয়া হৈছে৷

একালৰ আবৰ হিল্‌ছ ডিষ্ট্ৰিক্টৰ হে'ড্‌ কোৱাৰ্টাৰ, পৰৱৰ্তী সময়ৰ চিয়াং জিলাৰ সদৰ পাচিঘাট বৰ্তমান ইষ্ট চিয়াং জিলাৰ সদৰ ঠাই৷ ই এখন সমতলীয় চহৰ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ১৫৫ মিটাৰ৷ অৰুণাচলৰ ভিতৰত অন্যতম পুৰণি আৰু ঐতিহ্যমণ্ডিত চহৰ৷ ১৯১১ চনত ইংৰাজ শাসকে চহৰখন প্ৰতিষ্ঠা কৰিছিল৷ ১৯১২ৰ এংল'-আবৰ যুদ্ধৰ পাছৰে পৰাই এই ঠাইৰ গুৰুত্ব বৃদ্ধি পাই আহে৷ স্বৰাজোত্তৰ কালত প্ৰশাসনিক কেন্দ্ৰলৈ উন্নীত হয় পাচিঘাট৷ অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰথম বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল পাচিঘাটতে, ১৯১৮ চনত৷ ১৯৪৭ চনত পাচিঘাট আৰু বালেক্‌ত দুখন প্ৰাথমিক বিদ্যালয় পতা হৈছিল৷ অৰুণাচলৰ ভিতৰতে প্ৰথমখন মহাবিদ্যালয়, জৱাহৰলাল নেহৰু কলেজ পতা হৈছিল পাচিঘাটত, ১৯৬৪ চনত৷ অৰুণাচলৰ ভিতৰতে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পাচিঘাট আছিল বাটকটীয়া৷

একেদৰে, ৰাজ্যখনৰ অন্তৰ্গত অনেক নিৰ্মাণ, স্থাপন ইত্যাদি সম্পন্ন হৈছিল পাচিঘাটতে৷ ১৯৪৬ চনত এয়াৰ ফিল্ড, ১৯৫০ চনত কৃষি শিক্ষানুষ্ঠান, ১৯৫৪ চনত জেনেৰেল হাস্পতাল, ১৯৫৭ চনত সমবায় সমিতি, ১৯৬৬ চনত আকাশবাণীৰ কেন্দ্ৰ পতা হৈছিল৷ নাৰ্ছ ট্ৰেইনিং চেণ্টাৰ, টিভি চেণ্টাৰ, হৰ্টিকালচাৰ আৰু ফৰেষ্ট্ৰি কলেজ, পলিটেকনিক শিক্ষানুষ্ঠান আদি অন্য কেতবোৰ স্থাপন৷ ভাৰতীয় ষ্টেট্‌ বেংকৰ শাখাও ৰাজ্যখনৰ ভিতৰত প্ৰথম খোলা হৈছিল পাচিঘাটতে৷ পাচিঘাটৰ আন্তঃগাঁথনিলৈ চাই অৰুণাচল প্ৰদেশৰ ৰাজধানী হিচাপে তেতিয়াৰ নেফাৰ মুখ্যালয় শ্বিলঙৰ পৰা পাচিঘাটলৈ স্থানান্তৰ কৰাৰ কথা উঠিছিল৷ পিছে ১৯৭৪ চনত ইটানগৰতহে ৰাজধানী পতা হয়৷ তাৰ পাছৰে পৰাই পাচিঘাটৰ উন্নয়ন হ্ৰাস পাই আহে৷


No comments:

Post a Comment