দিন আঠ ৷৷ খণ্ড ৩
পাংগিন, কেনে আদি পাৰ হৈ আহিলোঁ৷ এইটো মিন্যং অধ্যুষিত অঞ্চল৷ ৰাস্তাটো হঠাতে বহল হৈ পৰিল৷ পকী হোৱা নাই পিছে৷ মাজে মাজে ঠেক হৈয়ে ৰৈছে৷ লোৰে নিৰ্মিত পুৰণা দলং ঠায়ে ঠায়ে এতিয়াও আছে৷ ৰাস্তা য'ত বহল হৈছে তেনে অংশৰে চিয়াংখনৰ পাৰে পাৰে, পাহাৰৰ বুকুৰে আগুৱাই থাকি বেলেগ ধৰণৰ মজা এটা লাগিছে৷ হাইৱে'টো সম্পূৰ্ণ হৈ উঠাৰ পাছত কিমানযে ভাল লাগিব! ভ্ৰমণকাৰীৰ সংখ্যা বৃদ্ধি পাব নিশ্চিতভাৱে৷ উপযুক্ত জেগা নিৰ্বাচন কৰি ভিউ পইণ্ট কিছুমান সাজি দিলে মানুহে ৰৈ ৰৈ চাই যাব পাৰিব চিয়াংপৰীয়া প্ৰকৃতিৰ বিনন্দীয়া ৰূপ৷
অৰুণাচল টুৰিজিমৰ স্বীকৃতিপ্ৰাপ্ত যি ১২টা পৰ্যটন আৱৰ্ত আছে সেইবোৰৰ ভিতৰত পাচিঘাট-জেংগিং-ইংকিয়ং-টুটিং এটা সুন্দৰ টুৰিষ্ট চাৰ্কিট৷ গতিপথ চিয়াঙৰ পাৰেদি৷ ৰিভাৰ ৰাফ্টিঙৰ বাবে চিয়াং এখন আদৰ্শ নদী বুলি জনাজাত৷ অভিজ্ঞ আৰু দুঃসাহসিক ৰাফ্টাৰে ইণ্ডো-চাইনা ব'ৰ্ডাৰৰ গেলিঙৰ পৰা আৰম্ভ কৰি নিগ্গুয়িং, মাৰ্মনেৰে নামি আহিব পাৰে৷ য়াম্বুং বা চিৰ্কিৰ পৰাও নাও বাই পাচিঘাট ওলাবহি পাৰি৷ পাচিঘাট-ইংকিয়ং-কম্চিং, ইংকিয়ং-টুটিং-দেৱকোটা, ইংকিয়ং-টুটিং-সীতাপুৰী ট্ৰেইল ট্ৰেকিঙৰ বাবে উল্লেখযোগ্য বুলি শুনিছোঁ৷ ইক'-এড্ভেন্চাৰ্ ট্ৰেকিঙৰ লগে লগে মাছ ধৰা কাৰ্যটোও বাটে বাটে সমানেই আনন্দদায়ক৷ আমাৰ দলৰ এংলাৰ জয়ন্তদাৰ এই সৌভাগ্য আৰু অভিজ্ঞতা হৈছে৷ ইফালে চিয়াঙৰ ওপৰত স্থানীয় অধিবাসীসকলে সজা বেতৰ ওলমা সাঁকো 'জাম্পা'বোৰ সদায়েই আকৰ্ষণীয় আৰু উত্তেজনাপূৰ্ণ৷ ১৮২৫ চনত ইয়ালৈ অহা ইউ.এছ. আৰ্মীৰ ৪৬ ৰেজিমেণ্ট নেটিভ ইনফেণ্টৰীৰ লেফটেনেণ্ট ৰবাৰ্ট উইলকক্সে হেঙিং ব্ৰীজবোৰৰ পৃষ্ঠপটত লুকাই থকা কাৰিকৰী বিদ্যা আৰু কৰ্মকুশলতাত অতিকৈ মুগ্ধ হৈছিল আৰু থলুৱা নিৰ্মাতাসকলক বৰকৈ প্ৰশংসা কৰিছিল৷
১৯৮৯ চনত ৱে'ষ্ট চিয়াং জিলাৰ পৰা কিছু অংশ কাটি ইষ্ট চিয়াঙত সংযোগ কৰা হৈছিল৷ তাৰ এটা দশকৰ অন্তত ১৯৯৯ চনত ইষ্ট চিয়াং জিলাখন দুভাগত বিভক্ত কৰি আপাৰ চিয়াং জিলা গঠন কৰা হয়৷ ইষ্ট চিয়াং জিলাৰ সদৰ ঠাই পাচিঘাট৷ জিলাখনৰ মাটিকালি ৪,০০৫ বৰ্গ কিল'মিটাৰ৷ উত্তৰে আপাৰ চিয়াং জিলা, দক্ষিণে অসমৰ ধেমাজি জিলা, পূবে দিবাং ভেলী জিলা, পশ্চিমে পশ্চিম চিয়াং জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা আছিল ৯৯,২১৪৷ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিল'মিটাৰত ২৮৷ শিক্ষিতৰ হাৰ ৭২.৫৪৷ অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টিৰ অন্তৰ্গত এই জিলাৰ বিধান সভা সমষ্টি আছিল ৫টা৷ পাংগিন, নাৰি-ক'য়ু, পাচিঘাট ৱে'ষ্ট, পাচিঘাট ইষ্ট আৰু মেব'৷ মহকুমা আছিল ৪টা৷ ব'লেং, ৰুক্চিন্, নাৰি আৰু মেব'৷
ৰাষ্ট্ৰীয় পিয়লৰ মতে ইষ্ট চিয়াং জিলাৰ অন্তৰ্গত চাৰ্কোলৰ সংখ্যা আছিল ১৫টা৷ বিলাত, ব'লেং, কেবাং, ক'ৰা, কয়ু, মেব', নাম্চিং, নাৰি, নিউ চিৰিন, পাংগিন, পাচিঘাট, ৰিব'-পাৰগিং, ৰিগা, ৰুক্চিন্ আৰু চিল্লে-অ'য়ান৷ জিলাখনৰ মুঠ গাঁৱৰ সংখ্যা আছিল ১৫৩৷ পাচিঘাট চাৰ্কোলতে সবাতোকৈ বেছি ২৭খন গাঁও আছিল৷ শেহতীয়া তথ্য অনুসৰি পূৰ্বতে ইষ্ট চিয়াং জিলাৰ মানচিত্ৰত থকা পাংগিন আৰু ব'লেং এতিয়া নৱগঠিত চেণ্ট্ৰেল চিয়াং জিলাত সোমাইছে৷
আদি জনগোষ্ঠীৰ লোকসকল চেণ্ট্ৰেল চিয়াং জিলাৰ প্ৰধান অধিবাসী৷ তাৰ বাদেও পাচি, পাদাম, মিন্যং, গাল', মিচিমি আৰু মিচিং লোকৰ বাসভূমি এই জিলা৷ তেওঁলোকৰ সিংহভাগেই দঞি-পল'ত বিশ্বাসী৷ অল্পসংখ্যক খ্ৰিষ্টধৰ্মী৷ চ'লুং, ম'পিন, ইটৰ, আৰান আৰু আলি-আয়ে-লৃগাং তেওঁলোকৰ প্ৰধান উৎসৱ৷ ৰামো, পাইলেবু, ব'কাৰ, ব'ৰি, গাল', মিন্যং, পাদাম, পাচি, চিমং, মিচিং, তাগিন, চাৰাক, আপাতানি, নিছি, মিজি, চুলুং এই সকলোখিনিয়েই অৰুণাচলৰ এক বৃহৎ আদি গোষ্ঠীৰ লোক৷ ভাষা-সংস্কৃতিৰ দিশত তেওঁলোকৰ মাজত বহুত মিল দেখা যায়৷
অৰুণাচল প্ৰদেশৰ জিলাসমূহৰ ভিতৰত সিংহভাগৰে নাম নদীভিত্তিক৷ এতিয়া বাওঁহাতে আমাৰ লগ লোৱা চিয়াঙেৰে নামাংকিত জিলাকেইখন ততালিকে দিব পৰা উদাহৰণ৷ ইষ্ট চিয়াং, ৱে'ষ্ট চিয়াং, আপাৰ চিয়াং আৰু চেণ্ট্ৰেল চিয়াং৷ নতুনকৈ গঠন হোৱাৰ শাৰীত আছে ল'ৱাৰ চিয়াং৷ অগণন পাৰ্বত্য অধিবাসীৰ মানসত জীৱন-ৰেখাস্বৰূপ সৌখন চিয়াং৷ অৰুণাচল সমভূমিত নাম সলোৱা চিয়াঙৰ মূল ধাৰা দিহাং, পূব সুঁতি চিবিয়া, ইণ্ডো-চীন সীমান্তৰ কায়া গিৰিপথৰ সমীপৰ পৰা অৰুণাচলৰ মিছিমি পৰ্বতৰ মাজেৰে নামি অহা দিবাং বা ছিকাং আৰু পূব দিশেদি চীনৰ য়কো শৃংগৰ পৰা জায়ুল চু নামে বৈ অহা লোহিত৷ মূলতঃ এই ৪খন ডাঙৰ নৈ মিলি অসমত ব্ৰহ্মপুত্ৰ নদৰ সৃষ্টি হৈছে৷ চিয়াঙৰে পূব শাখা, চাংপোৰ জলৰাশিৰে সমৃদ্ধ চিবিয়াক স্পৰ্শ কৰাৰ পাছতেই বিশাল জলধাৰাই নাম লৈছে ব্ৰহ্মপুত্ৰ৷ মহাসংগমত জাহ যোৱা আন ৫খন তুলনামূলকভাৱে সৰু নদী হ'ল ডিব্ৰু, ডাঙৰী, ডিয়ুন বা ন-দিহিং বা নোৱাদিহিং, কুণ্ডিল আৰু গংগো বা দটং৷ লোহিতৰ বুকুৰে শদিয়া ঘাটৰ পৰা ৮-৯ কিল'মিটাৰ ভটিয়াই পোৱা উজনি অসমৰ উত্তৰ দিশৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৱৰ্তী, বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-ছৈখোৱাক কেন্দ্ৰ কৰি চুৰকে চাপৰিৰ সমীপত অসম উপত্যকাত ব্ৰহ্মপুত্ৰ মহাসংগমৰ অৱস্থান৷ এইটো আজি আৰু নতুন কথা হৈ থকা নাই যে দিহাঙেই চিয়াং, চিয়াঙেই ব্ৰহ্মপুত্ৰৰ আগলি৷ ব্ৰহ্মপুত্ৰই তিব্বতী ভাষাত চাংপো (অৰ্থ ঃ পৰিশোধক)৷ চীনাসকলে কয় য়া-লু-টাংপুচিয়াং৷
শেহতীয়াভাৱে ২৭ নৱেম্বৰ ২০১৫ তাৰিখে পাংগিনক অস্থায়ী মুখ্যালয় হিচাপে লৈ, ইষ্ট চিয়াং আৰু ৱে'ষ্ট চিয়াঙৰ অংশবিশেষ লগ লগাই অৰুণাচল প্ৰদেশৰ চেণ্ট্ৰেল চিয়াং জিলাখন সৃষ্টি কৰা হৈছে৷ আমি এতিয়া এই জিলাৰ মাজেৰে গৈ আছোঁ৷ জিলাখনৰ মহকুমা ৪টা৷ ব'লেং, ৰুম্গং, পাংগিন আৰু কায়িং৷ ৰুম্গং-কায়িং আৰু পাংগিন-ব'লেং নৱগঠিত জিলাখনৰ দুটা বিধান সভা সমষ্টি৷ এই জিলাখন মূলতঃ আদি জনজাতিপ্ৰধান৷ আদি মানুহখিনি ৰাজ্যখনৰ ভিতৰতে আগ বঢ়া, নাগালেণ্ডত যেনেকৈ আওসকল৷
শেহতীয়াভাৱে ২৭ নৱেম্বৰ ২০১৫ তাৰিখে পাংগিনক অস্থায়ী মুখ্যালয় হিচাপে লৈ, ইষ্ট চিয়াং আৰু ৱে'ষ্ট চিয়াঙৰ অংশবিশেষ লগ লগাই অৰুণাচল প্ৰদেশৰ চেণ্ট্ৰেল চিয়াং জিলাখন সৃষ্টি কৰা হৈছে৷ আমি এতিয়া এই জিলাৰ মাজেৰে গৈ আছোঁ৷ জিলাখনৰ মহকুমা ৪টা৷ ব'লেং, ৰুম্গং, পাংগিন আৰু কায়িং৷ ৰুম্গং-কায়িং আৰু পাংগিন-ব'লেং নৱগঠিত জিলাখনৰ দুটা বিধান সভা সমষ্টি৷ এই জিলাখন মূলতঃ আদি জনজাতিপ্ৰধান৷ আদি মানুহখিনি ৰাজ্যখনৰ ভিতৰতে আগ বঢ়া, নাগালেণ্ডত যেনেকৈ আওসকল৷
পাংগিন, কেনে আদি পাৰ হৈ আহিলোঁ৷ এইটো মিন্যং অধ্যুষিত অঞ্চল৷ ৰাস্তাটো হঠাতে বহল হৈ পৰিল৷ পকী হোৱা নাই পিছে৷ মাজে মাজে ঠেক হৈয়ে ৰৈছে৷ লোৰে নিৰ্মিত পুৰণা দলং ঠায়ে ঠায়ে এতিয়াও আছে৷ ৰাস্তা য'ত বহল হৈছে তেনে অংশৰে চিয়াংখনৰ পাৰে পাৰে, পাহাৰৰ বুকুৰে আগুৱাই থাকি বেলেগ ধৰণৰ মজা এটা লাগিছে৷ হাইৱে'টো সম্পূৰ্ণ হৈ উঠাৰ পাছত কিমানযে ভাল লাগিব! ভ্ৰমণকাৰীৰ সংখ্যা বৃদ্ধি পাব নিশ্চিতভাৱে৷ উপযুক্ত জেগা নিৰ্বাচন কৰি ভিউ পইণ্ট কিছুমান সাজি দিলে মানুহে ৰৈ ৰৈ চাই যাব পাৰিব চিয়াংপৰীয়া প্ৰকৃতিৰ বিনন্দীয়া ৰূপ৷
অৰুণাচল টুৰিজিমৰ স্বীকৃতিপ্ৰাপ্ত যি ১২টা পৰ্যটন আৱৰ্ত আছে সেইবোৰৰ ভিতৰত পাচিঘাট-জেংগিং-ইংকিয়ং-টুটিং এটা সুন্দৰ টুৰিষ্ট চাৰ্কিট৷ গতিপথ চিয়াঙৰ পাৰেদি৷ ৰিভাৰ ৰাফ্টিঙৰ বাবে চিয়াং এখন আদৰ্শ নদী বুলি জনাজাত৷ অভিজ্ঞ আৰু দুঃসাহসিক ৰাফ্টাৰে ইণ্ডো-চাইনা ব'ৰ্ডাৰৰ গেলিঙৰ পৰা আৰম্ভ কৰি নিগ্গুয়িং, মাৰ্মনেৰে নামি আহিব পাৰে৷ য়াম্বুং বা চিৰ্কিৰ পৰাও নাও বাই পাচিঘাট ওলাবহি পাৰি৷ পাচিঘাট-ইংকিয়ং-কম্চিং, ইংকিয়ং-টুটিং-দেৱকোটা, ইংকিয়ং-টুটিং-সীতাপুৰী ট্ৰেইল ট্ৰেকিঙৰ বাবে উল্লেখযোগ্য বুলি শুনিছোঁ৷ ইক'-এড্ভেন্চাৰ্ ট্ৰেকিঙৰ লগে লগে মাছ ধৰা কাৰ্যটোও বাটে বাটে সমানেই আনন্দদায়ক৷ আমাৰ দলৰ এংলাৰ জয়ন্তদাৰ এই সৌভাগ্য আৰু অভিজ্ঞতা হৈছে৷ ইফালে চিয়াঙৰ ওপৰত স্থানীয় অধিবাসীসকলে সজা বেতৰ ওলমা সাঁকো 'জাম্পা'বোৰ সদায়েই আকৰ্ষণীয় আৰু উত্তেজনাপূৰ্ণ৷ ১৮২৫ চনত ইয়ালৈ অহা ইউ.এছ. আৰ্মীৰ ৪৬ ৰেজিমেণ্ট নেটিভ ইনফেণ্টৰীৰ লেফটেনেণ্ট ৰবাৰ্ট উইলকক্সে হেঙিং ব্ৰীজবোৰৰ পৃষ্ঠপটত লুকাই থকা কাৰিকৰী বিদ্যা আৰু কৰ্মকুশলতাত অতিকৈ মুগ্ধ হৈছিল আৰু থলুৱা নিৰ্মাতাসকলক বৰকৈ প্ৰশংসা কৰিছিল৷
১৯৮৯ চনত ৱে'ষ্ট চিয়াং জিলাৰ পৰা কিছু অংশ কাটি ইষ্ট চিয়াঙত সংযোগ কৰা হৈছিল৷ তাৰ এটা দশকৰ অন্তত ১৯৯৯ চনত ইষ্ট চিয়াং জিলাখন দুভাগত বিভক্ত কৰি আপাৰ চিয়াং জিলা গঠন কৰা হয়৷ ইষ্ট চিয়াং জিলাৰ সদৰ ঠাই পাচিঘাট৷ জিলাখনৰ মাটিকালি ৪,০০৫ বৰ্গ কিল'মিটাৰ৷ উত্তৰে আপাৰ চিয়াং জিলা, দক্ষিণে অসমৰ ধেমাজি জিলা, পূবে দিবাং ভেলী জিলা, পশ্চিমে পশ্চিম চিয়াং জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা আছিল ৯৯,২১৪৷ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিল'মিটাৰত ২৮৷ শিক্ষিতৰ হাৰ ৭২.৫৪৷ অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টিৰ অন্তৰ্গত এই জিলাৰ বিধান সভা সমষ্টি আছিল ৫টা৷ পাংগিন, নাৰি-ক'য়ু, পাচিঘাট ৱে'ষ্ট, পাচিঘাট ইষ্ট আৰু মেব'৷ মহকুমা আছিল ৪টা৷ ব'লেং, ৰুক্চিন্, নাৰি আৰু মেব'৷
ৰাষ্ট্ৰীয় পিয়লৰ মতে ইষ্ট চিয়াং জিলাৰ অন্তৰ্গত চাৰ্কোলৰ সংখ্যা আছিল ১৫টা৷ বিলাত, ব'লেং, কেবাং, ক'ৰা, কয়ু, মেব', নাম্চিং, নাৰি, নিউ চিৰিন, পাংগিন, পাচিঘাট, ৰিব'-পাৰগিং, ৰিগা, ৰুক্চিন্ আৰু চিল্লে-অ'য়ান৷ জিলাখনৰ মুঠ গাঁৱৰ সংখ্যা আছিল ১৫৩৷ পাচিঘাট চাৰ্কোলতে সবাতোকৈ বেছি ২৭খন গাঁও আছিল৷ শেহতীয়া তথ্য অনুসৰি পূৰ্বতে ইষ্ট চিয়াং জিলাৰ মানচিত্ৰত থকা পাংগিন আৰু ব'লেং এতিয়া নৱগঠিত চেণ্ট্ৰেল চিয়াং জিলাত সোমাইছে৷
আদি জনগোষ্ঠীৰ লোকসকল চেণ্ট্ৰেল চিয়াং জিলাৰ প্ৰধান অধিবাসী৷ তাৰ বাদেও পাচি, পাদাম, মিন্যং, গাল', মিচিমি আৰু মিচিং লোকৰ বাসভূমি এই জিলা৷ তেওঁলোকৰ সিংহভাগেই দঞি-পল'ত বিশ্বাসী৷ অল্পসংখ্যক খ্ৰিষ্টধৰ্মী৷ চ'লুং, ম'পিন, ইটৰ, আৰান আৰু আলি-আয়ে-লৃগাং তেওঁলোকৰ প্ৰধান উৎসৱ৷ ৰামো, পাইলেবু, ব'কাৰ, ব'ৰি, গাল', মিন্যং, পাদাম, পাচি, চিমং, মিচিং, তাগিন, চাৰাক, আপাতানি, নিছি, মিজি, চুলুং এই সকলোখিনিয়েই অৰুণাচলৰ এক বৃহৎ আদি গোষ্ঠীৰ লোক৷ ভাষা-সংস্কৃতিৰ দিশত তেওঁলোকৰ মাজত বহুত মিল দেখা যায়৷
No comments:
Post a Comment