Sunday, 17 December 2017

দিন আঠ (২.১২.২০১৬, শুক্ৰবাৰ) ৷৷ খণ্ড ১

হোটেল আল'ৰ ফেমিলী ৰূমত এক পৰিয়াল এক দল ভাবনাৰে নিশাটো সুখেৰেই পাৰ হ'ল৷ পুৱা সোনকালতে মোৰ 'ঢালাই বিছনা' সামৰি য'ৰ বস্তু ত'ত থ'লোঁ আৰু গা-পা ধুই আজৰি হৈ ল'লোঁ৷ দীপকদাক ক'লোঁ, 'দাদা আপুনি মিছাতে উঠিব নালাগে, শুই থাকক৷' অন্য কোঠাত থকা বাকী তিনিজনকো নজগালোঁ৷ পথশ্ৰান্তিত টোপনি তেওঁলোকৰো গধুৰ হৈ পৰাটোৱে স্বাভাৱিক৷ গতিকে কালি ৰাতি শোৱাৰ আগতেই মাত লগোৱা হৈছিল পৰৱৰ্তী যাত্ৰাত একত্ৰিত হোৱাৰ আশাৰে৷ জয়ন্তদাই কেনেবাকৈ আমি ওলোৱা গম পালে৷ দৰজা খুলি বিদায় জনালে৷

আগনিশা নিৰ্দিষ্ট কৰা মতেই পুৱা ৬.০০ বজাত হোটেলৰ পৰা নামি আহি কে.ইউ.ভি.খনত বহিছোঁ৷ সাহাই গাড়ীখন ধুই-ধাই চিক্‌চিকীয়া কৰি লৈছে৷ নিজেও সাজি-কাচি ওলাইছে৷ ঘৰ পাবগৈযে!  অলপ পাছতে ইঞ্জিন ষ্টাৰ্ট দিলে৷ যাত্ৰী প্ৰদীপদা, অৰূপদা আৰু মই৷ লক্ষ্যস্থান ব্ৰহ্মপুত্ৰৰ ঘাট, চিলাপথাৰ৷ 'কিমান দূৰ হ'ব?' চালকজনক এইবুলি সোধাত ক'লে, '২২০-২২৫ কিল'মিটাৰ হৈ যাব ইয়াৰ পৰা৷'


যাত্ৰাৰ আৰম্ভণিতেই অথন্তৰ এটা ঘটিল৷ হোটেলৰ পৰা ওলাই বাঁওহাতে মেন্‌-চু-খাৰ দিশে গাড়ীখন চলিব ধৰিলে৷ পি. আই. ক'লনী পালোঁগৈ৷ হতভম্ব হৈ ড্ৰাইভাৰক প্ৰশ্ন কৰিলোঁ, 'ক'লৈ নি আছে বাৰু আপুনি?' তেওঁ গহীনাই ক'লে, 'চিলাপথাৰ৷' 'আমি এইবাটে নাযাওঁ নহয়, পাচিঘাট হৈহে যাম৷' কথাটো বুজি পাই হাইৱে'ৰ ওপৰতে তৎক্ষণাৎ গাড়ীখন ঘূৰাই ল'লে চালক বাসুদেব সাহাই৷ ঘৰ পোৱাৰ স্ফূৰ্তিতে এনেখন হৈ গ'ল চাগৈ! ইফালে মোৰ মূৰত পাকঘূৰণি খাব ধৰিছে নতুন এড্‌ভেন্‌চাৰৰ জল্পনা-কল্পনা৷ তাকে লৈ দেহ-মন উত্তেজিত হৈ আছে৷

পুনৰবাৰ আল' চহৰলৈ সোমাই আহি আৱৰ্ত ভৱনৰ তলৰ ৰাস্তাটোৰে গাড়ী আগ বাঢ়িল৷ অকণমান আগত এছ.বি.আই.ৰ সমীপত ইণ্ডিয়ান অয়লৰ ফুৱেল ৰিফিলিং ষ্টেচন এটা আছে৷ তাতে টেংকি ভৰ্তি কৰি ইন্ধন ভৰাই লোৱা হ'ল৷ বিপৰীত পাৰে পথৰ দাঁতিত বিক্ৰী কৰি থকা পুৰী-তৰকাৰি, গৰম চাহেৰে চাৰিওজনে পেট পূজাকণো কৰি ল'লোঁ৷ আমাৰ তিনিজনীয়া নতুন কমিটিৰ ধনভঁৰালী প্ৰদীপদাই বিল পৰিশোধ কৰিলে৷ হিচাপ ৰক্ষকৰ দায়িত্ব পালন কৰি মই টোকাবহীত লিখিলোঁ... আল'ত পে'ট্ৰল কিনাৰ বাবদ ১,০০০ টকা, ব্ৰেকফাষ্ট খোৱাৰ নামত ৮০ টকা, পানীৰ বটল ৬০ টকা৷

চহৰখনত ৰাস্তা বহল কৰাৰ কাম চলি আছে৷ সেয়েহে চৌপাশে ধূলিৰ আস্তৰণ৷ এতিয়া পুৱাবেলা বুলিহে ৰক্ষা৷ কাম-কাজবোৰ ঠিকে-ঠাকে চলিলে এক-ডেৰ বছৰৰ ভিতৰত ঠাইটুকুৰা চমকি উঠিব৷ দোকান-পোহাৰবিলাক মূল পথটোৰ পৰা ভালেখিনি আঁতৰাই ৰখা হৈছে৷ পুৰণি নগৰীখনে নব্য ৰূপ পাবলৈ গৈ আছে৷ আশা কৰিছোঁ, সেই ৰূপ চাবলৈ ভৱিষ্যতে আকৌ আহিম আল'লৈ৷

গাড়ী আৰু মানুহৰ খাদ্যৰ জঞ্জাল মাৰোঁ মানে ৪০ মিনিটমানেই ব্যয় হ'ল৷ তাৰ পাছতে প্ৰকাণ্ড দেৱাল এখনৰ কাষেৰে ধীৰ গতিত পাৰ হ'লোঁ৷ বেৰৰ ভিতৰত আল'ত থকা Advanced Landing Ground৷ ভাৰতীয় বায়ু সেনাৰ এই এয়াৰ ষ্ট্ৰীপটো মাৰ্চ মাহত মুকলি কৰা হৈছে৷ নিউ মাৰ্কেটৰ এ.এল.জি. এৰিয়াত নানাহঁতৰ হোটেল লল্লেন আৰু ৰেস্তোৰাঁ মেন্‌-চু-খা অৱস্থিত বুলি তাই মেন্‌-চু-খাতে মোক কৈছিল৷ চাই চাই আহিছিলোঁ যদিও চকুতেই নপৰিল৷ ৰাস্তাৰ কাষত নহয় চাগৈ৷

ৰাস্তাৰ বাঁওফালে এতিয়া চিয়মখন বৈ আছে৷ চিয়মৰ পাৰে পাৰে আমাৰ ৰঙা গাড়ী আগ বাঢ়িছে৷ ৰাস্তাটো ঠেক৷ ঠায়ে ঠায়ে ভগা-ছিগা৷ প্ৰদীপদা আগত বহিছে৷ অৰূপদা আৰু মই পাছৰ চিটত, আৰামকৈ৷ অকস্মাতে কিহৰ আনন্দ লাগিল বা, অৰূপদাৰ গান শুনাৰ ইচ্ছা জাগিল৷ সাহাৰ পে'ন ড্ৰাইভ্‌টোত থকাকেইটা ইতিমধ্যে কণ্ঠস্থ হৈ গৈছে৷ মোৰ ম'বাইল ফোনটোত নিৰ্বাচিত গীত এগালমান আছে৷ ডাঙৰকৈ বজাই দিয়া হ'ল৷ খিৰিকীৰ আইনাখন আধালৈকে নমাই লৈছোঁ৷ ঠাণ্ডা লাগিলেও বাটৰ সৌন্দৰ্য নোচোৱাকৈ এৰিব নোৱাৰি৷ বহি থকা অৱস্থাৰ পৰাই য'তে যেনিয়ে মন গৈছে দৃশ্যৰাজি ক্লিক্‌ কৰি গৈছোঁ৷


No comments:

Post a Comment