Saturday, 16 December 2017

দিন সাত ৷৷ খণ্ড ২

নানা ওলাইছে ৰঙা-ক'লা GANG Blaster চাইকেল এখন লৈ৷ দোকান খোলাৰ সময় হৈছে৷ হ'মষ্টে'ৰ পৰা বাহিৰ হোৱাৰ সময়তে কেইবাখনো ফটো তুলিলোঁ তাইৰ৷ মাত লগাই পেডেল মাৰি নানা গ'লগৈ৷ ৰূপা আৰু চাংগে'ও স্কুললৈ যাব৷ অলপ পাছতে ঘৰখন শূন্য হৈ পৰিব৷ পুনৰ নতুন পৰ্যটকৰ বাবে অপেক্ষা৷ ইয়ালৈ অৱশ্যে পৰ্যটক আহিয়ে থাকে৷ কালি ৰাতি আমি ভাত খাই থাকোঁতেও এছ.এম.এছ. এটা আহিছিল৷ আগন্তুকে জনাইছিল, ফেব্ৰুৱাৰী মাহত আহিব৷ ৰূম আগতীয়াকৈ বুক্‌ কৰিব খোজে৷ তাৰ বাবে Tariff সুধিছে৷ নৱেম্বৰতে বুকিং ফেব্ৰুৱাৰীৰ বাবে! তাৰমানে আমি সৌভাগ্যক্ৰমেহে চিট পাইছোঁ৷ আনহাতে তেনেকুৱা সকলো ধৰণৰ প্ৰত্যুত্তৰ আৰু হিচাপ-কিতাপ ৰখাৰ দায়িত্ব ৰূপাৰ৷ আমাৰ ক্ষেত্ৰতেই লক্ষ্য কৰিলোঁ৷ কথাইপতি গেবুৱে তাইকহে সুধিছে৷ কালি নানাই ৰূপাক লগে লগে ফোনটো দিয়াত চোফাতে এমূৰীয়াকৈ বহি তাই একান্তমনে মবাইলত উত্তৰবোৰ টাইপ কৰি গৈছিল৷ টু শব্দ এটাও উচ্চাৰণ নকৰি দৃশ্যটো মই মনোযোগেৰে চাই ৰৈছিলোঁ৷

'অতিথি দেৱ ভব', ভাৰতীয় সংস্কৃতিৰ আপ্তবাক্যষাৰক যথেষ্ট আন্তৰিকতাৰে সৈতে লৈছে ইহঁতে৷ ঠগ-প্ৰৱঞ্চনা, লাঞ্ছনাযে পৰ্যটনৰ পৰিপন্থী কাৰ্য তাক ইহঁতে জানে৷ আমি থকাকেইদিনো একো এটা অসুবিধাই নাই পোৱা৷ যি বিচাৰোঁ হাঁহিমুখে যোগাৰ দি যায় ৰূপা, চাংগে'হঁতে৷ সেয়ে আমাৰ দলৰ প্ৰতিজনৰেই মৰম উপজিছে ইহঁতবোৰলৈ৷ কিনো দি থৈ যাওঁ বুলি বিভিন্নজনে সিহঁত দুটাৰ হাতে হাতে টকা কেইটামানকে গুজি দিছে৷ নালাগে, নলওঁ বুলিলেও হেঁপাহৰ আতিশয্য চলিছে৷ অনাগত দিনত মনত ৰৈ যাবলগীয়া এনে আৱেগিক বান্ধোনক নিজমুখে স্বীকাৰ কৰি গেবুৱেতো কৈয়েই পেলালে, 'দিল্‌ ছে দোস্তি হ' গয়া ৰে' আপ্‌লোগছে' বুলি৷ 'A good character is the best tombstone. Curve your name on hearts, not on marbles.' Charles Hadden Spurgeonএ কোৱা কথাষাৰেই যেন প্ৰতিফলিত হ'ল গেবুৰ মুকলিমূৰীয়া ভাষ্যত!

সময় সীমিত যদিও অদৃশ্য ৰক্ষা-বন্ধনেৰে ককাই-ভাই, বাই-ভনীৰ দৰে মেন্‌-চু-খাৰ গেবুজ ট্ৰেডিছনেল লজত এইকেইদিন কটালোঁ গেবু, নানা, চাংগে’, ৰূপাৰ মৰমৰ আৱেষ্টনীত৷ জি.টি.এল.ৰ আগফালে-পাছফালে দেখি থকা পৰ্বতৰ অভ্যন্তৰত কি আছে আমি এতিয়া অলপ-অচৰপ হলেও জানো বা ক'ব পাৰোঁ৷ অথনি নানাৰ আগত কথাষাৰ উলিয়াইছিলোঁ৷ লাজ লাজকৈ তাই সৈ কাঢ়িলে, মইহে আজিলৈকে দেখাগৈ নাই৷ অথচ আপোনালোক ইমান দূৰৰ পৰা আহি চাই গল, ৰাতি থাকিও আহিল!লোঁ, পিছৰবাৰ আহিলে আপোনাকো লগত লম৷ আপুনি ইয়াৰে ছোৱালী, গতিকে যাব নোৱাৰাৰ কথাই নাই৷ মজা লাগিব, সৌ বৰফলৈকে উঠি৷ হাঁহিৰে সমৰ্থন জনাই তাই মূৰ দুপিয়াইছিল৷ কৈছিল, আকৌ আহিব দেই৷

জি.টি.এল.ৰ আমি থকা ঘৰটোৰ ওপৰ মহলাত পুৱা কেমেৰাটো লৈ ফটো তুলি আছিলোঁ৷ তেতিয়াই ২০১৪ চনত অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে উলিওৱা কফী টেবুল বুক এখন হাতত পৰিল৷ বেটুপাতৰ আলোক-চিত্ৰ পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেল, ২০১৩ত জয়ৰামপুৰত প্ৰথম লগ পোৱা বিশিষ্ট ফটোগ্ৰাফাৰ আৰিফ ছিদ্দিকীৰ৷ কিতাপখনৰ নাম In Search of Solace, Arunachal Pradesh৷ বে'গত ভৰাই লৈ আহিবৰ মন গৈছিল যদিও গেবুৱে ক'পী আৰু নাই বোলাত নিৰুপায় হৈ প্ৰয়োজন বুলি ভবা পৃষ্ঠাবোৰ এফালৰ পৰা ফটো তুলি মেম'ৰীত সাঁচি ল'লোঁ৷ যাম যাম বুলি ভাবি থকা ৰাজ্যখনৰ বিশেষ বিশেষ স্থানকেইডোখৰলৈ ওলাওঁতে তথ্যবোৰে নিশ্চয় ভৱিষ্যতে সহায় কৰিব৷

মেন্‌-চু-খা ত্যাগ কৰিবলগীয়া হোৱাত মনটো গধুৰ গধুৰ লাগিছে৷ হ'লেও উপায় নাই৷ সুযোগ পালে ভৱিষ্যতে আকৌ কেতিয়াবা আহিম বুলি নিজকে নিজে বুজালোঁ৷ আমি প্ৰায় একেলগেই সাজু হৈছোঁ৷ বাইক লৈ গেবুহঁত ৰাস্তালৈ ওলালেই৷ ফিল্ডখনত থকা গল প'ষ্টৰফালে নামি গৈ মই উধাই-মুধাই সকলোৰে ফটো তোলাত লাগি গ'লোঁ৷ খেলপথাৰখনৰ মাজলৈ অস্থায়ী মঞ্চ এটা৷ কাঠ-বাঁহ আৰু পাইনৰ ডাল-পাতেৰে প্ৰাকৃতিকভাৱে সজোৱা মঞ্চটো দেখিবলৈ অনন্যসুন্দৰ হৈছে৷ যোৱাৰাতি ইয়াতে সংগীতানুষ্ঠান এটা পাতিছিল৷ উপলক্ষ্যটোহে নজনাতে ৰ'ল৷

বলেৰ'খন ষ্টাৰ্ট দিবলৈ গৈ পুলিন গগৈ বিপাঙত পৰিল৷ ইঞ্জিন ষ্টাৰ্ট নহয়হে নহয়৷ এনেকুৱা লাগিল, যেন আমালৈ মেন্‌-চু-খা এৰাৰ অনুমতি নাই! অৰূপদা ষ্টিয়েৰিঙত বহিল৷ গেবু, দালা, কাটাউচ আৰু গগৈয়ে ঠেলা মাৰিলে৷ অলপ পাছতে ষ্টাৰ্ট হৈ গ'ল যেনিবা৷ আগৰ দৰেই দীপকদা, অৰূপদা, প্ৰদীপদা আৰু মই নিজ নিজ আসনত উপৱিষ্ট হ'লোঁ৷ ৰঙা কে.ইউ.ভি.ত জয়ন্তদা, কাটাউচ আৰু ৰাজীৱ৷ গে'টৰ মুখৰ পৰা ৰূপাই আমালৈ চাই হাত জোকাৰি থাকিল৷ হ'মষ্টে'ৰ বাৰাণ্ডাত চাংগে'৷ সিও আমালৈ বাই বাই দি আছে৷ পাহৰিব নােৱাৰা স্মৃতি কিছুমানে অনাগত দিনত ইহঁতকো নিশ্চয় আমনি নকৰাকৈ নাথাকিব৷ পুৱা ৯.২০ বজাত আমি জি.টি.এল. এৰিলোঁ৷

২ মিনিটৰ পাছতে এছ.বি.আই. বিল্ডিঙৰ সন্মুখত গাড়ী দুখন ৰখোৱা হ'ল, নানাক মাত লগাবৰ উদ্দেশ্যে৷ আৰে, তাইচোন দোকানত অনুপস্থিত! ক'লৈ গ'ল? বিচাৰ-খোঁচাৰ কৰাত ক'ৰবাৰ পৰা দৌৰি ওলালহি৷ ক'লে, 'আকৌ আহিব৷ মেন্‌-চু-খালৈ আহিলে একো চিন্তা কৰিবলগীয়া নাই৷ ফোন কৰি দিব৷' হেণ্ডশ্বেক্‌ কৰি বিদায় ল'লোঁ আমি৷ মেন্‌-চু-খাৰ ৰৌদ্ৰোজ্জ্বল চৌপাশলৈ এবাৰ সজল দৃষ্টি প্ৰসাৰিত কৰি আকৌ গাড়ীত বহিলোঁ৷ আগৰ কেঁকুৰিটোত আমি নেদেখা হোৱালৈকে নানাই সোঁহাতখন দাঙি থাকিল৷


No comments:

Post a Comment